< ২ বংশাবলি 27 >

1 যোথমে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাক চাদোকৰ জীয়েক যিৰূচা আছিল।
Yotamu anakhala mfumu ali ndi zaka 25 ndipo analamulira mu Yerusalemu kwa zaka 16. Dzina la amayi ake linali Yerusa mwana wa Zadoki.
2 তেওঁ নিজ পিতৃ উজ্জিয়াৰ সকলো কাৰ্যৰ দৰেই, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে৷ আনকি তেওঁ যিহোৱাৰ মন্দিৰত ধূপ জলাবলৈ সোমোৱা নাছিল৷ কিন্তু লোকসকলে কু-আচৰণ কৰিয়েই থাকিল।
Iye anachita zolungama pamaso pa Yehova, monga anachitira Uziya abambo ake, kupatula kuti iyeyo sanalowe mʼNyumba ya Yehova. Komabe anthu anapitirira kuchita zoyipa.
3 তেওঁ যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু ওফেলৰ গড়ৰ অনেক ঠাই পুনৰায় নিৰ্ম্মাণ কৰিলে৷
Yotamu anamanganso chipata chakumtunda cha Nyumba ya Yehova ndipo anagwira ntchito yayikulu yomanga khoma la ku phiri la Ofeli.
4 আনকি যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত নগৰবোৰ সাজিলে আৰু নানা কাঠনিত দুৰ্গ আৰু ওখ ঘৰবোৰ সাজিলে।
Iye anamanga mizinda mʼmapiri a ku Yuda ndipo anamanganso malinga ndi nsanja mʼmadera a ku nkhalango.
5 তেওঁ অম্মোনৰ সন্তান সকলৰ ৰজাৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে৷ তাতে অম্মোনৰ সন্তান সকলে সেই একে বছৰত তেওঁক এশ কিক্কৰ ৰূপ, দহ হাজাৰ কোৰ ঘেঁহু আৰু দহ হাজাৰ কোৰ যৱ ধান দিলে৷ দ্বিতীয় আৰু তৃতীয় বছৰতো অম্মোনৰ সন্তান সকলে তেওঁক একেদৰেই দিলে।
Yotamu anachita nkhondo ndi mfumu ya Aamoni ndipo anawagonjetsa. Chaka chimenecho Aamoni anapereka makilogalamu 3,400, matani 1,000 a tirigu ndiponso matani 1,000 a barele. Aamoni anabweretsa zinthu zomwezi chaka chachiwiri ndi chachitatu.
6 এইদৰে যোথম শক্তিশালী হ’ল, কিয়নো তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে নিজ পথত দৃঢ়তাৰে চলিছিল৷
Yotamu anakula mphamvu chifukwa anayenda molungama pamaso pa Yehova Mulungu wake.
7 যোথমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো যুদ্ধ আৰু সকলো স্বভাৱ চৰিত্ৰৰ কথা ইস্ৰায়েল আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
Zina ndi zina zokhudza ulamuliro wa Yotamu, kuphatikizapo nkhondo zake zonse ndi zinthu zina zimene anachita, zinalembedwa mʼbuku la mafumu a Israeli ndi Yuda.
8 তেওঁ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল পঁচিশ বছৰ; ৰজা হৈ তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিলে।
Iye anakhala mfumu ali ndi zaka 25 ndipo analamulira mu Yerusalemu kwa zaka 16.
9 যোথম তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আহজ, তেওঁৰ পদত ৰজা হৈছিল।
Yotamu anamwalira ndipo anayikidwa mʼmanda mu Mzinda wa Davide. Ndipo Ahazi mwana wake analowa ufumu mʼmalo mwake.

< ২ বংশাবলি 27 >