< ১ সামুয়েল 1 >
1 ১ পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।
Bijaše jedan èovjek iz Ramatajim-Sofima, iz gore Jefremove, kojemu ime bješe Elkana sin Jeroama, sina Eliva, sina Tova, sina Sufova, Efraæanin.
2 ২ তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল।
I imaše dvije žene, jednoj bješe ime Ana a drugoj Fenina; i Fenina imaše djece, a Ana nemaše djece.
3 ৩ এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল।
I iðaše taj èovjek svake godine iz svojega grada da se pokloni i prinese žrtvu Gospodu nad vojskama u Silom; a ondje bijahu dva sina Ilijeva, Ofnije i Fines, sveštenici Gospodnji.
4 ৪ প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে।
I jedan dan kad Elkana prinese žrtvu, dade Fenini ženi svojoj i svijem sinovima njezinijem i kæerima njezinijem po dio;
5 ৫ যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে।
Ani pak dade dva dijela, jer ljubljaše Anu, a njoj Gospod bješe zatvorio matericu.
6 ৬ যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল।
I protivnica je njezina vrlo cvijeljaše prkoseæi joj što joj Gospod bješe zatvorio matericu.
7 ৭ বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল।
Tako èinjaše Elkana svake godine, i Ana hoðaše u dom Gospodnji, a ona je cvijeljaše, te plakaše i ne jeðaše.
8 ৮ তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”
A Elkana muž njezin reèe joj jednom: Ana, zašto plaèeš? i zašto ne jedeš? i zašto je srce tvoje neveselo? Nijesam li ti ja bolji nego deset sinova?
9 ৯ এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ’ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল।
A Ana usta, pošto jedoše i piše u Silomu; a Ilije sveštenik sjeðaše na stolici na pragu doma Gospodnjega.
10 ১০ তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে।
I ona tužna u srcu pomoli se Gospodu plaèuæi mnogo.
11 ১১ আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”
I zavjetova se govoreæi: Gospode nad vojskama! ako pogledaš na muku sluškinje svoje, i opomeneš me se, i ne zaboraviš sluškinje svoje, nego daš sluškinji svojoj muško èedo, ja æu ga dati Gospodu dokle je god živ, i britva neæe prijeæi preko glave njegove.
12 ১২ এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল।
I kad se ona dugo moljaše pred Gospodom, Ilije motraše na usta njezina.
13 ১৩ সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷
Ali Ana govoraše u srcu svojem, usta joj se samo micahu a glas joj se ne èujaše; stoga Ilije pomisli da je pijana.
14 ১৪ এলীয়ে তেওঁক ক’লে, “তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা।”
Pa joj reèe Ilije: dokle æeš biti pijana? otrijezni se od vina svojega.
15 ১৫ হান্নাই উত্তৰ দি তেওঁক ক’লে, “নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ।
Ali Ana odgovori i reèe: nijesam pijana, gospodaru, nego sam žena tužna u srcu; nijesam pila vina ni silovita piæa; nego izlijevam dušu svoju pred Gospodom.
16 ১৬ আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।”
Nemoj jednaèiti sluškinje svoje s nevaljalom ženom; jer sam od velike tuge i žalosti svoje govorila dosad.
17 ১৭ এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।”
Tada odgovori Ilije i reèe: idi s mirom; a Bog Izrailjev da ti ispuni molbu, za što si ga molila.
18 ১৮ তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।
A ona reèe: neka naðe sluškinja tvoja milost pred tobom! Tada otide žena svojim putem, i jede, i lice joj ne bješe više kao prije.
19 ১৯ পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।
I sjutradan uraniše, i pokloniše se Gospodu, i vratiše se i doðoše kuæi svojoj u Ramat. I Elkana pozna Anu ženu svoju, i Gospod se opomenu nje.
20 ২০ পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”
I kad bi vrijeme pošto Ana zatrudnje rodi sina, i nadje mu ime Samuilo, jer, reèe, isprosih ga u Gospoda.
21 ২১ আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ’ল।
Potom poðe onaj èovjek Elkana sa svijem domom svojim da prinese Gospodu godišnju žrtvu i zavjet svoj.
22 ২২ কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”
Ali Ana ne poðe, jer reèe mužu svojemu: dokle odojim dijete, onda æu ga odvesti da izide pred Gospoda i ostane ondje dovijeka.
23 ২৩ তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, “তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।” সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল৷
I reèe joj Elkana muž njezin: èini kako ti drago; ostani dokle ga ne odojiš; samo da hoæe Gospod ispuniti rijeè svoju. I tako žena osta; i dojaše sina svojega dokle ga ne odoji.
24 ২৪ সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।
A kad ga odoji, odvede ga sa sobom uzevši tri teleta i efu brašna i mijeh vina, i uvede ga u dom Gospodnji u Silomu; a dijete bijaše još malo.
25 ২৫ তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ’ল।
I zaklaše tele, i dovedoše dijete k Iliju.
26 ২৬ হান্নাই এলীক ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই।
I ona reèe: èuj gospodaru, kako je živa duša tvoja, gospodaru, ja sam ona žena koja je stajala ovdje kod tebe moleæi se Gospodu.
27 ২৭ এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।
Molih se za ovo dijete, i ispuni mi Gospod molbu moju, za što sam ga molila.
28 ২৮ সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।
Zato i ja dajem njega Gospodu, dokle je god živ, da je dat Gospodu. I pokloniše se ondje Gospodu.