< ২ কৰিন্থীয়া 12 >
1 ১ মই গৌৰৱ কৰিব পাৰোঁ যদিও ই হিতজনক নহয়; কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা ক’ম।
Rose mig maa jeg. Gavnligt er det vel ikke; men jeg vil komme til Syner og Aabenbarelser fra Herren.
2 ২ খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, যি জনে চৌদ্ধ বছৰৰ আগেয়ে, শাৰীৰিক ৰূপে নে নিঃশৰীৰেৰে সেই বিষয়ে মই নাজানো, ঈশ্বৰেহে জানে, - তেখেতক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল।
Jeg kender et Menneske i Kristus, som for fjorten Aar siden (om han var i Legemet, det ved jeg ikke, eller uden for Legemet, det ved jeg ikke, Gud ved det) blev bortrykket indtil den tredje Himmel.
3 ৩ আৰু এনে এজন মানুহক মই জানো, সশৰীৰেৰে নে বিনাশৰীৰেৰে সেয়ে মই নাজানো, ঈশ্বৰে জানে, -
Og jeg ved, at dette Menneske (om han var i Legemet, eller uden Legemet, det ved jeg ikke, Gud ved det),
4 ৪ তেখেতক পৰমদেশলৈ নিয়া হৈছিল, তাতে তেওঁ অনিৰ্ব্বচনীয় আৰু মানুহে ক’ব নোপোৱা কথা শুনিবলৈ পাইছিল।
at han blev bortrykket ind i Paradiset og hørte uudsigelige Ord, som det ikke er et Menneske tilladt at udtale.
5 ৫ তেনেকুৱা জনৰ অৰ্থে মই গৌৰৱ কৰিম; কিন্তু নানা দূৰ্ব্বলতাৰ বাহিৰে, মোৰ নিজৰ অৰ্থে আন একো কথাত গৌৰৱ নকৰোঁ।
Af en saadan vil jeg rose mig; men af mig selv vil jeg ikke rose mig, uden af min Magtesløshed.
6 ৬ কাৰণ যদিও গৌৰৱ কৰিবলৈ ইচ্ছা কৰোঁ, তথাপি মই অজ্ঞান নহ’ম; কিয়নো মই সঁচা ক’ম; আৰু গৌৰৱ কৰাৰ পৰা আতৰত থাকিম, যাতে কোনেও মোক শ্ৰেষ্ঠ বুলি জ্ঞান নকৰে; কিন্তু মোক যি দৰে দেখে বা যি দৰে মোৰ কথা শুনে, সেইদৰেহে মোক জ্ঞান কৰক৷
Thi vel bliver jeg ikke en Daare, om jeg vilde rose mig; thi det vil være Sandhed, jeg siger; men jeg afholder mig derfra, for at ingen skal tænke højere om mig, end hvad han ser mig være, eller hvad han hører af mig.
7 ৭ আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট, অৰ্থাৎ, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷
Og for at jeg ikke skal hovmode mig af de høje Aabenbarelser, blev der givet mig en Torn i Kødet, en Satans Engel, for at han skulde slaa mig i Ansigtet, for at jeg ikke skulde hovmode mig.
8 ৮ সি মোৰ পৰা যেন দূৰ হয় সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলোঁ।
Om denne bad jeg Herren tre Gange, at han maatte vige fra mig;
9 ৯ তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
og han har sagt mig: „Min Naade er dig nok; thi Kraften fuldkommes i Magtesløshed.‟ Allerhelst vil jeg derfor rose mig af min Magtesløshed, for at Kristi Kraft kan tage Bolig i mig.
10 ১০ এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।
Derfor er jeg vel tilfreds under Magtesløshed, under Overlast, under Nød, under Forfølgelser, under Angester for Kristi Skyld; thi naar jeg er magtesløs, da er jeg stærk.
11 ১১ মই নির্বোধ হ’লো! এনে হবলৈ আপোনালোকে মোক অগত্যা কৰিলে, কিয়নো আপোনালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হব লাগিছিল; কিয়নো মই একো নহলেও, ‘অতি প্ৰধান পাঁচনি’ সকলতকৈ অলপো নিকৃষ্ট নাছিলো৷
Jeg er bleven en Daare. I tvang mig dertil. Jeg burde jo anbefales af eder; thi jeg har ikke staaet tilbage i noget for de saare store Apostle, om jeg end intet er.
12 ১২ আপোনালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই পাঁচনিৰ চিনবোৰ প্ৰকাশিত হৈছিল।
En Apostels Tegn bleve jo udførte iblandt eder under al Udholdenhed, ved Tegn og Undere og kraftige Gerninger.
