< ২ বংশাবলি 8 >

1 চলোমনে যিহোৱাৰ গৃহ আৰু নিজৰ গৃহ সাঁজোতে বিশ বছৰ লাগিল,
וַיְהִי מִקֵּץ ׀ עֶשְׂרִים שָׁנָה אֲשֶׁר בָּנָה שְׁלֹמֹה אֶת־בֵּית יְהוָה וְאֶת־בֵּיתֽוֹ׃
2 যেতিয়া হীৰমে চলোমনক যি যি নগৰ ওভটাই দিছিল, সেই বিশ বছৰৰ মুৰত সেইবোৰ চলোমনে পুনৰায় সাজিলে আৰু সেইবোৰত ইস্ৰায়েলৰ সন্তান সকলক বাস কৰিবলৈ দিলে।
וְהֶעָרִים אֲשֶׁר נָתַן חוּרָם לִשְׁלֹמֹה בָּנָה שְׁלֹמֹה אֹתָם וַיּוֹשֶׁב שָׁם אֶת־בְּנֵי יִשְׂרָאֵֽל׃
3 চলোমনে হমাৎ-চোবালৈ গৈ তাক আক্ৰমণ কৰি পৰাজয় কৰিলে।
וַיֵּלֶךְ שְׁלֹמֹה חֲמָת צוֹבָה וַיֶּחֱזַק עָלֶֽיהָ׃
4 আৰু মৰুপ্ৰান্তত থকা তদ্মোৰ নগৰ আৰু হমাতত যি যি ভঁৰাল থকা নগৰ আছিল, সেইবোৰ তেওঁ নিৰ্মাণ কৰিলে৷
וַיִּבֶן אֶת־תַּדְמֹר בַּמִּדְבָּר וְאֵת כָּל־עָרֵי הַֽמִּסְכְּנוֹת אֲשֶׁר בָּנָה בַּחֲמָֽת׃
5 ইয়াৰ ওপৰিও তেওঁ উজনি বৈৎহোৰোণ আৰু নামনি বৈৎ-হোৰোণ পুনৰায় নিৰ্ম্মাণ কৰিলে; এই দুখন নগৰ গড়, দুৱাৰ আৰু ডাং থকা সুসজ্জিত নগৰ।
וַיִּבֶן אֶת־בֵּית חוֹרוֹן הָֽעֶלְיוֹן וְאֶת־בֵּית חוֹרוֹן הַתַּחְתּוֹן עָרֵי מָצוֹר חוֹמוֹת דְּלָתַיִם וּבְרִֽיחַ׃
6 বালৎ আৰু সামগ্ৰী সমূহ মজুত ৰাখিবৰ বাবে তেওঁ অধিকাৰত থকা নগৰবোৰ নিৰ্মান কৰিলে। তেওঁৰ ৰথ ৰাখিবৰ বাবে আৰু অশ্বাৰোহীসকল থাকিবৰ বাবে নগৰ সাজিলে; তেওঁৰ সন্তুষ্টিৰ বাবে যিৰূচালেমত, লিবানোনত, তেওঁ যি যি নিৰ্মান কৰিব বিচাৰিছিল, সেই সকলোকে কৰিলে আৰু এইদৰে তেওঁৰ শাসনাধীন সকলো দেশতে কৰিলে।
וְאֶֽת־בַּעֲלָת וְאֵת כָּל־עָרֵי הַֽמִּסְכְּנוֹת אֲשֶׁר הָיוּ לִשְׁלֹמֹה וְאֵת כָּל־עָרֵי הָרֶכֶב וְאֵת עָרֵי הַפָּרָשִׁים וְאֵת ׀ כָּל־חֵשֶׁק שְׁלֹמֹה אֲשֶׁר חָשַׁק לִבְנוֹת בִּירֽוּשָׁלִַם וּבַלְּבָנוֹן וּבְכֹל אֶרֶץ מֶמְשַׁלְתּֽוֹ׃
7 ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নোহোৱা অৱশিষ্ট থকা হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ,
כָּל־הָעָם הַנּוֹתָר מִן־הַחִתִּי וְהָאֱמֹרִי וְהַפְּרִזִּי וְהַחִוִּי וְהַיְבוּסִי אֲשֶׁר לֹא מִיִּשְׂרָאֵל הֵֽמָּה׃
