< ২ বংশাবলি 20 >
1 ১ তাৰ পাছত মোৱাবৰ সন্তান সকল, অম্মোনীয়াৰ সন্তান সকল আৰু তেওঁলোকৰ লগত কিছুমান মায়োনীয়া লোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল৷
It happened after this, that the people of Moab, and the people of Ammon, and with them some of the Meunites, came against Jehoshaphat to battle.
2 ২ তেতিয়া কিছুমান লোক আহি যিহোচাফটক এই সম্বাদ দিলে বোলে, “সাগৰৰ সিপাৰে থকা অৰামৰ পৰা অতিশয় অধিক লোক আপোনাৰ বিৰুদ্ধে উঠি আহিছে৷ চাওঁক, তেওঁলোক হচচোন-তামৰত অৰ্থাৎ অয়িন-গদীত আছে।”
Then some came who told Jehoshaphat, saying, "A great multitude is coming against you from beyond the sea from Edom. Look, they are in Hazazon Tamar" (that is, En Gedi).
3 ৩ তেতিয়া যিহোচাফটে ভয় কৰি যিহোৱাক বিচাৰিবলৈ ঠাৱৰ কৰিলে৷ তেওঁ যিহূদাৰ সকলো ফালে উপবাস ঘোষণা কৰিলে।
Jehoshaphat was alarmed, and set himself to seek to YHWH. He proclaimed a fast throughout all Judah.
4 ৪ যিহূদাৰ লোকসকলে যিহোৱাৰ আগত সাহায্য যাচ্না কৰিবলৈ গোট খালে; যিহূদাৰ আটাই নগৰৰ পৰা লোকসকলে যিহোৱাক বিচাৰ কৰিবলৈ আহিল।
Judah gathered themselves together, to seek help from YHWH. They came out of all the cities of Judah to seek YHWH.
5 ৫ যিহোচাফটে যিহোৱাৰ গৃহৰ নতুন চোতালখনৰ আগত যিহূদাৰ আৰু যিৰূচালেমৰ সমাজৰ আগত থিয় হ’ল।
Jehoshaphat stood in the assembly of Judah and Jerusalem, in the house of YHWH, before the new court;
6 ৬ তেওঁ ক’লে, “হে আমাৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা, আপুনি জানো স্বৰ্গৰ ঈশ্বৰ নহয় নে? আৰু আপুনিয়েই জানো জাতি সমূহৰ সকলো ৰাজ্যৰ ওপৰত শাসনকৰ্ত্তা নহয়? আপোনাৰেই হাতত শক্তি আৰু পৰাক্ৰম থকাত আপোনাৰ অহিতে কোনেও থিয় হ’ব নোৱাৰে।
and he said, "YHWH, the God of our fathers, aren't you God in heaven? Aren't you ruler over all the kingdoms of the nations? Power and might are in your hand, so that no one is able to withstand you.
7 ৭ হে আমাৰ ঈশ্বৰ, আপুনিয়েই জানো আপোনাৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ আগৰ পৰা এই দেশ নিবাসীসকলক দূৰ কৰি অব্ৰাহামৰ বংশক চিৰকালৰ বাবে এই দেশ দিয়া নাই?
Did you not, our God, drive out the inhabitants of this land before your people Israel, and give it forever to the descendants of Abraham your friend?
8 ৮ তেওঁলোকে এই দেশত বাস কৰিছিল আৰু এই ঠাইত আপোনাৰ নামৰ বাবে এক ধৰ্মধাম সাজি লৈ কৈছিল,
They lived in it, and have built you a sanctuary in it for your name, saying,
9 ৯ ‘আমালৈ যদি অমঙ্গল ঘটে - তৰোৱাল বা বিচাৰ, সিদ্ধ দণ্ড বা মহামাৰী বা আকালে হওঁক তেতিয়া আমি এই গৃহৰ আগত আৰু আপোনাৰ আগত (কিয়নো এই গৃহত আপোনাৰ নাম আছে) থিয় হৈ, সঙ্কতৰ কালত আপোনাৰ আগত কাতৰোক্তি কৰিম; তাতে আপুনি সেই বিষয়ে শুনি আমাক উদ্ধাৰ কৰিব।’
'If evil comes on us—the sword, judgment, pestilence, or famine—we will stand before this house, and before you, (for your name is in this house), and cry to you in our affliction, and you will hear and save.'
