< ২ বংশাবলি 24 >
1 ১ যোৱাচে সাত বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিলে; তেওঁৰ মাক বেৰ-চেবা-নিবাসিনী চিবিয়া আছিল।
Joas avait sept ans lorsqu’il devint roi, et il régna quarante ans à Jérusalem. Sa mère s’appelait Sébia, de Bersabée.
2 ২ যিহোয়াদা পুৰোহিতৰ জীৱনৰ সকলো কালত, যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোৱাচে তাকে কৰিলে।
Joas fit ce qui est droit aux yeux de Yahweh pendant toute la vie du prêtre Joïada.
3 ৩ যিহোয়াদাই দুজনী ছোৱালী বাছি লৈ যোৱাচৰ লগত বিয়া দিলে; তাতে তেওঁৰ ঔৰসত কেইবাজন পুত্ৰ আৰু কেইবাজনীও জীয়েক জন্ম হ’ল।
Joïada prit deux femmes pour Joas, qui engendra des fils et des filles.
4 ৪ ইয়াৰ পিছত যিহোৱাৰ গৃহ আগৰ দৰে পুনঃপ্ৰতিষ্ঠা কৰিবলৈ যোৱাচে স্থিৰ কৰিলে।
Après cela, Joas eut à cœur de restaurer la maison de Yahweh.
5 ৫ তেওঁ পুৰোহিত আৰু লেবীয়াসকলক গোটাই তেওঁলোকক ক’লে, “তোমালোকে যিহূদাৰ নগৰবোৰলৈ ওলাই যোৱা আৰু বছৰে বছৰে তোমালোকৰ ঈশ্বৰৰ গৃহৰ মেৰামত কাৰ্য কৰিবলৈ গোটেই ইস্ৰায়েলৰ পৰা ৰূপ গোটোৱা, এই কাৰ্য বেগাই কৰা।” কিন্তু লেবীয়াসকলে তাক বেগাই নকৰিলে।
Il assembla les prêtres et les lévites et leur dit: « Allez dans les villes de Juda, et vous recueillerez parmi tout Israël de l’argent, chaque année, pour réparer la maison de votre Dieu, et faites cela avec hâte. » Mais les lévites ne se hâtèrent point.
6 ৬ পাছে ৰজাই প্ৰধান পুৰোহিত যিহোয়াদাক মতাই আনি ক’লে, “সাক্ষ্য ফলিৰ তম্বুৰ বাবে ঈশ্বৰৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সমাজে নিৰূপণ কৰা কৰ যিহূদা আৰু যিৰূচালেমৰ পৰা আনিবলৈ তুমি লেবীয়াসকলক কিয় কোৱা নাই?”
Le roi appela Joïada, le grand prêtre, et lui dit: « Pourquoi n’as-tu pas veillé sur les lévites pour qu’ils apportent de Juda et de Jérusalem la taxe imposée à Israël par Moïse, serviteur de Yahweh, et par l’assemblée, pour la tente du témoignage?
7 ৭ কিয়নো সেই দুষ্ট তিৰোতা অথলিয়াৰ পুতেকহঁতে ঈশ্বৰৰ গৃহ ভাঙিছিল আৰু যিহোৱাৰ গৃহত থকা আটাই পবিত্ৰ বস্তু লৈ বাল দেৱতাৰ কাৰণে খৰচ কৰিছিল।
Car l’impie Athalie et ses fils ont ravagé la maison de Dieu, et ils ont fait servir pour les Baals toutes les choses consacrées à la maison de Yahweh. »
8 ৮ গতিকে ৰজাই আজ্ঞা কৰাত, তেওঁলোকে এটা চন্দুক সাজি তাক যিহোৱাৰ গৃহৰ দুৱাৰমুখৰ বাহিৰ ফালে ৰাখিলে।
Alors le roi ordonna qu’on fit un coffre et qu’on le plaçât à la porte de la maison de Yahweh, en dehors.
