< ২ বংশাবলি 32 >
1 ১ এই সকলো কাৰ্যৰ আৰু বিশ্ৱস্ত আচৰণৰ পাছত, অচূৰৰ ৰজা চনহেৰীবে আহি যিহূদাৰ দেশত আহিল; তেওঁ সেই ঠাইত ছাউনি পাতিছিল কিয়নো তেওঁ গড়েৰে আবৃত নগৰবোৰ আক্ৰমণ কৰি গড় ভাঙি তাক নিজৰ কৰিবলৈ মন কৰিছিল।
Po těch věcech a stálém nařízení jejich, přitáh Senacherib král Assyrský, vtrhl do Judstva, a položil se proti městům hrazeným, a uložil jich zdobývati sobě.
2 ২ হিষ্কিয়াই যেতিয়া চনহেৰীব অহা আৰু যিৰূচালেমৰ বিৰুদ্ধে তেওঁৰ যুদ্ধ কৰিবৰ মন থকা দেখিলে,
Vida pak Ezechiáš, že přitáhl Senacherib, a že tvář jeho obrácena jest k boji proti Jeruzalému,
3 ৩ তেওঁ নগৰৰ বাহিৰত থকা ভুমুকবোৰৰ পানী বন্ধ কৰিবলৈ অধ্যক্ষ আৰু বীৰপুৰুষসকলৰ সৈতে আলোচনা কৰিলে; তাতে তেওঁলোকে তেওঁক সহায় কৰিলে।
Uradil se s knížaty a rytíři svými, aby zasypali vody studnic, kteréž byly vně za městem. I pomáhali jemu.
4 ৪ তেতিয়া অনেক মানুহ গোট খাই সকলো ভুমুক আৰু দেশৰ মাজেদি বৈ যোৱা জুৰিবোৰ বন্ধ কৰি দিলে। তেওঁলোকে ক’লে, অচূৰৰ ৰজাসকলে আহি কিয় অধিক পৰিমাণে পানী পাব?”
Nebo shromáždilo se lidu množství, a zasypali všecky studnice i potok rozvodňující se u prostřed země, řkouce: Proč přijdouce králové Assyrští, mají najíti vody tak mnoho?
5 ৫ এনেতে হিষ্কিয়াই সাহেৰে ভগা চিগা গড়বোৰ মেৰামত কৰি, ওখ ঘৰবোৰ সমান আৰু ওখ কৰিলে; আৰু বাহিৰত আন গড় সাজি দায়ুদৰ নগৰত থকা মিল্লো সুসজ্জিত কৰিলে আৰু বহু পৰিমাণে অস্ত্ৰ-শস্ত্ৰ আৰু ঢাল যুগুত কৰিলে।
A posiliv se, vystavěl všecku zed zbořenou, a zopravoval věže, a vně zed druhou. Upevnil i Mello města Davidova, k tomu také nadělal braně velmi mnoho i pavéz.
6 ৬ তেওঁ লোকসকলৰ ওপৰত সেনাপতিসকল নিযুক্ত কৰিলে৷ নগৰৰ দুৱাৰৰ ওচৰৰ মুকলি ঠাইত নিজৰ ওচৰত তেওঁলোকক গোটাই উৎসাহ দি তেওঁ এই কথা ক’লে,
Zřídil též hejtmany válečné nad lidem, a shromáždil je k sobě do ulice u brány městské, a mluvil jim přívětivě, řka:
7 ৭ “তোমালোকে বলৱন্ত আৰু সাহসিয়াল হোৱা৷ অচুৰৰ ৰজালৈ আৰু তেওঁ লগৰ সেই সৈন্য সমূহলৈ ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কাৰণ তেওঁৰ লগত থকা সকলোতকৈ আমাৰ লগত থকা জন মহান।
Posilňte se a zmužile sobě počínejte, nebojte se, ani strachujte tváři krále Assyrského, ani všeho množství, kteréž jest s ním; nebo větší jest s námi, než s ním.
8 ৮ তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।
S nímť jest rámě člověka, s námi pak jest Hospodin Bůh náš, ku pomoci naší a k bojování za nás. I zpolehl lid na slova Ezechiáše krále Judského.
