< ২ বংশাবলি 5 >

1 এইদৰে যিহোৱাৰ গৃহৰ বাবে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ’ল। পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত হ’ল।
ותשלם כל המלאכה אשר עשה שלמה לבית יהוה ויבא שלמה את קדשי דויד אביו ואת הכסף ואת הזהב ואת כל הכלים--נתן באצרות בית האלהים
2 তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে।
אז יקהיל שלמה את זקני ישראל ואת כל ראשי המטות נשיאי האבות לבני ישראל--אל ירושלם להעלות את ארון ברית יהוה מעיר דויד--היא ציון
3 তাতে সপ্তম মাহত উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি গোট খালে।
ויקהלו אל המלך כל איש ישראל בחג הוא החדש השבעי
4 তাতে ইস্ৰায়েলৰ সকলো বৃদ্ধলোক আহিল আৰু লেবীয়াসকলে নিয়ম-চন্দুকটি তুলি ল’লে।
ויבאו כל זקני ישראל וישאו הלוים את הארון
5 তেওঁলোকে নিয়ম চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তু ল’লে৷ এই সকলো বস্তু লেবীয়া ফৈদৰ পুৰোহিতসকলে লৈ আনিলে।
ויעלו את הארון ואת אהל מועד ואת כל כלי הקדש אשר באהל העלו אתם הכהנים הלוים
6 তাতে চলোমন ৰজাই, তেওঁৰ ওচৰত গোট খোৱা ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম-চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল; সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল।
והמלך שלמה וכל עדת ישראל הנועדים עליו--לפני הארון מזבחים צאן ובקר אשר לא יספרו ולא ימנו מרב
7 পাছত পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুকটি গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে।
ויביאו הכהנים את ארון ברית יהוה אל מקומו אל דביר הבית--אל קדש הקדשים אל תחת כנפי הכרובים
8 কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ওপৰত ডেউকা মেলি আছিল আৰু দুটাই চন্দুকটি আৰু তাৰ কঢ়িওৱা কানমাৰিবোৰ ঢাকি ধৰিছিল।
ויהיו הכרובים פרשים כנפים על מקום הארון ויכסו הכרובים על הארון ועל בדיו מלמעלה
9 সেই দুডাল কানমাৰি ইমান দীঘল আছিল, যে তাৰ মূৰ অন্তঃস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়৷ সেয়ে আজিলৈকে সেই ঠাইত আছে।
ויאריכו הבדים ויראו ראשי הבדים מן הארון על פני הדביר ולא יראו החוצה ויהי שם עד היום הזה
10 ১০ মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকলে ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম-চুক্তি পতা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে চন্দুকটিৰ ভিতৰত যি দুখন ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
אין בארון--רק שני הלחות אשר נתן משה בחרב אשר כרת יהוה עם בני ישראל בצאתם ממצרים
11 ১১ পাছত পুৰোহিতসকল সেই পবিত্ৰ স্থানৰ পৰা ওলাই আহিল৷ উপস্থিত হোৱা পুৰোহিতসকলে নিজকে পবিত্ৰ কৰিছিল; তেওঁলোকে নিজকে আন দলৰ পৰা পৃথক কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক বিচৰা আগতে তেওঁলোকে নিজকে আনুষ্ঠানিক ভাবে পবিত্ৰকৰণ কৰিছিল৷
ויהי בצאת הכהנים מן הקדש כי כל הכהנים הנמצאים התקדשו--אין לשמור למחלקות
12 ১২ আৰু যি লেবীয়াসকলৰ গায়ক আছিল, তেওঁলোক অৰ্থাৎ আচফ, হেমন, যিদূথূন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি শণ সূতাৰ বস্ত্ৰ পিন্ধি, হাতত তাল, নেবল আৰু বীণা লৈ, যজ্ঞবেদীৰ পূব ফালে থিয় হৈ আছিল৷ তেওঁলোকৰ লগত এশ বিশ জন পুৰোহিতে থাকি তুৰী বজাই আছিল।
והלוים המשררים לכלם לאסף להימן לידתון ולבניהם ולאחיהם מלבשים בוץ במצלתים ובנבלים וכנרות עמדים מזרח למזבח ועמהם כהנים למאה ועשרים מחצררים (מחצרים) בחצצרות
13 ১৩ তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷
ויהי כאחד למחצצרים (למחצרים) ולמשררים להשמיע קול אחד להלל ולהדות ליהוה וכהרים קול בחצצרות ובמצלתים ובכלי השיר ובהלל ליהוה כי טוב כי לעולם חסדו והבית מלא ענן בית יהוה
14 ১৪ সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।
ולא יכלו הכהנים לעמוד לשרת מפני הענן כי מלא כבוד יהוה את בית האלהים

< ২ বংশাবলি 5 >