< ২ বংশাবলি 29 >

1 হিষ্কিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ অবিয়া, জখৰিয়াৰ জীয়েক আছিল।
حزقیا بیست و پنج ساله بود که پادشاه شد و بیست و نه سال در اورشلیم سلطنت نمود، و اسم مادرش ابیه دختر زکریا بود.۱
2 তেওঁ ওপৰ পিতৃ দায়ূদে কৰা কৰ্মৰ দৰে সকলো কৰ্ম কৰিছিল, তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিল।
و او آنچه در نظر خداوند پسند بود، موافق هرآنچه پدرش داود کرده بود، به عمل آورد.۲
3 তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।
و در ماه اول از سال اول سلطنت خوددرهای خانه خداوند را گشوده، آنها را تعمیرنمود.۳
4 তেওঁ পুৰোহিত আৰু লেবীয়াসকলক মাতি আনি, পূবফালে থকা চোতালত তেওঁলোকক এক গোট কৰিছিল৷
و کاهنان و لاویان را آورده، ایشان را درمیدان شرقی جمع کرد.۴
5 তেওঁ তেখেতসকলক ক’লে, “হে লেবীয়াসকল, আপোনালোকে মোৰ কথা শুনক! আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অশুচি বস্তুবোৰ উলিয়াই পেলাওঁক।
و به ایشان گفت: «ای لاویان مرا بشنوید! الان خویشتن را تقدیس نمایید و خانه یهوه خدای پدران خود را تقدیس کرده، نجاسات را از قدس بیرون برید.۵
6 কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে।
زیرا که پدران ما خیانت ورزیده، آنچه در نظر یهوه خدای ما ناپسند بود به عمل آوردند و او را ترک کرده، روی خود را از مسکن خداوند تافتند وپشت به آن دادند.۶
7 তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে; তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম-বলি নিদিলে।
و درهای رواق را بسته، چراغها را خاموش کردند و بخور نسوزانیدند وقربانی های سوختنی در قدس خدای اسرائیل نگذرانیدند.۷
8 এই কাৰণে যিহূদা আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে আৰু আপোনালোকে নিজ চকুৰে এতিয়া দেখাৰ দৰে, ত্ৰাসৰ বিষয়, আচৰিত আৰু ঘৃণাৰ বিষয় হ’বলৈ তেওঁ তেওঁলোকক শোধাই দিলে।
پس خشم خداوند بر یهودا واورشلیم افروخته شد و ایشان را محل تشویش ودهشت و سخریه ساخت، چنانکه شما به چشمان خود می‌بینید.۸
9 এই কাৰণে আমাৰ পিতৃসকল তৰোৱালৰ আঘাতত পতিত হ’ল, আৰু আমাৰ পো, জী আৰু ভাৰ্য্যাসকলক এই কাৰণেই বন্দী কৰি নিয়া হ’ল।
و اینک پدران ما به شمشیر افتادند و پسران و دختران و زنان ما از این سبب به اسیری رفتند.۹
10 ১০ আমাৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যেন আতৰে, তাৰ বাবে তেৱেঁ সৈতে এটি নিয়ম-চুক্তি স্থাপন কৰিবলৈ এতিয়া মোৰ মনে স্থিৰ কৰিছে।
الان اراده دارم که بایهوه خدای اسرائیل عهد ببندم تا حدت خشم اواز ما برگردد.۱۰
11 ১১ হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন যিহোৱাৰ আগত থিয় হৈ তেওঁৰ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক ও ধূপ জ্বলাওঁতা হোৱা, এই কাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে।”
پس حال، ای پسران من، کاهلی مورزید زیرا خداوند شما را برگزیده است تا به حضور وی ایستاده، او را خدمت نمایید وخادمان او شده، بخور‌سوزانید.»۱۱