8 যি বংশধৰৰ সন্তান সকল দেশত অৱশিষ্ট থাকিল, যিসকলক ইস্ৰায়েলৰ সন্তান সকলে উচ্ছন্ন নকৰিলে, তেওঁলোকৰ মাজৰ পৰাই বন্দী কামৰ বাবে চলোমনে মানুহ গোটালে; আৰু তেওঁলোকে আজিলৈকে তাকেই কৰি আছে।
מִן־בְּנֵיהֶם אֲשֶׁר נוֹתְרוּ אַחֲרֵיהֶם בָּאָרֶץ אֲשֶׁר לֹֽא־כִלּוּם בְּנֵי יִשְׂרָאֵל וַיַּעֲלֵם שְׁלֹמֹה לְמַס עַד הַיּוֹם הַזֶּֽה׃
9 কিন্তু চলোমনে তেওঁৰ কাৰ্যৰ বাবে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনো এজনকো বন্দী-কামত নলগালে৷ বৰং তেওঁলোক তেওঁৰ ৰণুৱা, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহীৰ অধ্যক্ষ হ’ল।
וּמִן־בְּנֵי יִשְׂרָאֵל אֲשֶׁר לֹא־נָתַן שְׁלֹמֹה לַעֲבָדִים לִמְלַאכְתּוֹ כִּי־הֵמָּה אַנְשֵׁי מִלְחָמָה וְשָׂרֵי שָׁלִישָׁיו וְשָׂרֵי רִכְבּוֹ וּפָרָשָֽׁיו׃
10 ১০ তেওঁলোকৰ মাজৰ দুশ পঞ্চাশজন লোক চলোমন ৰজাৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল; তেওঁলোকে লোকসকলৰ কাম তদাৰক কৰিছিল৷
וְאֵלֶּה שָׂרֵי הנציבים הַנִּצָּבִים אֲשֶׁר־לַמֶּלֶךְ שְׁלֹמֹה חֲמִשִּׁים וּמָאתָיִם הָרֹדִים בָּעָֽם׃
11 ১১ পাছত চলোমনে ফৰৌণৰ জীয়েকৰ বাবে সজা গৃহলৈ, দায়ূদৰ নগৰৰ পৰা তেওঁক অনালে; কিয়নো তেওঁ কৈছিল, “মোৰ ভাৰ্য্যা ইস্ৰায়েলৰ দায়ুদ ৰজাৰ গৃহত বাস নকৰিব; কাৰণ যি যি ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আহে, সেই ঠাইবোৰ পবিত্ৰ।”
וְאֶת־בַּת־פַּרְעֹה הֶעֱלָה שְׁלֹמֹה מֵעִיר דָּוִיד לַבַּיִת אֲשֶׁר בָּֽנָה־לָהּ כִּי אָמַר לֹא־תֵשֵׁב אִשָּׁה לִי בְּבֵית דָּוִיד מֶֽלֶךְ־יִשְׂרָאֵל כִּי־קֹדֶשׁ הֵמָּה אֲשֶׁר־בָּֽאָה אֲלֵיהֶם אֲרוֹן יְהוָֽה׃
12 ১২ তাৰ পাছত চলোমনে বাৰাণ্ডাৰ আগত নিজে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিলে৷
אָז הֶעֱלָה שְׁלֹמֹה עֹלוֹת לַיהוָה עַל מִזְבַּח יְהוָה אֲשֶׁר בָּנָה לִפְנֵי הָאוּלָֽם׃
13 ১৩ প্ৰতিদিনৰ বিধি অনুসাৰে, তেওঁ মোচিৰ আজ্ঞামতে বিশ্ৰামবাৰত, ন-জোনত, আৰু নিৰূপিত পৰ্বৰ দিনত, যেনে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব, সাত সপ্তাহৰ পৰ্ব আৰু পঁজা-পৰ্ব্বৰ দিনবোৰত এই বলি তিনিবাৰকৈ বছৰৰ ভিতৰত উৎসৰ্গ কৰিলে।
