< ২ বংশাবলি 28 >
1 ১ আহজে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল, বিশ বছৰ; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, সেয়া তেওঁ নকৰিলে৷
Ahaz xɔ ƒe blaeve esi wòzu fia eye wòɖu fia ƒe wuiade le Yerusalem, ke mewɔ nu si dzɔ le Yehowa ŋkume abe tɔgbuia David ene o.
2 ২ তাৰ পৰিৱর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; আনকি তেওঁ বাল দেৱতাৰ প্ৰতিমাবোৰ কেচাঁ লো সাঁচত ঢালি সাজিছিল।
Edze fia siwo nɔ Israel la ƒe kpɔɖeŋuwo yome eye wòsubɔ Baal ƒe legbawo.
3 ৩ তাৰ ওপৰি যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা দূৰ কৰা জাতি সমূহৰ ঘিণলগা ৰীতিৰ দৰে, তেওঁ হিন্নোমৰ উপত্যকাত ধূপ জ্বলাইছিল আৰু তেওঁৰ নিজৰ সন্তান সকলক জুইত দগ্ধ কৰিছিল।
Edea Ben Hinom ƒe Balime gɔ̃ hã, menye be yeado dzudzɔ na legbawo ko o, ke boŋ etsɔ eya ŋutɔ viawo sa vɔe le dzo me abe ale si trɔ̃subɔla siwo Yehowa nya le anyigba la dzi be Israel nakpɔ teƒe la wɔna ene.
4 ৪ তেওঁ পবিত্ৰ ঠাইবোৰত, পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
Esa vɔ eye wòdoa dzudzɔ hã le nuxeƒewo le toawo dzi kple le vɔsamlekpui geɖe siwo le atiwo te la dzi.
5 ৫ এই হেতুকে তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁক অৰামৰ ৰজাৰ হাতত শোধাই দিছিল৷ তাতে অৰামীয়াসকলে তেওঁক পৰাজয় কৰিলে আৰু তেওঁৰ অনেক লোকক বন্দী কৰি দম্মেচকলৈ লৈ গ’ল। আহজক ইস্ৰায়েলৰ ৰজাৰ হাততো সমৰ্পণ কৰা হ’ল, যিজনে মহা-সংহাৰেৰে তেওঁক পৰাজয় কৰিলে৷
Nu sia ta Yehowa Mawu tsɔe de asi na Aram fia eye wosii heɖe aboyo eƒe ame geɖewo yi Damasko. Wotsɔe de asi na Israel fia hã, ame si sii vevie ŋutɔ.
6 ৬ কিয়নো আহজৰ লোকসকল তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিলে, সেই বাবে ৰমলিয়াৰ পুত্ৰ পেকহে যিহূদাৰ এক লাখ বিশ হাজাৰ লোকক একে দিনাই বধ কৰিলে; তেওঁলোক সকলোৱেই বীৰপুৰুষ আছিল৷
Le ŋkeke ɖeka pɛ aɖe dzi la, Peka, Remalia ƒe vi, wu Yudatɔwo ƒe aʋawɔla kalẽtɔ akpe alafa ɖeka blaeve sɔŋ elabena wotrɔ le Yehowa, wo fofowo ƒe Mawu, yome.
7 ৭ জিখ্ৰী নামেৰে এজন শক্তিশালী ইফ্ৰিমীয়া বীৰে ৰাজকোঁৱৰ মাচেয়াক, ঘৰগিৰী অজ্ৰীকামক আৰু ৰজাৰ প্ৰধান মন্ত্ৰী ইল্কানাক বধ কৰিলে।
Emegbe la, Zikri, aʋawɔla sesẽ aɖe, tso Efraim, wu fiavi, Maaseya kple fia la ƒe kpeɖeŋutɔ, Azrikam kple Elkana, ame si nye ŋusẽtɔ evelia kplɔ fia la ɖo.
8 ৮ তাতে ইস্ৰায়েলৰ সন্তান সকলে, তেওঁলোকৰ দুই লাখ লোকক তেওঁলোকৰ পত্নী আৰু তেওঁলোকৰ ল’ৰা ছোৱালীসকল বন্দী কৰি লৈ গ’ল৷ তেওঁলোকে অনেক বস্তু লুট কৰিলে, আৰু সেই লুটদ্ৰব্যবোৰ চমৰিয়ালৈ লৈ গ’ল।
Israelviwo ƒe aʋakɔwo ɖe aboyo Yudatɔwo ƒe nyɔnu kple ɖevi akpe alafa eve eye woha afunyinu geɖewo tsɔ yi Samaria.
