< ২ বংশাবলি 16 >

1 আচা’ৰ ৰাজত্ব কালৰ ছয়ত্ৰিশ বছৰত ইস্ৰায়েলৰ ৰজা বাচাৰ বিৰোধ কৰি আক্রোশমূলক ভাবে যিহূদা আক্রমণ কৰিছিল, আৰু ৰামা চহৰ সুসজ্জিত কৰি নিৰ্মাণ কৰিছিল, যাতে যিহূদাৰ ৰজাৰ ওচৰলৈ কোনো ৰাজ্যৰ লোক অহা-যোৱা কৰিব নোৱাৰে।
Ní ọdún kẹrìndínlógójì ìjọba Asa, Baaṣa ọba Israẹli gòkè wá sí Juda ó sì kọlu Rama, láti ma bá a jẹ́ kí ẹnikẹ́ni lè jáde tàbí wọlé tọ Asa ọba Juda lọ.
2 তেতিয়া আচা’ই যিহোৱাৰ গৃহৰ আৰু ৰাজগৃহৰ ভঁৰালৰ পৰা ৰূপ আৰু সোণ উলিয়ালে আৰু সেইবোৰ দি দম্মেচকত থকা অৰামীয়া বিন-হদদ ৰজাৰ ওচৰলৈ পঠিয়ালে৷ তেওঁ ক’লে,
Nígbà náà ni Asa mú wúrà àti fàdákà jáde nínú ilé ìṣúra ilé Olúwa àti ààfin ọba ó sì ránṣẹ́ sí Beni-Hadadi ọba Siria, ẹni tí ń gbé ní Damasku, ó wí pé,
3 “মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজত বন্ধা হওঁক; চাওক, মই আপোনালৈ কিছু ৰূপ আৰু সোণ পঠিয়াইছোঁ৷ আপুনি গৈ, ইস্ৰায়েলৰ বাচা ৰজা মোৰ ওচৰৰ পৰা গুচি যাবৰ বাবে, আপুনি তেওঁৰ লগত বন্ধা নিয়মটি ভাঙক।”
“Májẹ̀mú kan wà láàrín èmi àti ìrẹ, bí ó ti wà láàrín baba mi àti baba rẹ. Ẹ wò ó, mo fi wúrà àti fàdákà ránṣẹ́ sí ọ; lọ, ba májẹ̀mú tí o bá Baaṣa ọba Israẹli dá jẹ́, kí ó lè lọ kúrò ní ọ̀dọ̀ mi.”
4 তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনিলে, আৰু ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য সামন্তৰ সেনাপতিসকলক পঠিয়ালে৷ তেওঁলোকে ইয়োন, দান, আবেল-ময়িম আৰু নপ্তালীৰ সকলো ভঁৰাল নগৰ আক্ৰমণ কৰিলে।
Beni-Hadadi sì gbọ́ ti Asa ọba, ó sì rán àwọn olórí ogun rẹ̀ lọ sí àwọn ìlú Israẹli, wọ́n sì kọlu Ijoni, Dani, Abeli-Maimu, àti gbogbo ìlú ìṣúra Naftali.
5 বাচাই এই সম্বাদ পোৱাৰ পাছত ৰামা সুসজ্জিত কৰিবলৈ এৰিলে আৰু নিজ কাৰ্যৰ পৰা ক্ষান্ত হ’ল।
Nígbà tí Baaṣa gbọ́ èyí, ó sì dá kíkọ́ Rama dúró, ó sì dá iṣẹ́ rẹ̀ dúró.
6 তেতিয়া ৰজা আচা’ই গোটেই যিহূদাক তেওঁৰ লগত লৈ গ’ল৷ আৰু বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা সুসজ্জিত কৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ তেওঁলোকে গৈ লৈ আহিল৷ পাছত গেবা আৰু মিস্পা চহৰ নিৰ্মাণ কৰিবলৈ আচা’ই সেইবোৰ ব্যৱহাৰ কৰিলে।
Nígbà náà ní ọba Asa kó gbogbo àwọn ènìyàn Juda jọ, wọ́n sì kó òkúta àti igi Rama lọ èyí ti Baaṣa ń fi kọ́lé; ó sì fi kọ́ Geba àti Mispa.
