< ২ বংশাবলি 24 >

1 যোৱাচে সাত বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিলে; তেওঁৰ মাক বেৰ-চেবা-নিবাসিনী চিবিয়া আছিল।
ヨアシは七歳の時位に即きヱルサレムにて四十年の間世を治めたりその母はベエルシバより出たる者にして名をヂビアといふ
2 যিহোয়াদা পুৰোহিতৰ জীৱনৰ সকলো কালত, যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোৱাচে তাকে কৰিলে।
ヨアシは祭司ヱホヤダの世にある日の間は恒にヱホバの善と觀たまふことを行へり
3 যিহোয়াদাই দুজনী ছোৱালী বাছি লৈ যোৱাচৰ লগত বিয়া দিলে; তাতে তেওঁৰ ঔৰসত কেইবাজন পুত্ৰ আৰু কেইবাজনীও জীয়েক জন্ম হ’ল।
ヱホヤダ彼のために二人の妻を娶れり男子女子生る
4 ইয়াৰ পিছত যিহোৱাৰ গৃহ আগৰ দৰে পুনঃপ্ৰতিষ্ঠা কৰিবলৈ যোৱাচে স্থিৰ কৰিলে।
此後ヨアシ、ヱホバの室を修繕んと志し
5 তেওঁ পুৰোহিত আৰু লেবীয়াসকলক গোটাই তেওঁলোকক ক’লে, “তোমালোকে যিহূদাৰ নগৰবোৰলৈ ওলাই যোৱা আৰু বছৰে বছৰে তোমালোকৰ ঈশ্বৰৰ গৃহৰ মেৰামত কাৰ্য কৰিবলৈ গোটেই ইস্ৰায়েলৰ পৰা ৰূপ গোটোৱা, এই কাৰ্য বেগাই কৰা।” কিন্তু লেবীয়াসকলে তাক বেগাই নকৰিলে।
祭司とレビ人を集めて之に言けるは汝ら出てユダの邑々に往き汝らの神ヱホバの室を歳々修繕ふべき金子をイスラエルの人衆より聚むべし其事を亟にせよと然るにレビ人これを亟にせざりき
6 পাছে ৰজাই প্ৰধান পুৰোহিত যিহোয়াদাক মতাই আনি ক’লে, “সাক্ষ্য ফলিৰ তম্বুৰ বাবে ঈশ্বৰৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সমাজে নিৰূপণ কৰা কৰ যিহূদা আৰু যিৰূচালেমৰ পৰা আনিবলৈ তুমি লেবীয়াসকলক কিয় কোৱা নাই?”
王ヱホヤダ長を召てこれに言けるは汝なんぞレビ人に求めてヱホバの僕モーセおよびイスラエルの會衆の古昔證詞の幕屋のために集めたるが如き税をユダとヱルサレムより取きたらせざるやと
7 কিয়নো সেই দুষ্ট তিৰোতা অথলিয়াৰ পুতেকহঁতে ঈশ্বৰৰ গৃহ ভাঙিছিল আৰু যিহোৱাৰ গৃহত থকা আটাই পবিত্ৰ বস্তু লৈ বাল দেৱতাৰ কাৰণে খৰচ কৰিছিল।
かの惡き婦アタリヤの子等神の家を壞りかつヱホバの家の諸の奉納物をバアルに供へたり
8 গতিকে ৰজাই আজ্ঞা কৰাত, তেওঁলোকে এটা চন্দুক সাজি তাক যিহোৱাৰ গৃহৰ দুৱাৰমুখৰ বাহিৰ ফালে ৰাখিলে।
是において王の命にしたがひて一箇の匱を作りヱホバの室の門の外にこれを置き
9 আৰু ঈশ্বৰৰ দাস মোচিয়ে মৰুপ্ৰান্তত ইস্ৰায়েলৰ ওপৰত যি বাধ্যতামুলক কৰ স্থিৰ কৰিছিল, তাক যিহোৱাৰ উদ্দেশ্যে আনিবলৈ, যিহূদা আৰু যিৰূচালেমৰ সকলো ফালে ঘোষণা কৰা হ’ল।
ユダとヱルサレムに宣布て汝ら神の僕モーセが荒野にてイスラエルに課したる如き税をヱホバに携へきたれと言けるに
10 ১০ তাতে আটাই অধ্যক্ষসকলে আৰু সকলো প্ৰজাই আনন্দেৰে তাক আনি, কাৰ্য শেষ নোহোৱালৈকে চন্দুকত দি থাকিল।
一切の牧伯等および一切の民みな喜びて携へきたりその匱に投いれて遂に納めをはれり
11 ১১ আৰু লেবীয়াসকলৰ হতুৱাই চন্দুকটো ৰজাৰ নিযুক্ত লোকসকলৰ ওচৰলৈ নিয়া সময়ত যেতিয়াই তাৰ ভিতৰত অনেক ৰূপ দেখে, ৰাজলিখকে আৰু প্ৰধান পুৰোহিতৰ নিযুক্ত এজন লোকে আহি চন্দুকটো অজৰাই তাক খালি কৰি, পুনৰাই দাঙি নি তাৰ নিজ ঠাইত ৰাখেগৈ; দিনে দিনে এইদৰে কৰি তেওঁলোকে অনেক ৰূপ গোটালে।