10 ১০ এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তান সকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷
Now, look, the people of Ammon and Moab and Mount Seir, whom you would not let Israel invade, when they came out of the land of Egypt, but they turned aside from them, and did not destroy them;
11 ১১ এতিয়া চাওঁক, তেওঁলোকে উপকাৰৰ সলনি আমাৰ কেনে অপকাৰ কৰিছে; আপুনি যি উত্তৰাধীকাৰ আমাক দিলে, আপোনাৰ সেই উত্তৰাধিকাৰৰ পৰা তেওঁলোকে আমাক খেদাই দিবলৈ আহিছে৷
look, how they reward us, to come to cast us out of your possession, which you have given us to inherit.
12 ১২ হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবা নে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিশয় লোক সমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সামর্থ নাই৷ আমি যি কৰিব লাগিব, সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছোঁ।”
Our God, will you not judge them? For we have no might against this great company that comes against us; neither know we what to do, but our eyes are on you."
13 ১৩ এইদৰে শিশুসকল, মহিলাসকল আৰু তেওঁলোকৰ সন্তান সকলে সৈতে গোটেই যিহূদা যিহোৱাৰ সাক্ষাতে থিয় হ’ল।
All Judah stood before YHWH, with their little ones, their wives, and their children.
14 ১৪ তেতিয়া সেই সমাজৰ মাজৰ মত্তনীয়াৰ বৃদ্ধ পৰিনাতি, যিয়ীয়েলৰ পৰিনাতি বনায়াৰ নাতি, জখৰিয়ৰ পুত্ৰ জহজীয়েল নামেৰে আচফৰ বংশৰ এজন লেবীয়া লোকৰ ওপৰত যিহোৱাৰ আত্মা স্থিতি হ’ল।
Then the Spirit of YHWH came on Jahaziel the son of Zechariah, the son of Benaiah, the son of Jeiel, the son of Mattaniah, the Levite, of the sons of Asaph, in the midst of the assembly;
15 ১৫ জহজীয়েলে ক’লে, “হে যিহূদা, যিৰূচালেমৰ নিবাসীসকল আৰু হে মহাৰাজ যিহোচাফট; তোমালোকে কাণ দিয়া: যিহোৱাই তোমালোকক এই কথা কৈছে: ‘তোমালোকে সেই অতিশয় অধিক লোক সমূহক দেখি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে।
and he said, "Listen, all Judah, and you inhabitants of Jerusalem, and you king Jehoshaphat. Thus says YHWH to you, 'Do not be afraid, neither be dismayed by reason of this great multitude; for the battle is not yours, but God's.
16 ১৬ তোমালোকে কাইলৈ তেওঁলোকৰ বিৰুদ্ধে নামি যাব লাগিব৷ চোৱা, তেওঁলোকে চীচলৈ যোৱা বাটেদি উঠি আহিছে৷ তোমালোকে যিৰুৱেল মৰুপ্ৰান্তৰ আগত উপত্যকাৰ শেষ ভাগত তেওঁলোকক পাবা।
Tomorrow go down against them. Look, they are coming up by the ascent of Ziz. You shall find them at the end of the valley, before the wilderness of Jeruel.
17 ১৭ এই যুদ্ধত তোমালোকে যুদ্ধ কৰিবলৈ প্ৰয়োজন নহ’ব৷ হে যিহূদা আৰু যিৰূচালেম, তোমালোকে শাৰী পাতি থিয় দি থাকা আৰু তোমালোকে যিহোৱাৰ সৈতে, যিহোৱাই কৰা নিস্তাৰ দেখিবা৷ তোমালোকে ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কাইলৈ তেওঁলোকৰ বিৰুদ্ধে ওলাই যোৱা, কিয়নো যিহোৱা তোমালোকৰ লগত আছে’৷”
You will not need to fight this battle. Set yourselves, stand still, and see the salvation of YHWH with you, O Judah and Jerusalem. Do not be afraid, nor be dismayed. Go out against them tomorrow, for YHWH is with you.'"
18 ১৮ তেতিয়া যিহোচাফটে মূৰ দোঁৱাই মাটিলৈ মুখ কৰি প্ৰণিপাত কৰিলে৷ তেতিয়া যিহূদাৰ সকলো লোক অাৰু যিৰূচালেম নিবাসীসকলে যিহোৱাৰ আগত উবুৰি হৈ পৰি তেওঁৰ প্ৰণিপাত কৰিলে।
Jehoshaphat bowed his head with his face to the ground; and all Judah and the inhabitants of Jerusalem fell down before YHWH, worshipping YHWH.
