< ২ বংশাবলি 19 >
1 ১ তাৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে শান্তিৰে যিৰূচালেমৰ নিজৰ ঘৰলৈ ঘূৰি আহিল৷
Josaphat aber, der König Juda's, kam wieder heim mit Frieden gen Jerusalem.
2 ২ তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।
Und es gingen ihm entgegen hinaus Jehu, der Sohn Hananis, der Seher, und sprach zum König Josaphat: Sollst du so dem Gottlosen helfen, und lieben, die den HERRN hassen? Und um deswillen ist über dir der Zorn vom HERRN.
3 ৩ তথাপি তুমি দেশৰ পৰা আচেৰা মুৰ্ত্তিবোৰ উচ্ছন্ন কৰাত আৰু ঈশ্বৰক বিচাৰিবলৈ তোমাৰ মন থিৰ কৰাত তোমাৰ কিছু সদ্ভাৱ পোৱা গ’ল।”
Aber doch ist etwas Gutes an dir gefunden, daß du die Ascherabilder hast ausgefegt aus dem Lande und hast dein Herz gerichtet, Gott zu suchen.
4 ৪ তাৰ পাছত যিহোচাফটে যিৰূচালেমত বসতি কৰিলে; আৰু তেওঁ পুনৰাই ওলায় বেৰ-চেবাৰ পৰা ইফ্ৰয়িম পৰ্বতীয়া অঞ্চললৈকে লোকসকলৰ মাজত ফুৰি, তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ফালে তেওঁলোকক ঘূৰাই আনিলে।
Also blieb Josaphat zu Jerusalem. Und er zog wiederum aus unter das Volk von Beer-Seba an bis auf das Gebirge Ephraim und brachte sie wieder zu dem HERRN, ihrer Väter Gott.
5 ৫ আৰু দেশৰ ভিতৰত গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ নগৰৰ ভিতৰত প্ৰত্যেক নগৰত তেওঁ এজন এজনকৈ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে৷
Und er bestellte Richter im Lande in allen festen Städten Juda's, in einer jeglichen Stadt etliche,
6 ৬ তেওঁ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা; কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু যিহোৱাৰ কাৰণেহে বিচাৰ কৰিবা; বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ’ব।
Und sprach zu den Richtern: Sehet zu, was ihr tut! denn ihr haltet das Gericht nicht den Menschen, sondern dem HERRN; und er ist mit euch im Gericht.
7 ৭ এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”
Darum laßt die Furcht des HERRN bei euch sein und hütet euch und tut's; denn bei dem HERRN, unserm Gott, ist kein Unrecht noch Ansehen der Person noch Annehmen des Geschenks.
8 ৮ ইয়াৰ উপৰিও, যিহোচাফটে যিৰূচালেমত যিহোৱা-সমন্ধীয় বিচাৰৰ অৰ্থে আৰু বিবাদ ভাঙিবৰ অৰ্থে লেবীয়াসকলৰ, পুৰোহিতসকলৰ আৰু ইস্ৰায়েলৰ ফৈদৰ মুখিয়াল কেইজনমানক নিযুক্ত কৰিলে। তেখেতসকল যিৰূচালেমত বাস কৰিলে৷
Auch bestellte Josaphat zu Jerusalem etliche aus den Leviten und Priestern und aus den Obersten der Vaterhäuser in Israel über das Gericht des HERRN und über die Streitsachen und ließ sie zu Jerusalem wohnen,
9 ৯ তেওঁ তেখেতসকলক এই আজ্ঞা দিলে, বোলে, “তোমালোকে যিহোৱালৈ ভয় ৰাখি বিশ্বাসীৰূপে সিদ্ধ মনেৰে এইদৰে কাৰ্য কৰিবা:
und er gebot ihnen und sprach: Tut also in der Furcht des HERRN, treulich und mit rechtem Herzen.
10 ১০ ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।
In allen Sachen, die zu euch kommen von euren Brüdern, die in ihren Städten wohnen, zwischen Blut und Blut, zwischen Gesetz und Gebot, zwischen Sitten und Rechten, sollt ihr sie unterrichten, daß sie sich nicht verschulden am HERRN und ein Zorn über euch und eure Brüder komme. Tut also, so werdet ihr euch nicht verschulden.
11 ১১ চোৱা, যিহোৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহূদা-বংশীয় অধ্যক্ষ ইশ্মায়েলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে৷ লেবীয়াসকলো তোমালোকৰ আগত শাসনকৰ্ত্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন যিহোৱা সাধু লোকসকলৰ সংগী হওঁক।”
Siehe, Amarja, der oberste Priester, ist über euch in allen Sachen des HERRN, und Sebadja, der Sohn Ismaels, der Fürst im Hause Juda's, in allen Sachen des Königs, und als Amtleute habt ihr die Leviten vor euch. Seid getrost und tut's, und der HERR wird mit dem Guten sein.