< ২ কৰিন্থীয়া 10 >

1 মই, যি পৌল, নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ - মই আপোনালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি সাহিয়াল৷
yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo. ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|
2 মই আপোনালোকক মিনতি কৰিছোঁ যে, যেতিয়া মই আপোনালোকৰ সৈতে থাকো তেতিয়া যেন মই আত্মবিশ্ৱাসৰ সাহসেৰে সাহসী নহওঁ; কিন্তু যেতিয়া আমাক যি সকলে মাংস অনুসাৰে চলা বুলি জ্ঞান কৰিব, তেতিয়া সেই সকলৰ বিৰুদ্ধে মই যেনে আৱশ্যকতা জ্ঞান কৰিছোঁ, উপস্থিত কালত তেনে সাহসেৰে মই সাহিয়াল হম৷
mama prArthanIyamidaM vayaM yaiH shArIrikAchAriNo manyAmahe tAn prati yAM pragalbhatAM prakAshayituM nishchinomi sA pragalbhatA samAgatena mayAcharitavyA na bhavatu|
3 কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ;
yataH sharIre charanto. api vayaM shArIrikaM yuddhaM na kurmmaH|
4 কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷
asmAkaM yuddhAstrANi cha na shArIrikAni kintvIshvareNa durgabha njanAya prabalAni bhavanti,
5 আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ;
taishcha vayaM vitarkAn IshvarIyatattvaj nAnasya pratibandhikAM sarvvAM chittasamunnati ncha nipAtayAmaH sarvvasa Nkalpa ncha bandinaM kR^itvA khrIShTasyAj nAgrAhiNaM kurmmaH,
6 আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ।
yuShmAkam Aj nAgrAhitve siddhe sati sarvvasyAj nAla Nghanasya pratIkAraM karttum udyatA Asmahe cha|
7 সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক।
yad dR^iShTigocharaM tad yuShmAbhi rdR^ishyatAM| ahaM khrIShTasya loka iti svamanasi yena vij nAyate sa yathA khrIShTasya bhavati vayam api tathA khrIShTasya bhavAma iti punarvivichya tena budhyatAM|
8 আমাৰ ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক গৌৰৱ কৰোঁ, যি ক্ষমতা প্ৰভুৱে আপোনালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু আপোনালোক যেন ধর্মত বৃদ্ধি হয়৷ তথাপি সেই বিষয়ে মই লজ্জিত নহ’ম৷
yuShmAkaM nipAtAya tannahi kintu niShThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tena yadyapi ki nchid adhikaM shlAghe tathApi tasmAnna trapiShye|
9 মোৰ পত্ৰবোৰৰ দ্বাৰাই যেন আপোনালোকক ভয় দেখুৱাবৰ ধৰণে নহও;
ahaM patrai ryuShmAn trAsayAmi yuShmAbhiretanna manyatAM|
10 ১০ কিয়নো কিছুমান ব্যক্তিয়ে কয়, “তেখেতৰ পত্ৰবোৰ গুৰুত্ৱপূর্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দূৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য৷”
tasya patrANi gurutarANi prabalAni cha bhavanti kintu tasya shArIrasAkShAtkAro durbbala AlApashcha tuchChanIya iti kaishchid uchyate|
11 ১১ আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছোঁ, উপস্থিত হ’লে আমি কাৰ্যতো তেনেকুৱাই বুলি, সেই মানুহবোৰে বিবেচনা কৰি জানক।
kintu parokShe patrai rbhAShamANA vayaM yAdR^ishAH prakAshAmahe pratyakShe karmma kurvvanto. api tAdR^ishA eva prakAshiShyAmahe tat tAdR^ishena vAchAlena j nAyatAM|
12 ১২ কিয়নো নিজকে নিজে প্ৰশংসা কৰা লোক সকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰোঁ; কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সুক্ষ্মদৃষ্টি কৰে৷
svaprashaMsakAnAM keShA nchinmadhye svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yataste svaparimANena svAn parimimate svaishcha svAn upamibhate tasmAt nirbbodhA bhavanti cha|
13 ১৩ কিন্তু আমি হ’লে অপৰিমিত ৰূপে গৌৰৱ নকৰি, ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি, আপোনালোকৰ ওচৰলৈকে পোৱা কৰিলে, আমি সেই পৰিমাণ অনুসাৰে গৌৰৱ কৰিম।
vayam aparimitena na shlAghiShyAmahe kintvIshvareNa svarajjvA yuShmaddeshagAmi yat parimANam asmadarthaM nirUpitaM tenaiva shlAghiShyAmahe|
14 ১৪ কিয়নো আপোনালোকৰ সেই খিনিলৈকে আমাৰ স্বত্ব নথকাৰ দৰে, আমি নিজক ডাঙৰ কৰা নাই; কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে কৰোঁতে, আমি আপোনালোকৰ ওচৰ গৈ পাইছিলো৷
yuShmAkaM desho. asmAbhiragantavyastasmAd vayaM svasImAm ulla NghAmahe tannahi yataH khrIShTasya susaMvAdenApareShAM prAg vayameva yuShmAn prAptavantaH|
15 ১৫ আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৌৰৱ কৰিছোঁ, এনে নহয়; কিন্তু আশা কৰোঁ, লোকৰ বিশ্বাস বাঢ়িলে, আমাৰ পৰিমাণ-জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ’ম৷
vayaM svasImAm ulla Nghya parakShetreNa shlAghAmahe tannahi, ki ncha yuShmAkaM vishvAse vR^iddhiM gate yuShmaddeshe. asmAkaM sImA yuShmAbhirdIrghaM vistArayiShyate,
16 ১৬ অামি আপোনালোকৰ সিমূৰে থকা অঞ্চলতো শুভবার্তাৰ প্ৰচাৰ কৰিব পাৰিম৷ আমি আন লোকৰ অঞ্চলত কৰা কামৰ গৌৰৱ নকৰিম৷
tena vayaM yuShmAkaM pashchimadikstheShu sthAneShu susaMvAdaM ghoShayiShyAmaH, itthaM parasImAyAM pareNa yat pariShkR^itaM tena na shlAghiShyAmahe|
17 ১৭ “কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ প্ৰভুতেই গৌৰৱ কৰক”।
yaH kashchit shlAghamAnaH syAt shlAghatAM prabhunA sa hi|
18 ১৮ কিয়নো যি জনে নিজকে নিজে যোগ্য-পাত্ৰ দেখুৱাই, তেখেত পৰীক্ষাসিদ্ধ নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্য-পাত্ৰ জ্ঞান কৰে, তেখেতহে পৰীক্ষাসিদ্ধ।
svena yaH prashaMsyate sa parIkShito nahi kintu prabhunA yaH prashaMsyate sa eva parIkShitaH|

< ২ কৰিন্থীয়া 10 >