< ২ বংশাবলি 36 >
1 ১ পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক লৈ যিৰূচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
Tedy vzal lid země Joachaza syna Joziášova, a ustanovili ho králem na místě otce jeho v Jeruzalémě.
2 ২ যোৱাহজে তেইশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ ৰাজত্ব কৰিলে।
Ve třimecítma letech byl Joachaz, když počal kralovati, a tři měsíce kraloval v Jeruzalémě.
3 ৩ মিচৰৰ ৰজাই যিৰূচালেমত তেওঁক ৰজাৰ পদৰ পৰা আতৰাই, দেশৰ ওপৰত এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ দণ্ড কৰিলে।
Nebo vzal jej král Egyptský z Jeruzaléma, a uložil na zemi pokutu sto centnéřů stříbra a centnéř zlata.
4 ৪ তাৰ পাছত মিচৰৰ ৰজাই তেওঁৰ ভায়েক ইলিয়াকীমক যিহূদা আৰু যিৰূচালেমৰ ওপৰত ৰজা পাতিলে, আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। তেতিয়া তেওঁ ইলিয়াকীমৰ ককায়েক যোৱাহজক ধৰি মিচৰলৈ লৈ গ’ল।
A ustanovil král Egyptský Eliakima bratra jeho nad Judou a Jeruzalémem za krále, a proměnil mu jméno jeho, aby sloul Joakim. Joachaza pak bratra jeho vzal Nécho, a zavedl ho do Egypta.
5 ৫ যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
V pětmecítma letech byl Joakim, když počal kralovati, a jedenáct let kraloval v Jeruzalémě. A když činil to, což jest zlého před očima Hospodina Boha svého,
6 ৬ তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবূখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে।
Přitáhl proti němu Nabuchodonozor král Babylonský, a svázal jej řetězy ocelivými, aby jej zavedl do Babylona.
7 ৭ আৰু নবূখদনেচৰে যিহোৱাৰ গৃহৰ কিছু বস্তুও বাবিললৈ লৈ গৈ, বাবিলত নিজৰ মন্দিৰত ৰাখিলে।
Nádoby také domu Hospodinova zavezl Nabuchodonozor do Babylona, a dal je do chrámu svého v Babyloně.
8 ৮ চোৱা, যিহোয়াকীমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা ঘিণলগা কাৰ্যবোৰ আৰু তেওঁত পোৱা দোষৰ কথা ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ যিহোয়াখীন তেওঁৰ পদত ৰজা হ’ল।
Jiné pak věci Joakimovy i ohavnosti jeho, kteréž páchal, i což se nalézalo při něm, to vše zapsáno jest v knize o králích Izraelských a Judských. I kraloval Joachin syn jeho místo něho.
9 ৯ যিহোয়াখীনে ওঠৰ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ দহ দিন ৰাজত্ব কৰিলে৷ তেওঁ যিহোৱাৰ সাক্ষাতে কু-অচৰণ কৰিলে।
V osmi letech byl Joachin, když kralovati počal, a kraloval tři měsíce a deset dní v Jeruzalémě, a činil to, což bylo zlého před očima Hospodinovýma.
10 ১০ পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।
Potom pak po roce poslal král Nabuchodonozor, a dal ho zavésti do Babylona s klénoty domu Hospodinova, a ustanovil králem Sedechiáše, příbuzného jeho, nad Judou a Jeruzalémem.
11 ১১ চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে।
V jedenmecítma letech byl Sedechiáš, když počal kralovati, a jedenáct let kraloval v Jeruzalémě.
12 ১২ তেওঁ তেওঁৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁ যিহোৱাৰ বাক্য প্ৰকাশ কৰোঁতা ভাববাদী যিৰিমিয়াৰ আগত নিজকে নম্ৰ নকৰিলে।
I činil to, což jest zlého před očima Hospodina Boha svého, aniž se pokořil před Jeremiášem prorokem mluvícím řeč Hospodinovu.
