< ২ বংশাবলি 29 >
1 ১ হিষ্কিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ অবিয়া, জখৰিয়াৰ জীয়েক আছিল।
Igitur Ezechias regnare cœpit, cum viginti quinque esset annorum, et viginti novem annis regnavit in Jerusalem: nomen matris ejus Abia filia Zachariæ.
2 ২ তেওঁ ওপৰ পিতৃ দায়ূদে কৰা কৰ্মৰ দৰে সকলো কৰ্ম কৰিছিল, তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিল।
Fecitque quod erat placitum in conspectu Domini, juxta omnia quæ fecerat David pater ejus.
3 ৩ তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।
Ipse, anno et mense primo regni sui, aperuit valvas domus Domini, et instauravit eas.
4 ৪ তেওঁ পুৰোহিত আৰু লেবীয়াসকলক মাতি আনি, পূবফালে থকা চোতালত তেওঁলোকক এক গোট কৰিছিল৷
Adduxitque sacerdotes atque Levitas, et congregavit eos in plateam orientalem.
5 ৫ তেওঁ তেখেতসকলক ক’লে, “হে লেবীয়াসকল, আপোনালোকে মোৰ কথা শুনক! আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অশুচি বস্তুবোৰ উলিয়াই পেলাওঁক।
Dixitque ad eos: Audite me, Levitæ, et sanctificamini: mundate domum Domini Dei patrum vestrorum, et auferte omnem immunditiam de sanctuario.
6 ৬ কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে।
Peccaverunt patres nostri, et fecerunt malum in conspectu Domini Dei nostri, derelinquentes eum: averterunt facies suas a tabernaculo Domini, et præbuerunt dorsum.
7 ৭ তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে; তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম-বলি নিদিলে।
Clauserunt ostia quæ erant in porticu, et extinxerunt lucernas, incensumque non adoleverunt, et holocausta non obtulerunt in sanctuario Deo Israël.
8 ৮ এই কাৰণে যিহূদা আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে আৰু আপোনালোকে নিজ চকুৰে এতিয়া দেখাৰ দৰে, ত্ৰাসৰ বিষয়, আচৰিত আৰু ঘৃণাৰ বিষয় হ’বলৈ তেওঁ তেওঁলোকক শোধাই দিলে।
Concitatus est itaque furor Domini super Judam et Jerusalem, tradiditque eos in commotionem, et in interitum, et in sibilum, sicut ipsi cernitis oculis vestris.
9 ৯ এই কাৰণে আমাৰ পিতৃসকল তৰোৱালৰ আঘাতত পতিত হ’ল, আৰু আমাৰ পো, জী আৰু ভাৰ্য্যাসকলক এই কাৰণেই বন্দী কৰি নিয়া হ’ল।
En corruerunt patres nostri gladiis: filii nostri, et filiæ nostræ, et conjuges captivæ ductæ sunt propter hoc scelus.
10 ১০ আমাৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যেন আতৰে, তাৰ বাবে তেৱেঁ সৈতে এটি নিয়ম-চুক্তি স্থাপন কৰিবলৈ এতিয়া মোৰ মনে স্থিৰ কৰিছে।
Nunc ergo placet mihi ut ineamus fœdus cum Domino Deo Israël, et avertet a nobis furorem iræ suæ.
11 ১১ হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন যিহোৱাৰ আগত থিয় হৈ তেওঁৰ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক ও ধূপ জ্বলাওঁতা হোৱা, এই কাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে।”
Filii mei, nolite negligere: vos elegit Dominus ut stetis coram eo, et ministretis illi, colatisque eum, et cremetis ei incensum.
12 ১২ তেতিয়া সেই লেবীয়াসকল উঠিল: কহাতৰ সন্তান সকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ যোৱেল, মৰাৰীৰ সন্তান সকলৰ মাজৰ অব্দীৰ পুত্ৰ কীচ আৰু যিহল্লেলৰ পুত্ৰ অজৰিয়া; গেৰ্চোনীয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ যোৱাহ আৰু যোৱাহৰ পুত্ৰ এদন;
Surrexerunt ergo Levitæ: Mahath filius Amasai, et Joël filius Azariæ de filiis Caath: porro de filiis Merari, Cis filius Abdi, et Azarias filius Jalaleel. De filiis autem Gersom, Joah filius Zemma, et Eden filius Joah.