レビ人その匱に金の多くあるを見てこれを王の廳に携へゆく時は王の書記と祭司の長の下役きたりてその匱を傾むけ復これを取て本の處に持ゆけり日々に斯のごとくして金を聚むること夥多し
12 ১২ পাছত ৰজা আৰু যিহোয়াদাই যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা লোকসকলক সেই ৰূপ দিলে৷ তেওঁলোক যিহোৱাৰ গৃহ আগৰ দৰে কৰি ৰাখিবৰ বাবে ভাড়া কৰি অনা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আৰু যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে লোহাৰ আৰু পিতলৰ কাম কৰোঁতাসকল আছিল।
而して王とヱホヤダこれをヱホバの家の工事を爲す者に付し石工および木匠を雇ひてヱホバの室を修繕はせまた鐵工および銅工を雇ひてヱホバの室を修復せしめけるが
13 ১৩ তাতে কাম কৰোঁতা সকলে কাম কৰাত, তেওঁলোকৰ দ্বাৰাই সম্পূৰ্ণকৈ কাৰ্য সমাধা কৰা হ’ল; এইদৰে তেওঁলোকে ঈশ্বৰৰ গৃহ আচল নক্সাত মজবুত কৰি প্ৰতিষ্ঠা কৰিলে।
工人動作てその工事を成をへ神の室を本の状に復してこれを堅固にす
14 ১৪ কাম কৰি এটোৱাৰ পাছত, তেওঁলোকে বাকী থকা ৰূপখিনি ৰজা আৰু যিহোয়াদাৰ আগলৈ আনিলে৷ তাৰ দ্বাৰাই যিহোৱাৰ গৃহৰ বাবে নানা পাত্ৰ, অৰ্থাৎ পৰিচৰ্যা কৰা পাত্ৰ আৰু হোম কৰা পাত্ৰ আৰু পিয়লা আদি সোণৰ আৰু ৰূপৰ পাত্ৰ সজা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। আৰু যিহোয়াদাৰ দিনৰ সকলো সময়তে যিহোৱাৰ গৃহত সদায় হোম-বলি দিয়া হৈছিল।
その旣に成るにおよびて餘れる金を王とヱホヤダの前に持いたりければ其をもてヱホバの室のために器皿を作れり即ち奉事の器献祭の器および匙ならびに金銀の器を作れりヱホヤダが世に在る日の間はヱホバの室にて燔祭をささぐること絶ざりき
15 ১৫ পাছে যিহোয়াদাই বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই মৰিল; মৃত্যুৰ সময়ত তেওঁৰ এশত্ৰিশ বছৰ বয়স আছিল।
ヱホヤダは年邁み日滿て死りその死る時は百三十歳なりき
16 ১৬ তেওঁলোকে তেওঁক দায়ূদৰ নগৰত ৰজাসকলৰ লগত মৈদাম দিলে; কিয়নো তেওঁ ইস্ৰায়েলৰ মাজত আৰু ঈশ্বৰৰ সম্পৰ্কে ও ঈশ্বৰৰ গৃহৰ সম্পৰ্কে মঙ্গলজনক কাৰ্য কৰিছিল৷
人衆ダビデの邑にて王等の中間にこれを葬むる其は彼イスラエルの中において神とその殿とにむかひて善事をおこなひたればなり
17 ১৭ যিহোয়াদাৰ মৃত্যুৰ পাছত, যিহূদাৰ অধ্যক্ষসকলে আহি ৰজাক প্ৰণিপাত কৰিলে৷ তেতিয়া ৰজাই তেওঁলোকৰ কথা শুনিলে।
ヱホヤダの死たる後ユダの牧伯等きたりて王を拝す是において王これに聽したがふ
18 ১৮ তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ ত্যাগ কৰি, আচেৰা মুৰ্ত্তিবোৰক আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে৷ তেওঁলোকৰ সেই দোষৰ কাৰণে যিহূদালৈ আৰু যিৰূচালেমলৈ ঈশ্বৰৰ ক্ৰোধ আহিল।
彼らその先祖の神ヱホバの室を棄てアシラ像および偶像に事へたればその愆のために震怒ユダとヱルサレムに臨めり
19 ১৯ তথাপি যিহোৱালৈ তেওঁলোকক ওভটাই আনিবৰ বাবে তেওঁ ভাববাদীসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে আৰু তেওঁলোকে তেওঁলোকৰ অহিতে সাক্ষ্য দিলে, কিন্তু তেওঁলোকে তাক শুনিবলৈ অমান্তি হ’ল।
ヱホバかれらを己にひきかへさんとて預言者等を遣はし之にむかひて證をたてさせたまひしかども聽ことをせざりき
