< ২ বংশাবলি 13 >
1 ১ যাৰবিয়াম ৰজাৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়াই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷
ଯାରବୀୟାମ ରାଜାଙ୍କ ରାଜତ୍ଵର ଅଠର ବର୍ଷରେ ଅବୀୟ ଯିହୁଦା ଉପରେ ରାଜତ୍ୱ କରିବାକୁ ଆରମ୍ଭ କଲେ।
2 ২ তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম মীখায়া আছিল৷ তেখেত গিবিয়া নিবাসী উৰিয়েলৰ জীয়েক আছিল। সেই সময়ত অবিয়া আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
ସେ ଯିରୂଶାଲମରେ ତିନି ବର୍ଷ ରାଜ୍ୟ କଲେ; ତାଙ୍କର ମାତାଙ୍କ ନାମ ମୀଖାୟ, ସେ ଗିବୀୟା ନିବାସୀ ଊରୀୟେଲର କନ୍ୟା ଥିଲେ। ପୁଣି ଅବୀୟ ଓ ଯାରବୀୟାମ ମଧ୍ୟରେ ଯୁଦ୍ଧ ଚାଲିଲା।
3 ৩ অবিয়াই যুদ্ধাৰু বীৰ পুৰুষ থকা সৈন্য সামন্তৰ চাৰি লাখ মনোনীত লোক লগত লৈ যুদ্ধ কৰিবলৈ গ’ল৷ যাৰবিয়ামে আঠ লাখ মনোনীত বলৱান বীৰপুৰুষ লগত লৈ তেওঁৰ বিৰুদ্ধে বেহু পাতিলে।
ଅବୀୟ ଚାରି ଲକ୍ଷ ବଛା ବିକ୍ରମଶାଳୀ ସୈନ୍ୟ ସଙ୍ଗେ ମିଶି ଯୁଦ୍ଧ କଲେ ଓ ଯାରବୀୟାମ ଆଠ ଲକ୍ଷ ବଛା ମହାବିକ୍ରମଶାଳୀ ଲୋକ ନେଇ ତାଙ୍କ ବିରୁଦ୍ଧରେ ଯୁଦ୍ଧ ସଜାଇଲା।
4 ৪ অবিয়াই ইফ্ৰয়িমৰ পৰ্বতীয়া অঞ্চলত থকা চমাৰয়িম পৰ্বতৰ ওপৰত থিয় হৈ ক’লে, “হে যাৰবিয়াম আৰু গোটেই ইস্ৰায়েল লোক, মোৰ কথা শুনা!
ତହିଁରେ ଅବୀୟ ଇଫ୍ରୟିମର ପର୍ବତମୟ ଦେଶସ୍ଥ ସୀମାରୟମ୍ ପର୍ବତରେ ଠିଆ ହୋଇ କହିଲେ, “ହେ ଯାରବୀୟାମ ଓ ସମଗ୍ର ଇସ୍ରାଏଲ ଲୋକ, ମୋʼ କଥା ଶୁଣ;
5 ৫ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই যে ইস্ৰায়েলৰ ৰাজ্যভাৰ চিৰকাললৈকে দায়ূদক আৰু তেওঁৰ সন্তান সকলক পৰম্পৰাগত এটি নিয়মেৰে দিলে, সেই বিষয়ে জানো তোমালোকে নাজানা?
ସଦାପ୍ରଭୁ ଇସ୍ରାଏଲର ପରମେଶ୍ୱର ଯେ ଲବଣର ନିୟମ ଦ୍ୱାର ଇସ୍ରାଏଲର ରାଜତ୍ୱ ଚିରକାଳ ନିମନ୍ତେ ଦାଉଦଙ୍କୁ, ଅର୍ଥାତ୍, ତାଙ୍କୁ ଓ ତାଙ୍କ ସନ୍ତାନଗଣକୁ ଦେଇଅଛନ୍ତି, ଏହା କʼଣ ତୁମ୍ଭମାନଙ୍କର ଜାଣିବା ଉଚିତ ନୁହେଁ?
