< ১ থিচলনীকীয়া 2 >
1 ১ প্ৰিয় ভাইসকল, আপোনালোকে নিজেই জানে যে, আপোনালোকৰ ওচৰলৈ আমাৰ যোৱা অৰ্থহীন নহ’ল;
ಹೇ ಭ್ರಾತರಃ, ಯುಷ್ಮನ್ಮಧ್ಯೇ ಽಸ್ಮಾಕಂ ಪ್ರವೇಶೋ ನಿಷ್ಫಲೋ ನ ಜಾತ ಇತಿ ಯೂಯಂ ಸ್ವಯಂ ಜಾನೀಥ|
2 ২ আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।
ಅಪರಂ ಯುಷ್ಮಾಭಿ ರ್ಯಥಾಶ್ರಾವಿ ತಥಾ ಪೂರ್ವ್ವಂ ಫಿಲಿಪೀನಗರೇ ಕ್ಲಿಷ್ಟಾ ನಿನ್ದಿತಾಶ್ಚ ಸನ್ತೋಽಪಿ ವಯಮ್ ಈಶ್ವರಾದ್ ಉತ್ಸಾಹಂ ಲಬ್ಧ್ವಾ ಬಹುಯತ್ನೇನ ಯುಷ್ಮಾನ್ ಈಶ್ವರಸ್ಯ ಸುಸಂವಾದಮ್ ಅಬೋಧಯಾಮ|
3 ৩ কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অশুচিতামূলক উদ্দেশ্যৰ পৰাওঁ নহয় বা ছলনাযুক্ত নহয়;
ಯತೋಽಸ್ಮಾಕಮ್ ಆದೇಶೋ ಭ್ರಾನ್ತೇರಶುಚಿಭಾವಾದ್ ವೋತ್ಪನ್ನಃ ಪ್ರವಞ್ಚನಾಯುಕ್ತೋ ವಾ ನ ಭವತಿ|
4 ৪ কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ।
ಕಿನ್ತ್ವೀಶ್ವರೇಣಾಸ್ಮಾನ್ ಪರೀಕ್ಷ್ಯ ವಿಶ್ವಸನೀಯಾನ್ ಮತ್ತ್ವಾ ಚ ಯದ್ವತ್ ಸುಸಂವಾದೋಽಸ್ಮಾಸು ಸಮಾರ್ಪ್ಯತ ತದ್ವದ್ ವಯಂ ಮಾನವೇಭ್ಯೋ ನ ರುರೋಚಿಷಮಾಣಾಃ ಕಿನ್ತ್ವಸ್ಮದನ್ತಃಕರಣಾನಾಂ ಪರೀಕ್ಷಕಾಯೇಶ್ವರಾಯ ರುರೋಚಿಷಮಾಣಾ ಭಾಷಾಮಹೇ|
5 ৫ আপোনালোকে জানে যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী।
ವಯಂ ಕದಾಪಿ ಸ್ತುತಿವಾದಿನೋ ನಾಭವಾಮೇತಿ ಯೂಯಂ ಜಾನೀಥ ಕದಾಪಿ ಛಲವಸ್ತ್ರೇಣ ಲೋಭಂ ನಾಚ್ಛಾದಯಾಮೇತ್ಯಸ್ಮಿನ್ ಈಶ್ವರಃ ಸಾಕ್ಷೀ ವಿದ್ಯತೇ|
6 ৬ আমি আপোনালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন৷
ವಯಂ ಖ್ರೀಷ್ಟಸ್ಯ ಪ್ರೇರಿತಾ ಇವ ಗೌರವಾನ್ವಿತಾ ಭವಿತುಮ್ ಅಶಕ್ಷ್ಯಾಮ ಕಿನ್ತು ಯುಷ್ಮತ್ತಃ ಪರಸ್ಮಾದ್ ವಾ ಕಸ್ಮಾದಪಿ ಮಾನವಾದ್ ಗೌರವಂ ನ ಲಿಪ್ಸಮಾನಾ ಯುಷ್ಮನ್ಮಧ್ಯೇ ಮೃದುಭಾವಾ ಭೂತ್ವಾವರ್ತ್ತಾಮಹಿ|
