< ২ বংশাবলি 9 >
1 ১ পাছত যেতিয়া চিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেখেতে নিগূঢ় বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ যিৰূচালেমলৈ আহিল৷ সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বোজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল৷ যেতিয়া তেখেতে চলোমনৰ ওচৰলৈ আহিল, তেখেতৰ মনত যি যি আছিল, সকলোকে তেওঁক ক’লে।
Saba Kraliçesi, Süleyman'ın ününü duyunca, onu çetin sorularla sınamak için Yeruşalim'e geldi. Çeşitli baharat, çok miktarda altın ve değerli taşlarla yüklü büyük bir kervan eşliğinde gelen kraliçe, aklından geçen her şeyi Süleyman'la konuştu.
2 ২ তাতে চলোমনে তেখেতৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে; চলোমনে বুজিব নোৱাৰা একোৱেই নাছিল; তেওঁ উত্তৰ দিব নোৱাৰা কোনো এটা প্ৰশ্ন নাছিল৷
Süleyman onun bütün sorularına karşılık verdi. Kralın ona yanıt bulmakta güçlük çektiği hiçbir konu olmadı.
3 ৩ এইদৰে চিবাৰ ৰাণীয়ে চলোমনৰ জ্ঞান আৰু তেওঁ নিৰ্ম্মাণ কৰা গৃহ দেখিলে,
Süleyman'ın bilgeliğini, yaptırdığı sarayı, sofrasının zenginliğini, görevlilerinin oturup kalkışını, hizmetkârlarının ve sakilerinin özel giysileriyle yaptığı hizmeti, RAB'bin Tapınağı'nda sunduğu yakmalık sunuları gören Saba Kraliçesi hayranlık içinde kaldı.
4 ৪ আৰু তেওঁৰ মেজৰ আহাৰ, মন্ত্ৰীসকলৰ বহা আসন, পৰিচাৰকসকলৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ সাজ-পোচাক, তেওঁৰ পান-পাত্ৰ ধৰা লোকসকল আৰু তেওঁলোকৰ সাজ-পোচাক আৰু যিহোৱাৰ গৃহলৈ তেওঁ উঠা খটখটী, এই সকলোকে দেখি, তেখেত বিচূৰ্ত্তি হ’ল।
5 ৫ তেখেতে ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিছিলোঁ, সেয়ে সঁচা আছিল।
Krala, “Ülkemdeyken, yaptıklarınla ve bilgeliğinle ilgili duyduklarım doğruymuş” dedi,
6 ৬ কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলোঁ, তেতিয়ালৈকে মই সেই কথাত বিশ্বাস কৰা নাছিলোঁ৷ চাওঁক, আপোনাৰ জ্ঞান আৰু ধনৰ মহত্ত্বৰ আধাও মোক কোৱা নাছিল; মই যি কথা শুনিছিলোঁ, তাতকৈ আপোনাৰ গুণ আধিক আছে।
“Ama gelip kendi gözlerimle görünceye dek anlatılanlara inanmamıştım. Büyük bilgeliğinin yarısı bile bana anlatılmadı. Duyduklarımdan daha üstünsün.
7 ৭ আপোনাৰ লোকসকল কেনে ধন্য আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক ধন্য।
Ne mutlu adamlarına! Ne mutlu sana hizmet eden görevlilere! Çünkü sürekli bilgeliğine tanık oluyorlar.
8 ৮ আপোনাৰ ঈশ্বৰ যিহোৱা ধন্য, আপোনাৰ ঈশ্বৰ যিহোৱাৰ বাবে ৰজা পাতিবলৈ, তেওঁ আপোনাৰ দৰে এজনক তেওঁৰ সিংহাসনত বহুৱাই নিশ্চয়ে সন্তুষ্ট। কিয়নো আপোনাৰ ঈশ্বৰে ইস্ৰায়েলক প্ৰেম কৰে, তেওঁলোকক নিৰ্দেশত সদাকালৰ বাবে ন্যায় আৰু ধাৰ্মিকতাৰে প্ৰতিস্থিত কৰিবলৈ তেওঁ আপোনাক তেওঁলোকৰ ওপৰত ৰজা পাতিলে।”
Senden hoşnut kalan, adına egemenlik sürmen için seni tahta oturtan Tanrın RAB'be övgüler olsun! Tanrın İsrail'i sevdiği, sonsuza dek korumak istediği için, adaleti ve doğruluğu sağlaman için seni İsrail'e kral yaptı.”
