< ২ বংশাবলি 10 >
1 ১ পাছত ৰহবিয়াম চিখিমলৈ গ’ল; কিয়নো তেওঁক ৰজা পাতিবলৈ গোটেই ইস্ৰায়েল চিখিমলৈ গৈছিল।
profectus est autem Roboam in Sychem illuc enim cunctus Israhel convenerat ut constituerent eum regem
2 ২ এনেতে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাৰ্ত্তা পালে, কিয়নো তেওঁ মিচৰত আছিল, চলোমন ৰজাৰ ভয়ত তেওঁ মিচৰলৈ পলাই গৈছিল; তাৰ পাছত তেওঁ মিচৰৰ পৰা উলটি আহিল৷
quod cum audisset Hieroboam filius Nabath qui erat in Aegypto fugerat quippe illuc ante Salomonem statim reversus est
3 ৩ কিয়নো লোকসকলে মানুহ পঠিয়াই তেওঁক মতাই আনিছিল; তাৰ পাছত যাৰবিয়াম আৰু গোটেই ইস্ৰায়েলে আহি ৰহবিয়ামক এই কথা ক’লে,
vocaveruntque eum et venit cum universo Israhel et locuti sunt ad Roboam dicentes
4 ৪ “আপোনাৰ পিতৃয়ে আমাৰ ওপৰত সহিব নোৱাৰা যুৱলি দি গ’ল৷ এই হেতুকে আপোনাৰ পিতৃয়ে আমাক যি সহিব নোৱাৰা দাস্যকৰ্মত লগাই দি গধুৰ যুৱলি দি গ’ল, আপুনি তাৰ কিছু লঘূ কৰক, তেতিয়া আমি আপোনাৰ দাস হৈ থাকিম।”
pater tuus durissimo iugo nos pressit tu leviora impera patre tuo qui nobis gravem inposuit servitutem et paululum de onere subleva ut serviamus tibi
5 ৫ তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনৰ পাছত তোমালোকে আকৌ মোৰ ওচৰলৈ আহিবা।” তেতিয়া লোকসকল গুচি গ’ল।
qui ait post tres dies revertimini ad me cumque abisset populus
6 ৬ পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীৱিত থকা কালত যি বৃদ্ধসকল তেওঁৰ আগত থিয় দি আছিল তেওঁলোকৰ লগত মন্ত্ৰণা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ তোমালোকে কি পৰামৰ্শ দিয়া?”
iniit consilium cum senibus qui steterant coram patre eius Salomone dum adviveret dicens quid datis consilii ut respondeam populo
7 ৭ তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি সেই লোকসকললৈ মৰমীয়াল হৈ তেওঁলোকক সন্তুষ্ট কৰে আৰু তেওঁলোকক ভাল কথা কয়, তেন্তে তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
qui dixerunt ei si placueris populo huic et lenieris eos verbis clementibus servient tibi omni tempore
8 ৮ কিন্তু ৰহবিয়ামক বৃদ্ধসকলে দিয়া পৰামৰ্শ অৱজ্ঞা কৰি, যিসকল তেওঁৰে লগত একে সমানে ডাঙৰ-দীঘল হোৱা ডেকাসকল তেওঁৰ আগত থিয় দি আছিল, তেওঁলোকৰ সৈতে মন্ত্ৰণা কৰিলে।
at ille reliquit consilium senum et cum iuvenibus tractare coepit qui cum eo nutriti fuerant et erant in comitatu illius
9 ৯ তেওঁ তেওঁলোকক ক’লে, “মোৰ আগত কোৱা সেই লোকসকলক আমি উত্তৰ দিবৰ বাবে তোমালোকে কি পৰামৰ্শ দিবা, সেই লোকসকলে মোক এইদৰে ক’লে, বোলে, ‘আপোনাৰ পিতৃয়ে আমাৰ ওপৰত যি যুৱলি দি গ’ল, তাৰ কিছু লঘূ কৰক’?”
