< ২ বংশাবলি 35 >
1 ১ পাছত যোচিয়াই যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে; আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনত নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিলে।
योशियाहले परमप्रभुको निम्ति यरूशलेममा निस्तार-चाड मनाए, र तिनीहरूले पहिलो महिनाको चौधौँ दिनमा निस्तार-चाडको थुमा मारे ।
2 ২ তেওঁ পুৰোহিত সকলক তেওঁলোকৰ নিজ নিজ কৰিব লগীয়া কামত লগালে আৰু যিহোৱাৰ গৃহৰ সেৱকীয়া কাম কৰিবলৈ তেওঁলোকক আস্বাস দিলে।
तिनले पुजारीहरूलाई आआफ्नो स्थानमा राखे र परमप्रभुका मन्दिरको सेवा गर्न तिनीहरूलाई प्रोत्साहन दिए ।
3 ৩ আৰু যি লেবীয়াসকল গোটেই ইস্ৰায়েলৰ শিক্ষক আৰু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ লোক আছিল, তেওঁলোকক তেওঁ ক’লে, “ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনে নিৰ্ম্মাণ কৰা গৃহত তোমালোকে পবিত্ৰ চন্দুকটো ৰাখা৷ তোমালোকে নিজৰ কান্ধত আৰু ইয়াক চাৰিওঁফালে ভাৰ বৈ থাকিব নালাগিব৷ এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ স্তুতি আৰাধনা কৰা আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ সেৱা কৰা।
तिनले परमप्रभुमा समर्पित भएका र सारा इस्राएललाई सिकाउने लेवीहरूलाई भने, “इस्राएलका राजा दाऊदका छोरा सोलोमनले निर्माण गरेको मन्दिरमा पवित्र सन्दूकलाई राख । अबदेखि फेरि त्यसलाई आफ्नो काँधमा नबोक । अब परमप्रभु तिमीहरूका परमेश्वरको आराधना गर र उहाँको मानिस इस्राएलको सेवा गर ।
4 ৪ আৰু তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ ৰজা দায়ূদে লিখা আৰু তেওঁৰ পুত্ৰ চলোমনে লিখাৰ দৰে পালক্ৰমে নিজক সংগঠিত কৰা।
इस्राएलका राजा दाऊद र तिनका छोरा सोलोमनले दिएका लिखित निर्देशनहरू पालन गर्दै आआफ्ना पुर्खाका घरानाहरू र आआफ्ना विभाजनहरूअनुसार आफूलाई सङ्गठित गराओ ।
5 ৫ আৰু তোমালোকৰ ভাই প্ৰজাসকলৰ পিতৃ-বংশৰ অংশ অনুসাৰে তোমালোক পবিত্ৰ স্থানত থিয় হোৱা; লোকসকলৰ প্ৰত্যেক অংশৰ বাবে লেবীয়াসকলৰ পিতৃ-বংশৰ এক এক অংশ হ’ব।
तिमीहरूका दाजुभाइका पुर्खाका घरानाहरूका विभाजनहरू, मानिसहरूका वंश र लेवीहरूको पुर्खाका परिवारहरूका आफ्ना विभाजनहरूअनुसार पवित्र स्थानमा खडा होओ ।
6 ৬ তোমালোকে নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিয়া আৰু নিজক শুচি কৰা৷ মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিবলৈ নিজৰ ভাইসকলৰ বাবে আয়োজন কৰা।”
निस्तार-चाडको थुमाहरू मार, आफैलाई शुद्ध गर, मोशाद्वारा परमप्रभुले दिनुभएको वचन पालन गरेर तिमीहरूका दाजुभाइका निम्ति थुमाहरू तयार पार ।”
7 ৭ যোচিয়াই উপস্থিত হোৱা প্ৰজাসকলৰ সকলোকে কেৱল নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে জাকৰ পৰা লেখৰ ত্ৰিশ হাজাৰ ভেড়া আৰু ছাগলী পোৱালি দিলে৷ আৰু তাৰ বাহিৰে তিনি হাজাৰ ভতৰা দিলে; এই সকলোকে ৰজাৰ সম্পত্তিৰ পৰা দিয়া হ’ল।
