< ২ বংশাবলি 33 >
1 ১ মনচিয়ে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল বাৰ বছৰ; তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিলে।
duodecim annorum erat Manasses cum regnare coepisset et quinquaginta quinque annis regnavit in Hierusalem
2 ২ আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতি সমূহক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিণলগা কাৰ্যৰ দৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
fecit autem malum coram Domino iuxta abominationes gentium quas subvertit Dominus coram filiis Israhel
3 ৩ কিয়নো তেওঁৰ পিতৃ হিষ্কিয়াই ভাঙি পেলোৱা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে; আৰু তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞবেদীবোৰ স্থাপন কৰিলে, আচেৰা মুৰ্ত্তিবোৰ সাজিলে আৰু আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পুজা কৰিলে।
et conversus instauravit excelsa quae demolitus fuerat Ezechias pater eius construxitque aras Baalim et fecit lucos et adoravit omnem militiam caeli et coluit eam
4 ৪ আৰু যিহোৱাই যি গৃহৰ বিষয়ে কৈছিল, বোলে, “মোৰ নাম যিৰূচালেমত চিৰকাললৈকে থাকিব,” যিহোৱাৰ সেই গৃহত তেওঁ কেইটামান বিদেশী দেৱতাৰ যজ্ঞ বেদী নিৰ্ম্মাণ কৰিলে।
aedificavit quoque altaria in domo Domini de qua dixerat Dominus in Hierusalem erit nomen meum in aeternum
5 ৫ এইদৰে তেওঁ যিহোৱাৰ গৃহৰ দুয়োখন চোতালত আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
aedificavit autem ea cuncto exercitui caeli in duobus atriis domus Domini
6 ৬ আৰু তেওঁ নিজৰ সন্তান সকলক হিন্নোমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে; গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়া কৰ্ম কৰিলে আৰু ভূত পোহা আৰু গুণমন্ত্ৰ জনাসকলক লগালে৷ যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে।
transireque fecit filios suos per ignem in valle Benennon observabat somnia sectabatur auguria maleficis artibus inserviebat habebat secum magos et incantatores multaque mala operatus est coram Domino ut inritaret eum
7 ৭ আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে৷ সেই গৃহৰ বিষয়ে ঈশ্বৰে দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল, বোলে, “ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু যিৰূচালেম মই মনোনীত কৰিলোঁ, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম;
sculptile quoque et conflatile signum posuit in domo Domini de qua locutus est Dominus ad David et ad Salomonem filium eius dicens in domo hac et in Hierusalem quam elegi de cunctis tribubus Israhel ponam nomen meum in sempiternum
8 ৮ আৰু মই তেওঁলোকক দিয়া সকলো আজ্ঞা, অৰ্থাৎ মোচিৰ হতুৱাই দিয়া গোটেই ব্যৱস্থা আৰু বিধি ও শাসন-প্ৰণালীবোৰ যদি তেওঁলোকে পালন কৰে আৰু সেই অনুসাৰে কাৰ্য কৰে, তেনেহলে মই তোমালোকৰ ওপৰ-পিতৃসকলৰ বাবে নিৰূপণ কৰা দেশৰ পৰা ইস্ৰায়েলৰ ভৰি আৰু নুগুচাম।”
et movere non faciam pedem Israhel de terra quam tradidi patribus eorum ita dumtaxat si custodierint facere quae praecepi eis cunctamque legem et caerimonias atque iudicia per manum Mosi
9 ৯ তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে।
igitur Manasses seduxit Iudam et habitatores Hierusalem ut facerent malum super omnes gentes quas subverterat Dominus a facie filiorum Israhel
10 ১০ আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে।
locutusque est Dominus ad eum et ad populum illius et adtendere noluerunt
11 ১১ এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।
idcirco superinduxit eis principes exercitus regis Assyriorum ceperuntque Manassen et vinctum catenis atque conpedibus duxerunt Babylonem
12 ১২ তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে।
qui postquam coangustatus est oravit Dominum Deum suum et egit paenitentiam valde coram Deo patrum suorum
13 ১৩ তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আৰু বিনয় কৰিবলৈ ধৰিলে; ঈশ্বৰে তেওঁৰ বিনয় শুনি তেওঁৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে আৰু তেওঁক পুনৰাই যিৰূচালেমত তেওঁৰ ৰাজ শাসনলৈ ঘূৰাই আনিলে৷ তেতিয়া যিহোৱাইহে যে ঈশ্বৰ তাক মনচিয়ে জানিলে।
