< ২ বংশাবলি 34 >
1 ১ যোচিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল আঠ বছৰ; তেওঁ যিৰূচালেমত একত্ৰিশ বছৰ কাল ৰাজত্ত্ব কৰিছিল।
Josiah Judah gamma leng ahung chan chun kum 5 bou anahi nalaijin ahi, chuleh Jerusalem ma chun kum31 vai anahom min ahi
2 ২ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিলে; তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘুৰিলে।
Amahi Pakai lunglam tah in anachon nin ahi. Amahin a pului leng David chonna anajuijin Pathen daan ho jouse ana jui bukim min ahi
3 ৩ কিয়নো তেওঁৰ ৰাজত্ত্বৰ অষ্টম বছৰত তেওঁ অলপ বয়সীয়া হৈয়ো, তেওঁৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে৷ দ্বাদশ বছৰত, ওখ ঠাইবোৰ, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহূদা আৰু যিৰূচালেম শুচি কৰিবলৈ ধৰিলে।
Josiah chu khangdong cha in kum 8 ahi kummin leng ana changin, aman apului leng David Pathen chu ana houvin, kum 4 jouvin Asherah pathen lim kisemthu namdang te pathen houna mun jouse doi phungho jouse chu ana suse soh keijin ahi
4 ৪ আৰু তেওঁৰ সাক্ষাতে লোকসকলে বাল দেৱতাৰ যজ্ঞবেদিবোৰ ভাঙি পেলালে; সেইবোৰতকৈ ওখ ঠাইত স্থাপন কৰা সূৰ্য্য-প্ৰতিমাবোৰকো তেওঁ কাটি পেলালে; আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ ভাঙি গুড়ি কৰি, সেইবোৰৰ উদ্দেশ্যে বলিদান কৰাসকলৰ মৈদামৰ ওপৰত সেই ধুলিবোৰ ছটিয়াই পেলালে।
Ama thupeh dung juiyin Baal kihouna jouse leh ahalnam na maicham jouse amiten anaban suhsetnun, Asherah houna limsemthu holeh doiphung ho jouse asugoi sellin hiche ho anahou ho lhan chungah ana theovin ahi
5 ৫ আৰু তেওঁ পুৰোহিতসকলৰ হাড়বোৰ তেওঁলোকৰ যজ্ঞবেদিৰ ওপৰত দগ্ধ কৰিলে আৰু যিহূদা আৰু যিৰূচালেম শুচি কৰিলে।
Aman hiche semthu pathen leh doihou na thempu ho guchu adoi hounao chunga chun meiyin anahallun ahi. Hitia hi ana boljeh in Judah leh Jerusalem mipite chu houthu lamdollin ana sutheng kit nin ahi
6 ৬ আৰু তেওঁ মনচিৰ, ইফ্ৰয়িমৰ আৰু চিমিয়োনৰ নগৰে নগৰে নপ্তালীলৈকে সকলো ফালে তেওঁলোকৰ উচ্ছন্ন হোৱা ঠাইত সেইদৰে কৰিলে।
Aman hitimachun Manasseh, Ephraim leh Simion leh sahlanga Nephtali gamgei jin ana ban suh thengin ahi
7 ৭ তেওঁ যজ্ঞবেদিবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা-প্ৰতিমাবোৰ গুড়ি কৰিলে আৰু ইস্ৰায়েল দেশৰ সকলো ঠাইৰ আটাইবোৰ সূৰ্য্য-প্ৰতিমাবোৰ কাটি পেলালে৷ তাৰ পাছত যিৰূচালেমলৈ উলটি আহিল।
Aleng gam sahlang gamho geijin Asherah semthu pathen houna maicham phungho geijin adoi hounao leh gimnamtwi ahalnamnao maicham geijin avochipmin asubong sellin ahi. Hiche jouchun Jerusalem langa akile bepmin ahi
8 ৮ তেওঁৰ ৰাজত্বৰ অষ্টাদশ বছৰত, দেশ আৰু গৃহ শুচি কৰাৰ পাছত, তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে অচলিয়াৰ পুত্ৰ চাফনক, নগৰৰ অধ্যক্ষ মাচেয়াক আৰু যোৱাহজৰ পুত্ৰ যোৱাহ ইতিহাস লিখকক পঠিয়ালে।