7 ৭ মাকে নিজৰ সন্তানক লালন-পালন কৰাৰ নিচিনাকৈ আমিও আপোনালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ।
ಯಥಾ ಕಾಚಿನ್ಮಾತಾ ಸ್ವಕೀಯಶಿಶೂನ್ ಪಾಲಯತಿ ತಥಾ ವಯಮಪಿ ಯುಷ್ಮಾನ್ ಕಾಙ್ಕ್ಷಮಾಣಾ
8 ৮ এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়।
ಯುಷ್ಮಭ್ಯಂ ಕೇವಲಮ್ ಈಶ್ವರಸ್ಯ ಸುಸಂವಾದಂ ತನ್ನಹಿ ಕಿನ್ತು ಸ್ವಕೀಯಪ್ರಾಣಾನ್ ಅಪಿ ದಾತುಂ ಮನೋಭಿರಭ್ಯಲಷಾಮ, ಯತೋ ಯೂಯಮ್ ಅಸ್ಮಾಕಂ ಸ್ನೇಹಪಾತ್ರಾಣ್ಯಭವತ|
9 ৯ ভাই, আপোনালোকে সোঁৱৰণ কৰক; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ আপোনালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি দিনে-ৰাতিয়ে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।
ಹೇ ಭ್ರಾತರಃ, ಅಸ್ಮಾಕಂ ಶ್ರಮಃ ಕ್ಲೇಶಶ್ಚ ಯುಷ್ಮಾಭಿಃ ಸ್ಮರ್ಯ್ಯತೇ ಯುಷ್ಮಾಕಂ ಕೋಽಪಿ ಯದ್ ಭಾರಗ್ರಸ್ತೋ ನ ಭವೇತ್ ತದರ್ಥಂ ವಯಂ ದಿವಾನಿಶಂ ಪರಿಶ್ರಾಮ್ಯನ್ತೋ ಯುಷ್ಮನ್ಮಧ್ಯ ಈಶ್ವರಸ್ಯ ಸುಸಂವಾದಮಘೋಷಯಾಮ|
10 ১০ আপোনালোকৰ দৰে বিশ্বাসী সকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক, আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী আপোনালোক আছিল আৰু ঈশ্বৰো আছে।
ಅಪರಞ್ಚ ವಿಶ್ವಾಸಿನೋ ಯುಷ್ಮಾನ್ ಪ್ರತಿ ವಯಂ ಕೀದೃಕ್ ಪವಿತ್ರತ್ವಯಥಾರ್ಥತ್ವನಿರ್ದೋಷತ್ವಾಚಾರಿಣೋಽಭವಾಮೇತ್ಯಸ್ಮಿನ್ ಈಶ್ವರೋ ಯೂಯಞ್ಚ ಸಾಕ್ಷಿಣ ಆಧ್ವೇ|
11 ১১ আপোনালোকে জানে, পিতৃয়ে নিজৰ সন্তান সকলক ব্যৱহাৰ কৰাৰ দৰে আমিও আপোনালোকৰ প্ৰতিজনক উপদেশ, উৎসাহ আৰু সান্ত্বনা দৃঢ়ভাবে দিছিলোঁ যাতে,
ಅಪರಞ್ಚ ಯದ್ವತ್ ಪಿತಾ ಸ್ವಬಾಲಕಾನ್ ತದ್ವದ್ ವಯಂ ಯುಷ್ಮಾಕಮ್ ಏಕೈಕಂ ಜನಮ್ ಉಪದಿಷ್ಟವನ್ತಃ ಸಾನ್ತ್ವಿತವನ್ತಶ್ಚ,