13 ১৩ ইলিচাফনৰ সন্তান সকলৰ মাজৰ চিম্ৰী আৰু যুৱেল; আচফৰ সন্তান সকলৰ মাজৰ জখৰিয়া আৰু মত্তনিয়া;
At vero de filiis Elisaphan, Samri, et Jahiel. De filiis quoque Asaph, Zacharias, et Mathanias:
14 ১৪ হেমনৰ সন্তান সকলৰ মাজৰ যিহীয়েল আৰু চিমিয়ী আৰু যিদূথূনৰ সন্তান সকলৰ মাজৰ চময়িয়া আৰু উজ্জীয়েল৷
necnon de filiis Heman, Jahiel, et Semei: sed et de filiis Idithun, Semeias, et Oziel.
15 ১৫ তেওঁলোকে নিজৰ ভাইসকলক গোটাই নিজক পবিত্ৰ কৰিলে আৰু যিহোৱাৰ বাক্য অনুসাৰে অহা ৰজাৰ আজ্ঞা পালন কৰি যিহোৱাৰ গৃহ শুচি কৰিবলৈ সোমাল।
Congregaveruntque fratres suos, et sanctificati sunt, et ingressi sunt juxta mandatum regis et imperium Domini, ut expiarent domum Dei.
16 ১৬ পুৰোহিতসকলে শুচি কৰিবৰ অৰ্থে যিহোৱাৰ গৃহৰ ভিতৰলৈ গ’ল৷ যিহোৱাৰ মন্দিৰৰ ভিতৰত যি যি অশুচি বস্তু তেওঁলোকে পালে, সেই সকলোকে উলিয়াই আনি যিহোৱাৰ গৃহৰ চোতালত ৰাখিলে৷ পাছত লেবীয়াসকলে সেইবোৰ বাহিৰলৈ উলিয়াই আনিলে আৰু কিদ্ৰোণ জুৰিত পেলাই দিবৰ কাৰণে সেইবোৰ কঢ়িয়াই লৈ গ’ল।
Sacerdotes quoque ingressi templum Domini ut sanctificarent illud, extulerunt omnem immunditiam quam intro repererant in vestibulo domus Domini: quam tulerunt Levitæ, et asportaverunt ad torrentem Cedron foras.
17 ১৭ এইদৰে তেওঁলোকে প্ৰথম মাহৰ প্ৰথম দিনা সেই গৃহ পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাহৰ অষ্টম দিনত যিহোৱাৰ গৃহৰ বাৰাণ্ডা পাইছিল৷ তেওঁলোকে আঠ দিনৰ ভিতৰত যিহোৱাৰ গৃহ পবিত্ৰ কৰিছিল; আৰু প্ৰথম মাহৰ ষোল্ল দিনৰ দিনা তেওঁলোকে কাম শেষ কৰিছিল।
Cœperunt autem prima die mensis primi mundare, et in die octavo ejusdem mensis ingressi sunt porticum templi Domini, expiaveruntque templum diebus octo, et in die sextadecima mensis ejusdem, quod cœperant, impleverunt.
18 ১৮ পাছত তেওঁলোকে ৰজা হিষ্কিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “আমি যিহোৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোম-বেদি আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন-পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ।
Ingressi quoque sunt ad Ezechiam regem, et dixerunt ei: Sanctificavimus omnem domum Domini, et altare holocausti, vasaque ejus, necnon et mensam propositionis cum omnibus vasis suis,
19 ১৯ তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্যলঙ্ঘন কৰি যি যি পাত্ৰ পেলাই দিছিল, সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওঁক, সেইবোৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত আছে।”
cunctamque templi supellectilem, quam polluerat rex Achaz in regno suo, postquam prævaricatus est: et ecce exposita sunt omnia coram altare Domini.