19 ১৯ কহাতৰ বংশৰ আৰু কোৰহৰ বংশৰ লেবীয়াসকলে তেতিয়া উঠি থিয় হ’ল আৰু অতিশয় বৰ মাতেৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিলে৷
The Levites, of the descendants of the Kohathites and of the descendants of the Korahites, stood up to praise YHWH, the God of Israel, with an exceeding loud voice.
20 ২০ পাছত তেওঁলোকে ৰাতিপুৱাতে উঠি তকোৱাৰ মৰুপ্ৰান্তলৈ ওলাই গ’ল৷ ওলাই যোৱা সময়ত, যিহোচাফটে থিয় হৈ ক’লে, “হে যিহূদা আৰু যিৰূচালেম নিবাসীসকল, মোলৈ কাণ দিয়া! তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা, তাতে তোমালোক সমর্থন পাবা আৰু তেওঁৰ ভাববাদীসকলত বিশ্বাস কৰা, তাতে তোমালোক কৃতকাৰ্য হ’বা।”
They rose early in the morning, and went forth into the wilderness of Tekoa: and as they went forth, Jehoshaphat stood and said, "Listen to me, Judah, and you inhabitants of Jerusalem. Believe in YHWH your God, so you will be established. Believe his prophets, and you will prosper."
21 ২১ তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে “যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে”, এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে।
When he had taken counsel with the people, he appointed those who should sing to YHWH, and give praise in holy array, as they went out before the army, and say, Give thanks to YHWH; for his loving kindness endures forever.
22 ২২ যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।
When they began to sing and to praise, YHWH set ambushers against the people of Ammon, Moab, and Mount Seir, who had come against Judah; and they were struck.
23 ২৩ কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল৷ যেতিয়া তেওঁলোকে চেয়ীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে।
For the people of Ammon and Moab stood up against the inhabitants of Mount Seir, utterly to kill and destroy them: and when they had made an end of the inhabitants of Seir, everyone helped to destroy another.
24 ২৪ যিহূদাৰ লোকসকলে যেতিয়া মৰুপ্ৰান্তৰ প্ৰহৰী-দুৰ্গলৈ আহিল, তেতিয়া তেওঁলোকে সেই ঠাইৰ পৰা সেই অতিশয় লোক সকলৰ সৈন্যদললৈ মুখ ঘূৰাই চাই দেখিলে যে, তেওঁলোক মৰা শ হৈ মাটিত পৰি আছে; ৰক্ষা পোৱা এজনো নাই।
When Judah came to the place overlooking the wilderness, they looked at the multitude; and look, they were dead bodies fallen to the earth, and there were none who escaped.
25 ২৫ তেতিয়া যিহোচাফট আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ লুটদ্ৰব্য আনিবলৈ গৈ শৱৰ লগত বহুত সম্পত্তি আৰু বহুমূল্য বাখৰ পালে৷ তেওঁলোকে সেইবোৰ নিজৰ বাবে তেওঁলোকৰ গাৰ পৰা উলিয়াই আনিলে৷ তাতে ইমান ধন হ’ল যে তেওঁলোকৰ যিমান ধন কঢ়িয়াব পৰা ক্ষমতা আছিল তাতোকৈয়ো অধিক ধন তেওঁলোকে বৈ নিলে৷ সেই লুটদ্ৰব্য ইমান অধিক আছিল যে সেইবোৰ লৈ যাবলৈ তেওঁলোকৰ তিনি দিন লাগিল।
When Jehoshaphat and his people came to take their spoil, they found among them in abundance both riches and dead bodies, and precious jewels, which they stripped off for themselves, more than they could carry away: and they were three days in taking the spoil, it was so much.
26 ২৬ তাৰ পাছত চতুৰ্থ দিনা তেওঁলোকে বৰাখা উপত্যকাত গোট খালে৷ সেই ঠাইত তেওঁলোকে যিহোৱাৰ ধন্যবাদ কৰিলে আৰু সেই কাৰণে আজিলৈকে সেই ঠাই বৰাখা উপত্যকা বুলি প্ৰখ্যাত আছে।
On the fourth day they assembled themselves in the Valley of Berachah; for there they blessed YHWH: therefore the name of that place was called The Valley of Berachah to this day.
