< ২ বংশাবলি 9 >

1 পাছত যেতিয়া চিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেখেতে নিগূঢ় বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ যিৰূচালেমলৈ আহিল৷ সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বোজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল৷ যেতিয়া তেখেতে চলোমনৰ ওচৰলৈ আহিল, তেখেতৰ মনত যি যি আছিল, সকলোকে তেওঁক ক’লে।
ומלכת שבא שמעה את שמע שלמה ותבוא לנסות את שלמה בחידות בירושלם בחיל כבד מאד וגמלים נשאים בשמים וזהב לרב ואבן יקרה ותבוא אל שלמה ותדבר עמו את כל אשר היה עם לבבה
2 তাতে চলোমনে তেখেতৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে; চলোমনে বুজিব নোৱাৰা একোৱেই নাছিল; তেওঁ উত্তৰ দিব নোৱাৰা কোনো এটা প্ৰশ্ন নাছিল৷
ויגד לה שלמה את כל דבריה ולא נעלם דבר משלמה אשר לא הגיד לה
3 এইদৰে চিবাৰ ৰাণীয়ে চলোমনৰ জ্ঞান আৰু তেওঁ নিৰ্ম্মাণ কৰা গৃহ দেখিলে,
ותרא מלכת שבא את חכמת שלמה--והבית אשר בנה
4 আৰু তেওঁৰ মেজৰ আহাৰ, মন্ত্ৰীসকলৰ বহা আসন, পৰিচাৰকসকলৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ সাজ-পোচাক, তেওঁৰ পান-পাত্ৰ ধৰা লোকসকল আৰু তেওঁলোকৰ সাজ-পোচাক আৰু যিহোৱাৰ গৃহলৈ তেওঁ উঠা খটখটী, এই সকলোকে দেখি, তেখেত বিচূৰ্ত্তি হ’ল।
ומאכל שלחנו ומושב עבדיו ומעמד משרתיו ומלבושיהם ומשקיו ומלבושיהם ועליתו אשר יעלה בית יהוה ולא היה עוד בה רוח
5 তেখেতে ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিছিলোঁ, সেয়ে সঁচা আছিল।
ותאמר אל המלך אמת הדבר אשר שמעתי בארצי--על דבריך ועל חכמתך
6 কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলোঁ, তেতিয়ালৈকে মই সেই কথাত বিশ্বাস কৰা নাছিলোঁ৷ চাওঁক, আপোনাৰ জ্ঞান আৰু ধনৰ মহত্ত্বৰ আধাও মোক কোৱা নাছিল; মই যি কথা শুনিছিলোঁ, তাতকৈ আপোনাৰ গুণ আধিক আছে।
ולא האמנתי לדבריהם עד אשר באתי ותראינה עיני והנה לא הגד לי חצי מרבית חכמתך יספת על השמועה אשר שמעתי
7 আপোনাৰ লোকসকল কেনে ধন্য আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক ধন্য।
אשרי אנשיך ואשרי עבדיך אלה--העמדים לפניך תמיד ושמעים את חכמתך
8 আপোনাৰ ঈশ্বৰ যিহোৱা ধন্য, আপোনাৰ ঈশ্বৰ যিহোৱাৰ বাবে ৰজা পাতিবলৈ, তেওঁ আপোনাৰ দৰে এজনক তেওঁৰ সিংহাসনত বহুৱাই নিশ্চয়ে সন্তুষ্ট। কিয়নো আপোনাৰ ঈশ্বৰে ইস্ৰায়েলক প্ৰেম কৰে, তেওঁলোকক নিৰ্দেশত সদাকালৰ বাবে ন্যায় আৰু ধাৰ্মিকতাৰে প্ৰতিস্থিত কৰিবলৈ তেওঁ আপোনাক তেওঁলোকৰ ওপৰত ৰজা পাতিলে।”
יהי יהוה אלהיך ברוך אשר חפץ בך לתתך על כסאו למלך ליהוה אלהיך באהבת אלהיך את ישראל להעמידו לעולם ויתנך עליהם למלך לעשות משפט וצדקה
