< ২ বংশাবলি 7 >
1 ১ যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল।
Na rĩrĩ, Solomoni aarĩkia kũhooya-rĩ, mwaki ũkiuma igũrũ ũgĩcina iruta rĩa njino na magongona, naguo riiri wa Jehova ũkĩiyũra hekarũ.
2 ২ তেতিয়া পুৰোহিতসকলে যিহোৱাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিলে; কিয়নো যিহোৱাৰ প্ৰতাপেৰে তেওঁৰ গৃহ পৰিপূৰ্ণ হৈ আছিল।
Nao athĩnjĩri-Ngai matingĩahotire gũtoonya hekarũ ya Jehova tondũ riiri wa Jehova nĩwaiyũrĩte kuo.
3 ৩ অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷”
Na rĩrĩa andũ a Isiraeli othe moonire mwaki ũkiuma na igũrũ, na riiri wa Jehova ũrĩ igũrũ rĩa hekarũ, magĩturia maru hau haarĩtwo mahiga, maturumithĩtie mothiũ mao thĩ, makĩhooya Jehova na makĩmũcookeria ngaatho, makiugaga atĩrĩ, “Jehova nĩ mwega; wendo wake ũtũũraga nginya tene.”
4 ৪ তাৰ পাছত ৰজা আৰু সকলো প্ৰজাই যিহোৱাৰ আগত বলিদান কৰিলে।
Ningĩ mũthamaki na andũ othe makĩruta magongona marĩ mbere ya Jehova.
5 ৫ ৰজা চলোমন বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু সকলোৱে মিলি ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে।
Nake Mũthamaki Solomoni akĩruta igongona rĩa ngʼombe 22,000 na rĩa ngʼondu na mbũri 120,000. Nĩ ũndũ ũcio mũthamaki na andũ othe makĩamũra hekarũ ya Ngai.
6 ৬ পুৰোহিতসকলে নিজ নিজ সেৱা কৰা ঠাইত থিয় হৈ আছিল; আৰু যিহোৱাৰ ধন্যবাদ কৰি দায়ুদ ৰজাই যিহোৱাৰ গীত গাবৰ কাৰণে যি বাদ্য-যন্ত্ৰ নিৰ্ম্মাণ কৰিছিল, সেই বাদ্যযন্ত্ৰ লেবীয়াসকলে হাতত লৈ থিয় হ’ল আৰু বাদ্য বজাই দায়ূদৰ ৰচিত গীত গাই ক’লে, বোলে, “কিয়নো যিহোৱাৰ দয়া চিৰকাললৈকে থাকে৷” পুৰোহিতসকলেও তেওঁলোকৰ আগত তূৰী বজালে; আৰু গোটেই ইস্ৰায়েল থিয় হ’ল।
Athĩnjĩri-Ngai makĩĩhaarĩria kũruta wĩra wao, o nao Alawii makĩrũgama marĩ na indo cia Jehova cia ũini, iria Daudi aathondekete cia kũgoocaga Jehova nacio, nĩ iria aahũthagĩra agĩcookia ngaatho, akoigaga atĩrĩ, “Wendo wake ũtũũraga nginya tene.” Athĩnjĩri-Ngai makĩhuha tũrumbeta twao mangʼethanĩire na Alawii, nao andũ a Isiraeli othe nĩmarũgamĩte.
7 ৭ চলোমনে যিহোৱাৰ গৃহৰ সম্মুখত থকা চোতালৰ মাজ-মজিয়াটো পবিত্ৰ কৰিছিল৷ সেই ঠাইতেই তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল, কাৰণ তেওঁ সজা পিতলৰ যজ্ঞবেদীয়ে সেই হোমবলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল ধৰিব নোৱাৰিছিল।
Nake Solomoni akĩamũra kũu gatagatĩ ka nja, hau mbere ya hekarũ ya Jehova, na hau nĩho aarutĩire magongona ma njino na maguta na magongona ma ũiguano, tondũ kĩgongona gĩa gĩcango kĩrĩa aathondekete gĩtingĩahotire kũiganĩra maruta ma njino, na maruta ma mũtu, na ma maguta.
