< ২ বংশাবলি 23 >
1 ১ পাছত সপ্তম বছৰত যিহোয়াদাই প্ৰভাৱশালীৰে কার্য কৰিলে৷ তেওঁ শতপতিসকলক, যিৰোহমৰ পুত্ৰ অজৰিয়াক; যিহোহাননৰ পুত্ৰ ইশ্মায়েলক; ওবেদৰ পুত্ৰ অজৰিয়াক; অদায়াৰ পুত্ৰ মাচেয়াক; আৰু জিখ্ৰীৰ পুত্ৰ ইলীচাফটক লৈ নিজৰে সৈতে এটি নিয়ম কৰিলে।
၁ခုနစ်နှစ်မြောက်သောအခါ၊ ယောယဒသည် ကိုယ်ကိုခိုင်ခံ့စေ၍ တပ်မှူးများ၊ ယေရောဟံသား အာဇရိ၊ ယောဟနန်သား ဣရှမေလ၊ ဩဗက်သားအာဇရိ၊ အဒါ ယသား မာသေယ၊ ဇိခရိသား ဧလိရှဖတ်တို့နှင့် သင်းဖွဲ့ လေ၏။
2 ২ তাৰ পাছত তেওঁলোকে যিহূদা দেশত ফুৰি, যিহূদাৰ সকলো নগৰৰ পৰা লেবীয়াসকলক আৰু ইস্ৰায়েলৰ পিতৃ-বংশৰ মুখীয়ালসকলক গোটাই লৈ তেওঁলোকে যিৰূচালেমলৈ আহিল।
၂ထိုသူတို့သည် ယုဒပြည်၌ လှည့်လည်သဖြင့်၊ ယုဒမြို့အရပ်ရပ်ထဲက လေဝိသားများနှင့် ဣသရေလ အဆွေအမျိုး သူကြီးများကို စုဝေးစေ၍၊ ယေရုရှလင်မြို့ သို့ ပြန်လာကြ၏။
3 ৩ পাছত গোটেই সমাজে ঈশ্বৰৰ গৃহত ৰজাৰ লগত এটি নিয়ম কৰিলে। যিহোয়াদাই তেওঁলোকক কলে, “চোৱা, দায়ূদৰ সন্তান সকলৰ বিষয়ে কোৱা যিহোৱাৰ বাক্য অনুসাৰে ৰজাৰ পুত্ৰই ৰাজত্ৱ কৰিব।
၃စည်းဝေးသောသူ အပေါင်းတို့သည် ဗိမာန် တော်၌ ရှင်ဘုရင်နှင့် ပဋိညာဉ်ဖွဲ့ကြ၏။ ယောယဒ ကလည်း၊ ရှင်ဘုရင်သားတော်ကို ကြည့်ရှုကြလော့။ ထာဝရဘုရားသည် ဒါဝိဒ်အမျိုးကို မိန့်တော်မူသည် အတိုင်း၊ ရှင်ဘုရင်သားတော် စိုးစံရမည်။
4 ৪ এইটোৱেই হৈছে তোমালোকে কৰিবই লাগিব: তোমালোকৰ পুৰোহিত আৰু লেবীয়াসকলৰ যিমান লোক বিশ্ৰাম-বাৰত সেৱা কৰিব তেওঁলোকৰ তিনি ভাগৰ এভাগে দুৱৰী হ’ব;
၄သင်တို့ပြုရသော အမှုဟူမူကား၊ ဥပုသ်နေ့၌ ဝင်သောယဇ်ပုရောဟိတ် လေဝိသားသုံးစုတစုသည် တံခါးစောင့်လုပ်ရမည်။
5 ৫ দ্বিতীয় ভাগ ৰাজগৃহত থাকিব; আৰু তৃতীয় ভাগে প্ৰৱেশ দুৱাৰত থাকিব৷ সকলো লোক যিহোৱাৰ গৃহৰ চোতালত থাকিব।
၅တစုသည် နန်းတော်ကို စောင့်ရမည်။ တစု သည် သုရတံခါးကို စောင့်ရမည်။ လူအပေါင်းတို့သည် ဗိမာန်တော်တန်တိုင်းတို့အတွင်း၌ နေရကြမည်။
6 ৬ কিন্তু পুৰোহিতসকল আৰু পৰিচৰ্যা কৰোঁতা লেবীয়াসকলৰ বাহিৰে আন কোনো লোকক যিহোৱাৰ গৃহত প্ৰৱেশ কৰিবলৈ নিদিবা; তেওঁলোকহে সোমাব, কাৰণ তেওঁলোকে সেই ঠাইতে কার্য কৰে৷ সকলোৱে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিব লাগিব।
