< ২ বংশাবলি 26 >
1 ১ পাছত যিহূদাৰ সকলো লোকে ষোল্ল বছৰ বয়সীয়া উজ্জিয়াক, তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিছিল।
၁ယုဒပြည်သူပြည်သားအပေါင်းတို့သည်၊ အသက်တဆယ်ခြောက်နှစ်ရှိသော သားတော်ဩဇိကို ယူ၍ ခမည်းတော် အာမဇိအရာ၌ နန်းတင်ကြ၏။
2 ২ তেৱেঁই এলত নগৰ পুনৰ সাজিছিল আৰু পুনৰায় তাক যিহূদাৰ অধীনত ৰাখিছিল। তাৰ পাছত ৰজাই তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল।
၂ထိုမင်းသည် ခမည်းတော်သေသောနောက်၊ ဧလုတ်မြို့ကို ပြုစု၍ ယုဒနိုင်ငံထဲသို့ သွင်းပြန်၏။
3 ৩ উজ্জিয়াই ষোল্ল বছৰ বয়সত তেওঁৰ ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত বাৱন্ন বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাতৃ যিখলিয়া, যিৰূচালেম নিবাসিনী আছিল।
၃ဩဇိသည် အသက်တဆယ်ခြောက်နှစ်ရှိသော်၊ နန်းထိုင်၍ ယေရုရှလင်မြို့၌ ငါးဆယ်နှစ်နှစ်စိုးစံလေ၏။ မယ်တော်ကား၊ ယေရုရှလင်မြို့သူ ယေခေါလိ အမည် ရှိ၏။
4 ৪ তেওঁ নিজ পিতৃ অমচিয়াৰ সকলো কাৰ্য অনুসৰণ কৰিছিল আৰু যিহোৱাৰ দৃষ্টিত যি ন্যায় সেয়ে কৰিছিল।
၄ထိုမင်းသည် ခမည်းတော် အာမဇိပြုသမျှ အတိုင်း၊ ထာဝရဘုရားရှေ့တော်၌ တရားသောအမှုကို ပြု၏။
5 ৫ তেওঁ জখৰিয়াৰ জীৱন কালত ঈশ্বৰক বিচাৰিবলৈ স্থিৰ কৰিছিল; তেওঁ ঈশ্ৱৰক মানি চলাৰ কাৰণে জখৰিয়াই তেওঁক উপদেশ দিছিল৷ তেওঁ যিমান কাল ঈশ্বৰক বিচাৰিলে, সিমান কাল ঈশ্বৰে তেওঁক সফল হ’বলৈ দিছিল।
၅ဘုရားသခင်၏ ဗျာဒိတ်ရူပါရုံကို နားလည် သော ဇာခရိလက်ထက်၌၊ ဩဇိမင်းသည် ဘုရားသခင်ကို ဆည်းကပ်၏။ ထာဝရဘုရားကို ဆည်းကပ်သော ကာလပတ်လုံး၊ ဘုရားသခင်သည် အကြံထမြောက် ရသော အခွင့်ကို ပေးတော်မူ၏။
6 ৬ পাছত উজ্জিয়াই যাত্ৰাত ওলাই গৈ পলেষ্টীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ তেওঁ গাত, যবনি আৰু অচ্দোদৰ গড়বোৰ ভাঙি পেলাইছিল আৰু অচদোদৰ অঞ্চলৰ লগতে ফিলিষ্টীয়াসকলৰ মাজত কেইবাখনো নগৰ সাজিছিল।
၆ထိုမင်းသည် စစ်ချီ၍ ဖိလိတ္တိလူတို့ကို တိုက် သဖြင့်၊ ဂါသမြို့ရိုး၊ ယာဗနေမြို့ရိုး၊ အာဇုတ်မြို့ရိုးတို့ကို ဖြိုဖျက်ပြီးမှ၊ အာဇုတ်မြို့ပတ်လည်၊ ဖိလိတ္တိပြည်အရပ် ရပ်၌ မြို့သစ်တို့ကို တည်ထောင်လေ၏။
7 ৭ ঈশ্বৰে পলেষ্টীয়াসকল, গূৰ-বালত থকা আৰবীয়াসকল আৰু মায়োনীয়াসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছিল।
၇ဘုရားသခင်သည် ဖိလိတ္တိလူ၊ ဂုရဗာလမြို့မှာ နေသောအာရပ်လူ၊ မဟုနိမ်လူတို့တဘက်၌ သူ့ကို မစတော် မူ၏။
