< ২ কৰিন্থীয়া 1 >
1 ১ ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা খ্ৰীষ্ট যীচুৰ পাঁচনি পৌল, আৰু তীমথিয় ভাই - কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলীৰ আৰু গোটেই আখায়া দেশত থকা সকলো পবিত্ৰ লোকৰ সমীপলৈ:
Paul, an apostle of Jesus Christ by the will of God, and Timothy our brother, to the church of God which is at Corinth, with all the saints which are in all Achaia:
2 ২ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
Grace be to you and peace from God our Father, and from the Lord Jesus Christ.
3 ৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ।
Blessed be God, even the Father of our Lord Jesus Christ, the Father of mercies, and the God of all comfort;
4 ৪ আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।
Who comforts us in all our tribulation, that we may be able to comfort them which are in any trouble, by the comfort with which we ourselves are comforted of God.
5 ৫ কিয়নো খ্ৰীষ্টৰ দুখ আমাৰ বাবে যেনেকৈ উপচি পৰে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্ত্বনা উপচি পৰে।
For as the sufferings of Christ abound in us, so our consolation also abounds by Christ.
6 ৬ কিন্তু আমি যদি যন্ত্রণাগ্রস্ত, তেনেহলে সেয়ে আপোনালোকৰ সান্ত্বনা আৰু পৰিত্রাণ নাইবা আমি যদি সান্ত্বনা প্রাপ্ত, তেনেহলে সেই জনো আপোনালোকৰ সান্ত্বনাৰ বাবে আৰু সেই সান্ত্বনাই, আমি ভোগ কৰা একে দুখকে ধৈৰ্যৰে সহন কৰাই, নিজ কাৰ্য সাধন কৰে।
And whether we be afflicted, it is for your consolation and salvation, which is effectual in the enduring of the same sufferings which we also suffer: or whether we be comforted, it is for your consolation and salvation.
7 ৭ আৰু আপোনালোক যেনেকৈ দুখভোগৰ, তেনেকৈ সান্ত্বনাৰো যে সহভাগী ইয়াকে জানিবলৈ পাই, আপোনালোকৰ অৰ্থে আমাৰ আশা নিশ্চিত হৈ আছে।
And our hope of you is steadfast, knowing, that as you are partakers of the sufferings, so shall you be also of the consolation.
8 ৮ কিয়নো, হে ভাই সকল, এচিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।
For we would not, brothers, have you ignorant of our trouble which came to us in Asia, that we were pressed out of measure, above strength, so that we despaired even of life:
9 ৯ প্ৰকৃতপক্ষে, আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ৷ সেয়েহে আমি নিজৰ ওপৰত ভাৰসা নকৰোঁহক, কিন্তু ইয়াৰ পৰিৱৰ্তে যি জন মৃত্যুৰ পৰা তোলোঁতা, সেই জন ঈশ্বৰত ভাৰসা ৰাখোহঁক৷
But we had the sentence of death in ourselves, that we should not trust in ourselves, but in God which raises the dead:
10 ১০ তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;
Who delivered us from so great a death, and does deliver: in whom we trust that he will yet deliver us;
11 ১১ ইয়াতে আপোনালোকেও প্ৰাৰ্থনা কৰাৰ যোগেদি আমাৰ অৰ্থে সহকাৰী হৈ আছে। অনেকৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ আমাক দিয়া হ’ল, তাৰ কাৰণে, অনেকৰ দ্বাৰাই আমাৰ অৰ্থে ঈশ্বৰৰ ধন্যবাদ কৰা হয়।
You also helping together by prayer for us, that for the gift bestowed on us by the means of many persons thanks may be given by many on our behalf.
12 ১২ এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
For our rejoicing is this, the testimony of our conscience, that in simplicity and godly sincerity, not with fleshly wisdom, but by the grace of God, we have had our conversation in the world, and more abundantly to you-ward.
13 ১৩ আপোনালোকে পঢ়িব নোৱাৰা আৰু বুজি নোপোৱা, এনে কোনো কথা আমি আপোনালোকলৈ লিখা নাই; এই বিষয়ত মই সুনিশ্চিত।
For we write none other things to you, than what you read or acknowledge; and I trust you shall acknowledge even to the end;
14 ১৪ এনেদৰে আপোনালোকে আগেয়েও আমাক কিছু পৰিমাণে বুজি পাইছে, আমাৰ প্ৰভু যীচুৰ দিনত যেনেকৈ আপোনালোক আমাৰ, তেনেকৈ আমিও আপোনালোকৰ শ্লাঘাৰ কাৰণ হ’ম।
As also you have acknowledged us in part, that we are your rejoicing, even as you also are ours in the day of the Lord Jesus.