9 ৯ কিন্তু ওদেদ নামেৰে যিহোৱাৰ এজন ভাববাদী সেই ঠাইত আছিল৷ তেওঁ চমৰিয়ালৈ অহা সেই সৈন্যসামন্তৰ লগত সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল৷ তেওঁ তেওঁলোকক ক’লে, “কিয়নো তোমালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা যিহূদালৈ ক্ৰুদ্ধ হ’ল, সেই কাৰণে তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে; তাতে তোমালোকে আকাশ ঢুকি পোৱা ক্ৰোধেৰে তেওঁলোকক বধ কৰিলা।
Ke Obed, Yehowa ƒe nyagblɔɖila aɖe nɔ afi ma le Samaria. Èɖado go aʋakɔ si trɔ gbɔna aƒe eye wòdo ɣli be, “Kpɔ ɖa! Yehowa, mia fofowo ƒe Mawu, do dɔmedzoe ɖe Yuda ŋu eye wòna miesi eƒe amewo eye miewu wo nublanuimakpɔmakpɔtɔe. Nu sia medze dziƒo blibo la ŋu o.
10 ১০ এতিয়া যিহূদাৰ আৰু যিৰূচালেমৰ লোকসকলক তোমালোকৰ বন্দী আৰু বেটী কৰি, বশত ৰাখিবলৈ মন কৰিছাহঁক৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তোমালোকৰ নিজৰো জানো পাপবোৰ নাই?
Azɔ la, ɖe miele nana ge Yudatɔwo kple Yerusalemtɔwo siaa nazu kluviwoa? Mieɖo ŋku miawo ŋutɔ ƒe nu vɔ̃ gbogbo siwo miewɔ ɖe Yehowa, míaƒe Mawu ŋuti dzi oa?
11 ১১ এই হেতুকে এতিয়া মোৰ কথা শুনা: তোমালোকৰ ভাইসকলৰ মাজৰ পৰা বন্দী কৰি অনা লোকসকলক ঘূৰাই পঠিওৱা; কিয়নো যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰতো আছে।”
Miɖo tom eye miagbugbɔ miaƒe ƒometɔwo ayi wo dewoe kpoo elabena azɔ la, Yehowa ƒe dɔmedzoe le bibim sesĩe ɖe mia ŋu.”
12 ১২ তেতিয়া ইফ্ৰয়িমৰ সন্তান সকলৰ মাজৰ নির্দিষ্ট কিছুমান অধ্যক্ষ - যিহোহানৰ পুত্ৰ অজৰিয়া, মচিল্লেমোটৰ পুত্ৰ বেৰেখিয়া, চল্লূমৰ পুত্ৰ যিহিষ্কিয়া আৰু সদলয়ৰ পুত্ৰ অমাচাই যুদ্ধ যাত্ৰাৰ পৰা ঘূৰি অহা লোকসকলৰ বিৰুদ্ধে উঠিল;
Efraim ƒe kplɔlawo ƒe amegã aɖewo hã ƒo nu tsi tsitre ɖe nuwɔna sia ŋu. Ame siawoe nye Azaria, Yehohanan ƒe vi kple Berekia, Mesilemɔt ƒe vi kple Yehizkiya, Salum ƒe vi kple Amasa, Hadlai ƒe vi.
13 ১৩ তেওঁলোকে তেওঁলোকক ক’লে, “তোমালোকে বন্দী কৰি অনা লোকসকলক এই ঠাইলৈ নানিবা, কিয়নো আমাৰ পাপ আৰু দোষবোৰ বঢ়াবৰ অৰ্থে তোমালোকে যিহোৱাৰ গুৰিত আমাক পুনৰ দোষী কৰিবলৈ মন কৰিছাহঁক; কাৰণ আমাৰ দোষ অধিক আৰু ইস্ৰায়েলৰ ওপৰত প্ৰচণ্ড ক্ৰোধ আছে।”
Wogblɔ be, “Miekpɔ mɔ akplɔ aboyomeawo va afi sia o. Ne miekplɔ wo vɛ la, Yehowa ado dɔmedzoe eye nu vɔ̃ sia akpe ɖe miaƒe nu vɔ̃ bubu geɖeawo ŋu. Dɔmedzoe si Mawu do ɖe mía ŋu la, sɔ gbɔ xoxo.”
