< ২ বংশাবলি 6 >

1 তেতিয়া চলোমনে ক’লে, “যিহোৱাই ঘোৰ অন্ধকাৰত বাস কৰিব খুজিছে,
אָז אָמַר שְׁלֹמֹה יְהוָה אָמַר לִשְׁכּוֹן בָּעֲרָפֶֽל׃
2 কিন্তু মই আপোনাৰ বাবে চিৰকাললৈকে বাস কৰিবলৈ এটা গৃহ নিৰ্ম্মাণ কৰিলোঁ৷”
וַֽאֲנִי בָּנִיתִי בֵית־זְבֻל לָךְ וּמָכוֹן לְשִׁבְתְּךָ עוֹלָמִֽים׃
3 তাৰ পাছত ৰজাই ঘূৰিলে আৰু ইস্ৰায়েলৰ গোট খোৱা সমাজক আশীৰ্ব্বাদ কৰিলে, তাতে ইস্ৰায়েলৰ সমাজত সকলোৱে থিয় হৈ আছিল।
וַיַּסֵּב הַמֶּלֶךְ אֶת־פָּנָיו וַיְבָרֶךְ אֵת כָּל־קְהַל יִשְׂרָאֵל וְכָל־קְהַל יִשְׂרָאֵל עוֹמֵֽד׃
4 তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ধন্য হওঁক; যি জনে মোৰ পিতৃ দায়ূদক নিজ মুখেৰে যি কথা কৈছিল, সেয়া তেওঁ নিজ হাতে সিদ্ধও কৰিছিল; তেওঁ কৈছিল যে,
וַיֹּאמֶר בָּרוּךְ יְהוָה אֱלֹהֵי יִשְׂרָאֵל אֲשֶׁר דִּבֶּר בְּפִיו אֵת דָּוִיד אָבִי וּבְיָדָיו מִלֵּא לֵאמֹֽר׃
5 ‘মোৰ প্ৰজা ইস্ৰায়েলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ অৰ্থে গৃহ নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত কোনো নগৰ মনোনীত কৰা নাই আৰু ইস্ৰায়েলৰ ওপৰত ৰাজকুমাৰ হ’বৰ কাৰণে মই কাকো মনোনীত কৰা নাই৷
מִן־הַיּוֹם אֲשֶׁר הוֹצֵאתִי אֶת־עַמִּי מֵאֶרֶץ מִצְרַיִם לֹא־בָחַרְתִּֽי בְעִיר מִכֹּל שִׁבְטֵי יִשְׂרָאֵל לִבְנוֹת בַּיִת לִהְיוֹת שְׁמִי שָׁם וְלֹא־בָחַרְתִּֽי בְאִישׁ לִהְיוֹת נָגִיד עַל־עַמִּי יִשְׂרָאֵֽל׃
6 কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’
וָאֶבְחַר בִּירוּשָׁלִַם לִהְיוֹת שְׁמִי שָׁם וָאֶבְחַר בְּדָוִיד לִהְיוֹת עַל־עַמִּי יִשְׂרָאֵֽל׃
7 আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোৰ পিতৃ দায়ূদৰ মন আছিল।
וַיְהִי עִם־לְבַב דָּוִיד אָבִי לִבְנוֹת בַּיִת לְשֵׁם יְהוָה אֱלֹהֵי יִשְׂרָאֵֽל׃
8 কিন্তু যিহোৱাই মোৰ পিতৃ দায়ূদক ক’লে, ‘মোৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মন কৰিছা, ভাল কৰিছা৷
וַיֹּאמֶר יְהוָה אֶל־דָּוִיד אָבִי יַעַן אֲשֶׁר הָיָה עִם־לְבָבְךָ לִבְנוֹת בַּיִת לִשְׁמִי הֱ‍ֽטִיבוֹתָ כִּי הָיָה עִם־לְבָבֶֽךָ׃
9 তথাপি তুমি সেই গৃহ নিৰ্ম্মাণ কৰিবলৈ নাপাবা, কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ নিৰ্ম্মাণ কৰিব।’
רַק אַתָּה לֹא תִבְנֶה הַבָּיִת כִּי בִנְךָ הַיּוֹצֵא מֵֽחֲלָצֶיךָ הֽוּא־יִבְנֶה הַבַּיִת לִשְׁמִֽי׃
