< ২ বংশাবলি 15 >
1 ১ পাছত ওদেদ’ৰ পুত্ৰ অজৰিয়াত ঈশ্বৰৰ আত্মা স্থিতি হ’ল৷
Tedy na Azaryjasza, syna Obedowego, przypadł Duch Boży.
2 ২ তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
Który wyszedłszy przeciw Azie rzekł mu: Słuchajcie mię, Aza i wszystko pokolenie Judowe i Benjaminowe! Pan był z wami, pókiście byli z nim, a jeźli go szukać będziecie, znajdziecie go: ale jeźli go opuścicie, opuści was.
3 ৩ এতেকে বহু কাললৈকে ইস্ৰায়েলে সত্যময় ঈশ্বৰ-বিহীন, শিক্ষা দিওঁতা পুৰোহিত বিহীন আৰু ব্যৱস্থা-বিহীন হৈ আছিল৷
Przez wiele dni był Izrael bez Boga prawdziwego, i bez kapłana, nauczyciela, i bez zakonu:
4 ৪ কিন্তু সঙ্কটৰ সময়ত যেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি তেওঁক বিচাৰিলে, তেতিয়া তেওঁ নিজকে তেওঁলোকক পাবলৈ দিছিল।
Wszakże gdyby się byli nawrócili w utrapieniu swem do Pana, Boga Izraelskiego, a szukali go, dałby się im był znaleść.
5 ৫ সেই সময়ত যি লোক বাহিৰলৈ গৈছিল বা ভিতৰলৈ আহিছিল, সেই লোকৰ কোনো শান্তি নাছিল; কিন্তু দেশ নিবাসী সকলো লোকলৈ বৰ ক্লেশ ঘটিছিল।
Ale teraźniejszych czasów niebezpieczno wychodzić i wchodzić; bo zamięszanie wielkie między wszystkimi obywatelami ziemi.
6 ৬ এক জাতিয়ে আন জাতিৰে সৈতে আৰু এখন নগৰে আন এখন নগৰে সৈতে খণ্ড খণ্ড হৈ ভগ্ন হৈছিল, কিয়নো ঈশ্বৰে তেওঁলোকক সকলো প্ৰকাৰ সঙ্কটত পেলাই ক্লেশ দিছিল।
I depcze naród po narodzie, a miasto po mieście, przeto, że ich Bóg strwożył wszelakiem uciśnieniem.
7 ৭ কিন্তু এতিয়া তোমালোকে সাহিয়াল হোৱা আৰু তোমালোকৰ হাত শিথিল নহওঁক, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব।”
Przetoż wy zmacniajcie się, a niech nie słabieją ręce wasze; bo czeka zapłata pracy waszej.
8 ৮ যেতিয়া আচা’ই এই সকলো বাক্য শুনিলে, অৰ্থাৎ ওদেদ ভাববাদীৰ ভাববাণী শুনি সাহস পালে, যিহূদাৰ আৰু বিন্যামীনৰ গোটেই দেশৰ পৰা আৰু ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত তেওঁ হাত কৰি লোৱা নগৰবোৰৰ পৰাও ঘিণলগা বস্তুবোৰ দূৰ কৰিলে; আৰু যিহোৱাৰ গৃহৰ বাৰাণ্ডাৰ আগত থকা যিহোৱাৰ যজ্ঞবেদীটো নতুনকৈ সাজিলে।
A gdy usłyszał Aza te słowa, i proroctwo Obeda proroka, zmocnił się, i zniósł obrzydliwości ze wszystkiej ziemi Judzkiej i Benjamińskiej, i z miast, które był pobrał na górze Efraim, i odnowił ołtarz Pański, który był przed przysionkiem Pańskim.
9 ৯ পাছত তেওঁ আটাই যিহূদা আৰু বিন্যামীনক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা ইফ্ৰয়িম, মনচি আৰু চিমিয়োনৰ পৰা অহা লোকসকলক গোটালে৷ কিয়নো তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থকা দেখি, ইস্ৰায়েলৰ মাজৰ পৰা অহা অনেক লোক আহি তেওঁৰ ফলীয়া হৈছিল।
Potem zebrał wszystek lud z Judy i z Benjamina, i przychodniów, którzy u nich byli z Efraima, i z Manasesa i z Symeona; bo ich było bardzo wiele zbiegło z Izraela do niego, widząc, iż Pan, Bóg jego, z nim był.
