< ১ সামুয়েল 9 >

1 সেই সময়ত বিন্যামীন ফৈদত এজন প্ৰভাৱশালী ব্যক্তি আছিল, তেওঁৰ নাম আছিল কীচ, তেওঁ অবীয়েলৰ পুত্ৰ, অবীয়েল জেৰৰ পুত্ৰ, জেৰৰ বখোৰতৰ পুত্ৰ, বাখোৰত আফিয়াৰ পুত্ৰ আছিল, এওঁলোক বিন্যামীন ফৈদৰ লোক আছিল।
וֽ͏ַיְהִי־אִישׁ מבן־ימין מִבִּנְיָמִין וּשְׁמוֹ קִישׁ בֶּן־אֲבִיאֵל בֶּן־צְרוֹר בֶּן־בְּכוֹרַת בֶּן־אֲפִיחַ בֶּן־אִישׁ יְמִינִי גִּבּוֹר חָֽיִל׃
2 কীচৰ এজন সুদৰ্শন পুত্ৰ আছিল, তেওঁৰ নাম আছিল চৌল, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁতকৈ সুদৰ্শন কোনো পুৰুষ নাছিল আৰু আন সকলো লোকতকৈ তেওঁ ওখ আছিল।
וְלוֹ־הָיָה בֵן וּשְׁמוֹ שָׁאוּל בָּחוּר וָטוֹב וְאֵין אִישׁ מִבְּנֵי יִשְׂרָאֵל טוֹב מִמֶּנּוּ מִשִּׁכְמוֹ וָמַעְלָה גָּבֹהַּ מִכָּל־הָעָֽם׃
3 এদিন চৌলৰ পিতৃ কীচৰ গাধবোৰ হেৰাল। তেতিয়া কীচে নিজ পুত্ৰ চৌলক ক’লে, “তুমি দাস সকলৰ মাজৰ এজনক লগত লৈ গাধবোৰ বিচাৰি যোৱা।”
וַתֹּאבַדְנָה הָאֲתֹנוֹת לְקִישׁ אֲבִי שָׁאוּל וַיֹּאמֶר קִישׁ אֶל־שָׁאוּל בְּנוֹ קַח־נָא אִתְּךָ אֶת־אַחַד מֵֽהַנְּעָרִים וְקוּם לֵךְ בַּקֵּשׁ אֶת־הָאֲתֹנֹֽת׃
4 সেয়ে চৌলে পাহাৰীয়া দেশ ইফ্ৰয়িমৰ মাজেৰে পাৰ হৈ চালিচা প্ৰদেশৰ মাজেৰে গ’ল; কিন্তু গাধবোৰ তাত নাছিল। তাৰ পাছত তেওঁলোকে চালীম প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তাতো নাছিল, তাৰ পাছত বিন্যামীন প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তেওঁলোকে তাতো বিচাৰি নাপালে।
וַיַּעֲבֹר בְּהַר־אֶפְרַיִם וַיַּעֲבֹר בְּאֶֽרֶץ־שָׁלִשָׁה וְלֹא מָצָאוּ וַיַּעַבְרוּ בְאֶֽרֶץ־שַׁעֲלִים וָאַיִן וַיַּעֲבֹר בְּאֶֽרֶץ־יְמִינִי וְלֹא מָצָֽאוּ׃
5 যেতিয়া তেওঁলোক চুফ প্ৰদেশ পালে, চৌলে নিজৰ লগত যোৱা দাসক ক’লে, “আহাঁ, আমি উভটি যাওঁ, হয়তো মোৰ পিতৃয়ে গাধবোৰৰ চিন্তা কৰিবলৈ বাদ দি আমাৰ বাবেহে চিন্তা কৰিবলৈ আৰম্ভ কৰিব।”
הֵמָּה בָּאוּ בְּאֶרֶץ צוּף וְשָׁאוּל אָמַר לְנַעֲרוֹ אֲשֶׁר־עִמּוֹ לְכָה וְנָשׁוּבָה פֶּן־יֶחְדַּל אָבִי מִן־הָאֲתֹנוֹת וְדָאַג לָֽנוּ׃