15 ১৫ কাৰণ এই বিষয়ে মই দৃঢ় প্ৰত্যয় যে, আপোনালোকে দ্বিতীয় অনুগ্ৰহ পাবৰ কাৰণে, মই আগেয়ে আপোনালোকৰ তালৈ যাম৷
And in this confidence I was minded to come to you before, that you might have a second benefit;
16 ১৬ আৰু আপোনালোকক দেখা কৰি, পাছত তাৰ পৰাই মাকিদনিয়া দেশলৈ গৈ, পাছত মাকিদনিয়াৰ পৰা আপোনালোকৰ ওচৰলৈ উলটি আহি, যিহুদীয়ালৈ যাবৰ বাবে আপোনালোকৰ দ্বাৰাই আগবঢ়ায় থোৱা হ’ম।
And to pass by you into Macedonia, and to come again out of Macedonia to you, and of you to be brought on my way toward Judaea.
17 ১৭ যেতিয়া এই ধৰণে ভাবিলো, মই জানো অস্থিৰতা দেখুৱাইছিলোঁ? নাইবা মই যি ভাবো, সেয়ে মোত ‘হয়, হয়’, পাছে ‘নহয়, নহয়’ হ’বলৈ, মই মাংস অনুসাৰে ভাবো নে?
When I therefore was thus minded, did I use lightness? or the things that I purpose, do I purpose according to the flesh, that with me there should be yes yes, and no no?
18 ১৮ কিন্তু ঈশ্বৰ বিশ্বাসী; এই কাৰণে আপোনালোকক এবাৰ ‘হয়’, পাছত ‘নহয়’, এই ধৰণে আমি নকওঁ।
But as God is true, our word toward you was not yes and no.
19 ১৯ কিয়নো আমাৰ দ্বাৰাই, অৰ্থাৎ মোৰ, চীলৰ আৰু তীমথিয়ৰ দ্বাৰাই আপোনালোকৰ আগত যি জনৰ কথা প্রচাৰ কৰা হৈছিল, সেই জনা ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট বাবে, ‘হয়’ পাছত ‘নহয়’ এনে নহয়; কিন্তু তেওঁত চিৰকাল ‘হয়’হে হয়।
For the Son of God, Jesus Christ, who was preached among you by us, even by me and Silvanus and Timotheus, was not yes and no, but in him was yes.
20 ২০ কিয়নো ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা তেওঁত ‘হয়৷’ এই কাৰণে, আমাৰ যোগেদি ঈশ্বৰৰ মহিমা হ’বলৈ, তেওঁৰ দ্বাৰাই ‘আমেন’ বুলিও কওঁ।
For all the promises of God in him are yes, and in him Amen, to the glory of God by us.
21 ২১ এতিয়া এই জন ঈশ্বৰে, আপোনালোকৰ সৈতে আমাকো খ্ৰীষ্টত স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে৷
Now he which establishes us with you in Christ, and has anointed us, is God;
22 ২২ তেৱেঁই আমাৰ হৃদয়ত বইনাস্বৰূপে পবিত্ৰ আত্মা দি আমাৰ জীৱনত মোহৰো মাৰিলে।
Who has also sealed us, and given the earnest of the Spirit in our hearts.
23 ২৩ আপোনালোকলৈ মোৰ মৰম থকা বাবেই, মই এতিয়ালৈকে কৰিন্থলৈ যোৱা নাই, মোৰ প্ৰাণৰ ওপৰত ঈশ্বৰকহে এই কথাৰ সাক্ষী লৈছোঁ।
Moreover I call God for a record on my soul, that to spare you I came not as yet to Corinth.
24 ২৪ আমি যে আপোনালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ, এনে নহয়, কিন্তু আপোনালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো আপোনালোক বিশ্বাসত স্থিৰ হৈ আছে।
Not for that we have dominion over your faith, but are helpers of your joy: for by faith you stand.