8 ৮ এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগত গোটেই ইস্ৰায়েলে হমাতৰ প্ৰৱেশ স্থানৰ পৰা মিচৰ জুৰিলৈকে সেই উৎসৱ মহা-সমাজে সাত দিন ধৰি পালন কৰিলে।
Nĩ ũndũ ũcio Solomoni agĩkũngũĩra gĩathĩ kĩu mĩthenya mũgwanja, hamwe na andũ a Isiraeli othe, nakĩo kĩarĩ kĩũngano kĩnene mũno kĩa andũ moimĩte Lebo-Hamathu nginya o Karũũĩ-inĩ ka Misiri.
9 ৯ পাছত অষ্টম দিনা তেওঁলোকে ধৰ্মসভা পাতিলে; কিয়নো তেওঁলোকে সাত দিন যজ্ঞবেদী প্ৰতিষ্ঠা কৰিছিল আৰু সাত দিন উৎসৱ কৰিছিল।
Mũthenya wa ĩnana makĩgĩa na kĩũngano nĩ ũndũ nĩmarĩkĩtie gũkũngũĩra Kwamũrwo gwa kĩgongona mĩthenya mũgwanja, na magĩkũngũĩra gĩathĩ mĩthenya ĩngĩ mũgwanja.
10 ১০ চলোমনে সপ্তম মাহৰ তেইশ দিনৰ দিনা নিজ নিজ তম্বুলৈ লোকসকলক আনন্দিত আৰু সন্তুষ্ট মনেৰে বিদায় দিলে; কিয়নো যিহোৱাই দায়ুদ, চলোমন আৰু তেওঁৰ প্ৰজা ইস্ৰায়েললৈ মঙ্গল কৰিলে৷
Mũthenya wa mĩrongo ĩĩrĩ na ĩtatũ wa mweri wa mũgwanja, Solomoni akĩĩra andũ mainũke, nao makĩinũka maiyũrĩtwo nĩ gĩkeno, na ngoro ciao igacanjamũka nĩ ũndũ wa maũndũ mega marĩa Jehova eekĩire Daudi na Solomoni, na andũ ake a Isiraeli.
11 ১১ এইদৰে চলোমনে যিহোৱাৰ গৃহ আৰু ৰাজগৃহ সাজি সমাপ্ত কৰিলে৷ যিহোৱাৰ গৃহত ও নিজৰ গৃহত যি যি কৰ্ম কৰিবলৈ চলোমনে স্থিৰ কৰিছিল, তেওঁ সেই সকলোকেই সিদ্ধ কৰিলে।
Rĩrĩa Solomoni aarĩkirie gwaka hekarũ ya Jehova na nyũmba ya ũthamaki, na aarĩkia gwĩka ũrĩa wothe eeciirĩtie gwĩka hekarũ-inĩ ya Jehova o na nyũmba-inĩ yake ya ũthamaki-rĩ,
12 ১২ পাছত যিহোৱাই ৰাতি চলোমনক দৰ্শন দি ক’লে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মোৰ যজ্ঞগৃহ বুলি এই ঠাই মনোনীত কৰিলোঁ।
Jehova akĩmuumĩrĩra ũtukũ, akĩmwĩra atĩrĩ: “Nĩnjiguĩte ihooya rĩaku, na nĩthuurĩte handũ haha hatuĩke hekarũ yakwa ya kũrutagĩrwo magongona.
13 ১৩ মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ, যে, বৰষুণ নহ’ব বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ,
“Rĩrĩa ingĩhinga igũrũ nayo mbura yaage kuura, kana njathe ngigĩ cianange bũrũri kana ndũme mũthiro kũrĩ andũ akwa,
14 ১৪ তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
andũ acio akwa, o acio metanĩtio na rĩĩtwa rĩakwa, mangĩkenyiihia na maahooe, na marongorie ũthiũ wakwa, na matigane na njĩra ciao cia waganu, hĩndĩ ĩyo nĩngamaigua ndĩ o igũrũ, na nĩngamarekera mehia mao na honie bũrũri wao.
15 ১৫ আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ’ব।
Na rĩrĩ, maitho makwa nĩmekũhingũka, namo matũ makwa maigue mahooya marĩa mahooeirwo handũ haha.
16 ১৬ কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ কাৰণে মই এই গৃহ মনোনীত কৰি পবিত্ৰ কৰিলোঁ; আৰু সকলো সময়ত এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব।
Nĩthuurĩte na ngaamũra hekarũ ĩno nĩgeetha Rĩĩtwa rĩakwa rĩtũũre kuo nginya tene. Maitho makwa na ngoro yakwa igũtũũra kuo hĩndĩ ciothe.