10 ১০ এই বাক্য যিহোৱাই কৈছিল আৰু তেওঁ সফলো কৰিলে; কিয়নো যিহোৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দায়ূদৰ পদত নিযুক্ত হলোঁ আৰু ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্ম্মাণ কৰিলোঁ।
וַיָּקֶם יְהוָה אֶת־דְּבָרוֹ אֲשֶׁר דִּבֵּר וָאָקוּם תַּחַת דָּוִיד אָבִי וָאֵשֵׁב ׀ עַל־כִּסֵּא יִשְׂרָאֵל כַּאֲשֶׁר דִּבֶּר יְהוָה וָאֶבְנֶה הַבַּיִת לְשֵׁם יְהוָה אֱלֹהֵי יִשְׂרָאֵֽל׃
11 ১১ আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সৈতে যি নিয়ম কৰিছিল, সেই নিয়ম থকা নিয়ম-চন্দুকটিও ইয়াৰ ভিতৰত ৰাখিলোঁ।”
וָאָשִׂים שָׁם אֶת־הָאָרוֹן אֲשֶׁר־שָׁם בְּרִית יְהוָה אֲשֶׁר כָּרַת עִם־בְּנֵי יִשְׂרָאֵֽל׃
12 ১২ পাছত চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হ’ল আৰু তেওঁ হাত দুখন মেলিলে৷
וַֽיַּעֲמֹד לִפְנֵי מִזְבַּח יְהוָה נֶגֶד כָּל־קְהַל יִשְׂרָאֵל וַיִּפְרֹשׂ כַּפָּֽיו׃
13 ১৩ কিয়নো চলোমনে পাঁচ হাত দীঘল, পাঁচ হাত বহল আৰু তিনি হাত ওখ এনে এখন পিতলৰ মঞ্চ সাজিছিল আৰু সেই মঞ্চটো চোতালৰ মাজ-মজিয়াত ৰাখিছিল৷ তেওঁ তাৰ ওপৰত উঠি থিয় হ’ল আৰু ইস্ৰায়েলৰ সকলো মণ্ডলীৰ সাক্ষাতত আঠুকাঢ়ি স্বৰ্গৰ ফালে হাত মেলিলে।
כִּֽי־עָשָׂה שְׁלֹמֹה כִּיּוֹר נְחֹשֶׁת וַֽיִּתְּנֵהוּ בְּתוֹךְ הָעֲזָרָה חָמֵשׁ אַמּוֹת אָרְכּוֹ וְחָמֵשׁ אַמּוֹת רָחְבּוֹ וְאַמּוֹת שָׁלוֹשׁ קוֹמָתוֹ וַיַּעֲמֹד עָלָיו וַיִּבְרַךְ עַל־בִּרְכָּיו נֶגֶד כָּל־קְהַל יִשְׂרָאֵל וַיִּפְרֹשׂ כַּפָּיו הַשָּׁמָֽיְמָה׃
14 ১৪ তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, স্বৰ্গ আৰু পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; সকলো হৃদয়েৰে আপোনাৰ আগত আচৰণ কৰোঁতা আপোনাৰ দাসবোৰৰ বাবে আপুনি দয়া আৰু নিয়ম ৰক্ষা কৰোঁতা;
וַיֹּאמַר יְהוָה אֱלֹהֵי יִשְׂרָאֵל אֵין־כָּמוֹךָ אֱלֹהִים בַּשָּׁמַיִם וּבָאָרֶץ שֹׁמֵר הַבְּרִית וְֽהַחֶסֶד לַעֲבָדֶיךָ הַהֹלְכִים לְפָנֶיךָ בְּכָל־לִבָּֽם׃
15 ১৫ আপোনাৰ দাস, মোৰ পিতৃ দায়ূদৰ আগত আপুনি যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপুনি পালন কৰিলে৷ আপুনি নিজ মুখেৰে যেনেদৰে কৈছিল, তেনেদৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে।