၆ယဇ်ပုရောဟိတ်များနှင့် အမှုတော်စောင့် လေဝိသားများမှတပါး၊ အဘယ်သူမျှ ဗိမာန်တော်ထဲသို့ မဝင်စေနှင့်။ သူတို့သည်သန့်ရှင်းသောကြောင့် ဝင်ရကြ မည်။ အခြားသောသူအပေါင်းတို့သည် ထာဝရဘုရား ဘက်၌စောင့်နေရကြမည်။
7 ৭ আৰু লেবীয়াসকলৰ প্ৰতিজনে নিজ হাতত অস্ত্ৰ লৈ ৰজাক আবৰি ৰাখিব লাগিব৷ যি জন লোকেই গৃহৰ ভিতৰত সোমাব, তেওঁক বধ কৰা হওঁক৷ ৰজাই যেতিয়া ভিতৰলৈ আহে বা বাহিৰলৈ ওলাই যায়, তেতিয়া তোমালোকে তেওঁৰ লগে লগে থাকিবা৷”
၇လေဝိသားတိုင်း မိမိလက်နက်ကိုကိုင်လျက်၊ ကိုယ် တော်မြတ်ကို ဝိုင်း၍ အိမ်တော်ထဲသို့ ဝင်သမျှသော သူတို့ကို သတ်ရမည်။ ရှင်ဘုရင်ထွက်ဝင်တော်မူသော အခါ၊ နောက်တော်သို့လိုက်ရမည်ဟု မှာထားလေ၏။
8 ৮ তাতে যিহোয়াদা পুৰোহিতে যি যি আজ্ঞা দিছিল, লেবীয়াসকল আৰু গোটেই যিহূদাই সেইদৰে সকলো সেৱা কৰিলে৷ তেওঁলোক প্ৰতিজনে বিশ্ৰাম বাৰে সোমোৱা আৰু বিশ্ৰাম বাৰে ওলোৱা নিজ নিজ লোকসকলক ল’লে, কিয়নো যিহোয়াদা পুৰোহিতে পাল আদায় হোৱা লোকসকলক বিদায় নিদিলে।
၈ထိုသို့ယဇ်ပုရောဟိတ်ယောယဒမှာ ထားသမျှ အတိုင်း၊ လေဝိသားများနှင့် ယုဒအမျိုးသားအပေါင်းတို့ သည်ပြု၍၊ ယဇ်ပုရောဟိတ်ယောဒသည် ဖွဲ့မြဲဖွဲ့သော အသင်းတို့ကို မဖျက်သောကြောင့်၊ ဥပုသ်နေ့၌ ထွက်ရ သောသူနှင့် ဝင်ရသော သူအသီးအသီးတို့ကို ခေါ်ထား ကြ၏။
9 ৯ তাৰ পাছত দায়ুদ ৰজাৰ যি যি বৰচা, ঢাল আৰু বাৰূ ঈশ্বৰৰ গৃহত আছিল, যিহোয়াদা পুৰোহিতে সেইবোৰ শতপতিসকলক দিলে।
၉ဗိမာန်တော်၌ရှိသောဒါဝိဒ်မင်းကြီး၏ လှံများနှင့် ဒိုင်းလွှားများကို၊ ယဇ်ပုရောဟိတ်ယောယဒသည် ထုတ်၍၊ လူတရာအုပ်တို့အား အပ်လေ၏။
10 ১০ তেওঁ সকলো লোকক গৃহৰ সোঁ কাষৰ পৰা বাওঁ কাষলৈকে যজ্ঞবেদীৰ আৰু গৃহৰ মাজ ঠাইত ৰজাৰ চাৰিওফালে ৰাখিলে; তেওঁলোকৰ প্ৰতিজনৰ হাতত অস্ত্ৰ আছিল।
၁၀အသီးအသီးလက်နက်ကိုင်သော သူအပေါင်းတို့ကို ရှင်ဘုရင်ပတ်လည်၊ ယဇ်ပလ္လင်အနားနှင့် ဗိမာန်တော် အနား၌၊ လက်ျာထောင့်မှစ၍ လက်ဝဲထောင့်တိုင်အောင် နေရာချထားလေ၏။
11 ১১ তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱি হওঁক।”
၁၁ထိုအခါ ရှင်ဘုရင်သားတော်ကို ပြင်သို့ထုတ်၍၊ ရာဇသရဖူနှင့် ပညတ္တိကျမ်းစာကိုတင်လျက်၊ ရှင်ဘုရင် အရာ၌ ချီးမြှောက်ကြ၏။ ယောယဒနှင့် သူ၏သားတို့ သည် ဘိသိက်ပေး၍၊ ရှင်ဘုရင်အသက်တော်ရှင်စေသ တည်းဟု ကြွေးကြော်ကြ၏။