12 ১২ তেতিয়া সেই লেবীয়াসকল উঠিল: কহাতৰ সন্তান সকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ যোৱেল, মৰাৰীৰ সন্তান সকলৰ মাজৰ অব্দীৰ পুত্ৰ কীচ আৰু যিহল্লেলৰ পুত্ৰ অজৰিয়া; গেৰ্চোনীয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ যোৱাহ আৰু যোৱাহৰ পুত্ৰ এদন;
آنگاه بعضی از لاویان برخاستند یعنی ازبنی قهاتیان محت بن عماسای و یوئیل بن عزریا واز بنی مراری قیس بن عبدی و عزریا ابن یهللئیل واز جرشونیان یوآخ بن زمه و عیدن بن یوآخ.۱۲
13 ১৩ ইলিচাফনৰ সন্তান সকলৰ মাজৰ চিম্ৰী আৰু যুৱেল; আচফৰ সন্তান সকলৰ মাজৰ জখৰিয়া আৰু মত্তনিয়া;
واز بنی الیصافان شمری و یعیئیل و از بنی آساف زکریا و متنیا.۱۳
14 ১৪ হেমনৰ সন্তান সকলৰ মাজৰ যিহীয়েল আৰু চিমিয়ী আৰু যিদূথূনৰ সন্তান সকলৰ মাজৰ চময়িয়া আৰু উজ্জীয়েল৷
و از بنی هیمان یحیئیل و شمعی و از بنی یدوتون شمعیا و عزیئیل.۱۴
15 ১৫ তেওঁলোকে নিজৰ ভাইসকলক গোটাই নিজক পবিত্ৰ কৰিলে আৰু যিহোৱাৰ বাক্য অনুসাৰে অহা ৰজাৰ আজ্ঞা পালন কৰি যিহোৱাৰ গৃহ শুচি কৰিবলৈ সোমাল।
و برادران خود را جمع کرده، خویشتن را تقدیس نمودند وموافق فرمان پادشاه، برحسب کلام خداوند برای تطهیر خانه خداوند داخل شدند.۱۵
16 ১৬ পুৰোহিতসকলে শুচি কৰিবৰ অৰ্থে যিহোৱাৰ গৃহৰ ভিতৰলৈ গ’ল৷ যিহোৱাৰ মন্দিৰৰ ভিতৰত যি যি অশুচি বস্তু তেওঁলোকে পালে, সেই সকলোকে উলিয়াই আনি যিহোৱাৰ গৃহৰ চোতালত ৰাখিলে৷ পাছত লেবীয়াসকলে সেইবোৰ বাহিৰলৈ উলিয়াই আনিলে আৰু কিদ্ৰোণ জুৰিত পেলাই দিবৰ কাৰণে সেইবোৰ কঢ়িয়াই লৈ গ’ল।
و کاهنان به اندرون خانه خداوند رفته، آن را طاهر ساختند وهمه نجاسات را که در هیکل خداوند یافتند، به صحن خانه خداوند بیرون آوردند و لاویان آن راگرفته، خارج شهر به وادی قدرون بیرون بردند.۱۶
17 ১৭ এইদৰে তেওঁলোকে প্ৰথম মাহৰ প্ৰথম দিনা সেই গৃহ পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাহৰ অষ্টম দিনত যিহোৱাৰ গৃহৰ বাৰাণ্ডা পাইছিল৷ তেওঁলোকে আঠ দিনৰ ভিতৰত যিহোৱাৰ গৃহ পবিত্ৰ কৰিছিল; আৰু প্ৰথম মাহৰ ষোল্ল দিনৰ দিনা তেওঁলোকে কাম শেষ কৰিছিল।
و در غره ماه اول به تقدیس نمودنش شروع کردند، و در روز هشتم ماه به رواق خداوندرسیدند و در هشت روز خانه خداوند را تقدیس نموده، در روز شانزدهم ماه اول آن را به اتمام رسانیدند.۱۷
18 ১৮ পাছত তেওঁলোকে ৰজা হিষ্কিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “আমি যিহোৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোম-বেদি আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন-পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ।
پس نزد حزقیا پادشاه به اندرون قصر داخل شده، گفتند: «تمامی خانه خداوند ومذبح قربانی سوختنی و همه اسبابش و میز نان تقدمه را با همه آلاتش طاهر ساختیم.۱۸
19 ১৯ তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্যলঙ্ঘন কৰি যি যি পাত্ৰ পেলাই দিছিল, সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওঁক, সেইবোৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত আছে।”
و تمامی اسبابی که آحاز پادشاه در ایام سلطنتش حینی که خیانت ورزید دور انداخت ما آنها را مهیا ساخته، تقدیس نمودیم و اینک پیش مذبح خداوندحاضر است.»۱۹