9 ৯ তেখেতে ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য, আৰু বহুমূল্য বাখৰ দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক দিয়া সুগন্ধি দ্ৰব্যৰ দৰে সুগন্ধি দ্ৰব্য তেওঁক আন কোনেও দিয়া নাছিল।
Saba Kraliçesi krala 120 talant altın, çok büyük miktarda baharat ve değerli taşlar armağan etti. Krala armağan ettiği baharatın benzeri yoktu.
10 ১০ হীৰম আৰু চলোমনৰ যি দাসবোৰে ওফীৰৰ পৰা সোণ আনিছিল, তেওঁলোকে অলগূম কাঠ আৰু বহুমূল্য বাখৰো আনিছিল।
Bu arada Hiram'ın adamlarıyla Süleyman'ın adamları Ofir'den altın, algum kerestesiyle değerli taşlar getirdiler.
11 ১১ ৰজাই সেই অলগূম কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে জখলাবোৰ আৰু গায়কসকলৰ বাবে বীণা আৰু নেবল সজালে৷ তেনেকুৱা কাঠ আগেয়ে যিহূদা দেশত কোনেও কেতিয়াও দেখা নাছিল।
Kral, RAB'bin Tapınağı'yla sarayın basamaklarını, çalgıcıların lirleriyle çenklerini bu algum kerestesinden yaptırdı. Yahuda bölgesinde daha önce böylesi görülmemişti.
12 ১২ পাছত চিবাৰ ৰাণীয়ে ৰজালৈ অনা বস্তুৰ সলনি ৰজাই যি বস্তু দিলে, তাৰ বাহিৰে চিবাৰ ৰাণীয়ে বিচৰা দৰে, তেওঁৰ সকলো মনৰ বাঞ্ছা তেওঁ পূৰ কৰিলে। পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ উলটি গ’ল।
Kral Süleyman Saba Kraliçesi'nin her isteğini, her dileğini yerine getirdi. Kraliçenin kendisine getirdiklerinden daha fazlasını ona verdi. Bundan sonra kraliçe adamlarıyla birlikte oradan ayrılıp kendi ülkesine döndü.
13 ১৩ এবছৰৰ ভিতৰত ছশ ছয়ষষ্ঠি কিক্কৰ সোণ চলোমনলৈ আহিল,
Süleyman'a bir yılda gelen altının miktarı 666 talantı buluyordu.
14 ১৪ সেয়াও বেপাৰী আৰু বণিসকলে অনা সোণৰ বাহিৰে৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমন ৰজালৈ সোণ আৰু ৰূপ আনিলে।
Tüccarların ve alım satımla uğraşanların getirdiği altın bunun dışındaydı. Arabistan'ın bütün krallarıyla İsrail valileri de Süleyman'a altın, gümüş getiriyorlardı.
15 ১৫ আৰু চলোমন ৰজাই সোণ পিটাই দুশ ঢাল কৰিলে৷ সোণ পিটাই কৰা প্ৰত্যেক ঢালত ছশ চেকল সোণ খৰচ হৈছিল৷
Kral Süleyman dövme altından her biri altı yüz şekel ağırlığında iki yüz büyük kalkan yaptırdı.
16 ১৬ আৰু সোণ পিটাই তিনিশ ঢাল যুগুত কৰিলে৷ তাৰ প্ৰত্যেক ঢালত তিনিশ চেকল সোণ খৰচ হৈছিল; ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিলে।
Ayrıca her biri üç yüz şekel ağırlığında dövme altından üç yüz küçük kalkan yaptırdı. Kral bu kalkanları Lübnan Ormanı adındaki saraya koydu.
17 ১৭ ইয়াৰ বাহিৰে ৰজাই হাতী-দাঁতৰ এখন ডাঙৰ সিংহাসন সজাই তাৰ ওপৰত শুদ্ধ সোণৰ পতা মাৰিলে।
Kral fildişinden büyük bir taht yaptırıp saf altınla kaplattı.