12 ১২ যিজন ঈশ্বৰে আপোনালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন-যাপন কৰে।
ಯ ಈಶ್ವರಃ ಸ್ವೀಯರಾಜ್ಯಾಯ ವಿಭವಾಯ ಚ ಯುಷ್ಮಾನ್ ಆಹೂತವಾನ್ ತದುಪಯುಕ್ತಾಚರಣಾಯ ಯುಷ್ಮಾನ್ ಪ್ರವರ್ತ್ತಿತವನ್ತಶ್ಚೇತಿ ಯೂಯಂ ಜಾನೀಥ|
13 ১৩ এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিল, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।
ಯಸ್ಮಿನ್ ಸಮಯೇ ಯೂಯಮ್ ಅಸ್ಮಾಕಂ ಮುಖಾದ್ ಈಶ್ವರೇಣ ಪ್ರತಿಶ್ರುತಂ ವಾಕ್ಯಮ್ ಅಲಭಧ್ವಂ ತಸ್ಮಿನ್ ಸಮಯೇ ತತ್ ಮಾನುಷಾಣಾಂ ವಾಕ್ಯಂ ನ ಮತ್ತ್ವೇಶ್ವರಸ್ಯ ವಾಕ್ಯಂ ಮತ್ತ್ವಾ ಗೃಹೀತವನ್ತ ಇತಿ ಕಾರಣಾದ್ ವಯಂ ನಿರನ್ತರಮ್ ಈಶ್ವರಂ ಧನ್ಯಂ ವದಾಮಃ, ಯತಸ್ತದ್ ಈಶ್ವರಸ್ಯ ವಾಕ್ಯಮ್ ಇತಿ ಸತ್ಯಂ ವಿಶ್ವಾಸಿನಾಂ ಯುಷ್ಮಾಕಂ ಮಧ್ಯೇ ತಸ್ಯ ಗುಣಃ ಪ್ರಕಾಶತೇ ಚ|
14 ১৪ হে ভাইসকল, যিহূদাত খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি মণ্ডলী সমূহ আছে, আপোনালোকে সেই মণ্ডলী সমূহৰ অনুকাৰী হ’ল; ইহুদী সকলৰ পৰা তেওঁলোকে যিবোৰ দুখ-কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন আপোনালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছে।
ಹೇ ಭ್ರಾತರಃ, ಖ್ರೀಷ್ಟಾಶ್ರಿತವತ್ಯ ಈಶ್ವರಸ್ಯ ಯಾಃ ಸಮಿತ್ಯೋ ಯಿಹೂದಾದೇಶೇ ಸನ್ತಿ ಯೂಯಂ ತಾಸಾಮ್ ಅನುಕಾರಿಣೋಽಭವತ, ತದ್ಭುಕ್ತಾ ಲೋಕಾಶ್ಚ ಯದ್ವದ್ ಯಿಹೂದಿಲೋಕೇಭ್ಯಸ್ತದ್ವದ್ ಯೂಯಮಪಿ ಸ್ವಜಾತೀಯಲೋಕೇಭ್ಯೋ ದುಃಖಮ್ ಅಲಭಧ್ವಂ|
15 ১৫ ইহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে আৰু সকলো মানুহৰ বিপক্ষত থাকে।
ತೇ ಯಿಹೂದೀಯಾಃ ಪ್ರಭುಂ ಯೀಶುಂ ಭವಿಷ್ಯದ್ವಾದಿನಶ್ಚ ಹತವನ್ತೋ ಽಸ್ಮಾನ್ ದೂರೀಕೃತವನ್ತಶ್ಚ, ತ ಈಶ್ವರಾಯ ನ ರೋಚನ್ತೇ ಸರ್ವ್ವೇಷಾಂ ಮಾನವಾನಾಂ ವಿಪಕ್ಷಾ ಭವನ್ತಿ ಚ;
