< ২ বংশাবলি 18 >
1 ১ সেই সময়ত যিহোচাফটে অধিক ধন আৰু সন্মান লাভ কৰিলে; আৰু তেওঁ আহাবৰ লগত মিতিৰ পাতিলে।
Jósafátnak nagy gazdagsága és dicsősége vala. Ő sógorságot szerze Akhábbal.
2 ২ কেইবছৰ মানৰ পাছত তেওঁ চমৰিয়ালৈ আহাবৰ ওচৰলৈ নামি গ’ল৷ আহাবে তেওঁৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে অনেক ভেড়া, ছাগলী আৰু গৰু মাৰিলে৷ আনকি আহাবে তেওঁৰ লগত ৰামোৎ-গিলিয়দ আটক কৰিবলৈ তেওঁক ৰাজী কৰালে।
Néhány esztendő mulva aláméne Akhábhoz Samariába, és levágatott Akháb az ő és a vele való nép számára sok juhot és ökröt, és rávette őt, hogy felmenjen vele Rámóth Gileádba.
3 ৩ ইস্ৰায়েলৰ আহাব ৰজাই যিহূদাৰ ৰজা যিহোচাফটক ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ মোৰ লগত যাব নে?” তাতে যিহোচাফতে উত্তৰ দি ক’লে, “আপুনি যেনে ময়ো তেনে আৰু মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে; সেই যুদ্ধত আমি আপোনাৰ লগত উপস্থিত থাকিম।”
Mert ezt mondá Akháb, az Izráel királya Jósafátnak, a Júda királyának: Feljösz-é velem Rámóth Gileádba? Felele néki, és monda: Úgy én, mint te; úgy az én népem, mint a te néped együtt lesz a harczban.
4 ৪ যিহোচাফটে ইস্ৰায়েল ৰজাৰ আগত পুনৰ ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে তেওঁক সোধক৷”
Azután monda Jósafát az Izráel királyának: Kérdezősködjél még ma az Úr beszéde után.
5 ৫ তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে মই ক্ষান্ত হৈ থাকিম?” তাতে তেওঁলোকে ক’লে, “যাওঁক, কিয়নো ঈশ্বৰে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
És összegyűjté az Izráel királya a prófétákat, mintegy négyszáz férfiút, és monda nékik: Elmenjünk-é Rámóth Gileád ellen hadba, vagy elhagyjam? Felelének: Menj el, és az Isten a király kezébe adja.
6 ৬ কিন্তু যিহোচাফটে ক’লে, “আমি উপদেশ বিচৰা অর্থে যিহোৱাৰ এনে কোনো ভাববাদী ইয়াত আছে নে?”
És monda Jósafát: Nincsen-é itt több prófétája az Úrnak, hogy attól is tudakozódhatnánk?
7 ৭ তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন লোক আছে; কিন্তু মই তেওঁক ঘিণ কৰোঁ কিয়নো তেওঁ মোৰ বিষয়ে কেতিয়াও মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমঙ্গলহে প্ৰচাৰ কৰে; তেওঁ যিম্লাৰ পুত্ৰ মীখায়া।” তেতিয়া যিহোচাফতে ক’লে, “মহাৰাজে যেন তেনে কথা নকওঁক।”
És monda az Izráel királya Jósafátnak: Van még egy férfiú, a ki által az Urat megkérdezhetjük, de én gyűlölöm őt, mert soha nem jövendöl nékem jót, hanem mindig csak rosszat; ez Mikeás, a Jimla fia. És monda Jósafát: Ne beszéljen így a király!
8 ৮ তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁৰ এজন নপুংসকক আজ্ঞা দি ক’লে, “যিম্লাৰ পুত্ৰ মীখায়াক বেগাই আনাগৈ।”
Szólíta azért az Izráel királya egyet az ő szolgái közül, és monda: Hívd ide hamar Mikeást, a Jimla fiát.
9 ৯ সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ যিহোচাফট ৰজাই নিজ নিজ ৰাজবস্ত্ৰ পিন্ধি, চমৰিয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল।
És az Izráel királya és Jósafát, a Júda királya ott ülnek vala, kiki az ő királyiszékében, királyi ruhákba öltözötten; ott ülnek vala Samaria kapuja előtt, a térségen; és a próféták mind prófétálnak vala ő előttök.
10 ১০ কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ বাবে লোহাৰ শিং এযোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ইয়াৰ দ্বাৰাই আপুনি অৰামীয়াসকলক সংহাৰ নকৰালৈকে খুচি থাকিব।”
Csináltatott vala pedig magának Sédékiás, a Kénaána fia vasszarvakat, és monda: Ezt mondja az Úr: Ezekkel ökleled a Siriabelieket, mígnem megemészted őket!
