< ২ বংশাবলি 8 >
1 ১ চলোমনে যিহোৱাৰ গৃহ আৰু নিজৰ গৃহ সাঁজোতে বিশ বছৰ লাগিল,
Or il arriva au bout des vingt ans, pendant lesquels Salomon bâtit la maison de l'Eternel, et sa maison;
2 ২ যেতিয়া হীৰমে চলোমনক যি যি নগৰ ওভটাই দিছিল, সেই বিশ বছৰৰ মুৰত সেইবোৰ চলোমনে পুনৰায় সাজিলে আৰু সেইবোৰত ইস্ৰায়েলৰ সন্তান সকলক বাস কৰিবলৈ দিলে।
Qu'il bâtit aussi les villes que Hiram lui avait données, et il y fit habiter les enfants d'Israël.
3 ৩ চলোমনে হমাৎ-চোবালৈ গৈ তাক আক্ৰমণ কৰি পৰাজয় কৰিলে।
Puis Salomon s'en alla à Hamath de Tsoba, et la conquit.
4 ৪ আৰু মৰুপ্ৰান্তত থকা তদ্মোৰ নগৰ আৰু হমাতত যি যি ভঁৰাল থকা নগৰ আছিল, সেইবোৰ তেওঁ নিৰ্মাণ কৰিলে৷
Salomon bâtit aussi Tadmor au désert, et toutes les villes de munitions qu'il bâtit à Hamath.
5 ৫ ইয়াৰ ওপৰিও তেওঁ উজনি বৈৎহোৰোণ আৰু নামনি বৈৎ-হোৰোণ পুনৰায় নিৰ্ম্মাণ কৰিলে; এই দুখন নগৰ গড়, দুৱাৰ আৰু ডাং থকা সুসজ্জিত নগৰ।
Et il bâtit aussi Beth-horon la haute, et Beth-horon la basse, villes fortes de murailles, de portes, et de barres.
6 ৬ বালৎ আৰু সামগ্ৰী সমূহ মজুত ৰাখিবৰ বাবে তেওঁ অধিকাৰত থকা নগৰবোৰ নিৰ্মান কৰিলে। তেওঁৰ ৰথ ৰাখিবৰ বাবে আৰু অশ্বাৰোহীসকল থাকিবৰ বাবে নগৰ সাজিলে; তেওঁৰ সন্তুষ্টিৰ বাবে যিৰূচালেমত, লিবানোনত, তেওঁ যি যি নিৰ্মান কৰিব বিচাৰিছিল, সেই সকলোকে কৰিলে আৰু এইদৰে তেওঁৰ শাসনাধীন সকলো দেশতে কৰিলে।
Et Bahalath, et toutes les villes de munitions qu'eut Salomon, et toutes les villes où il tenait ses chariots, et les villes où il tenait ses gens de cheval, et tout ce que Salomon prit plaisir de bâtir à Jérusalem, et au Liban, et dans tout le pays de sa domination.
7 ৭ ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নোহোৱা অৱশিষ্ট থকা হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ,
Et quant à tout le peuple qui était resté des Héthiens, des Amorrhéens, des Phérésiens, des Héviens et des Jébusiens, qui n'étaient point d'Israël;
8 ৮ যি বংশধৰৰ সন্তান সকল দেশত অৱশিষ্ট থাকিল, যিসকলক ইস্ৰায়েলৰ সন্তান সকলে উচ্ছন্ন নকৰিলে, তেওঁলোকৰ মাজৰ পৰাই বন্দী কামৰ বাবে চলোমনে মানুহ গোটালে; আৰু তেওঁলোকে আজিলৈকে তাকেই কৰি আছে।
D'entre les gens qui étaient restés après eux au pays, [et] que les enfants d'Israël n'avaient pas entièrement détruits, Salomon les rendit tributaires jusqu'à aujourd'hui.
9 ৯ কিন্তু চলোমনে তেওঁৰ কাৰ্যৰ বাবে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনো এজনকো বন্দী-কামত নলগালে৷ বৰং তেওঁলোক তেওঁৰ ৰণুৱা, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহীৰ অধ্যক্ষ হ’ল।
Mais Salomon ne souffrit point que les enfants d'Israël fussent asservis à faire son ouvrage, mais ils étaient gens de guerre, et principaux Chefs de ses capitaines, et Chefs de ses chariots, et ses hommes d'armes.
10 ১০ তেওঁলোকৰ মাজৰ দুশ পঞ্চাশজন লোক চলোমন ৰজাৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল; তেওঁলোকে লোকসকলৰ কাম তদাৰক কৰিছিল৷
Il y en avait aussi deux cent cinquante, qui étaient les principaux Chefs de ceux qui étaient établis [sur les ouvrages] du Roi Salomon, lesquels avaient l'intendance sur le peuple.