אֲשֶׁר שָׁמַרְתָּ לְעַבְדְּךָ דָּוִיד אָבִי אֵת אֲשֶׁר־דִּבַּרְתָּ לוֹ וַתְּדַבֵּר בְּפִיךָ וּבְיָדְךָ מִלֵּאתָ כַּיּוֹם הַזֶּֽה׃
16 ১৬ এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপোনাৰ দাস মোৰ পিতৃ দায়ূদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপোনাৰ এই দাসলৈ পালন কৰক কিয়নো আপুনি কৈছিল বোলে, ‘তুমি মোৰ আগত যেনেকৈ চলিলা, তেনেদৰে তোমাৰ সন্তান সকলেও যদি এইদৰে মোৰ ব্যৱস্থাত চলিবলৈ নিজ নিজ পথত সাৱধান হৈ থাকে, তেনেহ’লে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব৷’
וְעַתָּה יְהוָה ׀ אֱלֹהֵי יִשְׂרָאֵל שְׁמֹר לְעַבְדְּךָ דָוִיד אָבִי אֵת אֲשֶׁר דִּבַּרְתָּ לּוֹ לֵאמֹר לֹא־יִכָּרֵת לְךָ אִישׁ מִלְּפָנַי יוֹשֵׁב עַל־כִּסֵּא יִשְׂרָאֵל רַק אִם־יִשְׁמְרוּ בָנֶיךָ אֶת־דַּרְכָּם לָלֶכֶת בְּתוֹרָתִי כַּאֲשֶׁר הָלַכְתָּ לְפָנָֽי׃
17 ১৭ এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা মই বিনয় কৰোঁ, আপোনাৰ দাস দায়ূদক আপুনি যি বাক্য কৈছিল, সেয়ে যেন সত্যত পৰিনত হয়।
וְעַתָּה יְהוָה אֱלֹהֵי יִשְׂרָאֵל יֵֽאָמֵן דְּבָרְךָ אֲשֶׁר דִּבַּרְתָּ לְעַבְדְּךָ לְדָוִֽיד׃
18 ১৮ কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত মনুষ্যৰ লগত বাস কৰিব নে? চাওঁক বিশ্ৱব্ৰহ্মাণ্ড আৰু স্বৰ্গই নিজেও আপোনাক ধাৰণ কৰিব নোৱাৰে- তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব?
כִּי הַֽאֻמְנָם יֵשֵׁב אֱלֹהִים אֶת־הָאָדָם עַל־הָאָרֶץ הִנֵּה שָׁמַיִם וּשְׁמֵי הַשָּׁמַיִם לֹא יְכַלְכְּלוּךָ אַף כִּֽי־הַבַּיִת הַזֶּה אֲשֶׁר בָּנִֽיתִי׃
19 ১৯ তথাপি, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ দাসৰ প্ৰাৰ্থনা আৰু অনুৰোধ গ্ৰহণ কৰি আপোনাৰ দাসে আপোনাৰ আগত কৰা কাতৰোক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়ক।
וּפָנִיתָ אֶל־תְּפִלַּת עַבְדְּךָ וְאֶל־תְּחִנָּתוֹ יְהוָה אֱלֹהָי לִשְׁמֹעַ אֶל־הָרִנָּה וְאֶל־הַתְּפִלָּה אֲשֶׁר עַבְדְּךָ מִתְפַּלֵּל לְפָנֶֽיךָ׃
20 ২০ আৰু এই মন্দিৰ সদায় ৰক্ষা কৰক, যি ঠাইত আপুনি কৈছিল, যে মই আপোনাৰ দাসে নিবেদন কৰোঁতে আপুনি নিজেই ইয়াত উপস্থিত থাকি মোৰ নিবেদন শুনিব৷
לִהְיוֹת עֵינֶיךָ פְתֻחוֹת אֶל־הַבַּיִת הַזֶּה יוֹמָם וָלַיְלָה אֶל־הַמָּקוֹם אֲשֶׁר אָמַרְתָּ לָשׂוּם שִׁמְךָ שָׁם לִשְׁמוֹעַ אֶל־הַתְּפִלָּה אֲשֶׁר יִתְפַּלֵּל עַבְדְּךָ אֶל־הַמָּקוֹם הַזֶּֽה׃
