< ২ কৰিন্থীয়া 13 >
1 ১ তৃতীয় বাৰ ধৰি মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। দুই বা তিনি জন সাক্ষীৰ মুখেৰে সকলো কথা নিশ্চয় কৰা হ’ব।
Lej, tretjič, grem k vam. Na to, kar povesta dve priči ali tri, stala bo vsaka beseda.
2 ২ আগেয়ে পাপ কৰা সকলক আৰু আন সকলোকে মই দ্বিতীয় বাৰ উপস্থিত হৈ কোৱাৰ দৰে, সেই বিষয়ে আকৌ কৈছোঁ: “যদি আকৌ আহো মই তেখেত সকলক ক্ষমা নকৰিম৷”
Naprej sem povedal in naprej pravim kakor nazoči drugič, in nenazoči sedaj pišem tem, kteri so prej grešili in drugim vsem, da, kedar pridem zopet, ne bom prizanašal,
3 ৩ মই আপোনালোকক এই কথা কৈছোঁ, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় তাৰে প্ৰমাণ আপোনালোকে বিচাৰি আছে; তেওঁ আপোনালোকলৈ দূৰ্বল নহয় কিন্তু আপোনালোকৰ মাজত বলৱান।
Ko izkušnje iščete po meni govorečega Kristusa, kteri med vami ni slab, nego je močen med vami.
4 ৪ কিয়নো দূৰ্বলতাৰ দ্বাৰাই তেওঁক ক্রুচত দিয়া হৈছিল কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। আমিও তেওঁত দুর্বল আছোঁ কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, আমি তেওঁৰে সৈতে আপোনালোকৰ লগত জীৱন-যাপন কৰিম।
Kajti če je bil tudi na križ razpet po slabosti, vendar živi po moči Božjej. In tako smo tudi mi slabi v njem, ali živeli bomo ž njim po moči Božjej med vami.
5 ৫ আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
Sami sebe izkušajte, če ste v veri, sami sebe ogledujte; ali ne poznate li sami sebe, da je Kristus v vas? razen če ste v čem neizkušeni.
6 ৬ আৰু মই সুনিশ্চিত যে, আপোনালোকে আমাক অপ্ৰমাণিক লোক বুলি গণিত নকৰিব৷
A upam, da boste spoznali, da mi nismo neizkušeni.
7 ৭ এতিয়া আমি ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে কোনো ধৰণৰ কুকৰ্ম নকৰে৷ আমি পৰীক্ষাসিদ্ধ বুলি প্ৰকাশিত হ’বলৈ নহয়, কিন্তু আমি অপ্ৰমাণিকৰ নিচিনা হ’লেও, আপোনালোকে যেন উচিত কৰ্ম কৰে।
Molim pa Boga, da ne storite nič hudega, da se mi izkušeni pokažemo, nego da vi dobro delate, a mi da bomo kakor neizkušeni.
8 ৮ কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই কিন্তু সত্যৰ পক্ষে আছে।
Kajti ne morem kaj proti resnici, nego za resnico.
9 ৯ কাৰণ যেতিয়া আমি দূৰ্বল কিন্তু আপোনালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰোঁ; আৰু আপোনালোকৰ সম্পূৰ্ণতাৰ কাৰণে প্ৰাৰ্থনাও কৰোঁ।
Ker se veselimo, kedar smo mi slabi a vi ste močni. Pa za to tudi molimo za vašo popolnost.
10 ১০ এই কাৰণে, বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।
Za to pišem to nenazoči, da mi nazoči ne bo treba ostremu biti po oblasti, ktero mi je dal Gospod na zidanje in ne na razdevanje.
11 ১১ শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
Sicer se pa, bratje, radujte, popolni bodite, tolažite se, ene misle bodite, mir imejte in Bog ljubezni in mira bo z vami.
12 ১২ পবিত্ৰ চুমাৰে পৰস্পৰে মঙ্গলবাদ কৰক।
Pozdravite eden drugega v svetem poljubku.
13 ১৩ সকলো পবিত্ৰ লোকে আপোনালোকক মঙ্গলবাদ কৰিছে।
Pozdravljajo vas sveti vsi.
14 ১৪ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আপোনালোকৰ লগত থাকক।
Milost Gospoda Jezusa Kristusa in ljubezen Božja in občinstvo svetega Duha z vsemi vami. Amen. Druga poslanica Korinčanom je bila napisana iz Filipov, mesta v Makedoniji, po Titu in Luku.