11 ১১ তাতে আন সকলো ভাববাদীসকলেও সেই দৰে ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দ আক্ৰমণ কৰক, তাতে আপুনি জয়ী হ’ব কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিলে।”
A többi próféták is mind ekképen jövendöltek, mondván: Menj fel Rámóth Gileád ellen, szerencsés leszel; mert azt az Úr a király kezébe adja.
12 ১২ পাছত যি দূতজনে মীখায়াক মাতিবলৈ গৈছিল তেওঁ তেওঁক ক’লে, “চাওঁক, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে, মই বিনয় কৰোঁ, আপোনাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ নিচিনা হওঁক; আপুনিও যেন মঙ্গলৰ বাক্য কয়৷”।
A követ pedig, a ki elment volt, hogy elhívná Mikeást, szóla néki, mondván: Ímé a próféták egyenlő akarattal jót jövendölnek a királynak; szólj, kérlek, te is úgy, mint azok közül egy, és jövendölj jót.
13 ১৩ তেতিয়া মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যি ক’ব, মই সেয়ে হে ক’ম।”
Akkor monda Mikeás: Él az Úr, hogy csak azt fogom mondani, a mit az én Istenem nékem mondánd!
14 ১৪ যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল তেতিয়া ৰজাই তেওঁক সুধিলে, “হে মীখায়া, আমি যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাম নে? নে মই ক্ষান্ত হ’ম?” তাতে তেওঁ ক’লে, “যাওঁক, আৰু আপোনালোক জয়ী হওঁক! তেওঁলোকক আপোনালোকৰ হাতত সমৰ্পণ কৰা হ’ব।”
Mikor azért a király elé jutott, akkor monda a király néki: Mikeás! elmenjünk-é Rámóth Gileád ellen hadba, vagy elhagyjam? És monda: Menjetek el, és jó szerencsétek leszen, kezetekbe adattatnak azok.
15 ১৫ তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
És monda a király néki: Hányszor esküdtesselek meg téged, hogy az igaznál egyebet ne mondj nékem az Úr nevében?
16 ১৬ তেতিয়া তেওঁ ক’লে, “মই গোটেই ইস্ৰায়েলক ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনাকৈ পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘তেওঁলোকৰ গৰাকী নাই৷ প্ৰতি জনে নিজ নিজ ঘৰলৈ শান্তিৰে ঘূৰি যাওঁক’।”
Akkor monda: Látám az egész Izráelt elszéledve a hegyeken, mint a juhokat, melyeknek pásztoruk nincsen. És azt mondá az Úr: Nincsen ezeknek urok. Térjen meg kiki az ő házához békességben.
17 ১৭ তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গল হে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পূৰ্বেই আপোনাৰ আগত কোৱা নাই?”
És monda az Izráel királya Jósafátnak: Nemde nem megmondottam-é, hogy nem fog nékem jót jövendölni, hanem rosszat?
18 ১৮ তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
Ismét monda: Halljátok meg azért az Úr szavát. Látám az Urat ülni az ő királyiszékében, és az egész mennyei sereget jobb és balkeze felől mellette állani.
19 ১৯ তেতিয়া যিহোৱাই ক’লে, ‘ইস্ৰায়েলৰ আহাব ৰজা গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক প্ৰলোভিত কৰিব?’ তেতিয়া কোনোৱে এক ভাবে আৰু আন কোনোৱে আন ভাবে উত্তৰ দিলে।
És monda az Úr: Kicsoda csalja meg Akhábot, az Izráel királyát, hogy felmenjen és elveszszen Rámóth Gileádban? És ki egyet, ki mást szóla.
20 ২০ তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’
Akkor eljöve egy lélek, a ki megállván az Úr előtt, monda: Én akarom megcsalni őt. Az Úr pedig monda néki: Mimódon?
21 ২১ তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’
És felele: Kimegyek és leszek hazug lélek az ő összes prófétái szájában. Monda azért: Csald meg és győzd meg, menj ki és cselekedjél úgy.
22 ২২ এই হেতুকে, চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথা ক’লে।
Ímé azért most az Úr adta a hazugságnak lelkét ezen te prófétáid szájába, és az Úr szólott veszedelmes dolgot ellened.
23 ২৩ তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?”
Akkor oda lépett Sédékiás, a Kénaána fia, s arczul csapá Mikeást, és monda: Melyik úton távozott el az Úrnak lelke tőlem, hogy csak néked szólana?