6 ৬ তথাপি দায়ূদৰ পুত্ৰ চলোমনৰ দাস নবাটৰ পুত্ৰ যাৰবিয়াম তেওঁৰ প্ৰভুৰ বিৰুদ্ধে উঠি বিদ্ৰোহী হ’ল;
ତଥାପି ଦାଉଦଙ୍କର ପୁତ୍ର ଶଲୋମନଙ୍କ ଦାସ ଯେ ନବାଟର ପୁତ୍ର ଯାରବୀୟାମ, ସେ ଉଠି ଆପଣା ପ୍ରଭୁର ବିଦ୍ରୋହୀ ହୋଇଅଛି।
7 ৭ আৰু কেতবোৰ পাষণ্ড ও অসাৰ চিত্তৰ লোকসকল তেওঁৰ ওচৰত গোট খালে৷ তেওঁলোকে চলোমনৰ পুত্ৰ ৰহবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে; যেতিয়া ৰহবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিছিল।
ପୁଣି ଦୁଷ୍ଟ ଓ ଅସାର ଲୋକମାନେ ତାହା ପକ୍ଷରେ ଏକତ୍ର ହୋଇ ଶଲୋମନଙ୍କର ପୁତ୍ର, ରିହବୀୟାମଙ୍କ ପ୍ରତିକୂଳରେ ଆପଣମାନଙ୍କୁ ବଳିଷ୍ଠ କଲେ; ସେହି ସମୟରେ ରିହବୀୟାମ ଯୁବା ଓ କୋମଳାନ୍ତଃକରଣ ଥିଲେ ଓ ସେମାନଙ୍କର ପ୍ରତିବାଧା କରି ପାରିଲେ ନାହିଁ।
8 ৮ আৰু এতিয়া তোমালোকে দায়ূদৰ সন্তান সকলৰ হাতত থকা যিহোৱাৰ ৰাজ্যৰ বিৰুদ্ধে নিজকে সবল কৰিব পাৰিম বুলি ভাবিছাহঁক৷ তোমালোক অতিশয় এক বৃহৎ সৈন্যৰ দল আৰু দেৱতা স্বৰূপে তোমালোকৰ বাবে যাৰবিয়ামে সজা সোণৰ দামুৰি কেইটা তোমালোকৰ লগত আছে।
ଆଉ, ଏବେ ତୁମ୍ଭେମାନେ ଦାଉଦ-ସନ୍ତାନଗଣର ହସ୍ତାଧୀନ ସଦାପ୍ରଭୁଙ୍କ ରାଜ୍ୟର ପ୍ରତିବାଧା କରିବାକୁ ମାନସ କରୁଅଛ; ପୁଣି ତୁମ୍ଭେମାନେ ଲୋକସମୂହ ଓ ତୁମ୍ଭମାନଙ୍କର ଦେବତା ହେବା ପାଇଁ ଯାରବୀୟାମ ନିର୍ମିତ ସ୍ୱର୍ଣ୍ଣମୟ ଗୋବତ୍ସ ତୁମ୍ଭମାନଙ୍କ ସଙ୍ଗେ ଅଛି।
9 ৯ তোমালোকে যিহোৱাৰ পুৰোহিত হাৰোণৰ সন্তান সকলক আৰু লেবীয়াসকলক খেদি দিয়া নাই জানো? অন্য দেশীয় জাতিবোৰৰ দৰে নিজৰ বাবে পুৰোহিত পাতি লোৱা নাই জানো? ইয়াতে যিজনে এটা দমৰা আৰু সাতোটা মেৰ লৈ নিজকে পুৰোহিত কৰাবলৈ আহে, তেওঁ সেই ঈশ্বৰ নোহোৱাবোৰৰ পুৰোহিত হ’ব পাৰে।
