< ১ থিচলনীকীয়া 5 >
1 ১ হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই;
ⲁ̅ⲈⲐⲂⲈ ⲚⲒⲬⲢⲞⲚⲞⲤ ⲆⲈ ⲚⲈⲘ ⲚⲒⲔⲈⲢⲞⲤ ⲚⲒⲤⲚⲎ ⲞⲨ ⲚⲦⲈⲦⲈⲚⲈⲢⲬⲢⲒⲀ ⲀⲚ ⲈⲤϦⲀⲒ ⲚⲰⲦⲈⲚ.
2 ২ কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব।
ⲃ̅ⲚⲐⲰⲦⲈⲚ ⲄⲀⲢ ⲀⲔⲢⲒⲂⲰⲤ ⲦⲈⲦⲈⲚⲈⲘⲒ ϪⲈ ⲠⲈϨⲞⲞⲨ ⲘⲠϬⲞⲒⲤ ⲘⲪⲢⲎϮ ⲚⲞⲨⲢⲈϤϬⲒⲞⲨⲒ ϦⲈⲚⲠⲒⲈϪⲰⲢϨ ⲠⲀⲒⲢⲎϮ ⲠⲈⲦⲈϤⲚⲎⲞⲨ ⲘⲘⲞϤ.
3 ৩ যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
ⲅ̅ⲈϢⲰⲠ ⲀⲨϢⲀⲚϪⲞⲤ ϪⲈ ⲦϨⲒⲢⲎⲚⲎ ⲚⲈⲘ ⲠⲦⲀϪⲢⲞ ⲦⲞⲦⲈ ϦⲈⲚⲞⲨⲈⲜⲀⲠⲒⲚⲀ ⲈϤⲈⲒ ⲈϨⲢⲎⲒ ⲈϪⲰⲞⲨ ⲚϪⲈⲞⲨⲦⲀⲔⲞ ⲘⲪⲢⲎϮ ⲚϮⲚⲀⲔϨⲒ ⲈϢⲀⲤⲒ ⲈⲐⲎ ⲈⲦⲈⲘⲂⲞⲔⲒ ⲞⲨⲞϨ ⲚⲚⲞⲨϢⲪⲰⲦ.
4 ৪ কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই;
ⲇ̅ⲚⲐⲰⲦⲈⲚ ⲆⲈ ⲚⲈⲚⲤⲚⲎⲞⲨ ⲚⲀⲢⲈⲦⲈⲚⲬⲎ ϦⲈⲚⲠⲬⲀⲔⲒ ⲀⲚ ϨⲒⲚⲀ ⲚⲦⲈⲠⲒⲈϨⲞⲞⲨ ⲦⲀϨⲈ ⲐⲎⲚⲞⲨ ⲘⲪⲢⲎϮ ⲚϨⲀⲚⲢⲈϤϬⲒⲞⲨⲒ.
5 ৫ কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।
ⲉ̅ⲚⲐⲰⲦⲈⲚ ⲄⲀⲢ ⲦⲎⲢⲞⲨ ⲚⲐⲰⲦⲈⲚ ϨⲀⲚϢⲎ ⲢⲒ ⲚⲦⲈⲪⲞⲨⲰⲒⲚⲒ ⲚⲈⲘ ϨⲀⲚϢⲎⲢⲒ ⲚⲦⲈⲠⲒⲈϨⲞⲞⲨ ⲀⲚⲞⲚ ⲆⲀ ⲚⲀ ⲠⲒⲈϪⲰⲢϨ ⲀⲚ ⲞⲨⲆⲈ ⲀⲚⲞⲚ ⲚⲀ ⲠⲬⲀⲔⲒ ⲀⲚ.
6 ৬ এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
ⲋ̅ϨⲀⲢⲀ ⲞⲨⲚ ⲘⲠⲈⲚⲐⲢⲈⲚⲈⲚⲔⲞⲦ ⲘⲪⲢⲎϮ ⲘⲠⲔⲈⲤⲈⲠⲒ ⲀⲖⲖⲀ ⲘⲀⲢⲈⲚⲢⲰⲒⲤ ⲞⲨⲞϨ ⲚⲦⲈⲚⲈⲢⲚⲒⲘⲪⲒⲚ.
7 ৭ কিয়নো যি সকলে টোপনিয়াই, তেওঁলোকে ৰাতিহে টোপনিয়ায়; যি সকল মদ্যপায়ী, তেওঁলোক ৰাতিহে মাতাল হয়।
ⲍ̅ⲚⲎ ⲄⲀⲢ ⲈⲦⲈⲚⲔⲞⲦ ⲀⲨⲈⲚⲔⲞⲦ ϦⲈⲚⲠⲒⲈϪⲰⲢϨ ⲞⲨⲞϨ ⲚⲎ ⲈⲦⲐⲀϦⲒ ⲀⲨⲐⲀϦⲒ ϦⲈⲚⲠⲒⲈϪⲰⲢϨ.
