< ২ বংশাবলি 22 >
1 ১ তেতিয়া যিৰূচালেমৰ নিবাসীসকলে যিহোৰামৰ কনিষ্ঠ পুত্ৰ অহজিয়াক তেওঁৰ পদত ৰজা পাতিলে; কাৰণ আৰবীয়াসকলৰ সৈতে ছাউনিলৈ অহা লোকৰ দলটোৱে তেওঁৰ আটাই কেইজন বৰ পুত্ৰক বধ কৰিছিল। সেয়েহে যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অহজিয়া ৰজা হ’ল।
Constituerunt autem habitatores Jerusalem Ochoziam filium ejus minimum regem pro eo: omnes enim majores natu, qui ante eum fuerant, interfecerant latrones Arabum qui irruerant in castra: regnavitque Ochozias filius Joram regis Juda.
2 ২ অহজিয়াই বিয়াল্লিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত এবছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃৰ নাম অথলিয়া আছিল; তেখেত অম্ৰীৰ নাতিয়েক আছিল।
Quadraginta duorum annorum erat Ochozias cum regnare cœpisset, et uno anno regnavit in Jerusalem: et nomen matris ejus Athalia filia Amri.
3 ৩ তেওঁৰ মাতৃয়ে তেওঁক মন্ত্রণা দিছিল, আৰু তেওঁ আহাবৰ বংশৰ পথত চলি কু-আচৰণ কৰিছিল।
Sed et ipse ingressus est per vias domus Achab: mater enim ejus impulit eum ut impie ageret.
4 ৪ আহাবৰ বংশৰ লোকসকলৰ নিচিনাকৈ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল, কাৰণ তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত তেওঁলোকেই তেওঁৰ পৰামর্শ দিওঁতা অাছিল, আৰু তেওঁলোকেই তেওঁক বিনাশ কৰিলে।
Fecit igitur malum in conspectu Domini, sicut domus Achab: ipsi enim fuerunt ei consiliarii post mortem patris sui, in interitum ejus:
5 ৫ তেওঁ তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিলে; তেওঁ ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যিহোৰামৰ লগত ৰামোৎ-গিলিয়দত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল৷ তাতে অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
ambulavitque in consiliis eorum. Et perrexit cum Joram filio Achab rege Israël in bellum contra Hazaël regem Syriæ in Ramoth Galaad: vulneraveruntque Syri Joram.
6 ৬ এই হেতুকে, তেওঁ অৰামৰ ৰজা হজায়েলে সৈতে যুদ্ধ কৰা সময়ত, অৰামীয়াসকলে ৰামাত তেওঁক যি আঘাত কৰিছিল, সেই ঘা-বোৰৰ পৰা সুস্থ হ’বলৈ তেওঁ যিজ্ৰিয়েললৈ ঘূৰি আহিল। তেতিয়া যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অজৰিয়াই আহাবৰ পুত্ৰ যোৰামক চাবলৈ যিজ্ৰিয়েললৈ নামি গ’ল; কিয়নো তেওঁক আঘাত কৰা হৈছিল৷
Qui reversus est ut curaretur in Jezrahel: multas enim plagas acceperat in supradicto certamine. Igitur Ochozias filius Joram rex Juda descendit ut inviseret Joram filium Achab in Jezrahel ægrotantem.
7 ৭ কিন্তু অহজিয়াই যোৰামৰ ওচৰলৈ যোৱাৰ কাৰণে ঈশ্বৰৰ পৰা তেওঁলৈ বিনাশ আহিল; কিয়নো তেওঁ যেতিয়া আহিছিল, তেতিয়া তেওঁ আৰু যিহোৰামে নিমচীৰ পুত্ৰ যেহূক আক্রমণ কৰিবলৈ ওলাই আহিছিল। কিয়নো যেহূক আহাবৰ বংশ উচ্ছন্ন কৰিবৰ বাবে যিহোৱাই অভিষেক কৰিছিল।
Voluntatis quippe fuit Dei adversus Ochoziam, ut veniret ad Joram: et cum venisset, et egrederetur cum eo adversum Jehu filium Namsi, quem unxit Dominus ut deleret domum Achab.
8 ৮ পাছত যেহূৱে যি সময়ত আহাবৰ বংশৰ ওপৰত ঈশ্বৰৰ দণ্ড সাধিছিল, সেই সময়ত তেওঁ যিহূদাৰ অধ্যক্ষসকলক আৰু অহজিয়াৰ পৰিচৰ্যা কৰোঁতা তেওঁৰ ভায়েকসকলৰ পুত্ৰসকলক পাই বধ কৰিছিল।
Cum ergo everteret Jehu domum Achab, invenit principes Juda, et filios fratrum Ochoziæ, qui ministrabant ei, et interfecit illos.
9 ৯ পাছত তেওঁ অহজিয়াক বিচাৰিলে; লোকসকলে তেওঁক চমৰিয়াত লুকাই থকা অৱস্থাত ধৰি যেহূৰ ওচৰলৈ আনি তেওঁক বধ কৰিলে৷ লোকসকলে তেওঁক মৈদাম দি ক’লে বোলে, “যি যিহোচাফটে তেওঁৰ সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল, তেওঁ সেই জনৰ সন্তান৷” তাতে সেই ৰাজ্যভাৰ ল’বলৈ অহজিয়াৰ বংশৰ মাজত কাৰো সমর্থ নাছিল।
Ipsum quoque perquirens Ochoziam, comprehendit latitantem in Samaria: adductumque ad se, occidit: et sepelierunt eum, eo quod esset filius Josaphat, qui quæsierat Dominum in toto corde suo. Nec erat ultra spes aliqua ut de stirpe quis regnaret Ochoziæ:
10 ১০ অহজিয়াৰ মাক অথলিয়াই যেতিয়া নিজৰ পুত্ৰৰ মৃত্যু হোৱা দেখিলে, তেতিয়া তেওঁ উঠি যিহূদাৰ গোটেই ৰাজ-বংশকে সংহাৰ কৰিলে।
siquidem Athalia mater ejus, videns quod mortuus esset filius suus, surrexit, et interfecit omnem stirpem regiam domus Joram.
11 ১১ কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি হ’ল৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে।
Porro Josabeth filia regis tulit Joas filium Ochoziæ, et furata est eum de medio filiorum regis, cum interficerentur: absconditque eum cum nutrice sua in cubiculo lectulorum: Josabeth autem, quæ absconderat eum, erat filia regis Joram, uxor Jojadæ pontificis, soror Ochoziæ: et idcirco Athalia non interfecit eum.
12 ১২ পাছত তেওঁ তেওঁলোকে সৈতে ঈশ্বৰৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত অথলিয়াই দেশৰ ওপৰত ৰাজত্ব কৰিছিল।
Fuit ergo cum eis in domo Dei absconditus sex annis, quibus regnavit Athalia super terram.