8 ৮ তেতিয়া অম্মোনীয়াসকলে উজ্জিয়াক উপহাৰ দিছিল; আৰু তেওঁৰ যশস্যা মিচৰৰ প্ৰৱেশ কৰা ঠাইলৈকে বিয়পি পৰিছিল, কিয়নো তেওঁ নিজকে অতিশয় বলৱান কৰি তুলিছিল।
၈အမ္မုန်အမျိုးသားတို့သည်လည်း၊ ဩဇိမင်းအား လက်ဆောင်ပဏ္ဍာတို့ကို ဆက်ကြ၏။ သူသည် အလွန် ကိုယ်ကိုယ်ခိုင်ခံ့စေသဖြင့်၊ သိတင်းတော်သည် အဲဂုတ္တု ပြည်တိုင်အောင် ကျော်စောလေ၏။
9 ৯ উজ্জিয়াই যিৰূচালেমৰ চুকৰ দুৱাৰ, উপত্যকাৰ দুৱাৰ আৰু গড়ৰ চুকত থকা দুর্গ বোৰ সাজিছিল, আৰু সেইবোৰ সুৰক্ষিত কৰিছিল।
၉ဩဇိမင်းသည် ယေရုရှလင်မြို့ ထောင့်တံခါး၊ ချိုင့်တံခါး၊ မြို့ရိုးကွေ့တံခါး၌ ရဲတိုက်တို့ကို တည်၍ ခိုင်ခံ့စေ၏။
10 ১০ তেওঁ মৰুপ্ৰান্তত পহৰা দিয়াৰ কাৰণে স্তম্ভবোৰ সাজিছিল আৰু অনেক নাদ খান্দিছিল; কাৰণ তেওঁৰ নিম্ন ভূমিত ও সমথলতো অনেক পশুৰ জাক আছিল৷ পৰ্বতত আৰু পথাৰবোৰত তেওঁৰ খেতিয়কসকল আৰু দ্ৰাক্ষাখেতি কৰোঁতাসকল আছিল, কাৰণ তেওঁ কৃষি কৰ্ম ভাল পাইছিল।
၁၀တော၌လည်းရဲတိုက်တို့ကို တည်၏။ ရေတွင်း များကိုလည်း တူ၏။ ချိုင့်ဝှမ်းရာ အရပ်နှင့်မြေညီရာ အရပ်၌ များစွာသော သိုးနွားတို့ကို ဆည်းဖူး၍ တောင် အရပ်၊ မြေကောင်းသောအရပ်၌ လယ်လုပ်သောသူနှင့် စပျစ်ဥယျာဉ် ပြုစုသောသူတို့ကိုလည်း စေစား၏။ ထိုသို့ သော အမှုများကို ဝါသနာရှိ၏။
11 ১১ উজ্জিয়াৰ যুদ্ধ কৰোঁতা সৈন্যসামন্তও আছিল। তেওঁলোকে ৰজাৰ সেনাপতি হননিয়াৰ অধীনত আছিল। যিয়ীয়েল লিখক আৰু মাচেয়া শাসনকৰ্ত্তাৰ হতুৱাই লিখা সংখ্যা অনুসাৰে তেওঁলোকে দল বান্ধি যুদ্ধ যাত্ৰা কৰিছিল।
၁၁ဩဇိမင်း၌ တပ်စာရေးယေယေလနှင့် တပ်အုပ် မာသေယတို့သည် စာရင်းယူသည်အတျိုင်း၊ ရှင်ဘုရင်၏ ဗိုလ်မင်းဟာ နနိသည် စီရင်၍၊ အသီး အသီးတပ်ဖွဲ့သော စစ်သူရဲဗိုလ်ခြေများရှိကြ၏။
12 ১২ পিতৃ-বংশৰ প্ৰধান পৰাক্ৰমী বীৰসকলৰ সংখ্যা সৰ্বমুঠ দুই হাজাৰ ছশ লোক আছিল।
၁၂ထိုသို့ခွန်အားကြီးသော သူရဲအဆွေအမျိုး အလိုက် အကြီးအကဲ လုပ်သောသူပေါင်းကား၊ နှစ်ထောင်ခြောက်ရာတည်း။
13 ১৩ তেওঁলোকৰ অধীনত শত্ৰুৰ বিৰুদ্ধে ৰজাৰ সহায় কৰিবৰ অৰ্থে, পৰাক্ৰমেৰে যুদ্ধ কৰোঁতা তিনি লাখ সাত হাজাৰ পাঁচশ লোক আছিল।
၁၃ထိုသို့အကြီးအကဲလုပ်သောသူ၊ ရန်သူတဘက်၌ ရှင်ဘုရင်ကို ထောက်မခြင်းငှါ၊ ကြီးသောခွန်အားနှင့် စစ်တိုက်သောသူရဲပေါင်းကား၊ သုံးသိန်းခုနစ်ထောင် ငါးရာတည်း။
14 ১৪ উজ্জিয়াই সেই আটাই সৈন্যসামন্তৰ কাৰণে ঢাল, যাঠী, শিৰোৰক্ষক টুপি, কৱচ, ধনু আৰু ফিঙ্গাৰ শিল যুগুত কৰি ৰাখিছিল।