17 ১৭ আৰু তুমিও যদি তোমাৰ পিতৃ দায়ূদৰ দৰে মোৰ সাক্ষাতে চলা আৰু মই তোমাক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা আৰু মোৰ বিধি ও শাসন প্ৰণালীবোৰ পালন কৰা,
“Na ha ũhoro waku, ũngĩthiiaga na mĩthiĩre ĩrĩa yagĩrĩire o ta ũrĩa thoguo Daudi aathiiaga, na wĩkage maũndũ mothe marĩa ngwathĩte, na ũmenyagĩrĩre kĩrĩra kĩa watho wakwa wa kũrũmĩrĩrwo na mawatho makwa-rĩ,
18 ১৮ তেনেহলে মই তোমাৰ ৰাজ সিংহাসন স্থাপন কৰিম, যিদৰে তোমাৰ পিতৃ দায়ূদে সৈতে নিয়ম স্থাপন কৰোঁতে কৈছিলোঁ যে, বোলে, ‘তোমালোকৰ বংশধৰৰ সন্তান সকলে ইস্ৰায়েলৰ ওপৰত শাসন কৰোঁতে তেওঁলোক কেতিয়াও বিফল নহ’ব৷’
nĩngahaanda gĩtĩ gĩaku kĩa ũnene, o ta ũrĩa ndarĩkanĩire na thoguo Daudi rĩrĩa ndamwĩrire atĩrĩ, ‘Wee ndũkaaga mũndũ wa gũthamakĩra Isiraeli.’
19 ১৯ কিন্তু যদি তোমালোকে মোৰ পৰা বিমুখ হৈ, মই তোমালোকৰ সন্মুখত স্থাপন কৰা মোৰ বিধি আৰু আজ্ঞাবোৰ ত্যাগ কৰা আৰু ইতৰ দেবতাবোৰক সেৱা পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা,
“No rĩrĩ, ũngĩkahutatĩra na ũtiganĩrie kĩrĩra kĩa watho wakwa wa kũrũmĩrĩrwo, na maathani marĩa ngũheete, na ũthiĩ gũtungatĩra ngai ingĩ na gũcihooya-rĩ,
20 ২০ তেনেহ’লে, মই তেওঁলোকক দিয়া দেশৰ পৰা উচ্ছন্ন কৰিম; আৰু নিজ নামৰ কাৰণে মই পবিত্ৰ কৰা এই গৃহকো মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম আৰু সকলো জাতিৰ মাজত তাক দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিম।
hĩndĩ ĩyo nĩngamunya Isiraeli kuuma bũrũri wakwa, ũrĩa ndĩmaheete, na ndiganĩrie hekarũ ĩno nyamũrĩte ĩtanio na Rĩĩtwa rĩakwa. Ngaamĩtua o kĩndũ gĩa kuunagwo thimo na gĩa gũthekererwo nĩ andũ othe.
21 ২১ আৰু এই যি গৃহ ইমান ওখ হৈছে, ইয়াৰ ওচৰেদি যোৱা প্ৰতিজন লোকে আচৰিত হৈ সুধিব যে, ‘এই দেশলৈ আৰু এই গৃহলৈ যিহোৱাই কিয় এইদৰে কাৰ্য কৰিলে?’
O na gũtuĩka hekarũ ĩno nĩguo ĩrĩ nene, arĩa othe makaahĩtũkagĩra ho nĩmakamaka na moige atĩrĩ, ‘Nĩ kĩĩ gĩtũmĩte Jehova eke bũrũri ũyũ na hekarũ ĩno ũndũ ta ũyũ?’
22 ২২ তেতিয়া আন আন লোকসকলে উত্তৰ দি ক’ব, ‘এওঁলোকৰ পূৰ্বপুৰুষসকলে মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক এওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেবতাবোৰত আসক্ত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱাপূজাও কৰিলে৷ এই কাৰণে যিহোৱাই এওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’৷”
Andũ nĩmagacookia moige, atĩrĩ, ‘Nĩ tondũ nĩmatiganĩirie Jehova, o we Ngai wa maithe mao, ũrĩa wamarutire bũrũri wa Misiri, na makĩhĩmbĩria ngai ingĩ, magĩcihooya na magĩcitungatĩra, nĩkĩo amarehithĩirie mwanangĩko ũyũ wothe.’”