< ২ বংশাবলি 33 >
1 ১ মনচিয়ে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল বাৰ বছৰ; তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিলে।
Manase jẹ́ ọmọ ọdún méjìlá nígbà tí ó di ọba. Ó sì jẹ ọba ní Jerusalẹmu fún ọdún márùndínlọ́gọ́ta.
2 ২ আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতি সমূহক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিণলগা কাৰ্যৰ দৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
Ó sì ṣe búburú ní ojú Olúwa. Nípa títẹ̀lé ọ̀nà iṣẹ́ ìríra ti àwọn orílẹ̀-èdè tí Olúwa ti lé jáde níwájú àwọn ọmọ Israẹli rìn.
3 ৩ কিয়নো তেওঁৰ পিতৃ হিষ্কিয়াই ভাঙি পেলোৱা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে; আৰু তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞবেদীবোৰ স্থাপন কৰিলে, আচেৰা মুৰ্ত্তিবোৰ সাজিলে আৰু আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পুজা কৰিলে।
Ó tún kọ́ àwọn ibi gíga tí baba rẹ̀ Hesekiah ti fọ́ túútúú. Ó sì gbé àwọn pẹpẹ dìde fún àwọn Baali ó sì ṣe àwọn ère Aṣerah. Ó foríbalẹ̀ fún gbogbo àwọn ogun ọ̀run ó sì sìn wọ́n.
4 ৪ আৰু যিহোৱাই যি গৃহৰ বিষয়ে কৈছিল, বোলে, “মোৰ নাম যিৰূচালেমত চিৰকাললৈকে থাকিব,” যিহোৱাৰ সেই গৃহত তেওঁ কেইটামান বিদেশী দেৱতাৰ যজ্ঞ বেদী নিৰ্ম্মাণ কৰিলে।
Ó kọ́ àwọn pẹpẹ sínú ilé Olúwa ní èyí tí Olúwa ti wí pé, “Orúkọ mi yóò wà ní Jerusalẹmu títí láé.”
5 ৫ এইদৰে তেওঁ যিহোৱাৰ গৃহৰ দুয়োখন চোতালত আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
Nínú ààfin méjèèje ti ilé Olúwa, ó kọ́ àwọn pẹpẹ fún gbogbo àwọn ogun ọ̀run
6 ৬ আৰু তেওঁ নিজৰ সন্তান সকলক হিন্নোমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে; গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়া কৰ্ম কৰিলে আৰু ভূত পোহা আৰু গুণমন্ত্ৰ জনাসকলক লগালে৷ যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে।
Ó sì mú kí àwọn ọmọ ara rẹ̀ kí ó kọjá láàrín iná ní àfonífojì Beni-Hinnomu, ó ń ṣe àkíyèsí àfọ̀ṣẹ, ó sì ń lo àlúpàyídà, ó sì ń bá àwọn òku àti oṣó lò. Ó ṣe ọ̀pọ̀ ohun búburú ní ojú Olúwa láti mú un bínú.
7 ৭ আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে৷ সেই গৃহৰ বিষয়ে ঈশ্বৰে দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল, বোলে, “ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু যিৰূচালেম মই মনোনীত কৰিলোঁ, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম;
Ó mú ère gbígbẹ́ tí ó ti gbẹ́ ó sì gbé e sínú ilé Olúwa, ní èyí tí Ọlọ́run ti sọ fún Dafidi àti sí ọmọ rẹ̀ Solomoni, “Nínú ilé Olúwa yìí àti ní Jerusalẹmu, tí mo ti yàn kúrò nínú gbogbo àwọn ẹ̀yà Israẹli, èmi yóò fi orúkọ mi síbẹ̀ títí láé.
8 ৮ আৰু মই তেওঁলোকক দিয়া সকলো আজ্ঞা, অৰ্থাৎ মোচিৰ হতুৱাই দিয়া গোটেই ব্যৱস্থা আৰু বিধি ও শাসন-প্ৰণালীবোৰ যদি তেওঁলোকে পালন কৰে আৰু সেই অনুসাৰে কাৰ্য কৰে, তেনেহলে মই তোমালোকৰ ওপৰ-পিতৃসকলৰ বাবে নিৰূপণ কৰা দেশৰ পৰা ইস্ৰায়েলৰ ভৰি আৰু নুগুচাম।”
Èmi kì yóò ṣí ẹsẹ̀ àwọn ọmọ Israẹli kúrò mọ́ ní ilẹ̀ náà tí èmi ti yàn fún àwọn baba ńlá yín, níwọ̀n bí wọ́n bá ṣe pẹ̀lẹ́ láti ṣe gbogbo ohun tí mo paláṣẹ fún wọn, gẹ́gẹ́ bí gbogbo òfin, àṣẹ àti àwọn ìlànà tí a fún yín láti ọwọ́ Mose wá.”