योशियाहले निस्तार-चाड बलिदानमा सबै मानिसहरूको निम्ति तिस हजार भेडा र पाठा दिए । तिनले तीन हजार साँढे पनि दिए । यी सबै राजाका सम्पतिबाट दिइएका दिए ।
8 ৮ আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবীয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশু দান কৰিলে, বিশেষকৈ হিল্কিয়া, জখৰিয়া আৰু যিহীয়েল, ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষ কেইজনে পুৰোহিতসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে দুই হাজাৰ ছশ ভেড়া ও ছাগলী পোৱালি আৰু তিনিশ ষাঁড় দিলে।
मानिसहरू, पुजारीहरू र लेवीहरूका निम्ति तिनका अगुवाहरूले राजीखुशी दान दिए । परमप्रभुको मन्दिरका आधिकारिक प्रशासकहरू हिल्कियाह, जकरिया र यहीएलले पुजारीहरूलाई निस्तार-चाडको निम्ति दुई हजार छ सय ससाना पशु र तीन सय साँढे दिए ।
9 ৯ আৰু লেবীয়াসকলৰ অধ্যক্ষ কননিয়া আৰু তেওঁৰ দুজন ভায়েক চময়িয়া আৰু নথনেল আৰু হচবিয়া, যিয়ীয়েল অাৰু যোজাবদ, তেওঁলোকে লেবীয়াসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে পাঁচ হাজাৰ ভেড়া ও ছাগলী পোৱালি আৰু পাঁচশ ভতৰা দিলে।
अनि लेवीहरूलाई चाहिं कोनन्याह र तिनका भाइहरू शमायाह र नतनेल, अनि लेवीहरूका नायकहरू हशब्याह, यहीएल र योजाबादले पाँच हजार ससाना पशु र पाँच सय साँढे दिए ।
10 ১০ এইদৰে সেৱকীয়া কাৰ্যৰ ঠিক ঠাক হোৱাত, ৰজাৰ আজ্ঞা অনুসাৰে পুৰোহিতসকল নিজ নিজ ঠাইত আৰু লেবীয়াসকল নিজ নিজ পাল অনুসাৰে থিয় হ’ল।
यसैले सेवाको तयारी भयो, र पुजारीहरू आआफ्नो स्थानमा अनि लेवीहरूचाहिं आआफ्नो दलअनुसार राजाको हुकुमबमोजिम खडा भए ।
11 ১১ পাছত নিস্তাৰ-পৰ্ব্বৰ আটাই বলি দিয়া হ’ল, পুৰোহিতসকলে তেওঁলোকৰ হাতৰ পৰা তেজ লৈ ছটিয়ালে আৰু লেবীয়াসকলে পশুবোৰৰ ছাল বখলিয়ালে।
तिनीहरूले निस्तार-चाडका थुमाहरू मारे, अनि लेवीहरूका हातबाट रगत लिएर पुजारीहरूले वेदीमा रगत छर्के, र लेवीहरूले ती थुमाहरूका छाला काढे ।
12 ১২ মোচিৰ পুস্তকত লিখাৰ দৰে, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবৰ অৰ্থে তেওঁলোকে প্ৰজাসকলৰ পিতৃ-বংশবোৰৰ অংশ অনুসাৰে সকলোকে দিবৰ কাৰণে, দগ্ধ কৰিবলগীয়া ভাগ এৰুৱাই ল’লে আৰু ষাঁড়বোৰকো সেই একে দৰেই কৰিলে।
तिनीहरूले मोशाको पुस्तकमा लेखिएबमोजिम मानिसले परमप्रभुलाई होमबलिहरू चढाउन् भनी पुर्खाका घरानाका विभाजनअनुसार वितरण गर्नलाई तिनीहरूले ती छुट्याए । साँढेहरूका पनि तिनीहरूले त्यसै गरे ।
13 ১৩ পাছত তেওঁলোকে বিধিমতে নিস্তাৰ-পৰ্ব্বৰ বলি খৰিকাত লগাই জুইত দিলে৷ কিন্তু পবিত্ৰীকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে আৰু সকলো লোকক লৰালৰিকৈ বাঁটি দিলে।
तिनीहरूले निर्देशनको अनुसरण गरेर निस्तारका थुमाहरू आगोमा पोले । पवित्र भेटीलाई तिनीहरूले खड्कुँला, कराही र ताप्केमा उसिने, र तिनीहरू तुरुन्तै ती मानिसहरूमा बाँडिदिए ।
14 ১৪ পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে; কিয়নো হাৰোণৰ সন্তান পুৰোহিতসকলে হোম-বলিৰ তেজাল অংশ পোৰোঁতে ৰাতিলৈকে লাগি থাকিব লগীয়া হৈছিল৷ এইদৰে লেবীয়াসকলে নিজৰ আৰু হাৰোণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে।
