< ২ বংশাবলি 26 >

1 পাছত যিহূদাৰ সকলো লোকে ষোল্ল বছৰ বয়সীয়া উজ্জিয়াক, তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিছিল।
Тот попорул дин Иуда а луат пе Озия, каре ера ын вырстэ де шайспрезече ань, ши л-а пус ымпэрат ын локул татэлуй сэу, Амация.
2 তেৱেঁই এলত নগৰ পুনৰ সাজিছিল আৰু পুনৰায় তাক যিহূদাৰ অধীনত ৰাখিছিল। তাৰ পাছত ৰজাই তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল।
Озия а ынтэрит Елотул ши л-а адус ярэшь суб стэпыниря луй Иуда дупэ че а адормит ымпэратул ку пэринций сэй.
3 উজ্জিয়াই ষোল্ল বছৰ বয়সত তেওঁৰ ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত বাৱন্ন বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাতৃ যিখলিয়া, যিৰূচালেম নিবাসিনী আছিল।
Озия авя шайспрезече ань кынд а ажунс ымпэрат ши а домнит чинчзечь ши дой де ань ла Иерусалим. Мама са се кема Иеколия, дин Иерусалим.
4 তেওঁ নিজ পিতৃ অমচিয়াৰ সকলো কাৰ্য অনুসৰণ কৰিছিল আৰু যিহোৱাৰ দৃষ্টিত যি ন্যায় সেয়ে কৰিছিল।
Ел а фэкут че есте бине ынаинтя Домнулуй, ынтокмай кум фэкусе татэл сэу, Амация.
5 তেওঁ জখৰিয়াৰ জীৱন কালত ঈশ্বৰক বিচাৰিবলৈ স্থিৰ কৰিছিল; তেওঁ ঈশ্ৱৰক মানি চলাৰ কাৰণে জখৰিয়াই তেওঁক উপদেশ দিছিল৷ তেওঁ যিমান কাল ঈশ্বৰক বিচাৰিলে, সিমান কাল ঈশ্বৰে তেওঁক সফল হ’বলৈ দিছিল।
А кэутат пе Думнезеу ын тимпул веций луй Захария, каре причепя веденииле луй Думнезеу. Ши, ын тимпул кынд а кэутат пе Домнул, Думнезеу л-а фэкут сэ пропэшяскэ.
6 পাছত উজ্জিয়াই যাত্ৰাত ওলাই গৈ পলেষ্টীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ তেওঁ গাত, যবনি আৰু অচ্‌দোদৰ গড়বোৰ ভাঙি পেলাইছিল আৰু অচদোদৰ অঞ্চলৰ লগতে ফিলিষ্টীয়াসকলৰ মাজত কেইবাখনো নগৰ সাজিছিল।
А порнит ку рэзбой ымпотрива филистенилор. А дэрымат зидуриле Гатулуй, зидуриле Иабней ши зидуриле Асдодулуй ши а зидит четэць ын цинутул Асдодулуй ши ынтре филистень.
7 ঈশ্বৰে পলেষ্টীয়াসকল, গূৰ-বালত থকা আৰবীয়াসকল আৰু মায়োনীয়াসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছিল।
Думнезеу л-а ажутат ымпотрива филистенилор, ымпотрива арабилор каре локуяу ла Гур-Баал ши ымпотрива маоницилор.
8 তেতিয়া অম্মোনীয়াসকলে উজ্জিয়াক উপহাৰ দিছিল; আৰু তেওঁৰ যশস্যা মিচৰৰ প্ৰৱেশ কৰা ঠাইলৈকে বিয়পি পৰিছিল, কিয়নো তেওঁ নিজকে অতিশয় বলৱান কৰি তুলিছিল।
Амониций адучяу дарурь луй Озия, ши файма луй с-а ынтинс пынэ ла хотареле Еӂиптулуй, кэч а ажунс фоарте путерник.
9 উজ্জিয়াই যিৰূচালেমৰ চুকৰ দুৱাৰ, উপত্যকাৰ দুৱাৰ আৰু গড়ৰ চুকত থকা দুর্গ বোৰ সাজিছিল, আৰু সেইবোৰ সুৰক্ষিত কৰিছিল।
Озия а зидит турнурь ла Иерусалим пе Поарта Унгюлуй, пе Поарта Вэий ши пе унгь ши ле-а ынтэрит.