9 ৯ তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে।
Ṣùgbọ́n Manase mú kí Juda àti àwọn tí ń gbé Jerusalẹmu yapa, àti láti ṣe búburú ju àwọn orílẹ̀-èdè lọ, àwọn tí Olúwa ti parun níwájú àwọn ọmọ Israẹli.
10 ১০ আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে।
Olúwa bá Manase sọ̀rọ̀ àti àwọn ènìyàn rẹ̀, ṣùgbọ́n wọn kò kọbi ara sí i.
11 ১১ এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।
Bẹ́ẹ̀ ni Olúwa mú àwọn alákòóso ọmọ-ogun ọba Asiria láti dojúkọ wọ́n, tí ó mú Manase nígbèkùn, ó fi ìwọ̀ mú un ní imú rẹ̀, ó dè é pẹ̀lú ṣẹ́kẹ́ṣẹkẹ̀ idẹ ó sì mú un lọ sí Babeli.
12 ১২ তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে।
Nínú ìpọ́njú rẹ̀, ó wá ojúrere Olúwa Ọlọ́run rẹ̀. Ó sì rẹ ara rẹ̀ sílẹ̀ gidigidi níwájú Ọlọ́run àwọn baba rẹ̀.
13 ১৩ তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আৰু বিনয় কৰিবলৈ ধৰিলে; ঈশ্বৰে তেওঁৰ বিনয় শুনি তেওঁৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে আৰু তেওঁক পুনৰাই যিৰূচালেমত তেওঁৰ ৰাজ শাসনলৈ ঘূৰাই আনিলে৷ তেতিয়া যিহোৱাইহে যে ঈশ্বৰ তাক মনচিয়ে জানিলে।
Nígbà tí ó sì gbàdúrà sí i, inú Olúwa dùn sí àdúrà rẹ̀, ó sì tẹ́tí sí ẹ̀bẹ̀ rẹ̀; bẹ́ẹ̀ ni ó mú un padà wá sí Jerusalẹmu àti sí ìjọba rẹ̀. Nígbà náà Manase mọ̀ wí pé Olúwa ni Ọlọ́run.
14 ১৪ তাৰ পাছত গীহোনৰ পশ্চিমে উপত্যকাত মৎস্য দুৱাৰৰ সোমোৱা ঠাইলৈকে দায়ুদৰ নগৰৰ এক বাহিৰ গড় সাজিলে৷ আৰু ওফেলৰ চাৰিওফালৰ গড় মেৰামত কৰি তাক অতি ওখ কৰিলে৷ গড়েৰে আবৃত যিহূদাৰ নগৰবোৰত সেনাপতি সকলক ৰাখিলে।
Ǹjẹ́ lẹ́yìn èyí, ó mọ odi kan lẹ́yìn ìlú Dafidi, ní ìhà ìwọ̀-oòrùn Gihoni, ní àfonífojì, àní ní àtiwọ ẹnu ibodè ẹja, ó sì yí orí òkè Ofeli ká; ó sì mọ ọ́n ga sókè gidigidi, ó sì fi balógun sínú gbogbo ìlú olódi Juda wọ̀n-ọn-nì.
15 ১৫ আৰু তেওঁ যিহোৱাৰ গৃহৰ পৰা বিজাতীয় দেৱতাবোৰ, প্ৰতিমাটো আৰু যিহোৱাৰ গৃহৰ পৰ্বতত আৰু যিৰূচালেমত নিজে নিৰ্ম্মাণ কৰা যজ্ঞবেদিবোৰ গুচাই নগৰৰ বাহিৰলৈ আনি দুৰৈত পেলাই দিলে।
Ó pa gbogbo àwọn Ọlọ́run àjèjì run. Ó sì hú gbogbo àwọn ère kúrò nínú ilé Olúwa, pẹ̀lú gbogbo àwọn pẹpẹ tí ó ti kọ́ ní òkè ilé Olúwa àti ní Jerusalẹmu; ó sì kó wọn jáde kúrò nínú ìlú.
16 ১৬ তেওঁ যিহোৱাৰ বেদী মেৰামত কৰি তাৰ ওপৰত মঙ্গলাৰ্থক বলি আৰু ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবলৈ যিহূদাক আজ্ঞা দিলে।
Nígbà náà ni ó mú àwọn pẹpẹ padà bọ̀ sípò. Ó sì rú ọrẹ ìdàpọ̀ àti ọrẹ-ọpẹ́ lórí rẹ̀. Ó sì sọ fún Juda láti sin Olúwa, Ọlọ́run Israẹli.