9 ৯ তাৰ পাছত অচুৰৰ ৰজা চনহেৰীব যেতিয়া সৈন্য সামন্তই সৈতে লাখীচৰ ওচৰত আছিল, তেতিয়া যিৰূচালেমলৈ যিহূদাৰ ৰজা হিষ্কিয়াৰ আৰু যিৰূচালেমত থকা সকলো যিহূদাৰ লোকসকলৰ ওচৰলৈ তেওঁৰ দাসবোৰৰ দ্বাৰাই তেওঁ এইবোৰ কথা কৈ পঠিয়ালে৷
Potom poslal Senacherib král Assyrský služebníky své do Jeruzaléma, (sám pak ležel u Lachis, a všecko království jeho bylo s ním), k Ezechiášovi králi Judskému, i ke všemu lidu Judskému, kterýž byl v Jeruzalémě, řka:
10 ১০ “অচুৰৰ ৰজা চনহেৰীবে এই কথা কৈছে, ‘তোমালোকে কাৰ ওপৰত নির্ভৰ কৰি যিৰূচালেমক দখল কৰিবলৈ সুৰক্ষিত অৱস্থাত আছা বুলি ভাবিছা?
Takto praví Senacherib král Assyrský: V čem vy doufáte, že zůstáváte v ohradě v Jeruzalémě?
11 ১১ আমাৰ ঈশ্বৰ যিহোৱাই আমাক ৰজা অচুৰৰ হাতৰ পৰা উদ্ধাৰ কৰিব, এই কথা কৈ হিষ্কিয়াই ভোকত আৰু পিয়াহত মৰিবলৈ দিবৰ বাবে তোমালোকক ভুলোৱা নাইনে?”
Zdaliž Ezechiáš nenavodí vás, aby vás zmořil hladem a žízní, pravě: Hospodin Bůh náš vytrhne nás z ruky krále Assyrského?
12 ১২ সেই হিষ্কিয়াই জানো তেওঁৰ ওখ ঠাই আৰু যজ্ঞবেদীবোৰ গুচুৱা নাই? “আৰু তোমালোকে একেটা যজ্ঞবেদীৰ আগত সেৱা কৰিব আৰু তাৰে ওপৰত ধূপ জলাব লাগিব এই বুলি জানো যিহূদা আৰু যিৰূচালেমত আজ্ঞা দিয়া নাই?”
Zdaliž jest sám Ezechiáš nepobořil výsostí jeho a oltářů jeho, a přikázal Judovi a obyvatelům Jeruzalémským, řka: Před jedním oltářem klaněti se budete, a na něm kaditi.
13 ১৩ মই আৰু মোৰ ওপৰ-পিতৃসকলে দেশবোৰৰ আটাই জাতিক কি কৰিলোঁ, সেই বিষয়ে তোমালোকে জানো নাজানা? সেই নানা দেশীয় জাতিবোৰৰ দেৱতাবোৰে জানো কোনো প্ৰকাৰে মোৰ হাতৰ পৰা নিজ নিজ দেশ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল?
Nevíte-liž, co jsem učinil já i otcové moji všechněm národům zemí? Zdaliž jak mohli bohové národů a zemí vytrhnouti země své z ruky mé?
14 ১৪ মোৰ ওপৰ পিতৃসকলে যিবোৰ জাতিক নিঃশেষে সংহাৰ কৰিছিল, তেওঁলোকৰ সকলো দেৱতাবোৰৰ মাজত কোনে নিজ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল যে, তোমালোকৰ ঈশ্বৰে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পাৰে?
Kdo byl mezi všemi bohy národů těch, kteréž jsou vyplénili otcové moji, kterýž by mohl vytrhnouti lid svůj z ruky mé? Aby pak mohl Bůh váš vytrhnouti vás z ruky mé?
15 ১৫ এই হেতুকে হিষ্কিয়াই তোমালোকক নুভুলাওঁক আৰু সেই দৰে তোমালোকৰ প্ৰবৃত্তি নজন্মাওঁক৷ আৰু তোমালোকে তাত প্ৰত্যয় নকৰিবা, কিয়নো মোৰ হাতৰ পৰা আৰু মোৰ ওপৰ পিতৃসকলৰ হাতৰ পৰা নিজ প্ৰজাসকলক উদ্ধাৰ কৰিবলৈ, কোনো জাতি কি ৰাজ্যৰ কোনো দেৱতাৰে সাধ্য নাছিল৷ তেন্তে তোমালোকৰ ঈশ্বৰে যে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব, ই তাতকৈ কিমান কম পৰিমাণে অসম্ভব।
Protož tedy nechť vás nesvodí Ezechiáš, ani vás namlouvá, aniž mu věřte. Kdyžtě nemohl žádný bůh všech národů a království vytrhnouti lidu svého z ruky mé, jako i z ruky otců mých, nadtoť ovšem bohové vaši nevytrhnou vás z ruky mé.
