< ২ বংশাবলি 17 >

1 তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে।
וימלך יהושפט בנו תחתיו ויתחזק על ישראל׃
2 তেওঁ গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনা-বাহিনী ৰাখিলে আৰু যিহূদা দেশত আৰু তেওঁৰ পিতৃ আচাই অধিকাৰ কৰি লোৱা ইফ্ৰয়িমৰ নগৰবোৰত সৈন্যদল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে।
ויתן חיל בכל ערי יהודה הבצרות ויתן נציבים בארץ יהודה ובערי אפרים אשר לכד אסא אביו׃
3 যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷
ויהי יהוה עם יהושפט כי הלך בדרכי דויד אביו הראשנים ולא דרש לבעלים׃
4 কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে।
כי לאלהי אביו דרש ובמצותיו הלך ולא כמעשה ישראל׃
5 এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল।
ויכן יהוה את הממלכה בידו ויתנו כל יהודה מנחה ליהושפט ויהי לו עשר וכבוד לרב׃
6 তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে।
ויגבה לבו בדרכי יהוה ועוד הסיר את הבמות ואת האשרים מיהודה׃
7 তেওঁ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিনহয়িল, ওবদিয়া, জখৰিয়া, নথনেল আৰু মীখায়াক, যিকেইজন তেওঁৰ প্ৰধান লোক আছিল, তেওঁলোকক যিহূদাৰ নগৰবোৰত শিক্ষা দিবৰ বাবে পঠিয়াই দিলে৷
ובשנת שלוש למלכו שלח לשריו לבן חיל ולעבדיה ולזכריה ולנתנאל ולמיכיהו ללמד בערי יהודה׃
8 আৰু তেওঁলোকে সৈতে চময়িয়া, নথনিয়া, জবদিয়া, অচাহেল, চমীৰামোৎ, যিহোনাথন, অদোনীয়া, টোবিয়া আৰু টোব অদোনীয়া, এই লেবীয়াসকলক আৰু তেওঁলোকৰ লগত ইলীচামা আৰু যিহোৰাম পুৰোহিতক পঠিয়ালে।
ועמהם הלוים שמעיהו ונתניהו וזבדיהו ועשהאל ושמרימות ויהונתן ואדניהו וטוביהו וטוב אדוניה הלוים ועמהם אלישמע ויהורם הכהנים׃
9 তাতে তেওঁলোকে যিহোৱাৰ ব্যৱস্থা-পুস্তকখন লগত লৈ যিহূদাত শিক্ষা দিবলৈ ধৰিলে৷ আৰু তেওঁলোকে যিহূদাৰ সকলো নগৰতে ফুৰি লোকসকলৰ মাজত শিক্ষা দিলে।
וילמדו ביהודה ועמהם ספר תורת יהוה ויסבו בכל ערי יהודה וילמדו בעם׃
10 ১০ তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে।
ויהי פחד יהוה על כל ממלכות הארצות אשר סביבות יהודה ולא נלחמו עם יהושפט׃
11 ১১ আৰু পলেষ্টীয়াসকলৰ কিছুমান লোকে যিহোচাফটলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে৷ আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ সাতশ মতা ভেড়া আৰু সাত হাজাৰ সাতশ ছাগলী আনিলে।
ומן פלשתים מביאים ליהושפט מנחה וכסף משא גם הערביאים מביאים לו צאן אילים שבעת אלפים ושבע מאות ותישים שבעת אלפים ושבע מאות׃
12 ১২ এইদৰে যিহোচাফটে অতি শক্তিশালী হৈ উঠিছিল৷ তেওঁ যিহূদাত অনেক দুৰ্গ আৰু ভঁৰাল-নগৰ সাজিছিল।
ויהי יהושפט הלך וגדל עד למעלה ויבן ביהודה בירניות וערי מסכנות׃
13 ১৩ যিহূদাৰ নগৰবোৰৰ মাজত তেওঁৰ অনেক যোগান আছিল আৰু যিৰূচালেমত তেওঁৰ পৰাক্ৰমী যুদ্ধাৰু বীৰ পুৰুষসকল আছিল।
ומלאכה רבה היה לו בערי יהודה ואנשי מלחמה גבורי חיל בירושלם׃
14 ১৪ তেওঁলোকৰ পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ তালিকা এনে ধৰণে: যিহূদাৰ সহস্ৰপতিসকলৰ মাজত আদান প্ৰদান আছিল; আৰু তেওঁৰ লগত তিনি লাখ পৰাক্ৰমী বীৰপুৰুষ আছিল;
ואלה פקדתם לבית אבותיהם ליהודה שרי אלפים עדנה השר ועמו גבורי חיל שלש מאות אלף׃
15 ১৫ তেওঁৰ পাছত যিহোহানন সেনাপতি আৰু তেওঁৰ লগত দুই লাখ আশী হাজাৰ লোক আছিল;
ועל ידו יהוחנן השר ועמו מאתים ושמונים אלף׃
16 ১৬ তেওঁৰ পাছত নিজকে ইচ্ছামনেৰে উৎসৰ্গ কৰা জিখ্ৰীৰ পুত্ৰ অমচিয়া; তেওঁৰ লগত দুই লাখ পৰাক্ৰমী বীৰ পুৰুষ আছিল৷
ועל ידו עמסיה בן זכרי המתנדב ליהוה ועמו מאתים אלף גבור חיל׃
17 ১৭ বিন্যামীনৰ মাজত পৰাক্ৰমী বীৰ পুৰুষ ইলিয়াদা, তেওঁৰ লগত দুই লাখ ধনু আৰু ঢাল ধৰা লোক আছিল;
ומן בנימן גבור חיל אלידע ועמו נשקי קשת ומגן מאתים אלף׃
18 ১৮ আৰু তেওঁৰ পাছত যিহোজাবদ, তেওঁৰ লগত যুদ্ধলৈ সাজু হোৱা এক লাখ আশী হাজাৰ লোক আছিল৷
ועל ידו יהוזבד ועמו מאה ושמונים אלף חלוצי צבא׃
19 ১৯ এওঁলোকে ৰজাৰ পৰিচৰ্যা কৰিছিল আৰু এওঁলোকৰ বাহিৰেও ৰজাই যিহূদাৰ সকলো ফালে গড়েৰে আবৃত নগৰবোৰত সেনাপতিসকলক ৰাখিছিল।
אלה המשרתים את המלך מלבד אשר נתן המלך בערי המבצר בכל יהודה׃

< ২ বংশাবলি 17 >