ତୁମ୍ଭେମାନେ କି ସଦାପ୍ରଭୁଙ୍କ ଯାଜକ ହାରୋଣଙ୍କର ସନ୍ତାନଗଣକୁ ଓ ଲେବୀୟମାନଙ୍କୁ ତଡ଼ିଦେଇ ଅନ୍ୟ ଦେଶସ୍ଥ ଗୋଷ୍ଠୀମାନଙ୍କ ରୀତି ଅନୁସାରେ ଆପଣମାନଙ୍କ ପାଇଁ ଯାଜକ ନିଯୁକ୍ତ କରି ନାହଁ? ଏଣୁ ଯେକେହି ଆପଣାର ପଦନିଯୋଗାର୍ଥେ ଏକ ଗୋବତ୍ସ ଓ ସାତ ମେଷ ନେଇ ଆସେ, ସେ ଏହି ଅନୀଶ୍ୱରମାନଙ୍କର ଯାଜକ ହୋଇପାରେ।
10 ১০ কিন্তু আমাৰ বাবে হ’লে যিহোৱাই আমাৰ ঈশ্বৰ আৰু আমি তেওঁক ত্যাগ কৰা নাই৷ আৰু যিহোৱাৰ পৰিচৰ্যা কৰোঁতা পুৰোহিত হাৰোণৰ সন্তান সকল, আৰু নিজ নিজ কামত লাগি থকা লেবীয়াসকল আমাৰ আছে৷
ମାତ୍ର ସଦାପ୍ରଭୁ ଆମ୍ଭମାନଙ୍କର ପରମେଶ୍ୱର ଅଟନ୍ତି ଓ ଆମ୍ଭେମାନେ ତାହାଙ୍କୁ ପରିତ୍ୟାଗ କରି ନାହୁଁ; ପୁଣି ସଦାପ୍ରଭୁଙ୍କ ପରିଚର୍ଯ୍ୟାକାରୀ ହାରୋଣ-ସନ୍ତାନଗଣ ଆମ୍ଭମାନଙ୍କର ଯାଜକ ଅଛନ୍ତି ଓ ଲେବୀୟମାନେ ଆପଣା ଆପଣା କାର୍ଯ୍ୟରେ ନିଯୁକ୍ତ ଅଛନ୍ତି;
11 ১১ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধিয়া বেলা হোম-বলি উৎসৰ্গ কৰে আৰু সুগন্ধি ধূপ জ্বলায়৷ আৰু পবিত্ৰ মেজৰ ওপৰত যিহোৱাৰ আগত দিয়া পিঠা সজায় ৰাখে আৰু সন্ধিয়া বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়৷ কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা।
ସେମାନେ ପ୍ରତି ପ୍ରଭାତରେ ଓ ପ୍ରତି ସନ୍ଧ୍ୟାରେ ସଦାପ୍ରଭୁଙ୍କ ଉଦ୍ଦେଶ୍ୟରେ ହୋମବଳି ଓ ସୁଗନ୍ଧି ଧୂପ ଦଗ୍ଧ କରୁଅଛନ୍ତି; ସେମାନେ ପବିତ୍ର ମେଜ ଉପରେ ଦର୍ଶନୀୟ ରୁଟି ଓ ପ୍ରତି ସନ୍ଧ୍ୟାରେ ଜ୍ୱଳାଇବା ପାଇଁ ପ୍ରଦୀପ ସହିତ ସ୍ୱର୍ଣ୍ଣମୟ ଦୀପବୃକ୍ଷ ସଜାନ୍ତି; କାରଣ ଆମ୍ଭେମାନେ ସଦାପ୍ରଭୁ ଆମ୍ଭମାନଙ୍କ ପରମେଶ୍ୱରଙ୍କ ରକ୍ଷଣୀୟ ରକ୍ଷା କରୁଅଛୁ; ମାତ୍ର ତୁମ୍ଭେମାନେ ତାହାଙ୍କୁ ପରିତ୍ୟାଗ କରିଅଛ।
12 ১২ আৰু চোৱা, ঈশ্বৰ আমাৰ সঙ্গী হৈ আমাৰ আগত যাওঁতা হৈছে; আৰু তেওঁৰ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তূৰীও আছে। হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য্য নহ’বা৷
