< ২ বংশাবলি 17 >
1 ১ তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে।
Hans Søn Josafat blev Konge i hans Sted. Han styrkede sin Stilling over for Israel
2 ২ তেওঁ গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনা-বাহিনী ৰাখিলে আৰু যিহূদা দেশত আৰু তেওঁৰ পিতৃ আচাই অধিকাৰ কৰি লোৱা ইফ্ৰয়িমৰ নগৰবোৰত সৈন্যদল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে।
ved at lægge Besætning i alle Judas befæstede Byer og indsætte Fogeder i Judas Land og de efraimitiske Byer, hans Fader Asa havde indtaget.
3 ৩ যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷
Og HERREN var med Josafat, thi han vandrede de Veje, hans Fader David til at begynde med havde vandret, og søgte ikke hen til Ba'alerne,
4 ৪ কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে।
men til sin Faders Gud og fulgte hans Bud og gjorde ikke som Israel.
5 ৫ এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল।
Derfor grundfæstede HERREN Kongedømmet i hans Haand; og hele Juda bragte Josafat Gaver, saa han vandt stor Rigdom og Ære.
6 ৬ তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে।
Da voksede hans Mod til at vandre paa HERRENS Veje, saa han ogsaa udryddede Offerhøjene og Asjerastøtterne i Juda.
7 ৭ তেওঁ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিনহয়িল, ওবদিয়া, জখৰিয়া, নথনেল আৰু মীখায়াক, যিকেইজন তেওঁৰ প্ৰধান লোক আছিল, তেওঁলোকক যিহূদাৰ নগৰবোৰত শিক্ষা দিবৰ বাবে পঠিয়াই দিলে৷
I sit tredje Regeringsaar sendte han sine Øverster Benhajil, Obadja, Zekarja, Netan'el og Mika ud for at undervise i Judas Byer,
8 ৮ আৰু তেওঁলোকে সৈতে চময়িয়া, নথনিয়া, জবদিয়া, অচাহেল, চমীৰামোৎ, যিহোনাথন, অদোনীয়া, টোবিয়া আৰু টোব অদোনীয়া, এই লেবীয়াসকলক আৰু তেওঁলোকৰ লগত ইলীচামা আৰু যিহোৰাম পুৰোহিতক পঠিয়ালে।
ledsaget af Leviterne Sjemaja, Netanja, Zebadja, Asa'el, Sjemiramot, Jonatan, Adonija, Tobija og Tob-Adonija, Leviterne, og præsterne Elisjama og Joram.
9 ৯ তাতে তেওঁলোকে যিহোৱাৰ ব্যৱস্থা-পুস্তকখন লগত লৈ যিহূদাত শিক্ষা দিবলৈ ধৰিলে৷ আৰু তেওঁলোকে যিহূদাৰ সকলো নগৰতে ফুৰি লোকসকলৰ মাজত শিক্ষা দিলে।
De havde HERRENS Lovbog med sig og underviste i Juda, og de drog rundt i alle Judas Byer og underviste Folket.
10 ১০ তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে।
En HERRENS Rædsel kom over alle Lande og Riger rundt om Juda, saa de ikke indlod sig i Krig med Josafat.
11 ১১ আৰু পলেষ্টীয়াসকলৰ কিছুমান লোকে যিহোচাফটলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে৷ আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ সাতশ মতা ভেড়া আৰু সাত হাজাৰ সাতশ ছাগলী আনিলে।
Fra Filisterne kom der Folk, som bragte Josafat Gaver og svarede Sølv i Skat; ogsaa Araberne bragte ham Smaakvæg, 7700 Vædre og 7700 Bukke.
12 ১২ এইদৰে যিহোচাফটে অতি শক্তিশালী হৈ উঠিছিল৷ তেওঁ যিহূদাত অনেক দুৰ্গ আৰু ভঁৰাল-নগৰ সাজিছিল।
Saaledes gik det stadig fremad for Josafat, saa han til sidst fik meget stor Magt; og han byggede Borge og Forraadsbyer i Juda,
13 ১৩ যিহূদাৰ নগৰবোৰৰ মাজত তেওঁৰ অনেক যোগান আছিল আৰু যিৰূচালেমত তেওঁৰ পৰাক্ৰমী যুদ্ধাৰু বীৰ পুৰুষসকল আছিল।
og han havde store Forraad i Judas Byer og Krigsfolk, dygtige Krigere i Jerusalem.
14 ১৪ তেওঁলোকৰ পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ তালিকা এনে ধৰণে: যিহূদাৰ সহস্ৰপতিসকলৰ মাজত আদান প্ৰদান আছিল; আৰু তেওঁৰ লগত তিনি লাখ পৰাক্ৰমী বীৰপুৰুষ আছিল;
Her følger en Fortegnelse over dem efter deres Fædrenehuse. Til Juda hørte følgende Tusindførere: Øversten Adna med 300 000 dygtige Krigere;
15 ১৫ তেওঁৰ পাছত যিহোহানন সেনাপতি আৰু তেওঁৰ লগত দুই লাখ আশী হাজাৰ লোক আছিল;
ved Siden af ham Øversten Johanan med 280 000 Mand;
16 ১৬ তেওঁৰ পাছত নিজকে ইচ্ছামনেৰে উৎসৰ্গ কৰা জিখ্ৰীৰ পুত্ৰ অমচিয়া; তেওঁৰ লগত দুই লাখ পৰাক্ৰমী বীৰ পুৰুষ আছিল৷
ved Siden af ham Amasja, Zikris Søn, der frivilligt gav sig i HERRENS Tjeneste, med 200 000 dygtige Krigere;
17 ১৭ বিন্যামীনৰ মাজত পৰাক্ৰমী বীৰ পুৰুষ ইলিয়াদা, তেওঁৰ লগত দুই লাখ ধনু আৰু ঢাল ধৰা লোক আছিল;
fra Benjamin var Eljada, en dygtig Kriger, med 200 000 Mand, væbnet med Bue og Skjold;
18 ১৮ আৰু তেওঁৰ পাছত যিহোজাবদ, তেওঁৰ লগত যুদ্ধলৈ সাজু হোৱা এক লাখ আশী হাজাৰ লোক আছিল৷
ved Siden af ham Jozabad med 80 000 vel rustede Mand.
19 ১৯ এওঁলোকে ৰজাৰ পৰিচৰ্যা কৰিছিল আৰু এওঁলোকৰ বাহিৰেও ৰজাই যিহূদাৰ সকলো ফালে গড়েৰে আবৃত নগৰবোৰত সেনাপতিসকলক ৰাখিছিল।
Disse stod i Kongens Tjeneste, og dertil kom de, som Kongen havde lagt i de befæstede Byer hele Juda over.