9 ৯ আৰু ঈশ্বৰৰ দাস মোচিয়ে মৰুপ্ৰান্তত ইস্ৰায়েলৰ ওপৰত যি বাধ্যতামুলক কৰ স্থিৰ কৰিছিল, তাক যিহোৱাৰ উদ্দেশ্যে আনিবলৈ, যিহূদা আৰু যিৰূচালেমৰ সকলো ফালে ঘোষণা কৰা হ’ল।
Et l’on publia dans Juda et dans Jérusalem que chacun eût à apporter à Yahweh la taxe imposée dans le désert à Israël par Moïse, serviteur de Yahweh.
10 ১০ তাতে আটাই অধ্যক্ষসকলে আৰু সকলো প্ৰজাই আনন্দেৰে তাক আনি, কাৰ্য শেষ নোহোৱালৈকে চন্দুকত দি থাকিল।
Tous les chefs et tout le peuple en eurent de la joie, et ils apportèrent et jetèrent dans le coffre tout ce qu’ils devaient payer.
11 ১১ আৰু লেবীয়াসকলৰ হতুৱাই চন্দুকটো ৰজাৰ নিযুক্ত লোকসকলৰ ওচৰলৈ নিয়া সময়ত যেতিয়াই তাৰ ভিতৰত অনেক ৰূপ দেখে, ৰাজলিখকে আৰু প্ৰধান পুৰোহিতৰ নিযুক্ত এজন লোকে আহি চন্দুকটো অজৰাই তাক খালি কৰি, পুনৰাই দাঙি নি তাৰ নিজ ঠাইত ৰাখেগৈ; দিনে দিনে এইদৰে কৰি তেওঁলোকে অনেক ৰূপ গোটালে।
Le temps venu de livrer le coffre aux inspecteurs du roi par l’intermédiaire des lévites, lorsque ceux-ci voyaient qu’il y avait beaucoup d’argent dans le coffre, le secrétaire du roi et le commissaire du grand prêtre venaient vider le coffre; ils le prenaient et le remettaient à sa place. Ainsi faisaient-ils chaque fois, et ils recueillaient de l’argent en abondance.
12 ১২ পাছত ৰজা আৰু যিহোয়াদাই যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা লোকসকলক সেই ৰূপ দিলে৷ তেওঁলোক যিহোৱাৰ গৃহ আগৰ দৰে কৰি ৰাখিবৰ বাবে ভাড়া কৰি অনা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আৰু যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে লোহাৰ আৰু পিতলৰ কাম কৰোঁতাসকল আছিল।
Le roi et Joïada le donnaient à ceux qui faisaient exécuter l’ouvrage de la maison de Yahweh, et ceux-ci prenaient à gage des tailleurs de pierres et des charpentiers pour restaurer la maison de Yahweh, ainsi que des artisans en fer et en airain pour consolider la maison de Yahweh.
13 ১৩ তাতে কাম কৰোঁতা সকলে কাম কৰাত, তেওঁলোকৰ দ্বাৰাই সম্পূৰ্ণকৈ কাৰ্য সমাধা কৰা হ’ল; এইদৰে তেওঁলোকে ঈশ্বৰৰ গৃহ আচল নক্সাত মজবুত কৰি প্ৰতিষ্ঠা কৰিলে।
Les ouvriers travaillèrent, et la restauration progressa en leurs mains; ils rétablirent la maison de Dieu en son état ancien et l’affermirent.