14 ১৪ তেতিয়া অস্ত্ৰধাৰী লোকসকলে বন্দী কৰি অনা সেই লোকসকলক আৰু লুটদ্ৰব্যবোৰ অধ্যক্ষসকলৰ আৰু সকলো সমাজৰ আগত এৰি থৈ গ’ল।
Ale asrafomegãwo tsɔ aboyomeawo kple afunyinuawo de asi na dukɔa kplɔlawo be woabu ta me tso nu si woawɔ kple wo la ŋu.
15 ১৫ পাছত অধ্যক্ষসকলৰ দ্ৱাৰাই যিসকলক নাম ধৰি নিযুক্ত কৰা হৈছিল, সেই লোকসকল উঠি আহিল। তেওঁলোকে বন্দী কৰি অনা লোকসকলক লৈ আহিল আৰু সেই লুটদ্ৰব্যৰ বস্তুবোৰ ল’লে, পাছত উদঙে থকা লোকসকলক তেওঁলোকে কাপোৰ পিন্ধালে৷ তেওঁলোকৰ গাত কাপোৰ আৰু ভৰিত পাদুকা দিলে৷ তেওঁলোকক ভোজন পান কৰালে৷ তেওঁলোকৰ আঘাত পোৱা ঘা-বোৰত তেল লগালে আৰু তেওঁলোকৰ মাজৰ অতিশয় দুর্বল লোকসকলক গাধবোৰৰ ওপৰত তুলি দিলে৷ পাছত সেই লোকসকলক যিৰীহো নগৰত থকা তেওঁলোকৰ পৰিয়ালবোৰৰ ওচৰলৈ তেওঁলোকে লৈ গ’ল৷ এই ঠাইক খেজুৰৰ নগৰ বুলি কোৱা হয়৷ তাৰ পাছত তেওঁলোক চমৰিয়ালৈ ঘূৰি আহিল।
Ame ene siwo woyɔ va yi la, ma awuwo tso afunyinuawo me na nyɔnu kple ɖevi siwo hiã awuwo eye wotsɔ afɔkpawo, nuɖuɖu kple wain na wo. Wotsɔ dɔnɔwo kple ame tsitsiwo ɖe tedziwo dzi, gbugbɔ wo yi na woƒe ƒometɔwo le Yeriko, Detiwo Ƒe Du me eye ame siwo kplɔ wo yi la trɔ va Samaria.
16 ১৬ সেই সময়ত ৰজা আহজে সাহায্য অনুৰোধ কৰি অচুৰীয়া ৰজাসকলৰ ওচৰলৈ তেওঁৰ দূত পঠিয়ালে।
Le ɣe ma ɣi me la, fia Ahaz dɔ ame ɖo ɖe Asiria fiawo be woava xɔ na ye.
17 ১৭ কিয়নো ইদোমীয়াসকলে পুনৰ আহি যিহূদাক পৰাজয় কৰি অনেক লোকক বন্দী কৰি লৈ গৈছিল।
Edomtɔwo gava dze Yuda dzi eye woɖe aboyo ameawo
18 ১৮ পলেষ্টীয়াসকলেও নিম্ন ভূমিৰ আৰু যিহূদাৰ দক্ষিণ অঞ্চলৰ নগৰবোৰ আক্ৰমণ কৰিছিল৷ তেওঁলোকে বৈৎচেমচ, অয়ালোন, গদেৰো, উপনগৰে সৈতে চোকো, উপনগৰে সৈতে তিম্না আৰু উপনগৰে সৈতে গিমজো অধীনত কৰি লৈছিল আৰু সেইবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল।
le esime Filistitɔwo va ha du siwo nɔ togbeawo dzi kple esiwo nɔ Negev le Yuda. Woxɔ du siawo: Bet Semes, Aiyalon kple Gederot Timna, Soko kple Gimzo kpakple kɔƒe siwo ƒo xlã wo eye wonɔ wo me.
19 ১৯ ইস্ৰায়েলৰ ৰজা আহজৰ কাৰণে যিহোৱাই যিহূদাক নত কৰিলে; কিয়নো তেওঁ যিহূদাত কুআচৰণ আৰু যিহোৱাৰ বিৰুদ্ধে অতিশয় অপৰাধ কৰিছিল।
Esia va eme elabena Yehowa bɔbɔ Yuda ɖe anyi le Yuda fia, Ahaz ƒe nu vɔ̃ɖiwo wɔwɔ ta elabena egblẽ Yudatɔwo ƒe gbɔgbɔmegbenɔnɔ me eye menɔ Yehowa yome o.