12 ১২ যেতিয়া অথলিয়াই লোকসকলক লৰাঢাপৰা কৰা আৰু ৰজাক প্ৰশংসা কৰি চিঞৰ-বাখৰ কৰা শুনিলে তেতিয়া তেওঁ যিহোৱাৰ গৃহলৈ লোকসকলৰ ওচৰলৈ আহিল;
၁၂အာသလိသည် လူများပြေး၍၊ ရှင်ဘုရင်ထံ၌ ချီးမွမ်းသံကိုကြားလျှင်၊ လူများရှိရာ ဗိမာန်တော်သို့ သွား၍၊
13 ১৩ আৰু চাই দেখিলে যে, সোমোৱা ঠাইত ৰজা নিজ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে আৰু শতপতিসকল ও তুৰী বজোৱাসকল ৰজাৰ ওচৰত আছে৷ দেশৰ সকলো লোকসকলে আনন্দ কৰি আছিল, তুৰী বজাই আছিল আৰু প্ৰশংসা কৰিব জনা নিপুণ গায়কসকলে বাদ্যযন্ত্ৰ লৈ গীত গাই আছিল। তেতিয়া অথলিয়াই নিজৰ কাপোৰ ফালি, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!” বুলি চিঞৰি চিঞৰি ক’লে।
၁၃ရှင်ဘုရင်သည် ဗိမာန်တော်ဝင်ဝ၊ တိုင်နားမှာ ရပ်လျက်၊ မှူးတော်မတ်တော်များနှင့် တံပိုးမှုတ်သော သူများတို့သည် ရှင်ဘုရင်အနားတော်၌ ရပ်လျက်၊ ပြည်သူပြည်သားများတို့သည် ဝမ်းမြောက်၍၊ တံပိုးမှုတ် လျက် သီချင်းသည်တို့သည် တုရိယာအမျိုးမျိုးကိုကိုင်၍၊ ထောမနာသီချင်းကို ဆိုလျက်ရှိကြသည်ကိုမြင်လျှင်၊ မိမိအဝတ်ကိုဆုတ်၍ ပုန်ကုန်မှုပါတကား၊ ပုန်ကန်မှုပါ တကားဟု အော်ဟစ်လေ၏။
14 ১৪ কিন্তু যিহোয়াদা পুৰোহিতে সৈন্যৰ অধ্যক্ষ শতপতিসকলক বাহিৰলৈ আনি ক’লে, “তাইক দুই শাৰীৰ মাজেদি বাহিৰলৈ লৈ যোৱা; যি জন লোক তাইৰ পাছত যাব, তেওঁক তৰোৱালেৰে বধ কৰা হওক।” কিয়নো পুৰোহিতে কৈছিল, “যিহোৱাৰ গৃহৰ ভিতৰত তাইক বধ নকৰিবা।”
၁၄ယဇ်ပုရောဟိတ်ယောယဒကလည်း။ ဗိမာန်တော် ထဲမှာ မသေစေနှင့်။ တပ်ပြင်သို့ ထုတ်ကြ။ သူ့ဘက်မှာ နေသောသူကိုထားနှင့် သတ်ကြ ဟုလူတရာအုပ်တပ်မှူး တို့ကို မှာထားနှင့်သည်အတိုင်း၊
15 ১৫ তেতিয়া লোকসকলে তেওঁৰ বাবে বাট এৰি দিলে আৰু তেওঁ অশ্ব-দুৱাৰৰ সোমোৱা ঠাইলৈ গৈ ৰাজগৃহত সোমাল আৰু সেই ঠাইতে তেওঁলোকে তেওঁক বধ কৰিলে।
၁၅အာသလိကို ဘမ်းဆီးလျက်၊ နန်းတော်သို့ သွားသော မြင်းလမ်းဝသို့ ရောက်သောအခါ သတ်ကြ၏။
16 ১৬ তাৰ পাছত লোকসকলে যেন যিহোৱাৰ প্ৰজা হয়, এই ভাবেৰে যিহোয়াদাই নিজৰ আৰু আটাই প্ৰজা ও ৰজাৰ মাজত এটি নিয়ম কৰিলে।