9 তেখেতে ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য, আৰু বহুমূল্য বাখৰ দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক দিয়া সুগন্ধি দ্ৰব্যৰ দৰে সুগন্ধি দ্ৰব্য তেওঁক আন কোনেও দিয়া নাছিল।
ותתן למלך מאה ועשרים ככר זהב ובשמים לרב מאד--ואבן יקרה ולא היה כבשם ההוא אשר נתנה מלכת שבא למלך שלמה
10 ১০ হীৰম আৰু চলোমনৰ যি দাসবোৰে ওফীৰৰ পৰা সোণ আনিছিল, তেওঁলোকে অলগূম কাঠ আৰু বহুমূল্য বাখৰো আনিছিল।
וגם עבדי חירם (חורם) ועבדי שלמה אשר הביאו זהב מאופיר--הביאו עצי אלגומים ואבן יקרה
11 ১১ ৰজাই সেই অলগূম কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে জখলাবোৰ আৰু গায়কসকলৰ বাবে বীণা আৰু নেবল সজালে৷ তেনেকুৱা কাঠ আগেয়ে যিহূদা দেশত কোনেও কেতিয়াও দেখা নাছিল।
ויעש המלך את עצי האלגומים מסלות לבית יהוה ולבית המלך וכנרות ונבלים לשרים ולא נראו כהם לפנים בארץ יהודה
12 ১২ পাছত চিবাৰ ৰাণীয়ে ৰজালৈ অনা বস্তুৰ সলনি ৰজাই যি বস্তু দিলে, তাৰ বাহিৰে চিবাৰ ৰাণীয়ে বিচৰা দৰে, তেওঁৰ সকলো মনৰ বাঞ্ছা তেওঁ পূৰ কৰিলে। পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ উলটি গ’ল।
והמלך שלמה נתן למלכת שבא את כל חפצה אשר שאלה מלבד אשר הביאה אל המלך ותהפך ותלך לארצה היא ועבדיה
13 ১৩ এবছৰৰ ভিতৰত ছশ ছয়ষষ্ঠি কিক্কৰ সোণ চলোমনলৈ আহিল,
ויהי משקל הזהב אשר בא לשלמה בשנה אחת--שש מאות וששים ושש ככרי זהב
14 ১৪ সেয়াও বেপাৰী আৰু বণিসকলে অনা সোণৰ বাহিৰে৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমন ৰজালৈ সোণ আৰু ৰূপ আনিলে।
לבד מאנשי התרים והסחרים מביאים וכל מלכי ערב ופחות הארץ מביאים זהב וכסף לשלמה
15 ১৫ আৰু চলোমন ৰজাই সোণ পিটাই দুশ ঢাল কৰিলে৷ সোণ পিটাই কৰা প্ৰত্যেক ঢালত ছশ চেকল সোণ খৰচ হৈছিল৷
ויעש המלך שלמה מאתים צנה זהב שחוט שש מאות זהב שחוט יעלה על הצנה האחת
16 ১৬ আৰু সোণ পিটাই তিনিশ ঢাল যুগুত কৰিলে৷ তাৰ প্ৰত্যেক ঢালত তিনিশ চেকল সোণ খৰচ হৈছিল; ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিলে।
ושלש מאות מגנים זהב שחוט--שלש מאות זהב יעלה על המגן האחת ויתנם המלך בבית יער הלבנון
17 ১৭ ইয়াৰ বাহিৰে ৰজাই হাতী-দাঁতৰ এখন ডাঙৰ সিংহাসন সজাই তাৰ ওপৰত শুদ্ধ সোণৰ পতা মাৰিলে।
ויעש המלך כסא שן גדול ויצפהו זהב טהור
18 ১৮ সেই সিংহাসনৰ ছখপিয়া খটখটি আছিল আৰু সিংহাসনত লগোৱা সোণৰ এখন ভৰি-পীৰা আছিল আৰু বহা ঠাইৰ দুয়োফালে দুখন হাত আছিল৷ সেই হাতৰ ওচৰত দুটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল।
ושש מעלות לכסא וכבש בזהב לכסא מאחזים וידות מזה ומזה על מקום השבת ושנים אריות עמדים אצל הידות
19 ১৯ আৰু সেই ছয় খাপৰ ওপৰত দুই মুৰে বাৰটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল। এনেকুৱা সিংহাসন আন কোনো ৰাজ্যত সজা নাছিল।
ושנים עשר אריות עמדים שם על שש המעלות--מזה ומזה לא נעשה כן לכל ממלכה
