< ১ তীমথিয় 1 >
1 ১ মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ আৰু আশাভুমি খ্ৰীষ্ট যীচুৰ আজ্ঞা অনুসাৰে নিযুক্ত৷
Pál, Jézus Krisztus apostola a mi Istenünknek és Jézus Krisztusnak, a mi reménységünknek megbízatása alapján,
2 ২ বিশ্বাসী হিচাবে মোৰ এজন প্ৰকৃত পুত্ৰ তীমথিয়ৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি হওক।
Timóteusnak, hitben az én igazi fiamnak: Kegyelem, irgalmasság és békesség Istentől, a mi Atyánktól és Krisztus Jézustól, a mi Urunktól.
3 ৩ মাকিদনিয়ালৈ যোৱাৰ সময়ত মই তোমাক যি কৈছিলোঁ, এতিয়াও সেই বিষয়ে কওঁ তুমি ইফিচতে থাকা, তাতে কিছুমান লোকক পুণৰ ভুল শিক্ষা নিদিবলৈ আদেশ দিব পাৰিবা ৷
Macedóniába menetelemkor kértelek téged, hogy maradj Efezusban, és mondd meg némelyeknek, hogy ne tanítsanak hamisan,
4 ৪ কাৰণ তেওঁলোকে বাধাৰহে সৃষ্টি কৰে৷ গল্প-কথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিবা৷ এইবোৰে অযথা তর্ক-বিতর্কৰ সৃষ্টি কৰে আৰু ঈশ্ৱৰৰ কামত সহায় নকৰে৷ ঈশ্ৱৰৰ কাম বিশ্বাসৰ দ্ৱাৰা হয়৷
ne foglalkozzanak mesékkel és vég nélküli nemzetségtáblázatokkal, amelyek inkább vitákat támasztanak, mint Istenben való épülést hit által.
5 ৫ এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়৷
A parancsolat végcélja pedig a tiszta szívből, jó lelkiismeretből és igaz hitből való szeretet.
6 ৬ এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ’ল৷
Ezektől némelyek eltértek, és hiábavaló fecsegésre hajlottak,
7 ৭ তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷
akik törvénytanítók akarnak lenni, de nem értik sem amiket beszélnek, sem amiket bizonygatnak.
8 ৮ কিন্তু বিধান যে কোনো লোকে আইনসংগত ভাৱে ব্যৱহাৰ কৰিলে উত্তম হয়, ইয়াক আমি জানো;
Tudjuk pedig, hogy a törvény jó, ha valaki a törvénynek megfelelően él vele,
9 ৯ তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী,
és megérti, hogy a törvény nem az igazért adatott, hanem a törvénytiprókért és engedetlenekért, az istentelenekért és bűnösökért, a gonoszokért, a latrokért, az apa és anyagyilkosért, az emberölőkért,
10 ১০ ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা, মিছা শপতকাৰী,
a paráznákért, a fajtalankodókért, emberrablókért, hazugokért, hamisan esküvőkért és mindazért, ami az egészséges tanítással ellenkezik,
11 ১১ পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তা অনুসাৰে সেই শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে৷
amely a boldog Isten evangéliuma, amely rám bízatott.
12 ১২ যিজনাই মোক শক্তি দিলে আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে, সেই প্ৰভু খ্ৰীষ্ট যীচুক মই ধন্যবাদ জনাওঁ৷
Hálát adok Jézus Krisztusnak, a mi Urunknak, hogy engem megerősített, hűnek tartott, és szolgálatra rendelt,
13 ১৩ যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে কাৰণ মই নুবুজি অবিশ্বাসী হৈ সেইবোৰ কৰিছিলোঁ৷
bár előbb istenkáromló, üldöző és erőszakos voltam, de könyörült rajtam, mert hitetlenségemben tudatlanul cselekedtem,
14 ১৪ কিন্তু আমাৰ প্ৰভুৰ অনুগ্ৰহ, খ্ৰীষ্ট যীচুত বিশ্বাস আৰু প্ৰেমৰ সৈতে মোক বাহুল্যৰূপে দিয়া হ’ল৷
de túláradt rajtam a mi Urunknak kegyelme a Krisztus Jézusban való hittel és szeretettel.
15 ১৫ পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্ট যীচু যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহণ কৰিবৰ যোগ্য৷ আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান।
Igaz beszéd ez, és elfogadásra méltó, hogy Krisztus Jézus azért jött a világra, hogy megtartsa a bűnösöket, akik között én vagyok az első.
16 ১৬ এই কাৰণেই মোক প্ৰথমে দয়া কৰা হ’ল যাতে প্ৰধান পাপী যি মই, মোৰ যোগেদি যেন যীচু খ্ৰীষ্টই তেওঁৰ অসীম সহনশীলতা দেখুৱাব পাৰে আৰু অনন্ত জীৱন পাবলৈ যি সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিব, সেই সকলৰ বাবে মোক এক দৃষ্টান্ত স্ৱৰূপে ৰাখিলে৷ (aiōnios )
De azért könyörült rajtam, hogy Jézus Krisztus elsősorban bennem mutassa meg vég nélküli türelmét, hogy példaképe legyek azoknak, akik majd hisznek benne, és örök életet nyernek. (aiōnios )
17 ১৭ এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন। (aiōn )
Az örökkévaló királynak, a halhatatlan, láthatatlan, egyedül bölcs Istennek tisztesség és dicsőség örökkön-örökké! Ámen. (aiōn )
18 ১৮ মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ তীমথিয়; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুজঁত প্ৰাণপণ কৰা৷
Arra intelek téged, fiam, Timóteus, hogy a rád vonatkozó korábbi prófétálás értelmében harcold meg a nemes harcot,
19 ১৯ আৰু তুমি যেন বিশ্ৱাস আৰু উত্তম বিবেক ৰক্ষা কৰি চলা৷ কোনো কোনো লোকে সেই বিশ্ৱাস আৰু উত্তম বিবেক ত্যাগ কৰাত, তেওঁলোকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হ’ল।
megtartva a hitet és a jó lelkiismeretet, amelyet némelyek elvetettek, és így a hit dolgában hajótörést szenvedtek.
20 ২০ তেওঁলোকৰ ভিতৰত হুমিনায় আৰু আলেকজেন্দাৰ নামৰ দুজনো আছে৷ এওঁলোকে যেন নিন্দা কৰিবলৈ পুণৰ নিশিকে, তাৰ বাবে মই এওঁলোকক চয়তানৰ হাতত সমর্পণ কৰি দিলোঁ৷
Ezek közül való Hümenaiosz és Alexandrosz, akiket átadtam a sátánnak, hogy tanulják meg, hogy ne káromolják Istent.