ଆଉ ଦେଖ, ପରମେଶ୍ୱର ଆମ୍ଭମାନଙ୍କର ମସ୍ତକ ସ୍ୱରୂପ ଅଛନ୍ତି ଓ ତାହାଙ୍କ ଯାଜକମାନେ ତୁମ୍ଭମାନଙ୍କ ପ୍ରତିକୂଳରେ ରଣତୂରୀ ବଜାଇବା ପାଇଁ ଆମ୍ଭମାନଙ୍କ ସଙ୍ଗରେ ଅଛନ୍ତି। ହେ ଇସ୍ରାଏଲ-ସନ୍ତାନଗଣ, ତୁମ୍ଭେମାନେ ସଦାପ୍ରଭୁ ତୁମ୍ଭମାନଙ୍କ ପିତୃଗଣର ପରମେଶ୍ୱରଙ୍କ ପ୍ରତିକୂଳରେ ଯୁଦ୍ଧ ନ କର; କାରଣ ତୁମ୍ଭେମାନେ କୃତକାର୍ଯ୍ୟ ହେବ ନାହିଁ।”
13 ১৩ কিন্তু যাৰবিয়ামে তেওঁলোকক আক্ৰমণ কৰিবৰ অৰ্থে যুগুত হ’ল আৰু গুপুতে এদল সৈন্য তেওঁলোকৰ পাছ ফাললৈ ঘূৰাই পঠালে; তাতে এদল লোক যিহূদাৰ আগফালে আৰু সেই গুপুতে পঠোৱা দলটো তেওঁলোকৰ পাছফালে আছিল।
ତଥାପି ଯାରବୀୟାମ ସେମାନଙ୍କ ଆକ୍ରମଣାର୍ଥେ ପଶ୍ଚାଦ୍ଦିଗରେ ଗୋପନରେ ସୈନ୍ୟ ରଖିଲେ; ଏଣୁ ଲୋକମାନେ ଯିହୁଦାର ଆଗରେ ଓ ସେହି ଗୁପ୍ତ ଦଳ ସେମାନଙ୍କ ପଛରେ ରହିଲେ।
14 ১৪ পাছত যিহূদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তূৰী বজালে;
ତହିଁରେ ଯିହୁଦା ପଛକୁ ଅନାନ୍ତେ, ଦେଖ, ସେମାନଙ୍କ ଆଗରେ ଓ ପଛରେ ଯୁଦ୍ଧ; ତହୁଁ ସେମାନେ ସଦାପ୍ରଭୁଙ୍କ ନିକଟରେ ଡାକ ପକାଇଲେ ଓ ଯାଜକମାନେ ତୂରୀଧ୍ୱନି କଲେ।
15 ১৫ তেতিয়া যিহূদাৰ লোকসকলে সিংহনাদ কৰি উঠিল; যিহূদাৰ লোকসকলে এনে সিংহনাদ কৰোঁতে, ঈশ্বৰে অবিয়াৰ আৰু যিহূদাৰ আগত যাৰবিয়ামক আৰু গোটেই ইস্ৰায়েলক প্ৰহাৰ কৰিলে।
ସେତେବେଳେ ଯିହୁଦାର ଲୋକମାନେ ସିଂହନାଦ କଲେ; ଆଉ ଯିହୁଦାର ଲୋକମାନେ ସିଂହନାଦ କରିବା ସମୟରେ ପରମେଶ୍ୱର ଅବୀୟ ଓ ଯିହୁଦାର ସମ୍ମୁଖରେ ଯାରବୀୟାମଙ୍କୁ ଓ ସମସ୍ତ ଇସ୍ରାଏଲକୁ ଆଘାତ କଲେ।
16 ১৬ তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিহূদাৰ সন্মুখৰ পৰা পলাল অাৰু ঈশ্বৰে তেওঁলোকক যিহূদাৰ হাতত শোধাই দিলে।
ତହିଁରେ ଇସ୍ରାଏଲ-ସନ୍ତାନଗଣ ଯିହୁଦା ସମ୍ମୁଖରୁ ପଳାଇଲେ ଓ ପରମେଶ୍ୱର ସେମାନଙ୍କୁ ସେମାନଙ୍କ ହସ୍ତରେ ସମର୍ପଣ କଲେ।
17 ১৭ অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহা সংহাৰেৰে সংহাৰ কৰিলে; তাতে ইস্ৰায়েলৰ মাজত পাঁচলাখ মনোনীত লোকৰ মৃত্যু হ’ল।