7 সেই সময়ত হনানী দৰ্শকে যিহূদাৰ আচা ৰজাৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্য-সামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল।
Ní àkókò náà wòlíì Hanani wá sí ọ̀dọ̀ Asa ọba Juda, ó sì wí fún un pé, “Nítorí tí ìwọ gbẹ́kẹ̀lé ọba Siria, ìwọ kò sì gbẹ́kẹ̀lé Olúwa Ọlọ́run rẹ, nítorí náà ni ogún ọba Siria ṣe bọ́ kúrò lọ́wọ́ rẹ.
8 কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল।
Àwa kì í ṣe ará Etiopia àti àwọn ará Libia àwọn alágbára ogun pẹ̀lú ọ̀pọ̀lọpọ̀ kẹ̀kẹ́ àti àwọn ẹlẹ́ṣin? Síbẹ̀ nígbà tí ìwọ bá gbẹ́kẹ̀lé Olúwa yóò sì fi wọ́n lé ọwọ́ rẹ.
9 কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।”
Nítorí ojú Olúwa yí gbogbo ayé ká láti fi agbára fún àwọn ẹni tí ó ní ọkàn pípé sí i. Ìwọ ti ṣe ohun aṣiwèrè, láti ìsinsin yìí lọ, ìwọ yóò wà lójú ogun.”
10 ১০ তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত হ’ল, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে।
Asa sì bínú pẹ̀lú sí wòlíì nítorí èyí, ó sì mú un bínú gidigidi tí ó sì fi mú un sínú túbú. Ní àkókò náà Asa sì ni díẹ̀ nínú àwọn ènìyàn náà lára.
11 ১১ চোৱা, ৰজা আচা’ই যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
Àwọn iṣẹ́ ìjọba Asa, láti ìbẹ̀rẹ̀ títí dé òpin, ni akọ sínú ìwé ọba Juda àti Israẹli.
12 ১২ আচা’ৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত তেওঁৰ ভৰিত বেমাৰ হ’ল; তেওঁৰ বেমাৰ অতিশয় টান হ’ল৷ তথাপি তেওঁ বেমাৰৰ কালতো যিহোৱাক নিবিচাৰি, বেজসকলকহে বিচাৰিছিল।
Ní ọdún kọkàndínlógójì ìjọba rẹ̀, Asa sì ṣe àìsàn pẹ̀lú ààrùn nínú ẹsẹ̀ rẹ̀. Bi ó tilẹ̀ jẹ pé ààrùn rẹ̀ lágbára, síbẹ̀ kódà nínú àìsàn rẹ̀ kò wá ìrànlọ́wọ́ láti ọ̀dọ̀ Olúwa, ṣùgbọ́n lọ́dọ̀ àwọn oníṣègùn nìkan.
13 ১৩ পাছত আচা তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁৰ ৰাজত্বৰ একচল্লিশ বছৰত তেওঁ মৰিল।
Nígbà náà tí ó pé ọdún kọ́kànlélógójì rẹ̀, Asa kú, ó sì sùn pẹ̀lú àwọn ìjọba baba rẹ̀,
14 ১৪ পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।
wọ́n sì sin ín sínú isà òkú tí ó ti gbẹ́ jáde fún ara rẹ̀ ní ìlú Dafidi. Wọ́n sì tẹ sí orí àkéte tí ó fi òórùn dídùn kún, àti onírúurú tùràrí tí a fi ọgbọ́n pèsè, wọ́n sì da iná ńlá nítorí rẹ̀.

< ২ বংশাবলি 16 >