27 ২৭ তাৰ পাছত যিহূদা আৰু যিৰূচালেমৰ প্ৰতিজন লোকে আৰু তেওঁলোকৰ অগ্ৰগামী যিহোচাফটে আনন্দেৰে যিৰূচালেমলৈ ঘূৰি আহিবলৈ নিশ্চিত কৰিলে; কিয়নো যিহোৱাই তেওঁলোকৰ শত্ৰুবোৰৰ ওপৰত তেওঁলোকক আনন্দিত কৰিছিল।
Then they returned, every man of Judah and Jerusalem, and Jehoshaphat in their forefront, to go again to Jerusalem with joy; for YHWH had made them to rejoice over their enemies.
28 ২৮ তাতে তেওঁলোকে নেবল, বীণা আৰু তুৰী বজাই যিৰূচালেমলৈ যিহোৱাৰ গৃহলৈ আহিল।
They came to Jerusalem with stringed instruments and harps and trumpets to the house of YHWH.
29 ২৯ যিহোৱাই ইস্ৰায়েলৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা কথা আন আন দেশৰ সকলো লোকে শুনি, ঈশ্বৰৰ প্ৰতি ভয় পালে।
The fear of God was on all the kingdoms of the countries, when they heard that YHWH fought against the enemies of Israel.
30 ৩০ এইদৰে যিহোচাফটৰ ৰাজ্য সুস্থিৰ হ’ল; কিয়নো তেওঁৰ ঈশ্বৰে তেওঁক চাৰিওফালে শান্তি দিছিল।
So the realm of Jehoshaphat was quiet; for his God gave him rest all around.
31 ৩১ যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ব কৰিলে। তেওঁ পঁয়ত্ৰিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।
Jehoshaphat reigned over Judah: he was thirty-five years old when he began to reign; and he reigned twenty-five years in Jerusalem: and his mother's name was Azubah the daughter of Shilhi.
32 ৩২ তেওঁ তেওঁৰ পিতৃ আচাৰ পথত চলিছিল, আৰু তেওঁৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিছিল।
He walked in the way of Asa his father, and did not turn aside from it, doing that which was right in the eyes of YHWH.
33 ৩৩ তথাপি পবিত্ৰ ঠাইবোৰ গুচুউৱা নহ’ল আৰু তেওঁলোকে তেতিয়াও নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰলৈ নিজ নিজ মন যুগুত নকৰিলে।
However the high places were not taken away; neither as yet had the people set their hearts to the God of their fathers.
34 ৩৪ যিহোচাফটৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰে পৰা শেষলৈকে ইস্ৰায়েলৰ ৰজাসকলৰ বুৰঞ্জীৰ লগতে হনানীৰ পুত্ৰ যেহূৰ ইতিহাস-পুস্তকখনিত লিখা আছে।
Now the rest of the acts of Jehoshaphat, first and last, look, they are written in the history of Jehu the son of Hanani, which is inserted in the book of the kings of Israel.
35 ৩৫ ইয়াৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ অতি দুৰাচাৰী অহজিয়া ৰজাৰ লগত যোগ দিলে।
After this Jehoshaphat king of Judah joined himself with Ahaziah king of Israel. The same did very wickedly:
36 ৩৬ বিশেষকৈ তেওঁ সাগৰলৈ যাবৰ কাৰণে জাহাজ সজাৰ অৰ্থে, তেওঁৰ লগত যোগ দিলে৷ তেওঁলোকে ইচিয়োন-গেবৰত কেইবাখনো জাহাজ সাজিলে।
and he joined himself with him to make ships to go to Tarshish; and they made the ships in Ezion Geber.
37 ৩৭ তেতিয়া মাৰেচাৰ দোদাবাহুৰ পুত্ৰ ইলীয়েজৰে যিহোচাফটৰ বিৰুদ্ধে এই ভাববাণী প্ৰচাৰ কৰিলে; তেওঁ ক’লে, “কিয়নো তুমি অহজিয়াৰ লগত যোগ দিলা, এই কাৰণে যিহোৱাই তোমাৰ কাৰ্যবোৰ ধংস কৰিলে।” তাতে সেই জাহাজবোৰ ভগ্ন হ’ল যাতে তেওঁলোক অন্য দেশলৈ যাব নোৱাৰে।
Then Eliezer the son of Dodavahu of Mareshah prophesied against Jehoshaphat, saying, "Because you have joined yourself with Ahaziah, YHWH has destroyed your works." The ships were broken, so that they were not able to go to Tarshish.