၁၆ရှင်ဘုရင်နှင့် လူအပေါင်းတို့သည် ထာဝရ ဘုရား၏လူဖြစ်ရမည်အကြောင်း၊ ယောယဒသည် မိမိထံ၌ ပဋိညာဉ်ဖွဲ့စေ၏။
17 ১৭ তেতিয়া সকলো লোক বালৰ ঘৰলৈ গৈ সেই ঘৰ ভাঙি পেলালে৷ তাতে তাৰ বেদী ও মূৰ্ত্তিবোৰ ডোখৰ ডোখৰ কৰিলে আৰু বেদীবোৰৰ আগত বালৰ পুৰোহিত মত্তনক বধ কৰিলে।
၁၇လူအပေါင်းတို့သည် ဗာလကျောင်းသို့သွား၍ ဖြိုဖျက်ကြ၏။ ယဇ်ပလ္လင်များနှင့် ရုပ်တုများကိုချိုးဖဲ့၍၊ ယဇ်ပလ္လင်တို့ရှေ့မှာ ဗာလယဇ်ပုရော ဟိတ်မဿန်ကို သတ်ကြ၏။
18 ১৮ আৰু দায়ূদৰ আদেশ অনুসাৰে, আনন্দেৰে আৰু গানেৰে সৈতে, মোচিৰ ব্যৱস্থাত লিখামতে, যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ, দায়ূদে যিহোৱাৰ গৃহত যি লেবীয়া পুৰোহিতসকলক ভাগ ভাগ কৰি দিছিল, তেওঁলোকৰ হাতত যিহোয়াদাই যিহোৱাৰ গৃহৰ কাৰ্য্যভাৰৰ বাবে তেওঁলোকক নিযুক্ত কৰিলে।
၁၈မောရှေပညတ္တိကျမ်း၌ ပါသည်အတိုင်း၊ ထာဝရ ဘုရားအား မီးရှို့ရာယဇ်တို့ကို ပူဇော်ခြင်း၊ ဒါဝိဒ်စီရင် သည်အတိုင်း၊ ရွှင်လန်းစွာသီချင်းဆိုခြင်းအမှုကို ပြုစေ ခြင်းငှါ၊ ဗိမာန်တော်၌ ဒါဝိဒ်ခွဲထားသော ယဇ်ပုရောဟိတ် လေဝိသားတို့သည် ဗိမာန်တော်မှုများကို ဆောင်ရွက်မည် အကြောင်း၊ ယောယဒစီရင်လေ၏။
19 ১৯ যাতে কোনো প্ৰকাৰ অশুচি লোকে যেন নোসোমায়, এই কাৰণে তেওঁ যিহোৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰী ৰাখিলে।
၁၉မသန့်ရှင်းသော လက္ခဏာတစုံတခုရှိသော သူကို မဝင်စေခြင်းငှါ။ ဗိမာန်တော်တံခါးစောင့်တို့ကိုလည်း ခန့်ထားလေ၏။
20 ২০ পাছত যিহোয়াদাই শতপতিসকলক, মান্যৱন্ত লোকসকলক, লোকসকলৰ শাসনকৰ্ত্তাসকলক আৰু দেশৰ সকলো লোকক লগত লৈ ৰজাক যিহোৱাৰ গৃহৰ পৰা নমাই আনিলে; তেওঁলোকে ওপৰ দুৱাৰেদি আহি ৰাজ গৃহত সোমাই ৰাজ সিংহাসনত ৰজাক বহুৱালে।
၂၀လူတရာအုပ်၊ မှူးမတ်၊ အကြီးအကဲ၊ ပြည်သူ ပြည်သားအပေါင်းတို့ကို ခေါ်လျက်၊ မြင့်သော တံခါးလမ်း ဖြင့်၊ ရှင်ဘုရင်ကို ဗိမာန်တော်မှ နန်းတော်သို့ပို့ဆောင်၍၊ ရာဇပလ္လင်တော်ပေါ်မှာ တင်ကြ၏။
21 ২১ তেতিয়া দেশৰ সকলো মানুহে আনন্দ কৰিলে আৰু নগৰ সুথিলে থাকিল। কিন্তু অথলিয়াক হ’লে লোকসকলে তৰোৱালেৰে বধ কৰিলে৷
၂၁နန်းတော်နားမှာ အာသလိကို သတ်ပြီးမှ၊ ပြည်သူပြည်သားအပေါင်းတို့သည် ဝမ်းမြောက်၍၊ တမြို့လုံး၌လည်း ငြိမ်ဝပ်ခြင်းရှိ၏။