20 ২০ চলোমন ৰজাৰ সকলো পান-পাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ কাঠনিৰ গৃহৰ সকলো পাত্ৰ শুদ্ধ সোণৰ আছিল; চলোমনৰ ৰাজত্বৰ কালত ৰূপ একোৰো মাজত গণ্য নাছিল।
וכל כלי משקה המלך שלמה זהב וכל כלי בית יער הלבנון זהב סגור אין כסף נחשב בימי שלמה--למאומה
21 ২১ কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।
כי אניות למלך הלכות תרשיש עם עבדי חורם אחת לשלוש שנים תבואנה אניות תרשיש נשאות זהב וכסף שנהבים וקופים ותוכיים
22 ২২ এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত চলোমন ৰজা পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান হ’ল।
ויגדל המלך שלמה מכל מלכי הארץ--לעשר וחכמה
23 ২৩ ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সকলো ৰজাই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল।
וכל מלכי הארץ מבקשים את פני שלמה--לשמע את חכמתו אשר נתן האלהים בלבו
24 ২৪ আৰু প্ৰতিজনে নিজ নিজ উপহাৰ, ৰূপৰ আৰু সোণৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ এইবোৰ লৈ প্ৰতি বছৰে বছৰে আহিছিল।
והם מביאים איש מנחתו כלי כסף וכלי זהב ושלמות נשק ובשמים סוסים ופרדים--דבר שנה בשנה
25 ২৫ ঘোঁৰা আৰু ৰথৰ বাবে চলোমনৰ চাৰিহাজাৰ ঘোঁৰাশাল আছিল আৰু তেওঁৰ বাৰ হাজাৰ অশ্বাৰোহী আছিল, আৰু এওঁলোকক তেওঁ নানা ৰথ-নগৰত আৰু ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
ויהי לשלמה ארבעת אלפים אריות סוסים ומרכבות ושנים עשר אלף פרשים ויניחם בערי הרכב ועם המלך בירושלם
26 ২৬ আৰু ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল।
ויהי מושל בכל המלכים--מן הנהר ועד ארץ פלשתים ועד גבול מצרים
27 ২৭ ৰজাই যিৰূচালেমত ৰূপক মাটিত থকা শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
ויתן המלך את הכסף בירושלם כאבנים ואת הארזים נתן כשקמים אשר בשפלה--לרב
28 ২৮ মিচৰৰ পৰা আৰু আন সকলো দেশৰ পৰা চলোমনৰ বাবে ঘোঁৰা অনা হৈছিল।
ומוציאים סוסים ממצרים לשלמה ומכל הארצות
29 ২৯ চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?
ושאר דברי שלמה הראשנים והאחרונים--הלא הם כתובים על דברי נתן הנביא ועל נבואת אחיה השילוני ובחזות יעדי (יעדו) החזה על ירבעם בן נבט
30 ৩০ এইদৰে চলোমনে যিৰূচালেমত থাকি সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিলে।
וימלך שלמה בירושלם על כל ישראל ארבעים שנה
31 ৩১ পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পিতৃ দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; আৰু তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
וישכב שלמה עם אבתיו ויקברהו בעיר דויד אביו וימלך רחבעם בנו תחתיו

< ২ বংশাবলি 9 >