၁၄ဩဇိမင်းသည်လည်း၊ ဗိုလ်ခြေအပေါင်းတို့အဘို့ ဒိုင်းလွှား၊ လှံ၊ သံခမောက်လုံး၊ သံချပ်၊ လေး၊ ကျောက်နှင့် ပစ်စရာလောက်လွှဲတို့ကို ပြင်ဆင်လေ၏။
15 ১৫ তেওঁ নিপুণ লোকসকলৰ বুদ্ধিৰে সজা যন্ত্ৰ যিৰূচালেমত যুগুত কৰাই, সেইবোৰেৰে কাঁড় আৰু ডাঙৰ শিলবোৰ মাৰি পঠিয়াবৰ বাবে দূর্গবোৰৰ ওপৰত আৰু চিদ্ৰ থকা স্তম্ভবোৰত সেই যন্ত্ৰবোৰ ৰাখিছিল। পাছত তেওঁ বৰকৈ সহায় পাই অতি শক্তিমান হৈ উঠিছিল। এইদৰে তেওঁৰ যশস্যা দূৰ দেশলৈকে বিয়পি গৈছিল।
၁၅လိမ္မာသောသူတို့သည် ဥာဏ်ရှာ၍လုပ်သော ယန္တရားစက်တို့ကိုလည်း၊ ယေရှုရှလင်မြို့ရဲတိုက်၊ မြို့ပြအိုး အပေါ်က မြှားနှင့်ကျောက်ကြီးကို ပစ်စရာဘို့ ပြင်ဆင် လေ၏။ ထိုသို့တန်ခိုးကြီးအောင် အထူးသဖြင့် မစခြင်းကို ခံရသည်ဖြစ်၍၊ သိတင်းတော်သည် အနှံ့အပြားကျော်စော ၏။
16 ১৬ কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।
၁၆ဩဇိမင်းသည် တန်ခိုးကြီးသောအခါ၊ ကိုယ် အကျိုးနည်းအောင် ထောင်လွှားသောစိတ်ထသဖြင့်၊ မိမိ ဘုရားသခင် ထာဝရဘုရားကို ပြစ်မှား၍၊ နံ့သာပေါင်းကို မီးရှို့ရာ ယဇ်ပလ္လင်ပေါ်မှာ နံ့သာပေါင်းကို မီးရှို့ခြင်းငှါ၊ ထာဝရဘုရား၏ ဗိမာန်တော်ထဲသို့ ဝင်လေ၏။
17 ১৭ তাতে অজৰিয়া পুৰোহিত আৰু তেওঁৰ লগত যিহোৱাৰ আশীজন সাহসিয়াল পুৰুষ পুৰোহিত তেওঁৰ পাছত সোমাল।
၁၇ယဇ်ပုရောဟိတ်အာဇရိသည် ရဲရင့်ခြင်းသတ္တိ ရှိသော ထာဝရဘုရား၏ အမှုတော်ထမ်းယဇ်ပုရောဟိတ် ရှစ်ကျိပ်တို့နှင့်တကွ၊ ရှင်ဘုရင်ဩဇိနောက်တော်သို့ လိုက်၍၊
18 ১৮ তেওঁলোকে উজ্জিয়া ৰজাৰ সম্মুখত থিয় হৈ তেওঁক ক’লে, “হে উজ্জিয়া, যিহোৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই; কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰীকৃত হোৱা হাৰোণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰ স্থানৰ পৰা বাহিৰ হওঁক, কিয়নো আপুনি সত্যলঙ্ঘন কৰিলে৷ ইয়াতে ঈশ্বৰ যিহোৱাৰ পৰা আপুনি সন্মান নাপাব।”
၁၈ဆီးတားသဖြင့်၊အိုဩဇိမင်း၊ ကိုယ်တော်သည် ထာဝရဘုရားအား နံ့သာပေါင်းကို မီးရှို့ခြင်းအမှုနှင့် မဆိုင်ပါ။ နံ့သာပေါင်းကို မီးရှို့စေခြင်းငှါ၊ ခန့်ထား သောအာရုန်သား ယဇ်ပုရောဟိတ်တို့သာ ထိုအမှုနှင့် ဆိုင်ကြပါ၏။ သန့်ရှင်းရာဌာနထဲက ထွက်သွားလော့။ ကိုယ်တော်သည် ပြစ်မှားပြီ။ ထာဝရအရှင် ဘုရားသခင့် ရှေ့တော်၌ ကိုယ်တော်အသရေပျက်လိမ့်မည်ဟု ဆိုကြ လျှင်၊
