< ২ বংশাবলি 3 >
1 ১ তেতিয়া যি ঠাইত যিহোৱাই চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, সেই যিৰূচালেমৰ মোৰিয়া পৰ্বতত যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দায়ূদে নিৰূপণ কৰি ৰখা যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইতে তেওঁ এয়া যুগুত কৰিলে।
Derpå tog Salomo fat på at bygge HERRENs Hus i Jerusalem på Morija Bjerg, hvor HERREN havde ladet sig til Syne for hans Fader David, på det Sted, David havde beredt, på Jebusiten Ornans Tærskeplads.
2 ২ তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনা তেওঁ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
Han tog fat på Byggearbejdet i den anden Måned i sit fjerde Regeringsår.
3 ৩ চলোমনে ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ যি ভিত্তিমূল স্থাপন কৰিলে, তাৰ জোখ এই - পূৰ্বকালৰ হাতৰ জোখেৰে তাৰ দীৰ্ঘ আছিল ষাঠি হাত আৰু বহলে বিশ হাত আছিল।
Målene på Grunden, som Salomo lagde ved Opførelsen af Guds Hus, var følgende: Længden var tresindstyve Alen efter gammelt Mål, Bredden tyve.
4 ৪ আৰু গৃহৰ বহল আনুসাৰে গৃহৰ সন্মুখৰ বাৰাণ্ডা বিশ হাত দীঘল আছিল৷ ইয়াৰ উচ্চতাও বিশ হাত ওখ আছিল আৰু চলোমনে তাৰ ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে।
Forhallen foran Templets Hellige var tyve Alen lang, svarende til Templets Bredde, og tyve Alen høj; og han overtrak den indvendig med purt Guld.
5 ৫ তেওঁ বৰ গৃহৰ দেৱালত দেবদাৰু কাঠ লগালে আৰু তেওঁ তাত উত্তম সোণৰ পতা মাৰিলে আৰু তাত খাজুৰ গছ আৰু শিকলিৰ আকৃতি কৰি দিলে।
Den store Hal dækkede han med Cyprestræ og overtrak den desuden med ægte Guld og prydede den med Palmer og Kranse.
6 ৬ আৰু তেওঁ শুভনীয় কৰিবলৈ গৃহটি মূল্যৱান পাথৰেৰে বিভূষিত কৰিলে; সেই সোণ পৰ্বয়িমৰ সোণ আছিল।
Han smykkede Hallen med Ædelsten; og Guldet var Parvajimguld;
7 ৭ তেওঁ গৃহৰ চতিত, দুৱাৰ-ডলিত, দেৱালত আৰু দুৱাৰত সোণৰ পতা মাৰিলে আৰু দেৱালত কৰূবৰ আকৃতি কাটিলে।
han overtrak Templet, Bjælkerne, Dørtærsklerne, Væggene og Dørfløjene med Guld og lod indgravere Keruber på Væggene.
8 ৮ আৰু তেওঁ অতি পবিত্ৰ গৃহ নিৰ্ম্মাণ কৰিলে৷ সেই গৃহৰ দীঘ বহল অনুসাৰে বিশ হাত আৰু বহল বিশ হাত৷ তেওঁ তাতে ছশ কিক্কৰ উত্তম সোণ লগালে।
Han byggede fremdeles det Allerhelligste; dets Længde på tværs af Templet var tyve Alen, dets Bredde tyve; og han overtrak det med ægte Guld til en Vægt af 600 Talenter.
9 ৯ গজালৰ সোণৰ জোখ পঞ্চাশ চেকল। তেওঁ ওপৰৰ কোঁঠালিবোৰতো সোণ লগালে।
Naglerne havde en Vægt af halvtredsindstyve Guldsekel; og Rummene på Taget overtrak han med Guld.
10 ১০ সেই অতি পবিত্ৰ গৃহত, তেওঁ খনিকৰৰ কাৰ্যেৰে দুটা কৰূব নিৰ্ম্মাণ কৰিলে আৰু কাৰিকৰৰ দ্ৱাৰাই তাত সোণৰ পতা মাৰিলে।
I det Allerhelligste satte han to Keruber i Billedskærerarbejde, og han overtrak dem med Guld.
11 ১১ সেই কৰূব দুটাৰ ডেউকা বিশ হাত দীঘল; সেয়ে গৃহৰ দেৱাল ঢুকি পোৱাকৈ এটাৰ এখন ডেউকা পাঁচ হাত দীঘল; সেয়ে দ্বিতীয় কৰূবৰ ডেউকা ঢুকি পোৱাকৈ আনখনো পাঁচ হাত দীঘল।
Kerubernes Vinger målte tilsammen tyve Alen i Længden; den enes ene Vinge, fem Alen lang, rørte Hallens ene Væg, medens den anden, fem Alen lang, rørte den andens Vinge;
12 ১২ গৃহৰ দেৱাল ঢুকি পোৱাকৈ আন কৰূবৰো এখন ডেউকা পাঁচ হাত দীঘল; আৰু সেয়ে আনটো কৰূবৰ ডেউকাত লাগি থকাকৈ আন খনো পাঁচ হাত দীঘল।
og den anden Kerubs ene Vinge, fem Alen lang, rørte Hallens modsatte Væg, medens den anden, fem Alen lang, nåede til den førsfe Kerubs Vinge.
13 ১৩ সেই কৰূব কেইটা ডেউকা মেলিলে বিশ হাত ঠাই জুৰে৷ সেই দুটাই গৃহৰ ফাললৈ মুখ কৰি ভৰিত ভৰ দি থিয় হৈ আছিল।
Disse Kerubers Vinger mnålte i deres fulde Udstrækning tyve Alen og de stod oprejst med Ansigtet indad.
14 ১৪ তেওঁ নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু সেন্দুৰ বৰণীয়া সূতা ও মিহি শণ সূতাৰে প্ৰভেদক বস্ত্ৰখন যুগুত কৰিলে আৰু তাত কৰূবৰ আকৃতি তুলি দিলে।
Tillige lavede han Forhænget af violet og rødt Purpur, karmoisinfarvet Stof og fint Linned og prvdede det med Keruber.
15 ১৫ আৰু তেওঁ গৃহৰ সন্মুখত পঁয়ত্ৰিশ হাত ওখ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে; এটা এটা স্তম্ভৰ মুৰৰ মাথলা পাঁচ হাতকৈ আছিল।
Foran Templet lavede han to Søjler. De var fem og tredive Alen høje, og Søjlehovedet oven på dem var fem Alen.
16 ১৬ আৰু তেওঁ শিকলি বনাই স্তম্ভৰ চাৰিওফালৰ মুৰত লগাই দিলে, আৰু এশ ডালিমো বনাই সেই শিকলিত লগাই দিলে।
Så lavede han Kranse som en Halskæde og anbragte dem øverst på Søjlerne, og fremdeles lavede han 100 Granatæbler og satte dem på Kransene.
17 ১৭ সেই দুটা স্তম্ভ তেওঁ মন্দিৰৰ আগত সোঁফালে এটা আৰু বাওঁফালে এটা স্থাপন কৰিলে; সোঁ ফালৰটোৰ নাম যাখীন আৰু বাওঁ ফালৰটোৰ নাম বোৱাজ ৰাখিলে।
Disse Søjler rejste han foran Helligdommen, en til højre og en til venstre: den højre kaldte han Jakin, den venstre Boaz.