त्यसपछि हारूनका वंशका पुजारीहरू साँझसम्मै होमबलि र बोसो चढाउनमा व्यस्त भएका हुनाले तिनीहरूले आफ्ना निम्ति र पुजारीहरूका निम्ति बलिदान तयार गरे । यसरी लेवीहरूले आफ्ना लागि र हारूनको वंशका पुजारीहरूका निम्ति बलिदान तयार गरे ।
15 ১৫ আৰু দায়ুদ, আচফ, হেমন আৰু ৰজাৰ দৰ্শক যিদূথূনে আজ্ঞা কৰাৰ দৰে আচফৰ সন্তান গায়ক সকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল; নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ’ল, কিয়নো তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল।
आसापका सन्तानहरू, गायकहरू, दाऊद, आसाप, हेमान र राजाका दर्शी यदूतून र रक्षकहरूले निर्देशन दिएबमोजिम आआफ्ना स्थानमा थिए । तिनीहरूले आफ्नो ठाउँ छोड्नुपरेन किनकि तिनीहरूका दाजुभाइ लेवीहरूले तिनीहरूका निम्ति तयारी गरे ।
16 ১৬ এইদৰে ৰজা যোচিয়াৰ আজ্ঞা অনুসাৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আৰু যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত হোম ৰাখিবলৈ যিহোৱাৰ সকলো সেৱকীয়া কাম সেই দিনাই পৰিপাটিকৈ কৰা হ’ল।
यसैले यो समयमा योशियाह राजाको हुकुमअनुसार निस्तार-चाड मान्न र परमप्रभुको वेदीमा होमबलि चढाउनका निम्ति परमप्रभुको पूरा सेवा सन्चालन गरियो ।
17 ১৭ এই কাৰণে উপস্থিত থকা ইস্ৰায়েলৰ সন্তান সকলে সেই সময়ত নিস্তাৰ-পৰ্ব্ব কৰিলে আৰু তাৰ পাছত সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিলে।
उपस्थित भएका इस्राएलका मानिसहरूले त्यस बेला निस्तार-चाड मनाए, र सात दिनसम्म अखमिरी रोटीको चाड मनाए ।
18 ১৮ চমূৱেল ভাববাদীৰ দিনৰে পৰা ইস্ৰায়েলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব কেতিয়াও পালন কৰা নাছিল; আনকি যোচিয়া, পুৰোহিসকল, লেবীয়াসকল, উপস্থিত হোৱা গোটেই যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল আৰু যিৰূচালেম-নিবাসীসকলে যেনেকৈ নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল, ইস্ৰায়েলৰ কোনো ৰজাই তেনেকৈ পালন কৰা নাছিল।
शमूएल अगमवक्ताको समयदेखि यता यस प्रकारले निस्तार-चाडको उत्सव इस्राएलमा कहिल्यै मनाइएको थिएन, न त पुजारीहरू, लेवीहरू र यरूशलेमका बासिन्दाहरूसँग उपस्थित भएका सबै यहूदा र इस्राएलका साथमा योशियाहले मानेझैं इस्राएलका अरू कुनै राजाहरूले कहिल्यै यस्तो किसिमले निस्तार-चाड मानेका थिए ।
19 ১৯ যোচিয়াৰ ৰাজত্বৰ অষ্টাদশ বছৰলৈকে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
योशियाहका राजकालको अठारौँ वर्षमा यो निस्तार-चाड मनाइएको थियो ।
20 ২০ এই সকলোৰে পাছত যোচিয়াই মন্দিৰৰ শৃংখলা আনি ঠিক কৰাত, মিচৰৰ ৰজা নখোৱে ফৰাৎ নদীৰ ওচৰত থকা কৰ্কমীচত যুদ্ধ কৰিবলৈ আহিল, আৰু যোচিয়াই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