deprecatusque est eum et obsecravit intente et exaudivit orationem eius reduxitque eum Hierusalem in regnum suum et cognovit Manasses quod Dominus ipse esset Deus
14 ১৪ তাৰ পাছত গীহোনৰ পশ্চিমে উপত্যকাত মৎস্য দুৱাৰৰ সোমোৱা ঠাইলৈকে দায়ুদৰ নগৰৰ এক বাহিৰ গড় সাজিলে৷ আৰু ওফেলৰ চাৰিওফালৰ গড় মেৰামত কৰি তাক অতি ওখ কৰিলে৷ গড়েৰে আবৃত যিহূদাৰ নগৰবোৰত সেনাপতি সকলক ৰাখিলে।
post haec aedificavit murum extra civitatem David ad occidentem Gion in convalle ab introitu portae Piscium per circuitum usque ad Ophel et exaltavit illum vehementer constituitque principes exercitus in cunctis civitatibus Iuda munitis
15 ১৫ আৰু তেওঁ যিহোৱাৰ গৃহৰ পৰা বিজাতীয় দেৱতাবোৰ, প্ৰতিমাটো আৰু যিহোৱাৰ গৃহৰ পৰ্বতত আৰু যিৰূচালেমত নিজে নিৰ্ম্মাণ কৰা যজ্ঞবেদিবোৰ গুচাই নগৰৰ বাহিৰলৈ আনি দুৰৈত পেলাই দিলে।
et abstulit deos alienos et simulacrum de domo Domini aras quoque quas fecerat in monte domus Domini et in Hierusalem et proiecit omnia extra urbem
16 ১৬ তেওঁ যিহোৱাৰ বেদী মেৰামত কৰি তাৰ ওপৰত মঙ্গলাৰ্থক বলি আৰু ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবলৈ যিহূদাক আজ্ঞা দিলে।
porro instauravit altare Domini et immolavit super illud victimas et pacifica et laudem praecepitque Iudae ut serviret Domino Deo Israhel
17 ১৭ তথাপি তেতিয়াও লোকসকলে ওখ ঠাইবোৰত বলিদান কৰিছিল যদিও কেৱল তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যেহে কৰিছিল।
attamen adhuc populus immolabat in excelsis Domino Deo suo
18 ১৮ চোৱা, মনচিৰ অৱশিষ্ট বৃত্তান্ত, নিজ ঈশ্বৰৰ আগত তেওঁ কৰা প্ৰাৰ্থনা আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁৰ আগত কোৱা দৰ্শকসকলৰ বাক্য, ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
reliqua autem gestorum Manasse et obsecratio eius ad Deum suum verba quoque videntium qui loquebantur ad eum in nomine Domini Dei Israhel continentur in sermonibus regum Israhel
19 ১৯ আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্যলঙ্ঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেয়ে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আচেৰা মুৰ্ত্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল, সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে।
oratio quoque eius et exauditio et cuncta peccata atque contemptus loca etiam in quibus aedificavit excelsa et fecit lucos et statuas antequam ageret paenitentiam scripta sunt in sermonibus Ozai
20 ২০ পাছত মনচি তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁৰ ঘৰৰ ভিতৰতে তেওঁক মৈদাম দিলে৷ তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
dormivit ergo Manasses cum patribus suis et sepelierunt eum in domo sua regnavitque pro eo filius eius Amon
21 ২১ আমোনে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স বাইশ বছৰ আছিল৷ তেওঁ যিৰূচালেমত দুবছৰ কাল ৰাজত্ব কৰিলে।
viginti duo annorum erat Amon cum regnare coepisset et duobus annis regnavit in Hierusalem
22 ২২ তেওঁৰ বাপেক মনচিয়ে কৰাৰ নিচিনাকৈ তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁৰ পিতৃ মনচিয়ে কৰা আটাই কটা-প্ৰতিমাৰ উদ্দেশ্যে তেওঁ বলিদান কৰিলে আৰু সেইবোৰক সেৱা-পুজা কৰিলে।
fecitque malum in conspectu Domini sicut fecerat Manasses pater eius et cunctis idolis quae Manasses fuerat fabricatus immolavit atque servivit
23 ২৩ আৰু তেওঁৰ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল, তেনেকৈ তেওঁ যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে৷ কিন্তু এই আমোনে দোষৰ ওপৰি দোষ কৰিলে।
et non est reveritus faciem Domini sicut reveritus est Manasses pater eius et multo maiora deliquit
24 ২৪ পাছত তেওঁৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰি তেওঁৰ গৃহতে তেওঁক বধ কৰিলে।
cumque coniurassent adversus eum servi sui interfecerunt eum in domo sua
25 ২৫ কিন্তু দেশৰ লোকসকলে আমোন ৰজাৰ বিৰুদ্ধে চক্ৰান্ত কৰা সকলোকে বধ কৰিলে; আৰু দেশৰ লোকসকলে তেওঁৰ পুত্ৰ যোচিয়াক তেওঁৰ পদত ৰজা পাতিলে।
porro reliqua populi multitudo caesis his qui Amon percusserant constituit regem Iosiam filium eius pro eo