6 কিন্তু দাস জনে তেওঁক ক’লে, “শুনক! এই নগৰত ঈশ্বৰ বিশ্বাসী এজন লোক আছে; তেওঁ সন্মানীয় ব্যক্তি, তেওঁ যি যি কয়, সকলো সিদ্ধ হয়; এতেকে আহক আমি এতিয়া সেই ঠাইলৈ যাওঁ; হয়তো আমি কোনবাটে যাব লাগে তেওঁ জনাব পাৰিব।”
וַיֹּאמֶר לוֹ הִנֵּה־נָא אִישׁ־אֱלֹהִים בָּעִיר הַזֹּאת וְהָאִישׁ נִכְבָּד כֹּל אֲשֶׁר־יְדַבֵּר בּוֹא יָבוֹא עַתָּה נֵלֲכָה שָּׁם אוּלַי יַגִּיד לָנוּ אֶת־דַּרְכֵּנוּ אֲשֶׁר־הָלַכְנוּ עָלֶֽיהָ׃
7 তেতিয়া চৌলে তেওঁৰ দাসক ক’লে, “কিন্তু আমি যদি যাওঁ, তেন্তে সেই লোকৰ ওচৰলৈ কি লৈ যাম? কিয়নো আমাৰ পাত্ৰৰ পিঠা শেষ হ’ল; ঈশ্বৰৰ লোকৰ ওচৰলৈ উপহাৰস্বৰূপে আমি কি লৈ যাম? আমাৰ লগত কি আছে?”
וַיֹּאמֶר שָׁאוּל לְנַעֲרוֹ וְהִנֵּה נֵלֵךְ וּמַה־נָּבִיא לָאִישׁ כִּי הַלֶּחֶם אָזַל מִכֵּלֵינוּ וּתְשׁוּרָה אֵין־לְהָבִיא לְאִישׁ הָאֱלֹהִים מָה אִתָּֽנוּ׃
8 তাতে দাস জনে চৌলক উত্তৰ দি ক’লে, “এয়া চাওকচোন, মোৰ হাতত এক চেকল ৰূপৰ চতুৰ্থ ভাগৰ এভাগ আছে; আমি কোন বাটে যাব লাগে, সেই কথা জনাবৰ কাৰণে মই ঈশ্বৰৰ লোকজনক ইয়াকে দিম।”
וַיֹּסֶף הַנַּעַר לַעֲנוֹת אֶת־שָׁאוּל וַיֹּאמֶר הִנֵּה נִמְצָא בְיָדִי רֶבַע שֶׁקֶל כָּסֶף וְנָֽתַתִּי לְאִישׁ הָאֱלֹהִים וְהִגִּיד לָנוּ אֶת־דַּרְכֵּֽנוּ׃
9 (আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।
לְפָנִים ׀ בְּיִשְׂרָאֵל כֹּֽה־אָמַר הָאִישׁ בְּלֶכְתּוֹ לִדְרוֹשׁ אֱלֹהִים לְכוּ וְנֵלְכָה עַד־הָרֹאֶה כִּי לַנָּבִיא הַיּוֹם יִקָּרֵא לְפָנִים הָרֹאֶֽה׃
10 ১০ তেতিয়া চৌলে নিজৰ দাসক ক’লে, “ঠিকেই কৈছা; ব’লা আমি যাওঁহক।” তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ লোক য’ত আছিল সেই নগৰলৈ গ’ল।
וַיֹּאמֶר שָׁאוּל לְנַעֲרוֹ טוֹב דְּבָרְךָ לְכָה ׀ נֵלֵכָה וַיֵּֽלְכוּ אֶל־הָעִיר אֲשֶׁר־שָׁם אִישׁ הָאֱלֹהִֽים׃
11 ১১ তেওঁলোকে নগৰৰ পাহাৰেদি উঠি যাওঁতে, পানী তুলিবলৈ অহা কেইগৰাকীমান যুৱতীক লগ পালে; তেওঁলোকক চৌল আৰু তেওঁৰ দাসে সুধিলে, “ইয়াত ভাববাদী আছেনে?”