17 ১৭ তথাপি তেতিয়াও লোকসকলে ওখ ঠাইবোৰত বলিদান কৰিছিল যদিও কেৱল তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যেহে কৰিছিল।
Àwọn ènìyàn, ko tẹ̀síwájú láti máa rú ẹbọ ní àwọn ibi gíga. Ṣùgbọ́n sí Olúwa Ọlọ́run wọn nìkan.
18 ১৮ চোৱা, মনচিৰ অৱশিষ্ট বৃত্তান্ত, নিজ ঈশ্বৰৰ আগত তেওঁ কৰা প্ৰাৰ্থনা আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁৰ আগত কোৱা দৰ্শকসকলৰ বাক্য, ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
Àwọn iṣẹ́ yòókù ti ìjọba Manase pẹ̀lú àdúrà rẹ̀ sí Ọlọ́run rẹ̀ àti àwọn ọ̀rọ̀ tí àwọn aríran sọ sí i ní orúkọ Olúwa, Ọlọ́run Israẹli, wà nínú ìwé ìtàn ayé àwọn ọba Israẹli.
19 ১৯ আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্যলঙ্ঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেয়ে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আচেৰা মুৰ্ত্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল, সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে।
Àdúrà rẹ̀ àti bí inú Ọlọ́run ṣe dùn sí àdúrà rẹ̀ àti gbogbo àwọn ẹ̀ṣẹ̀ rẹ̀ àti àìṣòótọ́, àti àwọn òpó níbi tí ó kọ́ àwọn ibi gíga sí, ó sì gbé àwọn ère Aṣerah àti àwọn òrìṣà kí ó tó rẹ ara rẹ̀ sílẹ̀, gbogbo rẹ̀ ni a kọ sínú ìwé ìrántí àwọn aríran.
20 ২০ পাছত মনচি তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁৰ ঘৰৰ ভিতৰতে তেওঁক মৈদাম দিলে৷ তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
Manase sinmi pẹ̀lú àwọn baba rẹ̀, a sì sin ín sínú ààfin rẹ̀. Amoni ọmọ rẹ̀ sì rọ́pò rẹ̀ gẹ́gẹ́ bí ọba.
21 ২১ আমোনে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স বাইশ বছৰ আছিল৷ তেওঁ যিৰূচালেমত দুবছৰ কাল ৰাজত্ব কৰিলে।
Amoni jẹ́ ẹni ọdún méjìlélógún nígbà tí ó di ọba. Ó sì jẹ ọba ní Jerusalẹmu fún ọdún méjì.
22 ২২ তেওঁৰ বাপেক মনচিয়ে কৰাৰ নিচিনাকৈ তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁৰ পিতৃ মনচিয়ে কৰা আটাই কটা-প্ৰতিমাৰ উদ্দেশ্যে তেওঁ বলিদান কৰিলে আৰু সেইবোৰক সেৱা-পুজা কৰিলে।
Ó ṣe búburú ní ojú Olúwa, gẹ́gẹ́ bí baba rẹ̀ Manase ti ṣe. Amoni rú ẹbọ sí gbogbo àwọn òrìṣà tí Manase baba rẹ̀ ti ṣe, ó sì sìn wọ́n.
23 ২৩ আৰু তেওঁৰ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল, তেনেকৈ তেওঁ যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে৷ কিন্তু এই আমোনে দোষৰ ওপৰি দোষ কৰিলে।
Ṣùgbọ́n kì í ṣe bí i baba rẹ̀ Manase. Kò rẹ ara rẹ̀ sílẹ̀ níwájú Olúwa: ṣùgbọ́n ẹ̀ṣẹ̀ Amoni sì ń pọ̀ sì í.
24 ২৪ পাছত তেওঁৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰি তেওঁৰ গৃহতে তেওঁক বধ কৰিলে।
Àwọn oníṣẹ́ Amoni dìtẹ̀ sí i. Wọ́n sì pa á ní ààfin rẹ̀.
25 ২৫ কিন্তু দেশৰ লোকসকলে আমোন ৰজাৰ বিৰুদ্ধে চক্ৰান্ত কৰা সকলোকে বধ কৰিলে; আৰু দেশৰ লোকসকলে তেওঁৰ পুত্ৰ যোচিয়াক তেওঁৰ পদত ৰজা পাতিলে।
Nígbà náà, gbogbo àwọn ènìyàn ilẹ̀ náà pa gbogbo àwọn tí wọ́n ṣọ̀tẹ̀ sí ọba Amoni, wọ́n sì mú Josiah ọmọ rẹ̀ jẹ ọba ní ipò rẹ̀.