20 ২০ তেতিয়া হিষ্কিয়া ৰজাই অতি পুৱাই উঠি নগৰৰ অধ্যক্ষসকলক গোট খুৱালে আৰু তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গ’ল।
Consurgensque diluculo Ezechias rex, adunavit omnes principes civitatis, et ascendit in domum Domini:
21 ২১ তেতিয়া তেওঁলোকে ৰাজ্যৰ, ধৰ্মধামৰ আৰু যিহূদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে সাতোটা ভতৰা, সাতোটা মতা ভেড়া, সাতোটা ভেড়া পোৱালি আৰু সাতোটা মতা ছাগলী অানিলে৷ তাতে তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰোণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে।
obtuleruntque simul tauros septem, et arietes septem, agnos septem, et hircos septem pro peccato, pro regno, pro sanctuario, pro Juda: dixitque sacerdotibus filiis Aaron, ut offerrent super altare Domini.
22 ২২ এই হেতুকে, তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে; আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে; আৰু ভেড়া পোৱালিবোৰ মাৰি, সেইবোৰৰ তেজ বেদীত ছটিয়ালে।
Mactaverunt igitur tauros, et susceperunt sanguinem sacerdotes, et fuderunt illum super altare: mactaverunt etiam arietes, et illorum sanguinem super altare fuderunt, immolaveruntque agnos, et fuderunt super altare sanguinem.
23 ২৩ পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে৷ তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে।
Applicuerunt hircos pro peccato coram rege, et universa multitudine, imposueruntque manus suas super eos:
24 ২৪ তাতে পুৰোহিতসকলে সেইবোৰ মাৰি গোটেই ইস্ৰায়েলক প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে, বেদীত পাপনাশক নৈবেদ্ৰস্বৰূপে সেইবোৰৰ তেজ চতিয়াই দিলে; কিয়নো গোটেই ইস্ৰায়েলৰ কাৰণে হোমবলি আৰু পাপাৰ্থক বলি দান কৰিবলৈ ৰজাই আজ্ঞা দিছিল।
et immolaverunt illos sacerdotes, et asperserunt sanguinem eorum coram altare pro piaculo universi Israëlis: pro omni quippe Israël præceperat rex ut holocaustum fieret, et pro peccato.
25 ২৫ হিষ্কিয়াই ৰজা দায়ূদৰ দৰ্শক গাদ আৰু নাথন ভাববাদীৰ আজ্ঞা অনুসাৰে তাল, নেবল আৰু বীণা লোৱা লেবীয়াসকলক যিহোৱাৰ গৃহত উপস্থিত কৰালে; কিয়নো যিহোৱাই তেওঁৰ ভাববাদীসকলৰ দ্বাৰাই ইয়াকে কৰিবলৈ আজ্ঞা দিছিল।
Constituit quoque Levitas in domo Domini cum cymbalis, et psalteriis, et citharis secundum dispositionem David regis, et Gad videntis, et Nathan prophetæ: siquidem Domini præceptum fuit per manum prophetarum ejus.
26 ২৬ এই হেতুকে লেবীয়াসকলে দায়ূদৰ বাদ্যযন্ত্ৰ আৰু পুৰোহিতসকলে তুৰী হাতত লৈ থিয় হ’ল।
Steteruntque Levitæ tenentes organa David, et sacerdotes tubas.
27 ২৭ পাছত হিষ্কিয়াই যজ্ঞবেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে৷ যেতিয়া হোমৰ আৰম্ভ হ’ল, তেতিয়া তুৰীৰ লগতে ইস্ৰায়েলৰ ৰজা দায়ূদৰ বাদ্যযন্ত্ৰৰে সৈতে যিহোৱাৰ গান আৰম্ভ হ’ল।
Et jussit Ezechias ut offerrent holocausta super altare: cumque offerrentur holocausta, cœperunt laudes canere Domino, et clangere tubis, atque in diversis organis quæ David rex Israël præparaverat, concrepare.
28 ২৮ তাতে গোটেই সমাজে প্ৰণিপাত কৰিলে৷ গায়কসকলে গীত গালে আৰু তুৰী বজোৱাসকলে তুৰী বজালে; হোম-বলি শেষ নোহোৱালৈকে এনেদৰেই চলি থাকিল।
Omni autem turba adorante, cantores, et ii qui tenebant tubas, erant in officio suo donec compleretur holocaustum.