dixitque ad eos quid vobis videtur vel respondere quid debeo populo huic qui dixit mihi subleva iugum quod inposuit nobis pater tuus
10 ১০ তেওঁৰ একে সমানে ডাঙৰ-দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে আমাৰ ওপৰত গধুৰ যুৱলি দি গ’ল কিন্তু আপুনি তাৰ কিছু লঘূ কৰক বুলি আপোনাৰ আগত কোৱা লোকসকলক সেই কথা কওঁক, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
at illi responderunt ut iuvenes et nutriti cum eo in deliciis atque dixerunt sic loqueris populo qui dixit tibi pater tuus adgravavit iugum nostrum tu subleva et sic respondebis eis minimus digitus meus grossior est lumbis patris mei
11 ১১ এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধূৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধূৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’, এইদৰেই আপুনি তেওঁলোকক কওক৷”
pater meus inposuit vobis iugum grave et ego maius pondus adponam pater meus cecidit vos flagellis ego vero caedam scorpionibus
12 ১২ পাছত “তৃতীয়দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
venit ergo Hieroboam et universus populus ad Roboam die tertio sicut praeceperat eis
13 ১৩ তাতে ৰজাই তেওঁলোকক টান টান কথাৰে উত্তৰ দিলে; ৰহবিয়াম ৰজাই বৃদ্ধসকলৰ পৰামৰ্শ অৱজ্ঞা কৰিলে৷
responditque rex dura derelicto consilio seniorum
14 ১৪ সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক তেওঁ এই কথা কলে, “মোৰ পিতৃয়ে তোমালোকক দিয়া যুৱলি তাতোকৈ অধিক গধুৰ কৰিম; ইয়াত মই পুনৰ যোগ দিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম।”
locutusque est iuxta iuvenum voluntatem pater meus grave vobis inposuit iugum quod ego gravius faciam pater meus cecidit vos flagellis ego vero caedam scorpionibus
15 ১৫ এইদৰে ৰজাই লোকসকলৰ কথা নুশুনিলে; কিয়নো চীলোনীয়া অহীয়াৰ দ্বাৰাই দিয়া নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে ঈশ্বৰৰ পৰাহে এই ঘটনা ঘটিল।
et non adquievit populi precibus erat enim voluntatis Dei ut conpleretur sermo eius quem locutus fuerat per manum Ahiae Silonitis ad Hieroboam filium Nabath
16 ১৬ যেতিয়া ইস্ৰায়েলৰ লোকসকলে দেখিলে যে, ৰজাই তেওঁলোকৰ কথা শুনা নাই তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দিলে আৰু ক’লে, “দায়ূদৰ ওচৰত আমাৰ কি অংশ আছে? যিচয়ৰ পুত্ৰৰ ওচৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল, তোমালোকে নিজ নিজ তম্বুলৈ যোৱা৷ হে দায়ুদ, তুমি এতিয়া নিজ বংশলৈ চোৱা।” এইদৰে সমুদায় ইস্ৰায়েল নিজ নিজ তম্বুলৈ পুনৰ উভতি গ’ল।
populus autem universus rege duriora dicente sic locutus est ad eum non est nobis pars in David neque hereditas in filio Isai revertere in tabernacula tua Israhel tu autem pasce domum tuam David et abiit Israhel in tabernacula sua
17 ১৭ কিন্তু যিহূদাৰ নগৰবোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত হ’লে ৰহবিয়ামে ৰাজত্ব কৰি থাকিল।
super filios autem Israhel qui habitabant in civitatibus Iuda regnavit Roboam
18 ১৮ পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাসকলৰ অধ্যক্ষ হদোৰামক পঠিয়াওতে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলৈ এনেদৰে শিল দলিয়ালে যে, যাৰ ফলত তেওঁ তাতে মৰিল৷ ৰজা ৰহবিয়ামে নিজৰ ৰথত উঠি বেগাবেগীকৈ যিৰূচালেমলৈ পলাই গ’ল।
misitque rex Roboam Aduram qui praeerat tributis et lapidaverunt eum filii Israhel et mortuus est porro rex Roboam currum festinavit ascendere et fugit in Hierusalem
19 ১৯ এইদৰে ইস্ৰায়েলে দায়ূদৰ বংশৰ বিৰুদ্ধে আজিলৈকে সেই ভাবেৰেই বিদ্ৰোহ আচৰণ কৰি আছে।
recessitque Israhel a domo David usque ad diem hanc