20 ২০ তেতিয়া হিষ্কিয়া ৰজাই অতি পুৱাই উঠি নগৰৰ অধ্যক্ষসকলক গোট খুৱালে আৰু তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গ’ল।
پس حزقیا پادشاه صبح زود برخاست وروسای شهر را جمع کرده، به خانه خداوندبرآمد.۲۰
21 ২১ তেতিয়া তেওঁলোকে ৰাজ্যৰ, ধৰ্মধামৰ আৰু যিহূদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে সাতোটা ভতৰা, সাতোটা মতা ভেড়া, সাতোটা ভেড়া পোৱালি আৰু সাতোটা মতা ছাগলী অানিলে৷ তাতে তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰোণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে।
و ایشان هفت گاو و هفت قوچ و هفت بره و هفت بز نر آوردند تا برای مملکت و قدس ویهودا قربانی گناه بشود و او پسران هارون کهنه رافرمود تا آنها را بر مذبح خداوند بگذرانند.۲۱
22 ২২ এই হেতুকে, তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে; আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে; আৰু ভেড়া পোৱালিবোৰ মাৰি, সেইবোৰৰ তেজ বেদীত ছটিয়ালে।
پس گاوان را کشتند و کاهنان، خون را گرفته بر مذبح پاشیدند و قوچها را کشته خون را بر مذبح پاشیدند و بره‌ها را کشته خون را بر مذبح پاشیدند.۲۲
23 ২৩ পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে৷ তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে।
پس بزهای قربانی گناه را به حضور پادشاه وجماعت نزدیک آورده، دستهای خود را بر آنهانهادند.۲۳
24 ২৪ তাতে পুৰোহিতসকলে সেইবোৰ মাৰি গোটেই ইস্ৰায়েলক প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে, বেদীত পাপনাশক নৈবেদ্ৰস্বৰূপে সেইবোৰৰ তেজ চতিয়াই দিলে; কিয়নো গোটেই ইস্ৰায়েলৰ কাৰণে হোমবলি আৰু পাপাৰ্থক বলি দান কৰিবলৈ ৰজাই আজ্ঞা দিছিল।
و کاهنان آنها را کشته، خون را بر مذبح برای قربانی گناه گذرانیدند تا به جهت تمامی اسرائیل کفاره بشود زیرا که پادشاه فرموده بود که قربانی سوختنی و قربانی گناه به جهت تمامی اسرائیل بشود.۲۴
25 ২৫ হিষ্কিয়াই ৰজা দায়ূদৰ দৰ্শক গাদ আৰু নাথন ভাববাদীৰ আজ্ঞা অনুসাৰে তাল, নেবল আৰু বীণা লোৱা লেবীয়াসকলক যিহোৱাৰ গৃহত উপস্থিত কৰালে; কিয়নো যিহোৱাই তেওঁৰ ভাববাদীসকলৰ দ্বাৰাই ইয়াকে কৰিবলৈ আজ্ঞা দিছিল।
و او لاویان را با سنجها و بربطها و عودهابرحسب فرمان داود و جاد، رایی پادشاه و ناتان نبی در خانه خداوند قرار داد زیرا که این حکم ازجانب خداوند به‌دست انبیای او شده بود.۲۵
26 ২৬ এই হেতুকে লেবীয়াসকলে দায়ূদৰ বাদ্যযন্ত্ৰ আৰু পুৰোহিতসকলে তুৰী হাতত লৈ থিয় হ’ল।
پس لاویان با آلات داود و کاهنان با کرناها ایستادند.۲۶
27 ২৭ পাছত হিষ্কিয়াই যজ্ঞবেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে৷ যেতিয়া হোমৰ আৰম্ভ হ’ল, তেতিয়া তুৰীৰ লগতে ইস্ৰায়েলৰ ৰজা দায়ূদৰ বাদ্যযন্ত্ৰৰে সৈতে যিহোৱাৰ গান আৰম্ভ হ’ল।
و حزقیا امر فرمود که قربانی های سوختنی رابر مذبح بگذرانند و چون به گذرانیدن قربانی سوختنی شروع نمودند، سرودهای خداوند را بناکردند و کرناها در عقب آلات داود، پادشاه اسرائیل، نواخته شد.۲۷
28 ২৮ তাতে গোটেই সমাজে প্ৰণিপাত কৰিলে৷ গায়কসকলে গীত গালে আৰু তুৰী বজোৱাসকলে তুৰী বজালে; হোম-বলি শেষ নোহোৱালৈকে এনেদৰেই চলি থাকিল।
