< ২ বংশাবলি 1 >
1 ১ দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে; আৰু তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁৰ লগত থাকি, তেওঁক অতিশয় প্ৰভাৱশালী কৰিলে।
И укрепися Соломон сын Давидов на царстве своем, и Господь Бог его (бе) с ним и возвеличи его в высоту.
2 ২ পাছত চলোমনে গোটেই ইস্ৰায়েলৰ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তাসকলক আৰু সমূহ ইস্ৰায়েলৰ মাজত থকা প্ৰতিজন মূখ্যলোকৰ সৈতে কথা ক’লে।
И рече Соломон ко всему Израилю, тысящником и сотником, и судиям и всем началником пред Израилем.
3 ৩ পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ’ল; কিয়নো যিহোৱাৰ দাস মোচিয়ে মৰুপ্ৰান্তত নিৰ্ম্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বু সেই ঠাইতে আছিল।
И иде Соломон и все множество в вышний Гаваон, идеже бе скиния свидения Божия, юже сотвори Моисей раб Божий в пустыни.
4 ৪ কিন্তু দায়ুদে কিৰিয়ৎ-যিয়াৰীমৰ পৰা যিহোৱাৰ সেই নিয়ম-চন্দুক সেই ঠাইলৈ আনিছিল যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে যিৰূচালেমত এটা তম্বু তৰি ৰাখিছিল।
Кивот же Господень принесе Давид от Града Кариафиарима на место, еже уготова ему Давид, яко водрузи ему скинию во Иерусалиме.
5 ৫ আৰু হূৰৰ নাতিয়েক ঊৰীৰ পুত্ৰ বচলেলে নিৰ্ম্মাণ কৰা পিতলৰ যজ্ঞবেদীটো গিবিয়োনত যিহোৱাৰ আবাসৰ আগত আছিল; তাৰ ওচৰলৈকে চলোমন আৰু সমাজে সঘনে কথা সুধিবলৈ যায়।
И олтарь медян, егоже содела Веселеил сын Урии сына Орова, ту бе пред скиниею Господнею и взыска его Соломон и вся церковь.
6 ৬ পাছত চলোমনে তালৈ উঠি গৈ, সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত যিহোৱাৰ আগত এক হাজাৰ হোম-বলি উৎসৰ্গ কৰিলে।
Вознесе же ту Соломон на олтари медянем пред Господем, иже в скинии свидения, и принесе на нем тысящу всесожжений.
7 ৭ সেই ৰাতিয়েই ঈশ্বৰে চলোমনক দৰ্শন দি ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা?”
В ту нощь явися Господь Соломону и рече ему: проси (что хощеши) да дам тебе.
8 ৮ তাতে চলোমনে ঈশ্বৰক ক’লে, “তুমি মোৰ পিতৃ দায়ূদক মহা অনুগ্ৰহ কৰিলা, আনকি তেওঁৰ পদত মোক ৰজা পাতিলা।
Рече же Соломон к Богу: Ты сотворил еси с Давидом отцем моим милосердие велико и поставил мя еси царя вместо его:
9 ৯ এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি মোৰ পিতৃ দায়ূদৰ আগত কোৱা বাক্য সিদ্ধ হওঁক, কিয়নো তুমি মাটিৰ ধূলিৰ নিচিনা অসংখ্য লোক সকলৰ ওপৰত মোক ৰজা পাতিলা৷
и ныне, Господи Боже, да исполнится слово Твое к Давиду отцу моему, Ты бо мене сотворил царя над людьми многими, якоже прах земный:
10 ১০ এতিয়া মই যেন এই লোকসকলক চলাব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া; কিয়নো তোমাৰ এই মহা জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
ныне даждь мне премудрость и разум, да вниду и изыду пред людьми твоими сими, кто бо может судити сих людий Твоих многих?
11 ১১ তেতিয়া ঈশ্বৰে চলোমনক ক’লে, “এয়ে তোমাৰ মনত হৈছে, যে, তুমি কি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, যিসকলে তোমাক ঘিণ কৰে, তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ুও নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা।
И рече Бог к Соломону: понеже бысть сие в сердцы твоем, и не попросил еси богатства имений, ниже славы, ниже душ противящихся тебе, и дний многих не просил еси, но просил еси себе премудрости и разума, да судити можеши люди Моя, над нимиже поставих тя царя,
12 ১২ এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”
премудрость и разум даю тебе, богатство же и имения и славу дам тебе, яко не бысть в царех преждебывших тебе подобен тебе, и по тебе такожде не будет.
13 ১৩ পাছে চলোমনে গিবিয়োনৰ ওখ ঠাইত থকা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা যিৰূচালেমলৈ আহিল আৰু ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি থাকিল।
Прииде же Соломон от вышняго Гаваона во Иерусалим пред скинию свидения и царствова над Израилем.
14 ১৪ পাছে চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক গোটালে: তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ সিহঁতক নানা ৰথ-নগৰত আৰু আনকি ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
И собра Соломон колесницы и конники, и быша ему тысяща и четыреста колесниц и дванадесять тысящ конник: и остави их во градех колесничных, людие же с царем во Иерусалиме.
15 ১৫ ৰজাই যিৰূচালেমত ৰূপ আৰু সোণক শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
И положи царь сребро и злато во Иерусалиме яко камение, кедры же во Иудеи яко черничие, еже на поли во множестве.
16 ১৬ আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিচৰৰ পৰা অনা; আৰু সেই ঘোঁৰাবোৰ ৰজা-ঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনে।
Исхождение же коней Соломоновых из Египта ценою купцов царских, иже хождаху и куповаху.
17 ১৭ আৰু মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হয়।
И восхождаху и привождаху из Египта колесницу едину за шесть сот сребреник, и коня за сто и пятьдесят сребреник: такожде и от всех царств Хеттейских и от царей Сирийских рукама их приводима бываху.