10 ১০ তেওঁ মৰুপ্ৰান্তত পহৰা দিয়াৰ কাৰণে স্তম্ভবোৰ সাজিছিল আৰু অনেক নাদ খান্দিছিল; কাৰণ তেওঁৰ নিম্ন ভূমিত ও সমথলতো অনেক পশুৰ জাক আছিল৷ পৰ্বতত আৰু পথাৰবোৰত তেওঁৰ খেতিয়কসকল আৰু দ্ৰাক্ষাখেতি কৰোঁতাসকল আছিল, কাৰণ তেওঁ কৃষি কৰ্ম ভাল পাইছিল।
А зидит турнурь ын пустиу ши а сэпат мулте фынтынь, пентру кэ авя мулте турме ын вэй ши ын кымпие, ши плугарь ши виерь ын мунць ши ла Кармел, кэч ый плэчя лукраря пэмынтулуй.
11 ১১ উজ্জিয়াৰ যুদ্ধ কৰোঁতা সৈন্যসামন্তও আছিল। তেওঁলোকে ৰজাৰ সেনাপতি হননিয়াৰ অধীনত আছিল। যিয়ীয়েল লিখক আৰু মাচেয়া শাসনকৰ্ত্তাৰ হতুৱাই লিখা সংখ্যা অনুসাৰে তেওঁলোকে দল বান্ধি যুদ্ধ যাত্ৰা কৰিছিল।
Озия авя о оасте де осташь каре мерӂяу ла рэзбой ын чете, сокотите дупэ нумэрэтоаря фэкутэ де логофэтул Иеиел ши дрегэторул Маасея ши пусе суб порунчиле луй Ханания, уна дин кэпетенииле ымпэратулуй.
12 ১২ পিতৃ-বংশৰ প্ৰধান পৰাক্ৰমী বীৰসকলৰ সংখ্যা সৰ্বমুঠ দুই হাজাৰ ছশ লোক আছিল।
Тот нумэрул капилор каселор пэринтешть, ал витежилор, ера де доуэ мий шасе суте.
13 ১৩ তেওঁলোকৰ অধীনত শত্ৰুৰ বিৰুদ্ধে ৰজাৰ সহায় কৰিবৰ অৰ্থে, পৰাক্ৰমেৰে যুদ্ধ কৰোঁতা তিনি লাখ সাত হাজাৰ পাঁচশ লোক আছিল।
Ей порунчяу песте о оасте де трей суте шапте мий чинч суте де осташь ын старе сэ ажуте пе ымпэрат ымпотрива врэжмашулуй.
14 ১৪ উজ্জিয়াই সেই আটাই সৈন্যসামন্তৰ কাৰণে ঢাল, যাঠী, শিৰোৰক্ষক টুপি, কৱচ, ধনু আৰু ফিঙ্গাৰ শিল যুগুত কৰি ৰাখিছিল।
Озия ле-а дат пентру тоатэ оштиря скутурь, сулице, койфурь, платоше, аркурь ши праштий.
15 ১৫ তেওঁ নিপুণ লোকসকলৰ বুদ্ধিৰে সজা যন্ত্ৰ যিৰূচালেমত যুগুত কৰাই, সেইবোৰেৰে কাঁড় আৰু ডাঙৰ শিলবোৰ মাৰি পঠিয়াবৰ বাবে দূর্গবোৰৰ ওপৰত আৰু চিদ্ৰ থকা স্তম্ভবোৰত সেই যন্ত্ৰবোৰ ৰাখিছিল। পাছত তেওঁ বৰকৈ সহায় পাই অতি শক্তিমান হৈ উঠিছিল। এইদৰে তেওঁৰ যশস্যা দূৰ দেশলৈকে বিয়পি গৈছিল।
А фэкут ла Иерусалим машинь искодите де ун мештер, каре авяу сэ фие ашезате пе турнурь ши пе унгюрь, ка сэ арунче сэӂець ши петре марь. Файма луй с-а ынтинс пынэ департе, кэч а фост ажутат ын кип минунат пынэ че а ажунс фоарте путерник.
16 ১৬ কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।
Дар, кынд а ажунс путерник, инима и с-а ынэлцат ши л-а дус ла пеире. А пэкэтуит ымпотрива Домнулуй Думнезеулуй сэу, интрынд ын Темплул Домнулуй ка сэ ардэ тэмые пе алтарул тэмыерий.