21 ২১ আৰু যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ প্ৰার্থনা যেন শুনে; এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তাক শুনক আৰু শুনি ক্ষমা কৰক।
וְשָׁמַעְתָּ אֶל־תַּחֲנוּנֵי עַבְדְּךָ וְעַמְּךָ יִשְׂרָאֵל אֲשֶׁר יִֽתְפַּֽלְלוּ אֶל־הַמָּקוֹם הַזֶּה וְאַתָּה תִּשְׁמַע מִמְּקוֹם שִׁבְתְּךָ מִן־הַשָּׁמַיִם וְשָׁמַעְתָּ וְסָלָֽחְתָּ׃
22 ২২ কোনোৱে নিজৰ চুবুৰীয়াৰ অহিতে পাপ কৰিলে যদি তেওঁক শপত খাবলৈ দিয়া হয় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ আগত শপত খায়,
אִם־יֶחֱטָא אִישׁ לְרֵעֵהוּ וְנָֽשָׁא־בוֹ אָלָה לְהַֽאֲלֹתוֹ וּבָא אָלָה לִפְנֵי מִֽזְבַּחֲךָ בַּבַּיִת הַזֶּֽה׃
23 ২৩ তেতিয়া আপুনি স্বৰ্গৰ পৰা সেই বিষয়ে শুনক আৰু কাৰ্য কৰি আপোনাৰ দাসবোৰৰ বিচাৰ নিষ্পত্তি কৰি দোষীক দণ্ড দি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মুৰত দিয়ক আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্মিকতাৰ ফল তেওঁক দিয়ক।
וְאַתָּה ׀ תִּשְׁמַע מִן־הַשָּׁמַיִם וְעָשִׂיתָ וְשָׁפַטְתָּ אֶת־עֲבָדֶיךָ לְהָשִׁיב לְרָשָׁע לָתֵת דַּרְכּוֹ בְּרֹאשׁוֹ וּלְהַצְדִּיק צַדִּיק לָתֶת לוֹ כְּצִדְקָתֽוֹ׃
24 ২৪ যদি আপোনাৰ প্ৰজা ইস্ৰায়েলে আপোনাৰ বিৰুদ্ধে পাপ কৰাৰ কাৰণে শত্ৰুৰ আগত ঘটাৰ পাছত যদি আপোনালৈ ঘূৰে আৰু আপোনাৰ নাম স্বীকাৰ কৰি, এই গৃহত আপোনাৰ আগত প্ৰাৰ্থনা আৰু অনুৰোধ কৰে -
וְֽאִם־יִנָּגֵף עַמְּךָ יִשְׂרָאֵל לִפְנֵי אוֹיֵב כִּי יֶֽחֶטְאוּ־לָךְ וְשָׁבוּ וְהוֹדוּ אֶת־שְׁמֶךָ וְהִתְפַּֽלְלוּ וְהִֽתְחַנְּנוּ לְפָנֶיךָ בַּבַּיִת הַזֶּֽה׃
25 ২৫ তেনেহ’লে স্বৰ্গৰ পৰা তাক শুনি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকক ও তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক ওভটাই আনিব।
וְאַתָּה תִּשְׁמַע מִן־הַשָּׁמַיִם וְסָלַחְתָּ לְחַטַּאת עַמְּךָ יִשְׂרָאֵל וַהֲשֵׁיבוֹתָם אֶל־הָאֲדָמָה אֲשֶׁר־נָתַתָּה לָהֶם וְלַאֲבֹתֵיהֶֽם׃
26 ২৬ তেওঁলোকে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে, যেতিয়া আকাশ বন্ধ হোৱাত বৰষুণ নোহোৱা হ’ব, তেতিয়া যদি তেওঁলোকে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে আৰু যেতিয়া আপুনি তেওঁলোকক দুখ দিয়া সময়ত আপোনাৰ নাম স্বীকাৰ কৰি নিজ নিজ পাপৰ পৰা ঘূৰিব-