19 ১৯ তাতে উজ্জিয়াৰ বৰ খং উঠিল৷ সেই সময়ত ধূপ জ্বলাবৰ বাবে তেওঁৰ হাতত এটা ধূপাধাৰ আছিল৷ পুৰোহিতসকললৈ তেওঁৰ খং উঠাৰ সময়ত, মন্দিৰত পুৰোহিতসকলৰ সন্মুখত ধূপবেদীৰ ওচৰত তেওঁৰ কপালত কুষ্ঠ ৰোগ ওলাই পৰিল।
၁၉ဩဇိမင်းသည် ဒေါသစိတ်ရှိ၍၊ နံ့သာပေါင်းကို မီးရှို့ခြင်းငှါ၊ လင်ပန်းကိုကိုင်လျက်၊ ယဇ်ပုရောဟိတ်တို့ကို အမျက်ထွက်လျှင်၊ ဗိမာန်တော်တွင် နံ့သာပေါင်းကို မီးရှို့ ရာယဇ်ပလ္လင်၏အနား၊ ယဇ်ပုရောဟိတ်တို့ ရှေ့မှာ၊ နူနာ သည် ရှင်ဘုရင်နဖူး၌ ပေါ်လေ၏။
20 ২০ তেতিয়া অজৰিয়া, প্ৰধান পুৰোহিত আৰু আন পুৰোহিতসকলে তেওঁলৈ চালে আৰু তেওঁৰ কপালত কুষ্ঠ ৰোগ হোৱা দেখিলে। তেতিয়া তেওঁক সেই ঠাইৰ পৰা বেগাই খেদি দিলে; তেওঁ নিজেও বাহিৰলৈ যাবৰ বাবে খৰখেদা কৰিলে; কিয়নো যিহোৱাই তেওঁক আঘাত কৰিছিল৷
၂၀ယဇ်ပုရောဟိတ်မင်းနှင့် ယဇ်ပုရောဟိတ် အပေါင်းတို့သည် ကြည့်ရှု၍၊ နဖူးတော်၌ နူနာစွဲသည် ကိုမြင်လျှင်၊ ရှင်ဘုရင်ကို ပြင်သို့နှင်ထုတ်ကြ၏။ ရှင်ဘုရင် ကိုယ်တိုင်လည်း၊ ထာဝရဘုရားဒဏ်ခတ်တော်မူသော ကြောင့်၊ အလျင်အမြန်ထွက်လေ၏။
21 ২১ তেতিয়াৰে পৰা ৰজা উজ্জিয়া মৃত্যুৰ দিনলৈকে কুষ্ঠৰোগী হৈ থাকিল৷ তেওঁ বেলেগ ঘৰত বাস কৰিছিল; কিয়নো তেওঁ কুষ্ঠৰোগী আছিল। তেওঁক যিহোৱাৰ মন্দিৰৰ পৰা বিচ্ছেদ কৰা হৈছিল; তাতে তেওঁৰ পুত্ৰ যোথমে ৰাজগৃহৰ অধ্যক্ষ হৈ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
၂၁ထိုသို့ဩဇိမင်းကြီးသည် သေသည်တိုင်အောင် နူနာစွဲ၍၊ ခြားနားသောနန်း၌နေရ၏။ ဗိမာန်တော်သို့ ဝင်သော အခွင့်ကို မရ။ သားတော်ယောသံသည် နန်းတော်ကို အုပ်စိုး၍ နိုင်ငံတော်မှုကိုစီရင်ရ၏။
22 ২২ উজ্জিয়াৰ বিশেষ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে সকলো কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে লিখা পুস্তকত আছে।
၂၂ဩဇိပြုမူသောအမှုအရာ ကြွင်းလေသမျှ အစ အဆုံးတို့ကို၊ အာမုတ်သား ပရောဖက်ဟေရှာယသည် ရေးထားလေ၏။
23 ২৩ পাছত উজ্জিয়া তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল; তেওঁলোকে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত, ৰজাসকলৰ মৈদামনীত তেওঁক মৈদাম দিলে৷ কাৰণ তেওঁলোকে কৈছিল, “তেওঁ কুষ্ঠৰোগী।” তাৰ পাছত তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।
၂၃ဩဇိသည် ဘိုးဘေးတို့နှင့်အိပ်ပျော်၍၊ သူတို့နှင့် အတူ သင်္ဂြိုဟ်ခြင်းကိုခံရသော်လည်း၊ လူနူဖြစ်သော ကြောင့်၊ ရှင်ဘုရင်ကို သင်္ချိုင်းနှင့်ဆိုင် သောမြေအကွက်၌ သာ သင်္ဂြိဟ်ကြ၏။ သားတော်ယောသံသည် ခမည်း တော်အရာ၌ နန်းထိုင်၏။