Aman hiti a hi gamdang pathen houna asuhbeija gamsung leh houin sung asuhtheng jouvin Josiah lengpan Pakai Pathen houin semphadingin mi 3 asollin ahi: amahochu Azaliah chapa Shaphan, Jerusalem Governor Maaseiah leh lamkai lenkhat Joahaz chapa Joah ahi
9 ৯ এই হেতুকে তেওঁলোকে প্ৰধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ গ’ল আৰু ঈশ্বৰৰ গৃহলৈ অনা ৰূপ অৰ্থাৎ লেবীয়া দুৱৰীসকলে মনচি ইফ্ৰয়িম আদি ইস্ৰায়েলৰ অৱশিষ্ট লোকৰ পৰা, গোটেই যিহূদা আৰু বিন্যামীনৰ পৰা আৰু যিৰূচালেম নিবাসীসকলৰ পৰাও গোটোৱা সকলো ৰূপ তেওঁলোকে তেওঁলোকক শোধাই দিলে।
Levi te houin ngah a panghon sum ahin dondoh houchu thempulen Hilkiah henga apelutnun ahi. (Hiche sumchu Ephraim leh Manasseh chuleh sahlam leng gam jouse Judah, Benjamin leh Jerusalem mipite ho jouse – a konna kidongdoh sum ahi
10 ১০ তেওঁলোকে যিহোৱাৰ গৃহত নিযুক্ত থকা কাৰ্য চলাওঁতা সকলৰ হাতত তাক দিলে; পাছত কাৰ্য চলাওঁতা সকলে অৰ্থাৎ যিহোৱাৰ গৃহত কাম কৰাওঁতা লোকসকলে সেই গৃহ মেৰামত কৰিবৰ আৰু সুসজ্জিত কৰিবৰ বাবে তাক দিলে,
Hiche sumchu houin sempha dinga kinganse mi 3 ho komma chun apelutnun ahi, chuleh amahon thingthem bol chuleh insa ho chu songleh thing achoh uva Judah lengpan anamon lhahsah ho semphat nan amangun ahi
11 ১১ অৰ্থাৎ মিস্ত্ৰি আদি ঘৰ সাজোঁতাসকলক কটা-শিল আৰু বৰগাৰ কাঠ কিনিবলৈ আৰু যিহূদাৰ ৰজাসকলে নষ্ট কৰা ঘৰ বোৰৰ বাবে চতি বনাবলৈ সেই ধন দিলে।
12 ১২ আৰু সেই লোকসকলে বিশ্বাসীৰূপে কাৰ্য কৰিলে৷ আৰু মৰাৰীৰ সন্তান সকলৰ মাজৰ যহৎ আৰু ওবদিয়া এই দুজন লেবীয়া মানুহ তেওঁলোকৰ অধ্যক্ষ আছিল; আৰু কহাতৰ সন্তান সকলৰ মাজৰ জখৰিয়া, মচুল্লম আৰু বাদ্য বজোৱাত নিপুণ আন আন লেবীয়াসকল কাম চলাবৰ বাবে নিযুক্ত হৈছিল।
Hiche kintong ho chu lungtheng tah ahiove, amahon chu Levi te mi 4 Merari phunga konna Jahath le Obadiah chuleh Kohath phunga kon Zechariah leh Meshullam, amaho hi nana lamkaijun ahi (Hiche Levi ho hi tumging saithem cheh ahiove)
13 ১৩ তেওঁলোক ভাৰ বওঁতাসকলৰ অধ্যক্ষ আছিল আৰু সকলো বিধৰ কাম কৰোঁতা সকলক চলাইছিল; আৰু লেবীয়া সকলৰ মাজত কোনো কোনো লিখক, কোনো কোনো শাসনকৰ্ত্তা আৰু কোনো কোনো দুৱৰী আছিল।
Levi dangho chu thil thah le leh natoh jatchom chomma natongho chunga vaihom min apangun chuleh adanghon thuching leh miveng bitnin apangun ahi
14 ১৪ যিহোৱাৰ গৃহলৈ অনা ৰূপ তেওঁলোকে উলিওৱা সময়ত, হিল্কিয়া পুৰোহিতে মোচিয়ে দিয়া যিহোৱাৰ ব্যৱস্থা পুস্তকখন পালে।
Sumchu akoina konna akilah doh chun, Pathen nin Mose anapeh Pakai daan buchu Hilkiah in ahin mudoh in ahi
15 ১৫ আৰু হিল্কিয়াই লিখক চাফনক উত্তৰ দি ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” পাছত হিল্কিয়াই সেই ব্যৱস্থা পুস্তকখন চাফনক দিলে।
Aman Shaphan jeh a “Keiman houin sungah daan bu chu kamudoh tai” ati. Aman lekhabu chu Shaphan apen ahi
16 ১৬ চাফনে আকৌ সেই ব্যৱস্থা পুস্তকখন ৰজাৰ গুৰিলৈ লৈ গ’ল আৰু ৰজাৰ আগত বাতৰি দি ক’লে, “আপোনাৰ এই দাসবোৰক আদেশ কৰা সকলো কাৰ্য তেওঁলোকে কৰি আছে৷
Shaphan chun lekhabu chu achoijin lengpa kommah hiti hin thu agalhut ne: Keihon nangma thupeh bang bangin katongun ahi.