13 ১৩ আৰু যি ৰজা নবূখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ’ল৷ তেওঁৰ ডিঙি থৰ আৰু মন কঠিন কৰি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰিবলৈ মান্তি নহ’ল।
Nýbrž i Nabuchodonozorovi králi se zprotivil, jenž ho byl přísahou zavázal skrze Boha, a zatvrdiv šíji svou, urputně uložil v srdci svém, aby se nenavracoval k Hospodinu Bohu Izraelskému.
14 ১৪ বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
Ano i všecka knížata, kněží i lid v mnohá přestoupení se vydali, podlé všech ohavností pohanských, a poškvrnili domu Hospodinova, jehož byl posvětil v Jeruzalémě.
15 ১৫ তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতবোৰক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
A když posílal Hospodin Bůh otců jejich k nim posly své, ráno vstávaje a posílaje, proto že se přívětivě měl k lidu svému a k příbytku svému:
16 ১৬ কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
Posmívali se poslům Božím, a pohrdali slovy jeho, a za svůdce měli proroky jeho, až se rozpálila prchlivost Hospodinova na lid jeho, tak aby nebylo žádného uléčení.
17 ১৭ এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।
I přivedl na ně krále Kaldejského, kterýž zmordoval mládence jejich mečem v domě svatyně jejich, a neodpustil mládenci ani panně, starci ani kmeti. Všecky dal v ruku jeho.
18 ১৮ আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল।
K tomu i všecky nádoby domu Božího, veliké i malé, i poklady domu Hospodinova, i poklady královské i knížat jeho, všecko zavezl do Babylona.
19 ১৯ আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে।
A vypálili dům Boží, a zbořili zed Jeruzalémskou, též i všecky paláce v něm popálili, ano i všelijaké klénoty drahé v něm zkazili.
20 ২০ আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিলললৈ লৈ গ’ল৷ তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে, সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল৷
A což jich pozůstalo po meči, to převedl do Babylona, a byli služebníci jeho i synů jeho, dokudž nekraloval král Perský,
21 ২১ যিৰিমিয়াৰ মুখে কোৱা যিহোৱাৰ বাক্য সাম্ফল কৰিবৰ অৰ্থে, দেশে নিজৰ ভোগ কৰিব লগীয়া বিশ্ৰাম-কাল ভোগ নকৰিলে অৰ্থাৎ লোকসকল তেওঁৰ আৰু তেওঁৰ সন্তান সকলৰ দাস হৈ থাকিল৷ সত্তৰ বছৰ পূৰ কৰিবলৈ দেশ নিজৰ উচ্ছন্ন হোৱা সকলো কালত বিশ্ৰাম ভোগ কৰিলে।
Aby se naplnila řeč Hospodinova skrze ústa Jeremiášova, dokudž země nevykonala sobot svých; po všecky dny, pokudž byla pustá, odpočívala, až se vyplnilo sedmdesáte let.
22 ২২ পাছত পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিৰিমিয়াৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যৰ সিদ্ধিৰ বাবে, যিহোৱাই পাৰস্যৰ কোৰচ ৰজাৰ মন উদগালে৷ তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰি আৰু জাননী লিখি, এই আজ্ঞা প্ৰচাৰ কৰিলে৷ তেওঁ ক’লে,
Potom léta prvního Cýra krále Perského, aby se naplnila řeč Hospodinova skrze ústa Jeremiášova, vzbudil Hospodin ducha Cýrova krále Perského. Kterýž dal provolati po všem království svém, ano také i rozepsal, řka:
23 ২৩ “পাৰস্যৰ ৰজা কোৰচে এই কথা কৈছে: স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে৷ তেৱেঁই যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোক ভাৰ দিলে। তেওঁৰ সকলো প্ৰজাসকলৰ মাজৰ যি কোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকক৷ আৰু সেই দেশলৈ তেওঁ উঠি যাওঁক।”
Toto praví Cýrus král Perský: Všecka království země dal mi Hospodin Bůh nebeský, a ten mi poručil, abych mu vystavěl dům v Jeruzalémě, kterýž jest v Judstvu. Kdo jest mezi vámi ze všeho lidu jeho, Hospodin Bůh jeho budiž s ním, a ať jde.