8 ৮ কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহক আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক।
ⲏ̅ⲀⲚⲞⲚ ⲆⲈ ⲀⲚⲞⲚ ⲚⲀ ⲠⲒⲈϨⲞⲞⲨ ⲘⲀⲢⲈⲚⲈⲢⲚⲒⲘⲪⲒⲚ ⲞⲨⲞϨ ⲚⲦⲈⲚϮ ϨⲒⲰⲦⲈⲚ ⲚϮϦⲈⲖⲒⲂϢ ⲚⲦⲈⲠⲒⲚⲀϨϮ ⲚⲈⲘ ϮⲀⲄⲀⲠⲎ ⲚⲈⲘ ϮⲠⲈⲢⲒⲔⲈⲪⲀⲖⲈⲀ ⲚⲦⲈϮϨⲈⲖⲠⲒⲤ ⲚⲦⲈⲠⲒⲞⲨϪⲀⲒ.
9 ৯ কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
ⲑ̅ϪⲈ ⲚⲈⲦⲀ ⲪⲚⲞⲨϮ ⲬⲀⲚ ⲀⲚ ⲈⲨϪⲰⲚⲦ ⲀⲖⲖⲀ ⲈⲨⲦⲀⲚϦⲞ ⲚⲞⲨϪⲀⲒ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲠⲈⲚϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲤ
10 ১০ আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে।
ⲓ̅ⲪⲀⲒ ⲈⲦⲀϤⲘⲞⲨ ⲈϨⲢⲎⲒ ⲈϪⲰⲚ ϨⲒⲚⲀ ⲒⲦⲈ ⲈⲚⲢⲎⲤ ⲒⲦⲈ ⲈⲚⲈⲚⲔⲞⲦ ⲈⲚⲈⲰⲚϦ ⲚⲈⲘⲀϤ ⲈⲨⲤⲞⲠ.
11 ১১ এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
ⲓ̅ⲁ̅ⲈⲐⲂⲈⲪⲀⲒ ⲘⲀⲚⲞⲘϮ ⲚⲚⲈⲦⲈⲚⲈⲢⲎⲞⲨ ⲞⲨⲞϨ ⲘⲀⲢⲈ ⲠⲒⲞⲨⲀⲒ ⲠⲒⲞⲨⲀⲒ ⲘⲘⲰⲦⲈⲚ ⲔⲈⲦ ⲠⲈϤϢⲪⲎⲢ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲞⲚ ⲈⲦⲈⲦⲈⲚⲒⲢⲒ ⲘⲘⲞⲤ.
12 ১২ ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে, আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোক সকলক আপোনালোকে সন্মান কৰক।
ⲓ̅ⲃ̅ⲦⲈⲚϮϨⲞ ⲆⲈ ⲈⲢⲰⲦⲈⲚ ⲚⲈⲚⲤⲚⲎⲞⲨ ⲈⲈⲘⲒ ⲈⲚⲎ ⲈⲦϦⲞⲤⲒ ϦⲈⲚⲐⲎⲚⲞⲨ ⲚⲈⲘ ⲚⲎ ⲈⲦⲬⲎ ϦⲀϪⲰⲦⲈⲚ ϦⲈⲚⲠϬⲞⲒⲤ ⲚⲈⲘ ⲚⲎ ⲈⲦϮⲤⲂⲰ ⲚⲰⲦⲈⲚ.
13 ১৩ আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক।
ⲓ̅ⲅ̅ⲞⲨⲞϨ ⲬⲀⲨ ⲚⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲚϨⲞⲨⲞ ϦⲈⲚⲞⲨⲀⲄⲀⲠⲎ ⲈⲐⲂⲈ ⲠⲞⲨϨⲰⲂ ⲀⲢⲒϨⲒⲢⲎⲚⲎ ⲚϦⲢⲎⲒ ϦⲈⲚⲐⲎⲚⲞⲨ.
14 ১৪ ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
ⲓ̅ⲇ̅ⲦⲈⲚϮϨⲞ ⲈⲢⲰⲦⲈⲚ ⲚⲈⲚⲤⲚⲎⲞⲨ ⲘⲀⲤⲂⲰ ⲚⲚⲒⲀⲦⲤⲂⲰ ⲘⲀⲚⲞⲘϮ ⲚⲚⲎ ⲈⲦⲞⲒ ⲚⲔⲞⲨϪⲒ ⲚϨⲎⲦ ϢⲰⲠ ⲈⲢⲰⲦⲈⲚ ⲚⲈⲘ ⲚⲎ ⲈⲦϢⲰⲚⲒ ⲰⲞⲨⲚϨⲎⲦ ⲚⲈⲘ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ.
15 ১৫ সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
ⲓ̅ⲉ̅ⲀⲚⲀⲨ ⲘⲠⲈⲚⲐⲢⲈ ⲞⲨⲀⲒ ϮⲚⲞⲨⲠⲈⲦϨⲰⲞⲨ ⲚⲞⲨⲀⲒ ⲚⲦϢⲈⲂⲒⲰ ⲚⲞⲨⲠⲈⲦϨⲰⲞⲨ ⲀⲖⲖⲀ ⲚⲤⲎⲞⲨ ⲚⲒⲂⲈⲚ ϬⲞϪⲒ ⲚⲤⲀⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ ⲚⲈⲘ ⲚⲈⲦⲈⲚⲈⲢⲎⲞⲨ ⲚⲈⲘ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ.