17 ১৭ আৰু আপোনাৰ এই দাসবোৰে যিহোৱাৰ গৃহত পোৱা সকলো ধন চন্দুকৰ পৰা ঢালি, কাৰ্য্যাধ্যক্ষ আৰু কাম কৰোঁতা সকলৰ হাতত দিলে।”
Keihon houinna kikoi sumchu kalaovin natong holeh avesui ja pang ho kapeovin ahi
18 ১৮ পুনৰ লিখক চাফনে ৰজাক জনালে, বোলে, “পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিলে।” তেতিয়া চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
Hijou chun aman “Hilkiah in eipeh lekhabu chu kahin choije” atin lekhabu chu lengpa jahdin ahin simphongin ahi
19 ১৯ তেতিয়া ৰজাই ব্যৱস্থাৰ বাক্যবোৰ শুনা মাত্ৰকে নিজৰ কাপোৰ ফালিবলৈ ধৰিলে।
Lengpan lekhabu kisim chu ajah phat nin kicha tah in apon abotkeh in ahi
20 ২০ আৰু ৰজাই হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখাৰ পুত্ৰ আব্দোনক, লিখক চাফনক আৰু ৰজাৰ দাস অচায়াক এই আজ্ঞা কৰিলে বোলে,
Hichun Hilkiah leh Shaphan chapa Ahikam chuleh Micaiah chapa Abdon chuleh Shaphan athutan na munna lekha jihpa chuleh lengpa kithopi a pang Isaiah ama ho cheng komma chun thu apen:
21 ২১ “তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”
“Nangho cheovinlang keima dingleh tunigeija Israel teleh Judah te gamsunga chengnalai mipi ho dingin Pakai chu eigadoh peh un. Hiche lekhabu thuhil hojong gahechen nun. Ipu ipateovin Pakai thupeh anajuilou jeh uleh hiche lekha hin asei dung jui'a anatoh loujeh un Pakai ichunguvah alung hangtan ahi” ati
22 ২২ পাছত হিল্কিয়া আৰু ৰজাই আদেশ কৰা সেই লোকসকল হস্ৰাৰ নাতি তকহঁতৰ পুত্ৰ বস্ত্ৰ-ভঁৰালী চল্লুমৰ ভাববাদীনী হুল্দাৰ ওচৰলৈ গ’ল; সেই সময়ত তেওঁ যিৰূচালেমৰ দ্বিতীয় ভাগত নিবাস কৰিছিল; আৰু তেওঁলোকে সেই বিষয়ে তেওঁক ক’লে।
Lengpa thupeh dung juiyin Hilkiah leh aloiho acheovin Jerusalem munthah langa cheng themgao numei Huldah chu gadong dingin acheovin ahi. (Ajipa Shallum chu Tikvah chapa, Hasrah tupa chu houin von ho vesuija panga ahi) Themgaonu kommah thilsoh hochu asei peh un ahi
23 ২৩ তাতে তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ,
Amanun amaho chu lengpa komma kinung leovin lang
24 ২৪ “যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম;
Pakai jakonna thuthot hi seipeh un, “Keiman Jerusalem leh amipiho jouse chunga lengpa komma hiche lekhabu kijih nasim doh u sapset nachu nachung uva kagui lhunsah ding ahi
25 ২৫ কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ, তেওঁলোকে মোক ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, এতেকে এই ঠাইৰ ওপৰত মোৰ ক্ৰোধাগ্নি বৰষোৱ যাব, নুমুৱা নাযাব।’”
Ajeh chu amahon keima eipai dohun Jerusalem chungah kalung hanna akoudoh sahtaovin ahi, Hiche hi mit theilou ding ahi atipeh in ahi