20 ২০ পাছত অচুৰৰ তিলগৎ-পিলনেচৰ ৰজা তেওঁৰ ওচৰলৈ আহি তেওঁক বলৱান নকৰি তেওঁক কষ্টহে দিলে।
Ke esi Asiria fia Tilgat Pilneser va ɖo la, eɖe fu na Fia Ahaz le esime wòakpe ɖe eŋu teƒe.
21 ২১ কিয়নো অচুৰৰ ৰজাক মূল্যৱান বস্তুবোৰ দিবলৈ আহজে যিহোৱাৰ গৃহৰ আৰু ৰাজ গৃহৰ পৰা আৰু অধ্যক্ষসকলৰ পৰা ধন সম্পত্তি লৈছিল৷ কিন্তু ইয়াৰ দ্বাৰাই তেওঁৰ একো উপকাৰ নহ’ল৷
Ale, Ahaz tsɔ nu siwo le Yehowa ƒe gbedoxɔ la kple fiasã la me ƒe akpa aɖewo kpakple dɔnunɔlawo tɔ hetsɔ na Asiria fia la gake egbe kpekpe ɖe eŋu.
22 ২২ ৰজা আহজে তেওঁৰ দুখৰ কালতো যিহোৱাৰ বিৰুদ্ধে অধিককৈ অপৰাধ কৰিছিল।
Fia Ahaz ŋlɔ Mawu be le eƒe xaxaɣi sia me.
23 ২৩ কিয়নো তেওঁ নিজকে পৰাজয় কৰা দম্মেচকীয় দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল৷ তেওঁ কৈছিল, “অৰামীয়া ৰজাসকলৰ দেৱতাবোৰে অৰামীয়াসকলক সহায় কৰিলে; এই হেতুকে ময়ো তেওঁলোকৰ উদ্দেশ্যে বলিদান কৰিম; তেতিয়া তেওঁলোকে মোকো সহায় কৰিব।” কিন্তু সেইবোৰেই তেওঁৰ আৰু গোটেই ইস্ৰায়েলৰ সৰ্ব্বনাশৰ কাৰণ হ’ল।
Esa vɔ na Damaskotɔ siwo ɖu edzi le aʋa me la ƒe mawuwo elabena ebu be, mawu siawoe kpe ɖe Siria fia ŋu eya ta woakpe ɖe ye hã ŋu ne yesa vɔ na wo. Ke mawu mawo boŋue he dzɔgbevɔ̃e va eya ŋutɔ kple Israel katã dzi.
24 ২৪ পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি ডোখৰ ডোখৰ কৰিছিল৷ তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু যিৰূচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞ-বেদী সাজিছিল।
Fia la tsɔ sikatreawo tso gbedoxɔ la me eye wògbã wo kakɛkakɛ. Etu gbedoxɔ la ƒe ʋɔtruwo ale be ame aɖeke magasubɔ Mawu le afi ma o eye wòɖi vɔsamlekpuiwo ɖe Yerusalem ƒe dzogoe ɖe sia ɖe dzi.
25 ২৫ তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ক্ৰোধিত হ’বলৈ এইদৰে উত্তেজিত কৰিছিল৷
Gawu la, ewɔ nu ma ke le Yuda ƒe du ɖe sia ɖe me eye wòto esia me do dɔmedzoe na Yehowa, wo fofowo ƒe Mawu.
26 ২৬ এতিয়া তেওঁ কৰা সকলো কৰ্ম আৰু তেওঁৰ চৰিত্ৰৰ বৃত্তান্ত প্ৰথমৰে পৰা শেষলৈকে সকলো কথা যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
Woŋlɔ nu tso Fia Ahazia ƒe agbenɔnɔ kple nuwɔwɔ bubuawo tso gɔmedzedzea va se nuwuwu ŋu ɖe Yuda fiawo kple Israel fiawo ƒe ŋutinyagbalẽwo me.
27 ২৭ আহজ তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত লোকসকলে তেওঁক ইস্ৰায়েলৰ ৰজাসকলৰ মৈদামনীত মৈদাম নিদিলে, কিন্তু যিৰূচালেম নগৰৰ মাজত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ হিষ্কিয়া তেওঁৰ পদত ৰজা হ’ল।
Esi Fia Ahaz ku la, woɖii ɖe Yerusalem du la me, ke menye ɖe fiawo ƒe ɖiƒe o, eye via Hezekia zu fia ɖe eteƒe.