ତହୁଁ ଅବୀୟ ଓ ତାଙ୍କର ଲୋକମାନେ ମହାସଂହାରରେ ସେମାନଙ୍କୁ ବଧ କଲେ; ଏଥିରେ ଇସ୍ରାଏଲର ପାଞ୍ଚ ଲକ୍ଷ ବଛା ଲୋକ ହତ ହୋଇ ପଡ଼ିଲେ।
18 ১৮ এইদৰে সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলক বশ কৰা হ’ল; যিহূদাৰ সন্তান সকল জয়ী হ’ল, কিয়নো তেওঁলোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত তেওঁলোকে ভাৰসা ৰাখিছিল।
ଏହିରୂପେ ସେହି ସମୟରେ ଇସ୍ରାଏଲ ସନ୍ତାନମାନେ ଅବନତ ହେଲେ ଓ ଯିହୁଦାର ସନ୍ତାନମାନେ ସଦାପ୍ରଭୁ ଆପଣାମାନଙ୍କ ପିତୃଗଣର ପରମେଶ୍ୱରଙ୍କ ଉପରେ ନିର୍ଭର ରଖିବାରୁ ଜୟଯୁକ୍ତ ହେଲେ।
19 ১৯ পাছত অবিয়াই যাৰবিয়ামৰ পাছে পাছে খেদি গৈ, তেওঁৰ খনদিয়েক নগৰ অৰ্থাৎ বৈৎএল আৰু তাৰ উপনগৰ, যচানা আৰু তাৰ উপনগৰ আৰু ইফ্ৰোণ আৰু তাৰ উপনগৰবোৰ অধিকাৰ ল’লে।
ଏଉତ୍ତାରେ ଅବୀୟ ଯାରବୀୟାମଙ୍କର ପଛେ ପଛେ ଗୋଡ଼ାଇ ତାଙ୍କର କେତେକ ନଗର, ଅର୍ଥାତ୍, ବେଥେଲ୍ ଓ ତହିଁର ଉପନଗର, ଯିଶାନା ଓ ତହିଁର ଉପନଗର, ପୁଣି ଇଫ୍ରୋଣ ଓ ତହିଁର ଉପନଗରସକଳ ହସ୍ତଗତ କରି ନେଲେ।
20 ২০ অবিয়াৰ দিনত যাৰবিয়াম কেতিয়াও বলৱান হ’ব নোৱাৰিলে৷ পাছত যিহোৱাই তেওঁক প্ৰহাৰ কৰাত, তেওঁৰ মৃত্যু হ’ল।
ପୁଣି ଅବୀୟଙ୍କର ଜୀବନ କାଳ ଯାଏ ଯାରବୀୟାମ ଆଉ ବଳ ପାଇ ପାରିଲେ ନାହିଁ; ଏଉତ୍ତାରେ ସଦାପ୍ରଭୁ ତାଙ୍କୁ ଆଘାତ କରନ୍ତେ, ସେ ମଲେ।
21 ২১ কিন্তু অবিয়া বলৱান হৈ উঠিল; তেওঁ চৌদ্ধ গৰাকী মহিলা বিয়া কৰালে৷ তেওঁৰ ঔৰসত বাইশজন পুতেক আৰু ষোল্লজনী জীয়েক জন্ম লৈছিল।
ମାତ୍ର ଅବୀୟ ବେଳକୁ ବେଳ ବଳବାନ ହୋଇ ଉଠିଲେ, ପୁଣି ଚଉଦ ଭାର୍ଯ୍ୟା ବିବାହ କରି ବାଇଶ ପୁତ୍ର ଓ ଷୋହଳ କନ୍ୟା ଜାତ କଲେ।
22 ২২ অবিয়াৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ কাৰ্য আৰু তেওঁ কোৱা কথা ইদ্দো ভাববাদীৰ টীকা শাস্ত্ৰখনত লিখা আছে।
ଏହି ଅବୀୟଙ୍କର ଅବଶିଷ୍ଟ ବୃତ୍ତାନ୍ତ ଓ ସମସ୍ତ କ୍ରିୟା ଓ ତାଙ୍କର ଉକ୍ତି ଇଦ୍ଦୋ ଭବିଷ୍ୟଦ୍ବକ୍ତାର ଟୀକାଗ୍ରନ୍ଥରେ ଲିଖିତ ଅଛି।