18 ১৮ সেই সিংহাসনৰ ছখপিয়া খটখটি আছিল আৰু সিংহাসনত লগোৱা সোণৰ এখন ভৰি-পীৰা আছিল আৰু বহা ঠাইৰ দুয়োফালে দুখন হাত আছিল৷ সেই হাতৰ ওচৰত দুটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল।
Tahtın altı basamağı, bir de altın ayak taburesi vardı. Bunlar tahta bağlıydı. Oturulan yerin iki yanında kollar, her kolun yanında birer aslan heykeli bulunuyordu.
19 ১৯ আৰু সেই ছয় খাপৰ ওপৰত দুই মুৰে বাৰটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল। এনেকুৱা সিংহাসন আন কোনো ৰাজ্যত সজা নাছিল।
Altı basamağın iki yanında on iki aslan heykeli vardı. Hiçbir krallıkta böylesi yapılmamıştı.
20 ২০ চলোমন ৰজাৰ সকলো পান-পাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ কাঠনিৰ গৃহৰ সকলো পাত্ৰ শুদ্ধ সোণৰ আছিল; চলোমনৰ ৰাজত্বৰ কালত ৰূপ একোৰো মাজত গণ্য নাছিল।
Kral Süleyman'ın kadehleriyle Lübnan Ormanı adındaki sarayın bütün eşyaları saf altından yapılmış, hiç gümüş kullanılmamıştı. Çünkü Süleyman'ın döneminde gümüşün değeri yoktu.
21 ২১ কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।
Kralın gemileri Hiram'ın adamlarının yönetiminde Tarşiş'e giderdi. Bu gemiler üç yılda bir altın, gümüş, fildişi ve türlü maymunlarla yüklü olarak dönerlerdi.
22 ২২ এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত চলোমন ৰজা পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান হ’ল।
Kral Süleyman dünyanın bütün krallarından daha zengin, daha bilgeydi.
23 ২৩ ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সকলো ৰজাই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল।
Tanrı'nın Süleyman'a verdiği bilgeliği dinlemek için dünyanın bütün kralları onu görmek isterlerdi.
24 ২৪ আৰু প্ৰতিজনে নিজ নিজ উপহাৰ, ৰূপৰ আৰু সোণৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ এইবোৰ লৈ প্ৰতি বছৰে বছৰে আহিছিল।
Onu görmeye gelenler her yıl armağan olarak altın ve gümüş eşya, giysi, silah, baharat, at, katır getirirlerdi.
25 ২৫ ঘোঁৰা আৰু ৰথৰ বাবে চলোমনৰ চাৰিহাজাৰ ঘোঁৰাশাল আছিল আৰু তেওঁৰ বাৰ হাজাৰ অশ্বাৰোহী আছিল, আৰু এওঁলোকক তেওঁ নানা ৰথ-নগৰত আৰু ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
Süleyman'ın atlarla savaş arabaları için dört bin ahırı, on iki bin atlısı vardı. Bunların bir kısmını savaş arabaları için ayrılan kentlere, bir kısmını da kendi yanına, Yeruşalim'e yerleştirdi.
26 ২৬ আৰু ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল।
Fırat Irmağı'ndan Filist bölgesine, oradan da Mısır sınırına dek uzanan bölgedeki bütün krallara egemendi.
27 ২৭ ৰজাই যিৰূচালেমত ৰূপক মাটিত থকা শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
Onun krallığı döneminde Yeruşalim'de gümüş taş değerine düştü. Sedir ağaçları Şefela'daki yabanıl incir ağaçları kadar bollaştı.
28 ২৮ মিচৰৰ পৰা আৰু আন সকলো দেশৰ পৰা চলোমনৰ বাবে ঘোঁৰা অনা হৈছিল।
Süleyman'ın atları Mısır'dan ve bütün öbür ülkelerden getirilirdi.
29 ২৯ চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?
Süleyman'ın yaptığı öbür işler, başından sonuna dek, Peygamber Natan'ın tarihinde, Şilolu Ahiya'nın peygamberlik yazılarında ve Bilici İddo'nun Nevat oğlu Yarovam'a ilişkin görümlerinde yazılıdır.
30 ৩০ এইদৰে চলোমনে যিৰূচালেমত থাকি সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিলে।
Süleyman kırk yıl süreyle bütün İsrail'i Yeruşalim'den yönetti.
31 ৩১ পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পিতৃ দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; আৰু তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
Süleyman ölüp atalarına kavuşunca babası Davut'un Kenti'nde gömüldü. Yerine oğlu Rehavam kral oldu.