16 ১৬ আমি অনা-ইহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে; এইদৰে তেওঁলোকে বাৰে বাৰে পাপ কৰি ঈশ্বৰৰ সীমা পাৰ আছে। সেয়েহে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷
ಅಪರಂ ಭಿನ್ನಜಾತೀಯಲೋಕಾನಾಂ ಪರಿತ್ರಾಣಾರ್ಥಂ ತೇಷಾಂ ಮಧ್ಯೇ ಸುಸಂವಾದಘೋಷಣಾದ್ ಅಸ್ಮಾನ್ ಪ್ರತಿಷೇಧನ್ತಿ ಚೇತ್ಥಂ ಸ್ವೀಯಪಾಪಾನಾಂ ಪರಿಮಾಣಮ್ ಉತ್ತರೋತ್ತರಂ ಪೂರಯನ್ತಿ, ಕಿನ್ತು ತೇಷಾಮ್ ಅನ್ತಕಾರೀ ಕ್ರೋಧಸ್ತಾನ್ ಉಪಕ್ರಮತೇ|
17 ১৭ হে ভাইসকল, মনৰ পৰা নহলেও, আপোনালোকৰ পৰা কিছুদিনৰ কাৰণে আমি শৰীৰিৰিক ভাবে আতৰত আছোঁ; কিন্তু আপোনালোকৰ মুখ পুণৰ দেখা পাবলৈ আমি অতি উৎসুক হৈ আছোঁ; সেয়েহে আপোনালোকৰ ওচৰলৈ আহিবলৈ অধিক চেষ্টা কৰিছিলোঁ।
ಹೇ ಭ್ರಾತರಃ ಮನಸಾ ನಹಿ ಕಿನ್ತು ವದನೇನ ಕಿಯತ್ಕಾಲಂ ಯುಷ್ಮತ್ತೋ ಽಸ್ಮಾಕಂ ವಿಚ್ಛೇದೇ ಜಾತೇ ವಯಂ ಯುಷ್ಮಾಕಂ ಮುಖಾನಿ ದ್ರಷ್ಟುಮ್ ಅತ್ಯಾಕಾಙ್ಕ್ಷಯಾ ಬಹು ಯತಿತವನ್ತಃ|
18 ১৮ এই কাৰণে আমি, বিশেষকৈ মই পৌলে দুই এবাৰ আপোনালোকৰ ওচৰলৈ যাব খুজিছিলোঁ; কিন্তু চয়তানে আমাক বাধা জন্মালে।
ದ್ವಿರೇಕಕೃತ್ವೋ ವಾ ಯುಷ್ಮತ್ಸಮೀಪಗಮನಾಯಾಸ್ಮಾಕಂ ವಿಶೇಷತಃ ಪೌಲಸ್ಯ ಮಮಾಭಿಲಾಷೋಽಭವತ್ ಕಿನ್ತು ಶಯತಾನೋ ಽಸ್ಮಾನ್ ನಿವಾರಿತವಾನ್|
19 ১৯ কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই জানো আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ’ব?
ಯತೋಽಸ್ಮಾಕಂ ಕಾ ಪ್ರತ್ಯಾಶಾ ಕೋ ವಾನನ್ದಃ ಕಿಂ ವಾ ಶ್ಲಾಘ್ಯಕಿರೀಟಂ? ಅಸ್ಮಾಕಂ ಪ್ರಭೋ ರ್ಯೀಶುಖ್ರೀಷ್ಟಸ್ಯಾಗಮನಕಾಲೇ ತತ್ಸಮ್ಮುಖಸ್ಥಾ ಯೂಯಂ ಕಿಂ ತನ್ನ ಭವಿಷ್ಯಥ?
20 ২০ বাস্তৱিকতে আপোনালোকেই আমাৰ গৌৰৱ আৰু আনন্দ।
ಯೂಯಮ್ ಏವಾಸ್ಮಾಕಂ ಗೌರವಾನನ್ದಸ್ವರೂಪಾ ಭವಥ|