בְּהֵעָצֵר הַשָּׁמַיִם וְלֹֽא־יִהְיֶה מָטָר כִּי יֶֽחֶטְאוּ־לָךְ וְהִֽתְפַּלְלוּ אֶל־הַמָּקוֹם הַזֶּה וְהוֹדוּ אֶת־שְׁמֶךָ מֵחַטָּאתָם יְשׁוּבוּן כִּי תַעֲנֵֽם׃
27 ২৭ তেনেহ’লে আপুনি স্বৰ্গত থাকি সেই বিষয়ে শুনিব আৰু আপোনাৰ দাসবোৰৰ ও আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰি তেওঁলোকক যাবলগীয়া সজ পথৰ বিষয়ে তেওঁলোকক শিক্ষা দিব আৰু আপুনি আপোনাৰ লোকসকলৰ উত্তৰাধিকাৰৰ অৰ্থে দিয়া দেশত বৰষুণ বৰষাব।
וְאַתָּה ׀ תִּשְׁמַע הַשָּׁמַיִם וְסָלַחְתָּ לְחַטַּאת עֲבָדֶיךָ וְעַמְּךָ יִשְׂרָאֵל כִּי תוֹרֵם אֶל־הַדֶּרֶךְ הַטּוֹבָה אֲשֶׁר יֵֽלְכוּ־בָהּ וְנָתַתָּה מָטָר עַֽל־אַרְצְךָ אֲשֶׁר־נָתַתָּה לְעַמְּךָ לְנַחֲלָֽה׃
28 ২৮ দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামুৰীয়া হয় নাইবা ফৰিং কি পোক হয়, আৰু যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে বা যিকোনো আপদ বা ৰোগ হয় -
רָעָב כִּֽי־יִהְיֶה בָאָרֶץ דֶּבֶר כִּֽי־יִֽהְיֶה שִׁדָּפוֹן וְיֵרָקוֹן אַרְבֶּה וְחָסִיל כִּי יִהְיֶה כִּי יָֽצַר־לוֹ אוֹיְבָיו בְּאֶרֶץ שְׁעָרָיו כָּל־נֶגַע וְכָֽל־מַחֲלָֽה׃
29 ২৯ আৰু যদি কোনো এজন লোকে বা আপোনাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলে প্ৰাৰ্থনা আৰু অনুৰোধ কৰে - যদি প্ৰতিজনে নিজৰ পীড়া আৰু দুখ জানি এই গৃহৰ ফালে নিজৰ হাত মেলে,
כָּל־תְּפִלָּה כָל־תְּחִנָּה אֲשֶׁר יִהְיֶה לְכָל־הָאָדָם וּלְכֹל עַמְּךָ יִשְׂרָאֵל אֲשֶׁר יֵדְעוּ אִישׁ נִגְעוֹ וּמַכְאֹבוֹ וּפָרַשׂ כַּפָּיו אֶל־הַבַּיִת הַזֶּֽה׃
30 ৩০ তেনেহ’লে সেই বিষয়ে কৰা যি কোনো প্ৰাৰ্থনা বা অনুৰোধ আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনি ক্ষমা কৰিব আৰু প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি, কেৱল আপুনিহে মনুষ্য সন্তান সকলৰ মন জানে; তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব৷
וְאַתָּה תִּשְׁמַע מִן־הַשָּׁמַיִם מְכוֹן שִׁבְתֶּךָ וְסָלַחְתָּ וְנָתַתָּה לָאִישׁ כְּכָל־דְּרָכָיו אֲשֶׁר תֵּדַע אֶת־לְבָבוֹ כִּי אַתָּה לְבַדְּךָ יָדַעְתָּ אֶת־לְבַב בְּנֵי הָאָדָֽם׃
31 ৩১ আপুনি এনেদৰে কৰক যাতে তেওঁলোকে আপোনালৈ ভয় ৰাখে আৰু আপুনি অামাৰ পূর্ব-পুৰুষসকলক দিয়া দেশত তেওঁলোকে যেন জীয়াই থকা সকলো দিনত আপোনাৰ পথত চলে৷