20 ২০ পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷”
是において神の霊祭司ヱホヤダの子ゼカリヤに臨みければ彼民の前に高く起あがりて之に言けるは神かく宣ふ汝らヱホバの誡命を犯して災禍を招くは何ぞや汝らヱホバを棄たればヱホバも汝らを棄たまふと
21 ২১ কিন্তু লোকসকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে; ৰজাৰ আজ্ঞাৰে যিহোৱাৰ গৃহৰ চোতালতে তেওঁক শিল দলিয়াই বধ কৰিলে।
然るに人衆かれを害せんと謀り王の命によりて石をもてこれをヱホバの室の庭にて撃殺せり
22 ২২ তেওঁৰ পিতৃ যিহোয়াদাই যে ৰজালৈ দয়া কৰিছিল, তাক যোৱাচ ৰজাই সোঁৱৰণ নকৰি যিহোৱাদাৰ পুত্ৰক এইদৰে বধ কৰালে৷ জখৰিয়াই তেওঁৰ মৃত্যুৰ সময়ত কৈছিল, “যিহোৱাই দৃষ্টি কৰি ইয়াৰ প্ৰতিশোধ লওঁক।”
斯ヨアシ王はゼカリヤの父ヱホヤダが己にほどこせし恩を念ずしてその子を殺せり彼死る時にヱホバこれを顧みこれを問討したまへと言り
23 ২৩ প্ৰায় এবছৰৰ মুৰত অৰামৰ সৈন্য-সামন্ত যোৱাচৰ বিৰুদ্ধে উঠিল৷ তেওঁলোকে যিহূদা আৰু যিৰূচালেমলৈ আহি লোকসকলৰ মাজৰ সকলো অধ্যক্ষক বিনষ্ট কৰিলে আৰু তেওঁলোকৰ আটাই লুটদ্ৰব্য দম্মেচকৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
かくてその年の終るにおよびてスリアの軍勢かれにむかひて攻のぼりユダとヱルサレムにいたりて民の牧伯等をことごとく民の中より滅ぼし絶ちその掠取物を凡てダマスコの王に遣れり
24 ২৪ কিয়নো যদিও অৰামীয়াসকলৰ অলপ লোক থকা সৈন্য সামন্ত আহিল, তথাপি যিহোৱাই তেওঁলোকৰ হাতত, অতিশয় অধিক লোক থকা সৈন্যসামন্তক শোধাই দিলে, কাৰণ যিহূদাৰ লোকসকলে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিলে। এইদৰে অৰামীয়াসকলে যোৱাচৰ ওপৰত বিচাৰ আনিলে।
この時スリアの軍勢は小勢にて來りけるにヱホバ大軍をこれが手に付したまへり是はその先祖の神ヱホバを棄たるが故なり斯かれらヨアシを罰せり
25 ২৫ অৰামীয়াসকল গুচি যোৱাৰ পাছত যোৱাচ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেতিয়া তেওঁৰ দাসবোৰে যিহোয়াদাক পুৰোহিতৰ পুত্ৰসকলৰ ৰক্তপাতৰ কাৰণে চক্ৰান্ত কৰি, তেওঁৰ শয্যাতে তেওঁক বধ কৰিলে, তাতে তেওঁ মৰিল; পাছত তেওঁক দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল, কিন্তু ৰজাসকলৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহ’ল।
スリア人ヨアシに大傷をおはせて遺去けるがヨアシの臣僕等祭司ヱホヤダの子等の血のために黨をむすびて之に叛き之をその床の上に弑して死しめたり人衆これをダビデの邑に葬れり但し王の墓には葬らざりき
26 ২৬ অম্মোনীয়ানী চিমিয়তৰ পুতেক যাবদ আৰু মোৱাবীয়ানী চিম্ৰীতৰ পুতেক যিহোজাবদ, এই দুজনেই তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল।
黨をむすびて之に叛きし者はアンモンの婦シメアテの子ザバデおよびモアブの婦シムリテの子ヨザバデなりき
27 ২৭ তেওঁৰ পুত্ৰসকলৰ কথা, তেওঁৰ বিৰুদ্ধে কোৱা গুৰুতৰ ভাৰবাক্য আৰু ঈশ্বৰৰ গৃহ পুনৰায় স্থাপন কৰা কথা ৰজাসকলৰ ইতিহাস-পুস্তকৰ টীকাশাস্ত্ৰখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
ヨアシの子等の事ヨアシの告られし預言および神の室を修繕し事などは列王の書の註釋に記さるヨアシの子アマジヤこれに代りて王となれり

< ২ বংশাবলি 24 >