17 ১৭ তাতে অজৰিয়া পুৰোহিত আৰু তেওঁৰ লগত যিহোৱাৰ আশীজন সাহসিয়াল পুৰুষ পুৰোহিত তেওঁৰ পাছত সোমাল।
Преотул Азария а интрат дупэ ел ку оптзечь де преоць ай Домнулуй, оамень де инимэ,
18 ১৮ তেওঁলোকে উজ্জিয়া ৰজাৰ সম্মুখত থিয় হৈ তেওঁক ক’লে, “হে উজ্জিয়া, যিহোৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই; কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰীকৃত হোৱা হাৰোণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰ স্থানৰ পৰা বাহিৰ হওঁক, কিয়নো আপুনি সত্যলঙ্ঘন কৰিলে৷ ইয়াতে ঈশ্বৰ যিহোৱাৰ পৰা আপুনি সন্মান নাপাব।”
каре с-ау ымпотривит ымпэратулуй Озия ши й-ау зис: „Н-ай дрептул, Озия, сэ адучь тэмые Домнулуй! Дрептул ачеста ыл ау преоций, фиий луй Аарон, каре ау фост сфинциць ка с-о адукэ. Ешь дин Сфынтул Локаш, кэч фачь ун пэкат! Ши лукрул ачеста ну-ць ва фаче чинсте ынаинтя Домнулуй Думнезеу.”
19 ১৯ তাতে উজ্জিয়াৰ বৰ খং উঠিল৷ সেই সময়ত ধূপ জ্বলাবৰ বাবে তেওঁৰ হাতত এটা ধূপাধাৰ আছিল৷ পুৰোহিতসকললৈ তেওঁৰ খং উঠাৰ সময়ত, মন্দিৰত পুৰোহিতসকলৰ সন্মুখত ধূপবেদীৰ ওচৰত তেওঁৰ কপালত কুষ্ঠ ৰোগ ওলাই পৰিল।
Озия с-а мыният. Ын мынэ авя о кэделницэ. Ши, кум с-а мыният пе преоць, й-а избукнит лепра пе фрунте, ын фаца преоцилор, ын Каса Домнулуй, лынгэ алтарул тэмыерий.
20 ২০ তেতিয়া অজৰিয়া, প্ৰধান পুৰোহিত আৰু আন পুৰোহিতসকলে তেওঁলৈ চালে আৰু তেওঁৰ কপালত কুষ্ঠ ৰোগ হোৱা দেখিলে। তেতিয়া তেওঁক সেই ঠাইৰ পৰা বেগাই খেদি দিলে; তেওঁ নিজেও বাহিৰলৈ যাবৰ বাবে খৰখেদা কৰিলে; কিয়নো যিহোৱাই তেওঁক আঘাত কৰিছিল৷
Мареле преот Азария ши тоць преоций шь-ау ындрептат привириле спре ел ши ятэ кэ ера плин де лепрэ пе фрунте. Л-ау скос репеде афарэ ши ел ынсушь с-а грэбит сэ ясэ, пентру кэ Домнул ыл ловисе.
21 ২১ তেতিয়াৰে পৰা ৰজা উজ্জিয়া মৃত্যুৰ দিনলৈকে কুষ্ঠৰোগী হৈ থাকিল৷ তেওঁ বেলেগ ঘৰত বাস কৰিছিল; কিয়নো তেওঁ কুষ্ঠৰোগী আছিল। তেওঁক যিহোৱাৰ মন্দিৰৰ পৰা বিচ্ছেদ কৰা হৈছিল; তাতে তেওঁৰ পুত্ৰ যোথমে ৰাজগৃহৰ অধ্যক্ষ হৈ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
Ымпэратул Озия а фост лепрос пынэ ын зиуа морций ши а локуит ынтр-о касэ деосебитэ ка лепрос, кэч а фост изгонит дин Каса Домнулуй. Ши фиул сэу Иотам ера ын фрунтя касей ымпэратулуй ши жудека попорул цэрий.
22 ২২ উজ্জিয়াৰ বিশেষ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে সকলো কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে লিখা পুস্তকত আছে।
Челелалте фапте але луй Озия, челе динтый ши челе де пе урмэ, ау фост скрисе де Исая, фиул луй Амоц, пророкул.
23 ২৩ পাছত উজ্জিয়া তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল; তেওঁলোকে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত, ৰজাসকলৰ মৈদামনীত তেওঁক মৈদাম দিলে৷ কাৰণ তেওঁলোকে কৈছিল, “তেওঁ কুষ্ঠৰোগী।” তাৰ পাছত তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।
Озия а адормит ку пэринций сэй. Ши л-ау ынгропат ку пэринций сэй ын огорул де ынмормынтаре ал ымпэрацилор, кэч зичяу: „Есте лепрос.” Ын локул луй, а домнит фиул сэу Иотам.

< ২ বংশাবলি 26 >