16 ১৬ চনহেৰীবৰ দাসবোৰে আনকি ঈশ্বৰ যিহোৱাৰ আৰু তেওঁৰ দাস হিষ্কিয়াৰ বিৰুদ্ধে আৰু অধিক কথা ক’লে।
Přes to ještě mluvili služebníci jeho i proti Hospodinu Bohu, i proti Ezechiášovi služebníku jeho.
17 ১৭ আৰু তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ঠাট্টা কৰিবলৈ আৰু তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ এইদৰে পত্ৰও লিখিছিল৷ তেওঁ কৈছিল যে, “নানা দেশীয় জাতি সমূহৰ দেৱতাবোৰে যেনেকৈ মোৰ হাতৰ পৰা নিজ নিজ প্ৰজাসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেনেকৈ হিষ্কিয়াৰ ঈশ্বৰেও তেওঁৰ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিব।”
Psal také listy, rouhaje se Hospodinu Bohu Izraelskému, a mluvě proti němu, řka: Jakož bohové národů zemských nevytrhli lidu svého z ruky mé, tak nevytrhne Bůh Ezechiášův lidu svého z ruky mé.
18 ১৮ তাৰ পাছত তেওঁলোকে নগৰ অধিকাৰ কৰি লোৱাৰ ছলেৰে, যিৰূচালেমৰ গড়ৰ ওপৰত থকা লোকসকলক ভয় দেখুৱাবলৈ আৰু বিহ্বল কৰিবলৈ ইব্ৰী ভাষাৰে তেওঁলোকলৈ বুলি বৰকৈ চিঞঁৰিবলৈ ধৰিলে।
Křičeli pak hlasem velikým Židovsky proti lidu Jeruzalémskému, kterýž byl na zdi, aby strach na ně pustili a předěsili je, aby tak vzali město.
19 ১৯ আৰু পৃথিবীত থকা আন জাতি সমূহৰ যি দেৱতাবোৰ মানুহৰ হাতেৰে সজা, সেইবোৰৰ বিষয়ে কোৱাৰ দৰে তেওঁলোকে যিৰূচালেমৰ ঈশ্বৰৰ বিষয়েও কথা ক’লে।
A tak mluvili o Bohu Jeruzalémském, jako o jiných bozích národů země, dílu rukou lidských.
20 ২০ পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে।
Tedy modlil se Ezechiáš král, a Izaiáš prorok syn Amosův z příčiny té, a volali k nebi.
21 ২১ তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে।
I poslal Hospodin anděla, kterýž vyhladil každého udatného i vývodu i kníže v vojště krále Assyrského, tak že se s hanbou velikou navrátil do země své. A když všel do chrámu boha svého, ti, kteříž vyšli z života jeho, zamordovali ho tam mečem.
22 ২২ সেইদৰে যিহোৱাই হিষ্কিয়াক আৰু যিৰূচালেম নিবাসীসকলক অচুৰীয়াৰ ৰজা চনহেৰীবৰ হাতৰ পৰা আৰু আন সকলোৰে হাতৰ পৰা নিস্তাৰ কৰিলে আৰু সকলোতে তেওঁলোকক চলাই নিলে।
A tak vysvobodil Hospodin Ezechiáše a obyvatele Jeruzalémské z ruky Senacheriba krále Assyrského, a z ruky všech, a provázel je všudy vůkol.
23 ২৩ তেতিয়া অনেক লোকে যিৰূচালেমলৈ বুলি যিহোৱাৰ উদ্দেশ্যে উপহাৰ আৰু যিহূদাৰ ৰজা হিষ্কিয়াৰ ওচৰলৈ বহুমুল্য বস্তু আনিলে যাতে তেতিয়াৰে পৰা এইদৰে তেওঁ সকলো জাতি সমূহৰ দৃষ্টিত মহান হ’ব।
Tedy mnozí přinášeli oběti Hospodinu do Jeruzaléma, ano i dary drahé Ezechiášovi králi Judskému, tak že potom vznešen jest u všech národů.
24 ২৪ সেই সময়ত হিষ্কিয়া নৰীয়া হৈ মৃত্যুশয্যাত পৰিল৷ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, তাতে যিহোৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয়, তাৰে এটা আচৰিত লক্ষণ দেখুৱালে।
V těch dnech roznemohl se Ezechiáš až k smrti, i modlil se Hospodinu. Kterýž promluvil k němu, a ukázal mu zázrak.
25 ২৫ কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল।
Ale Ezechiáš nebyl vděčen dobrodiní sobě učiněného, nebo pozdvihlo se srdce jeho. Pročež povstala proti němu prchlivost, i proti Judovi a Jeruzalému.