10 ১০ এইদৰে আচা’ৰ ৰাজত্বৰ তৃতীয় মাহত তেওঁলোকে যিৰূচালেমত গোট খালে।
I zgromadzili się do Jeruzalemu miesiąca trzeciego, roku piętnastego królestwa Azy.
11 ১১ আৰু সেই সময়ত তেওঁলোকে লুটি অনা বস্তুৰ পৰা সাতশ ষাঁড়-গৰু আৰু সাত হাজাৰ ভেড়া ও ছাগলী যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে।
I sprawowali ofiary Panu dnia onego z łupów, które byli przygnali, wołów siedm set, a owiec siedm tysięcy.
12 ১২ আৰু তেওঁলোকে নিজৰ সকলো চিত্তেৰে সকলো মনেৰে নিজৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবলৈ এটি নিয়ম কৰিলে৷
I uczynili umowę, aby szukali Pana, Boga ojców swoich, ze wszystkiego serca swego, i ze wszystkiej duszy swojej.
13 ১৩ সৰু বা বৰ, পুৰুষ বা মহিলাই হওঁক, যি কোনোৱে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক বিচাৰ নকৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব, ইয়াকে তেওঁলোকে থিৰ কৰিলে।
A ktobykolwiek nie szukał Pana, Boga Izraelskiego, aby był zabity, od najmniejszego aż do największego, od męża aż do niewiast.
14 ১৪ তেওঁলোকে বৰ মাতেৰে জয়ধ্বনি কৰি, তুৰী আৰু শিঙা বজাই যিহোৱাৰ সাক্ষাতে শপত ল’লে।
I przysięgli Panu głosem wielkim, i z krzykiem, i z trąbami, i z kornetami.
15 ১৫ এই শপত লওঁতে আটাই যিহূদাই আনন্দ কৰিলে কিয়নো তেওঁলোকে নিজৰ সকলো মনেৰে সৈতে শপত ল’লে আৰু সম্পূৰ্ণকৈ নিজ ইচ্ছাৰে তেওঁক বিচাৰিলে; তেতিয়া তেওঁলোকে তেওঁক বিচাৰি পালে৷ আৰু যিহোৱাই তেওঁলোকৰ ওপৰত শান্তি প্ৰদান কৰিলে৷
A weselił się wszystek lud Judzki z onej przysięgi: albowiem ze wszystkiego serca swego przysięgali, i ze wszystkiej ochoty szukali go, i dał się im znaleść, i dał im Pan odpocznienie zewsząd.
16 ১৬ ৰজা আচাই তেওঁৰ বুঢ়ীমাক মাখাকো ৰাজমাও পদৰ পৰা আঁতৰাইছিল, কিয়নো তেওঁৰ বুঢ়ীমাক মাখাই আচেৰা মূৰ্তি বুলি এটা ঘিণলগীয়া প্রতিমা স্থাপন কৰিছিল। স্থাপন কৰা সেই মূর্তিটো আচাই কাটি, সেইটো গুৰি কৰি কিদ্ৰোণ জুৰিৰ ওচৰত পুৰি পেলাইছিল। আৰু তাক গুৰি কৰি কিদ্ৰোণ জুৰিৰ কাষত পুৰি পেলালে।
Nadto i Maachę, matkę swą, król Aza z państwa złożył, przeto, że była uczyniła w gaju bałwana brzydkiego; i podciął Aza bałwana jej, i pokruszył go, a spalił u potoku Cedron.
17 ১৭ কিন্তু ইস্ৰায়েলৰ মাজৰ পৰা ওখ ঠাইবোৰ গুচুউৱা নহ’ল৷ তথাপিও আচা’ৰ মন নিজ আয়ুসৰ সকলো কালত সমৰ্পিত আছিল।
A choć wyżyny nie były zniesione z Izraela, przecież serce Azy było doskonałe po wszystkie dni jego.
18 ১৮ তেওঁ নিজ পিতৃৰ দ্বাৰাই পবিত্ৰ কৰা আৰু নিজেও পবিত্ৰ কৰা বস্তু, অৰ্থাৎ ৰূপ, সোণ আৰু পাত্ৰবোৰ ঈশ্বৰৰ গৃহলৈ আনিছিল।
Wniósł też, co był poświęcił ojciec jego, i co sam poświęcił, do domu Bożego, srebro i złoto i naczynia.
19 ১৯ আচা’ৰ ৰাজত্বৰ পঁয়ত্ৰিশ বছৰলৈকে কোনো যুদ্ধ হোৱা নাছিল৷
A nie było wojny aż do roku trzydziestego i piątego królowania Azy.