לְמַעַן יִֽירָאוּךָ לָלֶכֶת בִּדְרָכֶיךָ כָּל־הַיָּמִים אֲשֶׁר־הֵם חַיִּים עַל־פְּנֵי הָאֲדָמָה אֲשֶׁר נָתַתָּה לַאֲבֹתֵֽינוּ׃
32 ৩২ তদুপৰি আপোনাৰ প্ৰজা ইস্ৰায়েল লোকৰ মাজৰ নোহোৱা অনা-ইহুদী লোক যেতিয়া আপোনাৰ মহান নামৰ আৰু আপোনাৰ বলৱান হাত ও মেলা বাহুৰ কথা শুনি দূৰ দেশৰ পৰা আহি এই গৃহৰ ফালে মুখ কৰি প্ৰাৰ্থনা কৰিব,
וְגַם אֶל־הַנָּכְרִי אֲשֶׁר לֹא מֵעַמְּךָ יִשְׂרָאֵל הוּא וּבָא ׀ מֵאֶרֶץ רְחוֹקָה לְמַעַן שִׁמְךָ הַגָּדוֹל וְיָדְךָ הַחֲזָקָה וּֽזְרֽוֹעֲךָ הַנְּטוּיָה וּבָאוּ וְהִֽתְפַּלְלוּ אֶל־הַבַּיִת הַזֶּֽה׃
33 ৩৩ তেতিয়া আপোনাৰ প্ৰজা ইস্ৰায়েলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে, পৃথিৱীৰ সকলো জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত, সেই বিষয়ে যেন জানিব, এই কাৰণে আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা সকলো প্ৰাৰ্থনাৰ দৰে তেওঁলৈ কাৰ্য কৰিব।
וְאַתָּה תִּשְׁמַע מִן־הַשָּׁמַיִם מִמְּכוֹן שִׁבְתֶּךָ וְעָשִׂיתָ כְּכֹל אֲשֶׁר־יִקְרָא אֵלֶיךָ הַנָּכְרִי לְמַעַן יֵדְעוּ כָל־עַמֵּי הָאָרֶץ אֶת־שְׁמֶךָ וּלְיִרְאָה אֹֽתְךָ כְּעַמְּךָ יִשְׂרָאֵל וְלָדַעַת כִּֽי־שִׁמְךָ נִקְרָא עַל־הַבַּיִת הַזֶּה אֲשֶׁר בָּנִֽיתִי׃
34 ৩৪ ধৰি লওঁক আপুনি আপোনাৰ প্ৰজাক যি কোনো বাটেদি পঠিয়াই, সেই বাটেদি যদি তেওঁলোকে নিজৰ শত্ৰুবোৰে সৈতে যুদ্ধ কৰিবলৈ ওলায় যায় আৰু আপোনাৰ মনোনীত এই নগৰৰ ফাললৈ, আপোনাৰ নামৰ কাৰণে মই সজা গৃহৰ ফাললৈ মুখ কৰি আপোনাৰ আগত প্ৰাৰ্থনা কৰে,
כִּֽי־יֵצֵא עַמְּךָ לַמִּלְחָמָה עַל־אוֹיְבָיו בַּדֶּרֶךְ אֲשֶׁר תִּשְׁלָחֵם וְהִתְפַּֽלְלוּ אֵלֶיךָ דֶּרֶךְ הָעִיר הַזֹּאת אֲשֶׁר בָּחַרְתָּ בָּהּ וְהַבַּיִת אֲשֶׁר־בָּנִיתִי לִשְׁמֶֽךָ׃
35 ৩৫ তেনেহ’লে আপুনি স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব।
וְשָׁמַעְתָּ מִן־הַשָּׁמַיִם אֶת־תְּפִלָּתָם וְאֶת־תְּחִנָּתָם וְעָשִׂיתָ מִשְׁפָּטָֽם׃
36 ৩৬ তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে - কিয়নো পাপ নকৰা মানুহ কোনো নাই - আৰু আপুনি তেওঁলোকলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক শত্ৰুৰ হাতত শোধাই দিয়ে আৰু তাতে তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি, দূৰত বা ওচৰত থকা দেশলৈ লৈ যায়,
כִּי יֶחֶטְאוּ־לָךְ כִּי אֵין אָדָם אֲשֶׁר לֹא־יֶחֱטָא וְאָנַפְתָּ בָם וּנְתַתָּם לִפְנֵי אוֹיֵב וְשָׁבוּם שׁוֹבֵיהֶם אֶל־אֶרֶץ רְחוֹקָה אוֹ קְרוֹבָֽה׃