14 ১৪ কাম কৰি এটোৱাৰ পাছত, তেওঁলোকে বাকী থকা ৰূপখিনি ৰজা আৰু যিহোয়াদাৰ আগলৈ আনিলে৷ তাৰ দ্বাৰাই যিহোৱাৰ গৃহৰ বাবে নানা পাত্ৰ, অৰ্থাৎ পৰিচৰ্যা কৰা পাত্ৰ আৰু হোম কৰা পাত্ৰ আৰু পিয়লা আদি সোণৰ আৰু ৰূপৰ পাত্ৰ সজা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। আৰু যিহোয়াদাৰ দিনৰ সকলো সময়তে যিহোৱাৰ গৃহত সদায় হোম-বলি দিয়া হৈছিল।
Quand ils eurent fini, ils apportèrent devant le roi et devant Joïada l’argent qui restait, et l’on en fit des ustensiles pour la maison de Yahweh, des ustensiles pour le service et pour les holocaustes, des coupes et d’autres ustensiles d’or et d’argent. Et l’on offrit continuellement des holocaustes dans la maison de Yahweh pendant toute la vie de Joïada.
15 ১৫ পাছে যিহোয়াদাই বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই মৰিল; মৃত্যুৰ সময়ত তেওঁৰ এশত্ৰিশ বছৰ বয়স আছিল।
Joïada devint vieux et rassasié de jours, et il mourut; il avait cent trente ans quand il mourut.
16 ১৬ তেওঁলোকে তেওঁক দায়ূদৰ নগৰত ৰজাসকলৰ লগত মৈদাম দিলে; কিয়নো তেওঁ ইস্ৰায়েলৰ মাজত আৰু ঈশ্বৰৰ সম্পৰ্কে ও ঈশ্বৰৰ গৃহৰ সম্পৰ্কে মঙ্গলজনক কাৰ্য কৰিছিল৷
On l’enterra dans la ville de David avec les rois, parce qu’il avait fait du bien en Israël et à l’égard de Dieu et de sa maison.
17 ১৭ যিহোয়াদাৰ মৃত্যুৰ পাছত, যিহূদাৰ অধ্যক্ষসকলে আহি ৰজাক প্ৰণিপাত কৰিলে৷ তেতিয়া ৰজাই তেওঁলোকৰ কথা শুনিলে।
Après la mort de Joïada, les chefs de Juda vinrent se prosterner devant le roi; alors le roi les écouta.
18 ১৮ তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ ত্যাগ কৰি, আচেৰা মুৰ্ত্তিবোৰক আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে৷ তেওঁলোকৰ সেই দোষৰ কাৰণে যিহূদালৈ আৰু যিৰূচালেমলৈ ঈশ্বৰৰ ক্ৰোধ আহিল।
Et, abandonnant la maison de Yahweh, le Dieu de leurs pères, ils honorèrent les aschérahs et les idoles. La colère de Yahweh vint sur Juda et sur Jérusalem, à cause de cette prévarication.
19 ১৯ তথাপি যিহোৱালৈ তেওঁলোকক ওভটাই আনিবৰ বাবে তেওঁ ভাববাদীসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে আৰু তেওঁলোকে তেওঁলোকৰ অহিতে সাক্ষ্য দিলে, কিন্তু তেওঁলোকে তাক শুনিবলৈ অমান্তি হ’ল।
Pour les faire revenir vers lui, Yahweh envoya parmi eux des prophètes qui rendirent témoignage contre eux, mais ils ne les écoutèrent pas.
20 ২০ পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷”
L’esprit de Dieu revêtit Zacharie, fils du prêtre Joïada, qui se présenta devant le peuple et lui dit: « Ainsi dit Dieu: Pourquoi transgressez-vous les commandements de Yahweh, pour ne pas prospérer? Parce que vous avez abandonné Yahweh, il vous abandonne à son tour. »
21 ২১ কিন্তু লোকসকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে; ৰজাৰ আজ্ঞাৰে যিহোৱাৰ গৃহৰ চোতালতে তেওঁক শিল দলিয়াই বধ কৰিলে।
Et ils conspirèrent contre lui, et ils le lapidèrent par ordre du roi, dans le parvis de la maison de Yahweh.