و تمامی جماعت سجده کردند و مغنیان سراییدند و کرنانوازان نواختند وهمه این کارها می‌شد تا قربانی سوختنی تمام گردید.۲۸
29 ২৯ হোম-বলি শেষ হোৱাৰ পাছত, ৰজা আৰু তেওঁৰ লগৰ সকলো মানুহে আঁঠুকাঢ়ি প্ৰণিপাত কৰিলে।
و چون قربانی های سوختنی تمام شد، پادشاه و جمیع حاضرین با وی رکوع کرده، سجده نمودند.۲۹
30 ৩০ ইয়াৰ বাহিৰেও হিষ্কিয়া আৰু অধ্যক্ষসকলে, দায়ুদ আৰু আচফ দৰ্শকে লিখা বাক্যেৰে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবীয়াসকলক আজ্ঞা দিলে৷ তেওঁলোকে আনন্দেৰে প্ৰশংশাৰ গান কৰিলে আৰু মূৰ দোঁৱাই প্ৰণিপাত কৰিলে।
و حزقیا پادشاه و روسا لاویان را امر فرمودند که به کلمات داود و آساف رایی برای خداوند تسبیح بخوانند. پس با شادمانی تسبیح خواندند و رکوع نموده، سجده کردند.۳۰
31 ৩১ তেতিয়া হিষ্কিয়াই উত্তৰ দি ক’লে, “এতিয়া আপোনালোকে যিহোৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে; আপোনালোক ওচৰলৈ আহক আৰু যিহোৱাৰ গৃহলৈ মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক।” তেতিয়া সমাজে মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি অানিলে আৰু যিমান লোকৰ ইচ্ছা আছিল, সেই সকলোৱেও হোম-বলি আনিলে।
پس حزقیا جواب داده، گفت: «حال خویشتن را برای خداوند تقدیس نمودید. پس نزدیک آمده، قربانی‌ها و ذبایح تشکر به خانه خداوند بیاورید.» آنگاه جماعت قربانی‌ها وذبایح تشکر آوردند و هر‌که از دل راغب بودقربانی های سوختنی آورد.۳۱
32 ৩২ সমাজে অনা হোম-বলিৰ সংখ্যা এনে; সত্তৰটা ষাঁড়, এশ মতা মেৰ-ছাগ আৰু দুশ মেৰ-ছাগ পোৱালি৷ এই সকলো যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি আছিল।
و عدد قربانی های سوختنی که جماعت آوردند، هفتاد گاو و صدقوچ و دویست بره بود. همه اینها قربانی های سوختنی برای خداوند بود.۳۲
33 ৩৩ আৰু ছশ ষাঁড়, তিনি হাজাৰ মেৰ-ছাগ আৰু ছাগলী পবিত্ৰ কৰা হ’ল।
و عدد موقوفات ششصد گاو و سه هزار گوسفند بود.۳۳
34 ৩৪ কিন্তু পুৰোহিতসকল তাকৰ হোৱা বাবে, তেওঁলোকে আটাইবোৰ হোম-বলিৰ ছাল বখলিয়াবলৈ অসমৰ্থক হ’ল; এই বাবে সেই কাম নোহোৱালৈকে, আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে; কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবীয়াসকলৰ মন অধিক সৰল আছিল।
و چون کاهنان کم بودند و به پوست کندن همه قربانی های سوختنی قادر نبودند، برادران ایشان لاویان، ایشان را مدد کردند تا کار تمام شد و تاکاهنان، خود را تقدیس نمودند زیرا که دل لاویان از کاهنان برای تقدیس نمودن خود مستقیم تربود.۳۴
35 ৩৫ তাৰ ওপৰিও মঙ্গলাৰ্থক বলিবোৰৰ তেলেৰে আৰু হোম-বলিবোৰৰ উপযুক্ত পেয় নৈবেদ্যেৰে সৈতে সেই হোম-বলি অধিক আছিল। এইদৰে যিহোৱাৰ গৃহৰ সম্বন্ধীয় কাৰ্য পৰিপাটিকৈ চলিছিল।
و قربانی های سوختنی نیز با پیه ذبایح سلامتی و هدایای ریختنی برای هر قربانی سوختنی، بسیار بود. پس خدمت خانه خداوندآراسته شد.۳۵
36 ৩৬ ঈশ্বৰে এইদৰে লোকসকলৰ মন যুগুত কৰা বাবে, হিষ্কিয়া আৰু আন সকলো লোকে আনন্দ কৰিলে; কিয়নো এই কাম সোনকালে কৰা হৈছিল।
و حزقیا و تمامی قوم شادی کردند چونکه خدا قوم را مستعد ساخته بود زیرااین امر ناگهان واقع شد.۳۶

< ২ বংশাবলি 29 >