< ১ তীমথিয় 3 >
1 ১ কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য।
Ishoko rakatendeka rekuti: Kana munhu achishuva basa reutariri, anoshuva basa rakanaka.
2 ২ এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুন
Naizvozvo mutariri anofanira kuva asina chaangapomerwa, murume wemukadzi umwe, wakazvibata, anozvidzora, ane chiremerera, anogamuchira vaeni, nyanzvi pakudzidzisa,
3 ৩ আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
asiri muraradzi, asingafariri kurwa, asingakariri mibairo yakaipa, asi wakadzikama, asina gakava, asingakariri mari;
4 ৪ সেই লোক জনে যেন নিজৰ ঘৰৰ লোক সকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে৷
anobata imba yake pachake zvakanaka, anodzora vana vake nerukudzo rwese,
5 ৫ কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব?
nokuti kana munhu asingazivi kubata imba yake pachake, achachengeta sei kereke yaMwari?
6 ৬ তেওঁ নতুন শিষ্য হব নালাগে, কিয়নো তেওঁ যেন গর্ব-অহংকাৰত নপৰে আৰু চয়তানৰ দ্ৱাৰা যেন দণ্ড পোৱা নহয়৷
Asava mutendi mutsva, kuti nekukudzwa arege kuwira mukupiwa mhosva kwadhiabhorosi.
7 ৭ ইয়াৰ ওপৰিও তেওঁ বাহিৰত থকা লোক সকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফান্দত নপৰে; এই কাৰণে সুখ্যাতি থকা লোক হব লাগে৷
Uyezve anofanira kuva neuchapupu hwakanaka kubva kune vari kunze, kuti arege kuwira mukumhurwa nemumusungo wadhiabhorosi.
8 ৮ সেইদৰে পৰিচাৰক সকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হব লাগে; তেওঁলোক দুতলীয়া, কথকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুচ্ছিত লাভ বিচৰা লোক হব নালাগে৷
Saizvozvo vadhikoni ngavave vanokudzwa, vasina manzwi maviri, vasingadi waini zhinji, vasingakariri fuma yakaipa,
9 ৯ তেওঁলোকে সদায় নিৰ্মল বিবেকত বিশ্বাসৰ নিগূঢ়-তত্ত্ব সাঁচি ৰখা উচিত৷
vanochengeta chakavanzika cherutendo muhana yakachena.
10 ১০ প্ৰথমে তেওঁলোকে নিজকে পৰীক্ষা কৰক, পাছত নিৰ্দোষী হলেহে পৰিচাৰকৰ কাৰ্য কৰক।
Naivava ngavatange kuedzwawo, ipapo vangashumire, kana vasina chavangapomerwa.
11 ১১ পৰিচাৰিকা মহিলা সকলো সন্মানৰ যোগ্য হব লাগে৷ তেওঁলোক যেন অপবাদ দিওতা নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ, আৰু সকলো বিষয়তে তেওঁলোক যেন বিশ্বাসযোগ্য হয়৷
Saizvozvo vakadzi vavo ngavave vanokudzwa, kwete vacheri, vanozvidzora, vakatendeka pazvese.
12 ১২ পৰিচাৰক সকলে এগৰাকী মহিলাৰ স্বামী হৈ নিজ নিজ সন্তান আৰু নিজ ঘৰ খন উত্তমৰূপে শাসন কৰক।
Vadhikoni ngavave varume vemukadzi umwe, vanobata vana vavo nedzimba dzavo pachavo zvakanaka.
13 ১৩ কিয়নো যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচাৰকৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুত তেওঁলোক বিশ্বাসত সাহসী হয়৷
Nokuti avo vakashumira zvakanaka, vanozviwanira chimiro chakanaka, nekutsunga kukuru parutendo rwuri muna Kristu Jesu.
14 ১৪ মই তোমাৰ বাবে এইবোৰ কথা লিখিলোঁ আৰু সোনকালে মই তোমাৰ তালৈ যাবলৈ আশা কৰি আছোঁ৷
Zvinhu izvi ndinokunyorera, ndichitarisira kuuya kwauri nekukurumidza;
15 ১৫ কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷
asi kana ndikanonoka, kuti uzive kuti vanofanira kufamba sei mumba maMwari, inova kereke yaMwari mupenyu, mbiru nehwaro hwechokwadi.
16 ১৬ আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।”
Zvinotendekawo kuti chakavanzika chekunamata Mwari chikuru; Mwari wakaratidzwa panyama, wakanzi wakarurama paMweya, wakaonekwa nevatumwa, akaparidzwa kuvahedheni, akatendwa panyika, akakwidzwa mukubwinya.