24 ২৪ তাতে মীখায়াই ক’লে, “চোৱা, যি দিনা তুমি লুকাবৰ কাৰণে ভিতৰ কোঠালিলৈ সোমাই যাবা, সেই দিনাই সেই বিষয়ে জানিবা।”
Felele Mikeás: Ímé meglátod magad azon a napon, a mikor egyik kamarából a másik kamarába mégy, hogy elrejtőzhessél.
25 ২৫ পাছত ইস্ৰায়েলৰ ৰজাই তেওঁৰ কিছুমান দাসক আজ্ঞা কৰিলে বোলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা৷
Akkor monda az Izráel királya: Fogjátok meg Mikeást, és vigyétek Amonhoz, a város fejedelméhez, és Joáshoz, a király fiához.
26 ২৬ আৰু ক’বা, ‘ৰজাই এইদৰে কৈছে, এই জন ব্যক্তিক বন্দীশালত বন্ধ কৰি থ’বা আৰু মই নিৰাপদে ঘূৰি নহালৈকে তেওঁক খাবৰ বাবে সামান্য অন্ন আৰু সামান্য জল দিবা’৷”
És mondjátok: Ezt mondja a király: Vessétek őt a tömlöczbe, s tápláljátok őt a nyomorúság kenyerével és a nyomorúság vizével, míg békességgel megjövök.
27 ২৭ মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।”
És monda Mikeás: Ha békével térsz vissza, akkor nem az Úr szólott én általam. Ismét monda: Halljátok meg minden népek!
28 ২৮ তাৰ পাছত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে উঠিল।
És felvonult az Izráel királya és Jósafát a Júda királya Rámóth Gileád ellen.
29 ২৯ ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত যাম কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ বস্ত্ৰ পিন্ধি থাকক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই অন্য বেশ ধৰিলে আৰু তেওঁলোক যুদ্ধ কৰিবলৈ গ’ল।
És monda az Izráel királya Jósafátnak: Ruhámat megváltoztatom, és úgy megyek a viadalra; te pedig öltözzél fel ruhádba. És megváltoztatá az Izráel királya az ő ruháját, és menének viadalra.
30 ৩০ কিন্তু অৰামৰ ৰজাই তেওঁৰ ৰথৰ অধ্যক্ষসকলক এই আজ্ঞা দিছিল বোলে, তোমালোকে ইস্ৰায়েলৰ ৰজাৰ সৰু কি বৰ আন কাৰোঁ লগত যুদ্ধ নকৰিবা। কেৱল ইস্ৰায়েলৰ ৰজাক হে আটক কৰিবা৷
Siria királya pedig meghagyta vala az ő szekerei fejedelmeinek, mondván: Ne harczoljatok se kicsiny, se nagy ellen, hanem csak az Izráel királya ellen.
31 ৩১ এই হেতুকে ৰথৰ অধ্যক্ষসকলে যিহোচাফটক দেখি, “এৱেই ইস্ৰায়েলৰ ৰজা”, এই বুলি, তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁক সহায় কৰিলে আৰু তেওঁৰ ওচৰৰ পৰা আঁতৰ হৈ যাবলৈ তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
És a mikor meglátták a szekerek fejedelmei Jósafátot, mondának: Ez az Izráel királya! És körülfogták őt, hogy legyőzzék. Akkor felkiálta Jósafát, és az Úr megsegéllé őt, és az Isten azokat elfordítá tőle;
32 ৩২ তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদি যাবলৈ এৰিলে।
Mert mikor látták a szekerek fejedelmei, hogy nem az Izráel királya, ott hagyták.
33 ৩৩ কিন্তু কোনো এজন লোকে তেওঁৰ ধনুৰ জোঁৰ টানি দৈবক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কৱচ আৰু উদৰ-ৰক্ষাৰ জোৰতে কাড় মাৰিলে; তেতিয়া তেওঁ সাৰথিক ক’লে, “তোমাৰ হাত ঘূৰোৱা আৰু মোক এই সৈন্যৰ মাজৰ পৰা উলিয়াই লৈ যোৱা; কিয়নো মই বৰকৈ আহত হ’লো।
Egy férfi pedig kifeszíté kézívét csak úgy találomra, és találá az Izráel királyát a pánczél és a kapocs között. És ő monda az ő kocsisának: Fordulj meg, és vígy ki engem a táborból, mert megsebesültem.
34 ৩৪ সেই দিনা বৰ যুদ্ধ হ’ল আৰু গধূলি নহোৱালৈকে অৰামীয়াসকলৰ আগত ইস্ৰায়েলৰ ৰজাক ৰথত থিয়কৈ ৰখাই হ’ল; আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ’ল।
És az ütközet mind erősebb lett azon a napon, és az Izráel királya az ő szekerében állott a Siriabeliek ellen estvéig, és naplementekor meghala.