37 ৩৭ তথাপি তেওঁলোকক বন্দী কৰি নিয়া দেশত যদি তেওঁলোকে মনত বিবেচনা কৰি ঘূৰে আৰু তেওঁলোকৰ বন্দী অৱস্থাৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি কয়, বোলে- ‘আমি অপথে গৈ পাপ কৰিলোঁ৷ আমি কুকৰ্ম কৰিলোঁ৷’
וְהֵשִׁיבוּ אֶל־לְבָבָם בָּאָרֶץ אֲשֶׁר נִשְׁבּוּ־שָׁם וְשָׁבוּ ׀ וְהִֽתְחַנְּנוּ אֵלֶיךָ בְּאֶרֶץ שִׁבְיָם לֵאמֹר חָטָאנוּ הֶעֱוִינוּ וְרָשָֽׁעְנוּ׃
38 ৩৮ ধৰি লওঁক তেওঁলোকৰ বন্দী অৱস্থাৰ দেশত তেওঁলোক সকলো মনেৰে, সকলো চিত্তেৰে আপোনালৈ উভটি আহে আৰু তেওঁলোকৰ পূর্ব-পুৰুষসকলক আপুনি দিয়া তেওঁলোকৰ দেশৰ ফালে চায়, আপোনাৰ মনোনীত নগৰৰ ফালে আৰু আপোনাৰ নামৰ কাৰণে, মই নিৰ্মান কৰা এই গৃহৰ ফালে যদি মুখ কৰি প্ৰাৰ্থনা কৰে,
וְשָׁבוּ אֵלֶיךָ בְּכָל־לִבָּם וּבְכָל־נַפְשָׁם בְּאֶרֶץ שִׁבְיָם אֲשֶׁר־שָׁבוּ אֹתָם וְהִֽתְפַּֽלְלוּ דֶּרֶךְ אַרְצָם אֲשֶׁר נָתַתָּה לַאֲבוֹתָם וְהָעִיר אֲשֶׁר בָּחַרְתָּ וְלַבַּיִת אֲשֶׁר־בָּנִיתִי לִשְׁמֶֽךָ׃
39 ৩৯ তেতিয়া আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি, তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব।
וְשָׁמַעְתָּ מִן־הַשָּׁמַיִם מִמְּכוֹן שִׁבְתְּךָ אֶת־תְּפִלָּתָם וְאֶת־תְּחִנֹּתֵיהֶם וְעָשִׂיתָ מִשְׁפָּטָם וְסָלַחְתָּ לְעַמְּךָ אֲשֶׁר חָֽטְאוּ־לָֽךְ׃
40 ৪০ এতিয়া, হে মোৰ ঈশ্বৰ, মই বিনয় কৰোঁ, এই ঠাইত কৰা প্ৰাৰ্থনালৈ আপোনাৰ চকু মেলা আৰু কাণো পতা হওঁক।
עַתָּה אֱלֹהַי יִֽהְיוּ־נָא עֵינֶיךָ פְּתֻחוֹת וְאָזְנֶיךָ קַשֻּׁבוֹת לִתְפִלַּת הַמָּקוֹם הַזֶּֽה׃
41 ৪১ হে ঈশ্বৰ যিহোৱা, এতিয়া আপুনি আৰু আপোনাৰ শক্তিৰ চন্দুকটি নিজ বিশ্ৰামৰ ঠাইলৈ উঠি যাওঁক; হে ঈশ্বৰ যিহোৱা, আপোনাৰ পুৰোহিতসকলে পৰিত্ৰাণ-বস্ত্ৰ পিন্ধক আৰু আপোনাৰ সাধুসকলে মঙ্গলত আনন্দ কৰক।
וְעַתָּה קוּמָה יְהוָה אֱלֹהִים לְֽנוּחֶךָ אַתָּה וַאֲרוֹן עֻזֶּךָ כֹּהֲנֶיךָ יְהוָה אֱלֹהִים יִלְבְּשׁוּ תְשׁוּעָה וַחֲסִידֶיךָ יִשְׂמְחוּ בַטּֽוֹב׃
42 ৪২ হে ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ অভিষিক্ত জনক বিমুখ নকৰিব৷ আপোনাৰ দাস দায়ূদলৈ কৰা নানা দয়ালৈ সোঁৱৰণ কৰক।”
יְהוָה אֱלֹהִים אַל־תָּשֵׁב פְּנֵי מְשִׁיחֶיךָ זָכְרָה לְחַֽסְדֵי דָּוִיד עַבְדֶּֽךָ׃

< ২ বংশাবলি 6 >