13 ১৩ মই যে নিজে আপোনালোকৰ ভাৰস্বৰূপ হোৱা নাই, এই বিষয়ত বাহিৰে আপোনালোকে আনকি কথাত অন্য মণ্ডলীতকৈ নিকৃষ্ট হ’ল? মোৰ এই অপৰাধটো ক্ষমা কৰক।
Thi hvad er det vel, hvori I bleve stillede ringere end de andre Menigheder, uden at jeg ikke selv faldt eder til Byrde? Tilgiver mig denne Uret!
14 ১৪ চাওক! তৃতীয় বাৰ মই আপোনালোকৰ ওচৰলৈ যাবলৈ যুগুত হৈছোঁ আৰু এইবাৰো ভাৰস্বৰূপ নহ’ম, কিয়নো আপোনালোকৰ সম্পত্তি নহয়, আপোনালোককহে বিচাৰো; কাৰণ মাক-বাপেকৰ কাৰণে সন্ত্বানে সাঁচিব লগা নহয়, সন্ত্বানৰ কাৰণেহে মাক-বাপেকে সাঁচিব লগা হয়।
Se, dette er nu tredje Gang, jeg staar rede til at komme til eder, og jeg vil ikke falde til Byrde; thi jeg søger ikke eders Gods, men eder selv, thi Børnene skulle ikke samle sammen til Forældrene, men Forældrene til Børnene.
15 ১৫ সেইদৰে ময়ো আপোনালোকৰ প্ৰাণৰ কাৰণে আনন্দেৰে ব্যয় কৰিম আৰু ব্যয় কৰাও হ’ম। যদি মই আপোনালোকক অধিক প্ৰেম কৰোঁ, তেনেহলে মোক আপোনালোকে কমকৈ প্ৰেম কৰিব নে?
Men jeg vil med Glæde gøre Opofrelser, ja, opofres for eders Sjæle. Mon jeg, naar jeg elsker eder højere, elskes mindre?
16 ১৬ কিন্তু যি দৰে মই আপোনালোকক ভাৰ দিয়া নাছিলো কিন্তু চতুৰ হৈ ছলেৰে আপোনালোকক ধৰিলো,
Men lad saa være, at jeg ikke har været eder til Byrde, men jeg var træsk og fangede eder med List!
17 ১৭ তেনেদৰে আপোনালোকৰ ওচৰলৈ যি সকলক পঠালোঁ, তেখেত সকলৰ কোনো এজনৰ দ্বাৰা মই আপোনালোকক ফুচুলাইছিলো নে?
Har jeg da gjort mig Fordel af eder ved nogen af dem, jeg har sendt til eder?
18 ১৮ আপোনালোকৰ ওচৰলৈ যাবলৈ তীতক উৎসাহিত কৰি, তেওঁৰ লগত সেই ভাইকো পঠিয়াইছিলো। তাতে তীতে আপোনালোকক ফুচুলাইছিল নে? আমি দুয়ো একে বাটেৰে চলা নাই জানো? আমি একে খোজ লোৱা নাই নে?
Jeg opfordrede Titus og sendte Broderen med; har Titus da gjort sig nogen Fordel af eder? Vandrede vi ikke i den samme Aand, i de samme Fodspor?
19 ১৯ আপোনালোকে ইমান সময়ে, আমি নিজকে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছে নে? আমি ঈশ্বৰৰ দৃষ্টিত থাকি খ্ৰীষ্টত কৈ আছোঁ; আৰু হে প্ৰিয় সকল, আপোনালোক ধৰ্মত বৃদ্ধি হ’বলৈহে এইবোৰ কথা কৈছোঁ।
Alt længe have I ment, at vi forsvare os for eder. Nej, for Guds Aasyn tale vi i Kristus. Men det sker alt sammen, I elskede, for eders Opbyggelses Skyld.
20 ২০ কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
Thi jeg frygter for, at, naar jeg kommer, jeg da maaske ikke skal finde eder saadanne, som jeg ønsker, og at jeg skal findes af eder saadan, som I ikke ønske; at der skal være Kiv, Nid, Hidsighed, Rænker, Bagtalelser, Øretuderier, Opblæsthed, Klammerier,
21 ২১ তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷
at min Gud, naar jeg kommer igen, skal ydmyge mig i Anledning af eder, og jeg skal sørge over mange af dem, som forhen have syndet og ikke have omvendt sig fra den Urenhed og Utugt og Uterlighed, som de bedreve.