22 ২২ তেওঁৰ পিতৃ যিহোয়াদাই যে ৰজালৈ দয়া কৰিছিল, তাক যোৱাচ ৰজাই সোঁৱৰণ নকৰি যিহোৱাদাৰ পুত্ৰক এইদৰে বধ কৰালে৷ জখৰিয়াই তেওঁৰ মৃত্যুৰ সময়ত কৈছিল, “যিহোৱাই দৃষ্টি কৰি ইয়াৰ প্ৰতিশোধ লওঁক।”
Joas ne se souvint pas de l’affection qu’avait eue pour lui Joïada, père de Zacharie, et il fit périr son fils. Zacharie dit en mourant: « Que Yahweh voie et fasse justice! »
23 ২৩ প্ৰায় এবছৰৰ মুৰত অৰামৰ সৈন্য-সামন্ত যোৱাচৰ বিৰুদ্ধে উঠিল৷ তেওঁলোকে যিহূদা আৰু যিৰূচালেমলৈ আহি লোকসকলৰ মাজৰ সকলো অধ্যক্ষক বিনষ্ট কৰিলে আৰু তেওঁলোকৰ আটাই লুটদ্ৰব্য দম্মেচকৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
Au retour de l’année, l’armée des Syriens monta contre Joas et vint en Juda et à Jérusalem. Ils tuèrent parmi le peuple tous les chefs du peuple, et ils envoyèrent tout leur butin au roi de Damas.
24 ২৪ কিয়নো যদিও অৰামীয়াসকলৰ অলপ লোক থকা সৈন্য সামন্ত আহিল, তথাপি যিহোৱাই তেওঁলোকৰ হাতত, অতিশয় অধিক লোক থকা সৈন্যসামন্তক শোধাই দিলে, কাৰণ যিহূদাৰ লোকসকলে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিলে। এইদৰে অৰামীয়াসকলে যোৱাচৰ ওপৰত বিচাৰ আনিলে।
L’armée des Syriens était venue avec un petit nombre d’hommes, et Yahweh livra entre leurs mains une armée considérable, parce qu’ils avaient abandonné Yahweh, le Dieu de leurs pères. Les Syriens exécutèrent le jugement contre Joas.
25 ২৫ অৰামীয়াসকল গুচি যোৱাৰ পাছত যোৱাচ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেতিয়া তেওঁৰ দাসবোৰে যিহোয়াদাক পুৰোহিতৰ পুত্ৰসকলৰ ৰক্তপাতৰ কাৰণে চক্ৰান্ত কৰি, তেওঁৰ শয্যাতে তেওঁক বধ কৰিলে, তাতে তেওঁ মৰিল; পাছত তেওঁক দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল, কিন্তু ৰজাসকলৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহ’ল।
Lorsqu’ils se furent éloignés de lui, l’ayant laissé couvert de nombreuses blessures, ses serviteurs conspirèrent contre lui, à cause du sang des fils du prêtre Joïada; ils le tuèrent sur son lit, et il mourut. On l’enterra dans la ville de David, mais on ne l’enterra pas dans les sépulcres des rois.
26 ২৬ অম্মোনীয়ানী চিমিয়তৰ পুতেক যাবদ আৰু মোৱাবীয়ানী চিম্ৰীতৰ পুতেক যিহোজাবদ, এই দুজনেই তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল।
Voici ceux qui conspirèrent contre lui: Zabad, fils de Semmaath, femme Ammonite, et Jozabad, fils de Samarith, femme Moabite.
27 ২৭ তেওঁৰ পুত্ৰসকলৰ কথা, তেওঁৰ বিৰুদ্ধে কোৱা গুৰুতৰ ভাৰবাক্য আৰু ঈশ্বৰৰ গৃহ পুনৰায় স্থাপন কৰা কথা ৰজাসকলৰ ইতিহাস-পুস্তকৰ টীকাশাস্ত্ৰখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
Ce qui concerne ses fils, le grand nombre de prophéties dirigées contre lui et la restauration de la maison de Dieu, voici que cela est écrit dans les Mémoires sur le livre des Rois. Amasias, son fils, régna à sa place.