16 ১৬ সকলো সময়তে আনন্দত থাকক।
ⲓ̅ⲋ̅ⲢⲀϢⲒ ⲚⲤⲎⲞⲨ ⲚⲒⲂⲈⲚ.
17 ১৭ নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক।
ⲓ̅ⲍ̅ⲦⲰⲂϨ ϦⲈⲚⲞⲨⲘⲈⲦⲀⲦⲘⲞⲨⲚⲔ.
18 ১৮ সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
ⲓ̅ⲏ̅ϢⲈⲠϨⲘⲞⲦ ϦⲈⲚϨⲰⲂ ⲚⲒⲂⲈⲚ ⲪⲀⲒ ⲄⲀⲢ ⲠⲈ ⲪⲞⲨⲰϢ ⲘⲪⲚⲞⲨϮ ϦⲈⲚⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲎⲤⲞⲨⲤ ϦⲈⲚⲐⲎⲚⲞⲨ.
19 ১৯ পবিত্ৰ আত্মাক নুনুমাব।
ⲓ̅ⲑ̅ⲠⲒⲠⲚⲈⲨⲘⲀⲘⲠⲈⲢⲞϢⲘⲈϤ.
20 ২০ ভাৱবাণী হেয়জ্ঞান নকৰিব।
ⲕ̅ⲚⲒⲠⲢⲞⲪⲎⲦⲒⲀ ⲘⲠⲈⲢϢⲞϢϤⲞⲨ.
21 ২১ সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক।
ⲕ̅ⲁ̅ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲀⲢⲒⲆⲞⲔⲒⲘⲀⲌⲒⲚ ⲘⲘⲰⲞⲨ ⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ ⲀⲘⲞⲚⲒ ⲘⲘⲞϤ.
22 ২২ সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।
ⲕ̅ⲃ̅ϨⲈⲚ ⲐⲎⲚⲞⲨ ⲈⲂⲞⲖ ϨⲀ ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈⲦϨⲰⲞⲨ.
23 ২৩ শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।
ⲕ̅ⲅ̅ⲚⲐⲞϤ ⲆⲈ ⲪⲚⲞⲨϮ ⲚⲦⲈϮϨⲒⲢⲎⲚⲎ ⲈϤⲈⲦⲞⲨⲂⲈ ⲐⲎⲚⲞⲨ ⲈⲨⲤⲞⲠ ⲈⲢⲈⲦⲈⲚϪⲎⲔ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲈϤⲈⲀⲢⲈϨ ⲈⲠⲈⲦⲈⲚⲠⲚⲈⲨⲘⲀⲈϤⲞⲨⲞϪ ⲚⲈⲘ ϮⲮⲨⲬⲎ ⲚⲈⲘ ⲠⲒⲤⲰⲘⲀ ϦⲈⲚⲞⲨⲘⲈⲦⲀⲦⲀⲢⲒⲔⲒ ϦⲈⲚⲦⲠⲀⲢⲞⲨⲤⲒⲀ ⲘⲠⲈⲚϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ.
24 ২৪ যি জনে আপোনালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী।
ⲕ̅ⲇ̅ϤⲈⲚϨⲞⲦ ⲚϪⲈⲠⲈⲦⲐⲰϨⲈⲘ ⲘⲘⲰⲦⲈⲚ ⲞⲨⲞϨ ϤⲚⲀⲒⲢⲒ ⲞⲚ
25 ২৫ ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব।
ⲕ̅ⲉ̅ⲚⲈⲚⲤⲚⲎⲞⲨ ⲦⲰⲂϨ ⲈϨⲢⲎⲒ ⲈϪⲰⲚ.
26 ২৬ সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব।
ⲕ̅ⲋ̅ⲀⲢⲒⲀⲤⲠⲀⲌⲈⲤⲐⲈ ⲚⲚⲈⲦⲈⲚⲈⲢⲎⲞⲨ ϦⲈⲚⲞⲨⲪⲒ ⲈⲤⲞⲨⲀⲂ.
27 ২৭ মই আপোনালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়।
ⲕ̅ⲍ̅ϮⲦⲀⲢⲔⲞ ⲘⲘⲰⲦⲈⲚ ⲈⲠϬⲞⲒⲤ ⲈⲐⲢⲈⲦⲈⲚⲈϢ ⲦⲀⲒⲈⲠⲒⲤⲦⲞⲖⲎ ⲚⲚⲒⲀⲄⲒⲞⲤ ⲦⲎⲢⲞⲨ ⲚⲤⲚⲎⲞⲨ.
28 ২৮ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।
ⲕ̅ⲏ̅ⲠϨⲘⲞⲦ ⲘⲠⲈⲚϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲚⲈⲘⲰⲦⲈⲚ ⲦⲎⲢⲞⲨ ⲀⲘⲎⲚ