29 ২৯ হোম-বলি শেষ হোৱাৰ পাছত, ৰজা আৰু তেওঁৰ লগৰ সকলো মানুহে আঁঠুকাঢ়ি প্ৰণিপাত কৰিলে।
Cumque finita esset oblatio, incurvatus est rex, et omnes qui erant cum eo, et adoraverunt.
30 ৩০ ইয়াৰ বাহিৰেও হিষ্কিয়া আৰু অধ্যক্ষসকলে, দায়ুদ আৰু আচফ দৰ্শকে লিখা বাক্যেৰে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবীয়াসকলক আজ্ঞা দিলে৷ তেওঁলোকে আনন্দেৰে প্ৰশংশাৰ গান কৰিলে আৰু মূৰ দোঁৱাই প্ৰণিপাত কৰিলে।
Præcepitque Ezechias et principes Levitis, ut laudarent Dominum sermonibus David, et Asaph videntis: qui laudaverunt eum magna lætitia, et incurvato genu adoraverunt.
31 ৩১ তেতিয়া হিষ্কিয়াই উত্তৰ দি ক’লে, “এতিয়া আপোনালোকে যিহোৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে; আপোনালোক ওচৰলৈ আহক আৰু যিহোৱাৰ গৃহলৈ মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক।” তেতিয়া সমাজে মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি অানিলে আৰু যিমান লোকৰ ইচ্ছা আছিল, সেই সকলোৱেও হোম-বলি আনিলে।
Ezechias autem etiam hæc addidit: Implestis manus vestras Domino: accedite, et offerte victimas et laudes in domo Domini. Obtulit ergo universa multitudo hostias, et laudes, et holocausta, mente devota.
32 ৩২ সমাজে অনা হোম-বলিৰ সংখ্যা এনে; সত্তৰটা ষাঁড়, এশ মতা মেৰ-ছাগ আৰু দুশ মেৰ-ছাগ পোৱালি৷ এই সকলো যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি আছিল।
Porro numerus holocaustorum quæ obtulit multitudo, hic fuit: tauros septuaginta, arietes centum, agnos ducentos.
33 ৩৩ আৰু ছশ ষাঁড়, তিনি হাজাৰ মেৰ-ছাগ আৰু ছাগলী পবিত্ৰ কৰা হ’ল।
Sanctificaveruntque Domino boves sexcentos, et oves tria millia.
34 ৩৪ কিন্তু পুৰোহিতসকল তাকৰ হোৱা বাবে, তেওঁলোকে আটাইবোৰ হোম-বলিৰ ছাল বখলিয়াবলৈ অসমৰ্থক হ’ল; এই বাবে সেই কাম নোহোৱালৈকে, আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে; কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবীয়াসকলৰ মন অধিক সৰল আছিল।
Sacerdotes vero pauci erant, nec poterant sufficere ut pelles holocaustorum detraherent: unde et Levitæ fratres eorum adjuverunt eos, donec impleretur opus, et sanctificarentur antistites: Levitæ quippe faciliori ritu sanctificantur quam sacerdotes.
35 ৩৫ তাৰ ওপৰিও মঙ্গলাৰ্থক বলিবোৰৰ তেলেৰে আৰু হোম-বলিবোৰৰ উপযুক্ত পেয় নৈবেদ্যেৰে সৈতে সেই হোম-বলি অধিক আছিল। এইদৰে যিহোৱাৰ গৃহৰ সম্বন্ধীয় কাৰ্য পৰিপাটিকৈ চলিছিল।
Fuerunt ergo holocausta plurima, adipes pacificorum, et libamina holocaustorum: et completus est cultus domus Domini.
36 ৩৬ ঈশ্বৰে এইদৰে লোকসকলৰ মন যুগুত কৰা বাবে, হিষ্কিয়া আৰু আন সকলো লোকে আনন্দ কৰিলে; কিয়নো এই কাম সোনকালে কৰা হৈছিল।
Lætatusque est Ezechias et omnis populus, eo quod ministerium Domini esset expletum: de repente quippe hoc fieri placuerat.