योशियाहले यसरी मन्दिरका सबै कामहरू मिलाइसकेपछि मिश्रदेशका राजा नेको यूफ्रेटिस नदीको किनारको कर्कमीशको विरुद्ध आक्रमण गर्न निस्के, र योशियाह तिनको विरुद्धमा युद्ध गर्न गए ।
21 ২১ কিন্তু নখোৱে তেওঁৰ দূত পঠিয়াই কৈ পঠিয়ালে, বোলে, “হে যিহূদাৰ ৰজা, তোমাৰ লগত মোৰ কি সম্পৰ্ক আছে? মই আজি তোমাৰ বিৰুদ্ধে অহা নাই; কিন্তু যি বংশৰ লগত মোৰ ৰণ হ’ব, তেওঁলোকৰ বিৰুদ্ধে আহিছোঁ৷ আৰু ঈশ্বৰে মোক ইয়াক বেগাই কৰিবলৈ আজ্ঞা দিলে, মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ বাবে, তেওঁলৈ হস্তক্ষেপ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা।”
तर नेकोले यसो भनेर तिनीकहाँ राजदूतहरू पठाए, “ए यहूदाका राजा, मेरो तपाईंसँग के सरोकार छ? आज म तपाईंको विरुद्धमा आएको होइन, तर म जुन घरानासँग युद्ध गरिरहेको छु त्यसको विरुद्ध आएको छु । परमेश्वरले मलाई चाँडो गर्न आदेश दिनुभएको छ । यसैले परमेश्वरलाई बाधा दिने कामबाट टाढा रहनुहोस्, जो मसँग हुनुहुन्छ, नत्रता उहाँले तपाईंलाई नाश गर्नुहुनेछ ।”
22 ২২ তথাপি যোচিয়াই তেওঁৰ পৰা বিমুখ হ’বলৈ অমান্তি হ’ল৷ তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰিলে৷ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখোৱে কৈছিল, সেই কথা তেওঁ নুশুনিলে; সেই কাৰণে তেওঁ মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ’ল।
तापनि योशियाह तिनीबाट फर्किन मानेनन् । तिनले उनको विरुद्ध युद्ध गर्न भेष बदले । आफू परमेश्वरको आज्ञाद्वारा आएको हो भन्ने नेकोको वचन तिनले सुनेनन् । यसैले तिनी मगिद्दोको बेसीमा युद्ध गर्न गए ।
23 ২৩ তাতে ধনুৰ্দ্ধৰসকলে ৰজা যোচিয়ালৈ কাঁড় মাৰি আঘাত কৰিলে, তেতিয়া ৰজাই তেওঁৰ দাসবোৰক ক’লে, “মোক আঁতৰাই নিয়া; কিয়নো মই বেয়াকৈ আঘতপ্ৰাপ্ত হলোঁ।”
धनुर्धारीहरूले योशियाह राजालाई हाने, र राजाले आफ्ना सेवकहरूलाई भने, “मलाई बाहिर लैजाओ, किनकि मलाई गम्भीर चोट लागेको छ ।”
24 ২৪ তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।
यसैले तिनका सेवकहरूले तिनलाई रथबाट उठाए र तिनलाई अर्को रथमा चढाए । तिनीहरूले तिनलाई यरूशलेममा ल्याए, जहाँ तिनी मरे । तिनका पुर्खाहरूको चिहानहरूमा तिनलाई गाडियो । सारा यहूदा र यरूशलेमले तिनको निम्ति शोक मनाए ।
25 ২৫ আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।
यर्मियाले योशियाहको निम्ति विलापका गरे । सबै पुरुष र स्त्री गायकले आजको दिनसम्म योशियाहको बारेमा विलाप गर्छन् । यी गीतहरू इस्राएलमा परम्पराको रूपमा रहेका छन् । हेर, तिनलाई विलापको गीतहरूमा लेखिएका छन् ।
26 ২৬ যোচিয়াৰ অৱশিষ্ট বৃত্তান্ত, যিহোৱাৰ ব্যৱস্থাত লিখামতে কৰা তেওঁৰ উত্তম কাৰ্যবোৰ
योशियाहको बारेमा अन्य कुराहरू, र तिनले परमप्रभुको व्यवस्थामा लेखिएअनुसार गरेका आज्ञापालनका असल कामहरू—
27 ২৭ আৰু তেওঁৰ আদ্যোপান্ত বিৱৰণ ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
अनि तिनका कामहरू सुरुदेखि अन्त्यसम्मै यहूदा र इस्राएल राजाहरूका इतिहासको पुस्तकमा लेखिएका छन् ।