26 ২৬ কিন্তু যিহোৱাৰ ইচ্ছা সুধিবলৈ তোমালোকক পঠোৱা যিহূদাৰ ৰজাৰ আগত এই কথা ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তুমি যি যি বাক্য শুনিলা সেইবোৰৰ বিষয়ে মোৰ কথা এই,
lengpa dinga chu keima Israel Pakai Pathennin asei ahi: Nangin hiche lekhabu a kisei hi nangaijin ahi,
27 ২৭ এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।
Chuleh nangman Jerusalem leh amipite Kagih naho najah phatnin nalung naheijin ka angah naki sumnemmin navon nasat tellin nakap jengin ahileh keiman nataona kangai peh tan ahi
28 ২৮ ‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে।
Hijeh chun Jerusalem chunga ka engbol nading nangma thijou teng le bou kaguilhun sah ding ahi. Keiman nangvang lung monga kathisah ding ahi” ati. Hichun amahon hiche thuthot chu apouvin Josiah lengpa kommah akiletaove
29 ২৯ তাৰ পাছত ৰজাই মানুহ পঠিয়াই যিহূদা আৰু যিৰূচালেমৰ বৃদ্ধ লোকসকলক গোট খোৱালে।
Josiah lengpan Judah leh Jerusalem ma lamkai ho jouse chu akou khommin,
30 ৩০ তাতে ৰজাই যিহূদাৰ আটাইলোক, যিৰূচালেম নিবাসীসকলক, পুৰোহিতসকল, লেবীয়াসকল আৰু সৰু-বৰ সমুদায় প্ৰজাক লগত লৈ যিহোৱাৰ গৃহলৈ উঠি গ’ল; আৰু যিহোৱাৰ পৰা পোৱা নিয়ম-পুস্তকখনৰ সকলো বাক্য ৰজাই লোকসকলক পঢ়াই শুনুৱালে।
Abonnin houinnah achekhommun ahi. Amahochu thempu holeh Levi ten chuleh mipi ho jouse mihao leh mivaicha hon abonnun kitepna lekhabu chu ahin simdoh sahtaan ahi
31 ৩১ পাছত ৰজাই নিজৰ ঠাইত থিয় হৈ যিহোৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে আৰু সকলো প্ৰাণেৰে, তেওঁৰ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ যিহোৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে।
Amachu lengte dinna munnachun Pakai toh kitepna abollin ahi. Pakai thu dung jui'a athupeh nitding dol hochu nitding chun Pakai toh kitepna ananei khommun ahi
32 ৩২ আৰু যিৰূচালেম আৰু বিন্যামীনৰ যিমান লোক উপস্থিত আছিল, তেওঁ সেই সকলোকে নিয়মটি পালন কৰিবলৈ প্ৰতিজ্ঞা কৰালে; তাতে যিৰূচালেমৰ নিবাসীসকলে তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰৰ নিয়মটিৰ অনুসাৰে কাৰ্য কৰিলে।
Aman Benjamin mipiteleh chuche petna Jerusalem ma umjouse chu hiche kitepna juidingin anopsah taan ahi. Hitichun Jerusalem ma mipite chun apu apateo Pathen toh kitepna ana neitaovin ahi
33 ৩৩ যোচিয়াই ইস্ৰায়েলৰ সন্তান সকলে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণ লগা বস্তুবোৰ দুৰ কৰিলে আৰু ইস্ৰায়েলৰ মাজত থকা সকলো লোকক ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰালে। তেওঁলোকে তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ পাছত চলিবলৈ নেৰিলে।
Josiah lengpachun Israel mipite gamsunga um kidah umtah doiphung ho jouse chu ana sumang soh in ama hinlai sung chun mipiten apu apateo Pathen, Pakai kinbou anahou sah in ahi