26 ২৬ অৱশ্যে হিষ্কিয়া আৰু যিৰূচালেম-নিবাসীসকলে নিজ নিজ মনৰ গৰ্ব বুজি নিজকে নম্ৰ কৰিলে, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ হিষ্কিয়াৰ ৰাজত্ব কালত সিদ্ধ কৰা নহ’ল।
Ale když se pokořil Ezechiáš pro to pozdvižení srdce svého i s obyvateli Jeruzalémskými, nepřišla na ně prchlivost Hospodinova za dnů Ezechiášových.
27 ২৭ হিষ্কিয়াৰ অধিক ধন আৰু সন্মান আছিল৷ তেওঁ নিজৰ বাবে ৰূপৰ, সোণৰ, বহুমুল্য বাখৰ, সুগন্ধিদ্ৰব্য, ঢালৰ আৰু সকলোবিধ বহুমুল্য পাত্ৰৰ ভঁৰাল ৰাখিছিল৷
Měl pak Ezechiáš bohatství a slávu velmi velikou; nebo nashromáždil sobě pokladů stříbra a zlata i kamení drahého a vonných věcí, i pavéz i všelijakých klénotů.
28 ২৮ আনকি তেওঁৰ শস্যৰ, দ্ৰাক্ষাৰস আৰু তেল আদি বস্তুৰ ভঁৰাল আৰু নানাবিধ পশুৰ ঘৰ আৰু মেৰ-ছাগৰ জাকৰ বাবে গঁৰাল যুগুত কৰিলে।
A měl špižírny pro úrody obilí, mstu, oleje, i stáje pro všeliká hovada a chlévy pro dobytek.
29 ২৯ লগত আৰু নিজৰ বাবে নানা নগৰ সাজিলে আৰু ষাঁড়-গৰু, মেৰ-ছাগৰ আদিৰ অনেক জাক লাভ কৰিলে, কিয়নো ঈশ্বৰে তেওঁ অতিশয় অধিক সম্পত্তি দিছিল।
Města také zdělal sobě, a měl bravů a skotů množství; nebo Bůh dal jemu zboží náramně veliké.
30 ৩০ এই হিষ্কিয়াই ওপৰৰ ফালে থকা গীহোন ভুমুকৰ মুখ বন্ধ কৰি পোনে পোনে দায়ুদৰ নগৰৰ পশ্চিম ফালেদি সেই পানী নমাই আনিছিল৷ হিষ্কিয়াই তেওঁৰ সকলো কাৰ্যত কৃতকাৰ্য হ’ল।
Tentýž Ezechiáš zasypal tok vody Gihonu hořejší, a přímo vedl jej dolů k západní straně města Davidova, a šťastně se vedlo Ezechiášovi ve všech skutcích jeho.
31 ৩১ কিন্তু দেশত ঘটা অদ্ভুত লক্ষণৰ বিষয়ে সুধিবলৈ বাবিলৰ অধ্যক্ষসকলে পঠোৱা দূতবোৰৰ কথাত হ’লে, ঈশ্বৰে তেওঁৰ মনৰ সকলো ভাব জানিবৰ বাবে পৰীক্ষা কৰিবলৈ তেওঁক ত্যাগ কৰিলে।
Toliko při poselství knížat Babylonských poslaných k němu, aby se vyptali na zázrak, kterýž se byl stal v zemi, opustil ho Bůh, aby ho zkusil, aby známé bylo všecko, co bylo v srdci jeho.
32 ৩২ হিষ্কিয়াৰ অৱশিষ্ট বৃত্তান্ত আৰু তেওঁৰ সৎকাৰ্য্যৰ কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ দৰ্শন-পত্ৰিকাত, যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে।
Jiné pak věci Ezechiášovy i pobožnost jeho zapsány jsou v proroctví Izaiáše proroka syna Amosova, a v knize o králích Judských a Izraelských.
33 ৩৩ পাছত হিষ্কিয়া তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ুদৰ সন্তান সকলৰ মৈদামনিৰ সকলোতকৈ ওখ ঠাইত তেওঁক মৈদাম দিলে৷ তেওঁৰ মৰণৰ কালত সমুদায় যিহূদা আৰু যিৰূচালেম-নিবাসীসকলে তেওঁক সন্মান কৰিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।
I usnul Ezechiáš s otci svými, a pochovali jej výše nad hroby potomků Davidových, a učinili jemu poctivost při smrti jeho všecken Juda i obyvatelé Jeruzalémští. A kraloval Manasses syn jeho místo něho.