וּבִדְבַר־יוֹם בְּיוֹם לְהַעֲלוֹת כְּמִצְוַת מֹשֶׁה לַשַּׁבָּתוֹת וְלֶחֳדָשִׁים וְלַמּוֹעֲדוֹת שָׁלוֹשׁ פְּעָמִים בַּשָּׁנָה בְּחַג הַמַּצּוֹת וּבְחַג הַשָּׁבֻעוֹת וּבְחַג הַסֻּכּֽוֹת׃
14 ১৪ তেওঁ পিতৃ ৰজা দায়ূদৰ নিৰ্দেশ অনুসৰণ কৰিলে, চলোমনে মন্দিৰৰ সেৱা কাৰ্য আৰু প্ৰতিদিনৰ বিধি অনুসাৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ পুৰোহিত আৰু লেবীয়াসকল তেওঁলোকৰ নিজ নিজ পদত নিযুক্ত কৰিলে। ইয়াৰ উপৰিও তেওঁ দুৱাৰবোৰত বিভাগ অনুসৰি দুৱৰীবোৰ নিযুক্ত কৰিলে আৰু তেওঁলোকক নিৰ্দেশবোৰো দিলে।
וַיַּעֲמֵד כְּמִשְׁפַּט דָּֽוִיד־אָבִיו אֶת־מַחְלְקוֹת הַכֹּהֲנִים עַל־עֲבֹדָתָם וְהַלְוִיִּם עַל־מִשְׁמְרוֹתָם לְהַלֵּל וּלְשָׁרֵת נֶגֶד הַכֹּֽהֲנִים לִדְבַר־יוֹם בְּיוֹמוֹ וְהַשּׁוֹעֲרִים בְּמַחְלְקוֹתָם לְשַׁעַר וָשָׁעַר כִּי כֵן מִצְוַת דָּוִיד אִישׁ־הָאֱלֹהִֽים׃
15 ১৫ এই লোকসকলে পুৰোহিত আৰু লেবীয়াসকলক বা ভঁড়াল ঘৰৰ বিষয়ত ৰজাই দিয়া আজ্ঞাৰ পৰা কেতিয়াও বিপথে যোৱা নাছিল।
וְלֹא סָרוּ מִצְוַת הַמֶּלֶךְ עַל־הַכֹּהֲנִים וְהַלְוִיִּם לְכָל־דָּבָר וְלָאֹצָרֽוֹת׃
16 ১৬ এই দৰে যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দিনৰ পৰা তাক নিৰ্ম্মাণ কৰি শেষ কৰালৈকে চলোমনৰ সকলো কাৰ্য নিয়মিতৰূপে চলিল। এইদৰে যিহোৱাৰ গৃহ সম্পূৰ্ণকৈ সমাপ্ত কৰা হ’ল আৰু কার্যত লগোৱা হ’ল।
וַתִּכֹּן כָּל־מְלֶאכֶת שְׁלֹמֹה עַד־הַיּוֹם מוּסַד בֵּית־יְהוָה וְעַד־כְּלֹתוֹ שָׁלֵם בֵּית יְהוָֽה׃
17 ১৭ সেই কালত চলোমন ইদোম দেশৰ সাগৰৰ তীৰত থকা ইচিয়োন-গেবৰলৈ আৰু এলতলৈ গ’ল।
אָז הָלַךְ שְׁלֹמֹה לְעֶצְיֽוֹן־גֶּבֶר וְאֶל־אֵילוֹת עַל־שְׂפַת הַיָּם בְּאֶרֶץ אֱדֽוֹם׃
18 ১৮ আৰু হীৰমে নিজৰ দাসবোৰৰ দ্বাৰাই তেওঁৰ গুৰিলৈ জাহাজ আৰু সামুদ্ৰিক কাৰ্যত নিপুণ দাসবোৰক পঠিয়ালে; আৰু তেওঁলোকে চলোমনৰ দাসবোৰৰ লগত ওফীৰলৈ গ’ল। তাৰ পৰা তেওঁলোকে চাৰিশ পঞ্চাশ কিক্কৰ সোণ লৈ চলোমন ৰজাৰ ওচৰলৈ আহিল।
וַיִּֽשְׁלַֽח־לוֹ חוּרָם בְּיַד־עֲבָדָיו אוניות אֳנִיּוֹת וַעֲבָדִים יוֹדְעֵי יָם וַיָּבֹאוּ עִם־עַבְדֵי שְׁלֹמֹה אוֹפִירָה וַיִּקְחוּ מִשָּׁם אַרְבַּע־מֵאוֹת וַחֲמִשִּׁים כִּכַּר זָהָב וַיָּבִיאוּ אֶל־הַמֶּלֶךְ שְׁלֹמֹֽה׃

< ২ বংশাবলি 8 >