< ২ বংশাবলি 5 >
1 ১ এইদৰে যিহোৱাৰ গৃহৰ বাবে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ’ল। পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত হ’ল।
Pamene ntchito yonse imene Solomoni anagwira pa Nyumba ya Yehova inatha, anabwera ndi zinthu zonse zimene abambo ake Davide anazipereka; siliva, golide ndi ziwiya. Anaziyika mʼzipinda zosungiramo chuma cha ku Nyumba ya Mulungu.
2 ২ তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে।
Kenaka Solomoni anasonkhanitsa akuluakulu a Israeli mu Yerusalemu, atsogoleri onse a mafuko ndi akuluakulu a mabanja a Aisraeli, kuti akatenge Bokosi la Chipangano la Yehova ku Ziyoni, mzinda wa Davide.
3 ৩ তাতে সপ্তম মাহত উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি গোট খালে।
Ndipo Aisraeli onse anasonkhana pamaso pa mfumu nthawi ya chikondwerero cha mwezi wachisanu ndi chiwiri.
4 ৪ তাতে ইস্ৰায়েলৰ সকলো বৃদ্ধলোক আহিল আৰু লেবীয়াসকলে নিয়ম-চন্দুকটি তুলি ল’লে।
Akuluakulu onse a Israeli atafika, Alevi ananyamula Bokosi la Chipangano,
5 ৫ তেওঁলোকে নিয়ম চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তু ল’লে৷ এই সকলো বস্তু লেবীয়া ফৈদৰ পুৰোহিতসকলে লৈ আনিলে।
ndipo anabwera nalo bokosi lija pamodzi ndi tenti ya msonkhano ndi ziwiya zonse zopatulika zimene zinali mʼmenemo. Ansembe ndi Alevi ndiye anazinyamula,
6 ৬ তাতে চলোমন ৰজাই, তেওঁৰ ওচৰত গোট খোৱা ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম-চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল; সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল।
ndipo Mfumu Solomoni ndi gulu lonse la Aisraeli amene anasonkhana naye anali patsogolo pa Bokosi la Chipangano, akupereka nsembe nkhosa zambiri ndi ngʼombe zambiri zosawerengeka.
7 ৭ পাছত পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুকটি গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে।
Ansembe anafika nalo Bokosi la Chipangano la Yehova mʼchipinda chamʼkati mwenimweni, Malo Opatulika Kwambiri, ndipo analiyika pansi pa mapiko a Akerubi.
8 ৮ কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ওপৰত ডেউকা মেলি আছিল আৰু দুটাই চন্দুকটি আৰু তাৰ কঢ়িওৱা কানমাৰিবোৰ ঢাকি ধৰিছিল।
Akerubiwo anatambalitsa mapiko awo pamwamba pa Bokosi la Chipangano ndipo anaphimba bokosilo pamodzi ndi mitengo yonyamulira.
9 ৯ সেই দুডাল কানমাৰি ইমান দীঘল আছিল, যে তাৰ মূৰ অন্তঃস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়৷ সেয়ে আজিলৈকে সেই ঠাইত আছে।
Mitengoyi inali yayitali kwambiri ndipo inkaonekera kunja kwa chipinda chamʼkati cha Malo Opatulika, koma osati kunja kwa Malo Opatulikawo; ndipo mitengoyi ilipo mpaka lero lino.
10 ১০ মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকলে ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম-চুক্তি পতা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে চন্দুকটিৰ ভিতৰত যি দুখন ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
Mʼbokosimo munalibe kanthu kena kalikonse kupatula miyala iwiri imene Mose anayikamo ku Horebu, kumene Yehova anachita pangano ndi Aisraeli atatuluka mʼdziko la Igupto.
11 ১১ পাছত পুৰোহিতসকল সেই পবিত্ৰ স্থানৰ পৰা ওলাই আহিল৷ উপস্থিত হোৱা পুৰোহিতসকলে নিজকে পবিত্ৰ কৰিছিল; তেওঁলোকে নিজকে আন দলৰ পৰা পৃথক কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক বিচৰা আগতে তেওঁলোকে নিজকে আনুষ্ঠানিক ভাবে পবিত্ৰকৰণ কৰিছিল৷
Kenaka ansembe anatulukamo mʼMalo Opatulika. Ansembe onse amene anali mʼmenemo anali atadziyeretsa posayangʼaniranso magulu awo ochokera.
12 ১২ আৰু যি লেবীয়াসকলৰ গায়ক আছিল, তেওঁলোক অৰ্থাৎ আচফ, হেমন, যিদূথূন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি শণ সূতাৰ বস্ত্ৰ পিন্ধি, হাতত তাল, নেবল আৰু বীণা লৈ, যজ্ঞবেদীৰ পূব ফালে থিয় হৈ আছিল৷ তেওঁলোকৰ লগত এশ বিশ জন পুৰোহিতে থাকি তুৰী বজাই আছিল।
Alevi onse amene anali oyimba: Asafu, Hemani, Yedutuni ndi ana ndiponso abale awo, amayima mbali ya kummawa kwa guwa lansembe atavala zovala zofewa zosalala akuyimba ziwaya zamalipenga, azeze ndi apangwe. Ansembe onse amene amayimba malipenga analipo 120 pamodzi.
13 ১৩ তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷
Oyimba malipenga ndi oyimba nyimbo aja amayimba mogwirizana, monga liwu la munthu mmodzi, kutamanda ndi kuyamika Yehova. Mogwirizana ndi malipenga, ziwaya zamalipenga ndi zida zina, anakweza mawu awo motamanda Yehova poyimba kuti, “Yehova ndi wabwino; chikondi chake chikhala mpaka muyaya.” Ndipo Nyumba ya Mulungu wa Yehova inadzaza ndi mtambo,
14 ১৪ সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।
choncho ansembe sanathe kugwira ntchito yawo chifukwa cha mtambowo, pakuti ulemerero wa Yehova unadzaza Nyumba ya Mulungu.