11 ১১ পাছত চলোমনে ফৰৌণৰ জীয়েকৰ বাবে সজা গৃহলৈ, দায়ূদৰ নগৰৰ পৰা তেওঁক অনালে; কিয়নো তেওঁ কৈছিল, “মোৰ ভাৰ্য্যা ইস্ৰায়েলৰ দায়ুদ ৰজাৰ গৃহত বাস নকৰিব; কাৰণ যি যি ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আহে, সেই ঠাইবোৰ পবিত্ৰ।”
Or Salomon fit monter la fille de Pharaon de la Cité de David en la maison qu'il lui avait bâtie; car il dit: Ma femme n'habitera point dans la maison de David Roi d'Israël, parce que les lieux auxquels l'Arche de l'Eternel est entrée sont saints.
12 ১২ তাৰ পাছত চলোমনে বাৰাণ্ডাৰ আগত নিজে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিলে৷
Et Salomon offrait des holocaustes à l'Eternel, sur l'autel de l'Eternel, qu'il avait bâti vis-à-vis du porche.
13 ১৩ প্ৰতিদিনৰ বিধি অনুসাৰে, তেওঁ মোচিৰ আজ্ঞামতে বিশ্ৰামবাৰত, ন-জোনত, আৰু নিৰূপিত পৰ্বৰ দিনত, যেনে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব, সাত সপ্তাহৰ পৰ্ব আৰু পঁজা-পৰ্ব্বৰ দিনবোৰত এই বলি তিনিবাৰকৈ বছৰৰ ভিতৰত উৎসৰ্গ কৰিলে।
Et même selon qu'il échéait chaque jour, offrant selon le commandement de Moïse aux jours de Sabbat, et aux nouvelles lunes, et aux fêtes solennelles, trois fois l'année, [savoir] en la fête solennelle des pains sans levain, en la fête solennelle des semaines, et en la fête solennelle des Tabernacles.
14 ১৪ তেওঁ পিতৃ ৰজা দায়ূদৰ নিৰ্দেশ অনুসৰণ কৰিলে, চলোমনে মন্দিৰৰ সেৱা কাৰ্য আৰু প্ৰতিদিনৰ বিধি অনুসাৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ পুৰোহিত আৰু লেবীয়াসকল তেওঁলোকৰ নিজ নিজ পদত নিযুক্ত কৰিলে। ইয়াৰ উপৰিও তেওঁ দুৱাৰবোৰত বিভাগ অনুসৰি দুৱৰীবোৰ নিযুক্ত কৰিলে আৰু তেওঁলোকক নিৰ্দেশবোৰো দিলে।
Et il établit, suivant ce qu'avait ordonné David son père, les départements des Sacrificateurs selon leur ministère, et les Lévites selon leurs charges, afin qu'ils louassent [Dieu], et qu'ils fissent le service, aidant les Sacrificateurs selon l'ordinaire de chaque jour. [Il établit aussi] les portiers en leurs départements à chaque porte; car tel avait été le commandement de David homme de Dieu.
15 ১৫ এই লোকসকলে পুৰোহিত আৰু লেবীয়াসকলক বা ভঁড়াল ঘৰৰ বিষয়ত ৰজাই দিয়া আজ্ঞাৰ পৰা কেতিয়াও বিপথে যোৱা নাছিল।
Et on ne s'écarta point du commandement du Roi touchant les Sacrificateurs et les Lévites, en aucun article, ni en ce qui regardait les trésors.
16 ১৬ এই দৰে যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দিনৰ পৰা তাক নিৰ্ম্মাণ কৰি শেষ কৰালৈকে চলোমনৰ সকলো কাৰ্য নিয়মিতৰূপে চলিল। এইদৰে যিহোৱাৰ গৃহ সম্পূৰ্ণকৈ সমাপ্ত কৰা হ’ল আৰু কার্যত লগোৱা হ’ল।
Tout l'ouvrage donc de Salomon ayant été bien préparé, jusqu'au jour que la maison de l'Eternel fut fondée, et jusqu'à ce qu'elle fut achevée, la maison de l'Eternel fut ainsi finie.
17 ১৭ সেই কালত চলোমন ইদোম দেশৰ সাগৰৰ তীৰত থকা ইচিয়োন-গেবৰলৈ আৰু এলতলৈ গ’ল।
Alors Salomon s'en alla à Hetsjon-guéber, et à Eloth, sur le rivage de la mer, qui est au pays d'Edom.
18 ১৮ আৰু হীৰমে নিজৰ দাসবোৰৰ দ্বাৰাই তেওঁৰ গুৰিলৈ জাহাজ আৰু সামুদ্ৰিক কাৰ্যত নিপুণ দাসবোৰক পঠিয়ালে; আৰু তেওঁলোকে চলোমনৰ দাসবোৰৰ লগত ওফীৰলৈ গ’ল। তাৰ পৰা তেওঁলোকে চাৰিশ পঞ্চাশ কিক্কৰ সোণ লৈ চলোমন ৰজাৰ ওচৰলৈ আহিল।
Et Hiram lui envoya, sous la conduite de ses serviteurs, des navires, et des serviteurs expérimentés dans la marine, qui s'en allèrent avec les serviteurs de Salomon à Ophir; et ils prirent de là quatre cent cinquante talents d'or, et les apportèrent au Roi Salomon.