הֵמָּה עֹלִים בְּמַעֲלֵה הָעִיר וְהֵמָּה מָצְאוּ נְעָרוֹת יֹצְאוֹת לִשְׁאֹב מָיִם וַיֹּאמְרוּ לָהֶן הֲיֵשׁ בָּזֶה הָרֹאֶֽה׃
12 ১২ তেওঁলোকে উত্তৰ দি ক’লে, “তেওঁ আছে; চাওক, আপোনাৰ ঠিক সন্মুখতে আছে, সোনকাল কৰক, তেওঁ নগৰলৈ আজি আহিছে, কাৰণ আজি ওখ স্থানত লোকসকলে বলিদান কৰিব।
וַתַּעֲנֶינָה אוֹתָם וַתֹּאמַרְנָה יֵּשׁ הִנֵּה לְפָנֶיךָ מַהֵר ׀ עַתָּה כִּי הַיּוֹם בָּא לָעִיר כִּי זֶבַח הַיּוֹם לָעָם בַּבָּמָֽה׃
13 ১৩ সেয়ে তেওঁ ওখ স্থানলৈ ভোজন কৰিবলৈ যোৱাৰ পূৰ্বে আপোনালোকে নগৰত সোমায়ে তেওঁক বিচাৰি পাব। কিয়নো তেওঁ গৈ নোপোৱালৈকে, লোকসকলে ভোজন নকৰে, কাৰণ তেওঁ বলিদানত আশীৰ্ব্বাদ কৰাৰ পাছতহে নিমন্ত্ৰিত সকলে ভোজন কৰিব। এতেকে আপোনালোক এতিয়াই যাওক; তেতিয়াহে তেওঁক লগ পাব।”
כְּבֹאֲכֶם הָעִיר כֵּן תִּמְצְאוּן אֹתוֹ בְּטֶרֶם יַעֲלֶה הַבָּמָתָה לֶאֱכֹל כִּי לֹֽא־יֹאכַל הָעָם עַד־בֹּאוֹ כִּֽי־הוּא יְבָרֵךְ הַזֶּבַח אַחֲרֵי־כֵן יֹאכְלוּ הַקְּרֻאִים וְעַתָּה עֲלוּ כִּֽי־אֹתוֹ כְהַיּוֹם תִּמְצְאוּן אֹתֽוֹ׃
14 ১৪ সেয়ে তেওঁলোক নগৰলৈ গ’ল। তেওঁলোক নগৰত সোমাওঁতেই দেখিলে যে, চমূৱেলে ওখ স্থানলৈ যাবৰ উদ্দেশে তেওঁলোকৰ ফালে আহি আছে।
וַֽיַּעֲלוּ הָעִיר הֵמָּה בָּאִים בְּתוֹךְ הָעִיר וְהִנֵּה שְׁמוּאֵל יֹצֵא לִקְרָאתָם לַעֲלוֹת הַבָּמָֽה׃
15 ১৫ চৌল আহি পোৱাৰ আগদিনা, যিহোৱাই চমূৱেলৰ আগত এই কথা প্ৰকাশ কৰিলে:
וַֽיהוָה גָּלָה אֶת־אֹזֶן שְׁמוּאֵל יוֹם אֶחָד לִפְנֵי בֽוֹא־שָׁאוּל לֵאמֹֽר׃
16 ১৬ “কাইলৈ এনে সময়তে মই বিন্যামীন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম; তেওঁক মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টীয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব; কিয়নো, মোৰ প্ৰজাসকলৰ কাতৰোক্তিৰ শব্দ মোৰ কাণত পৰাত, মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ।”
כָּעֵת ׀ מָחָר אֶשְׁלַח אֵלֶיךָ אִישׁ מֵאֶרֶץ בִּנְיָמִן וּמְשַׁחְתּוֹ לְנָגִיד עַל־עַמִּי יִשְׂרָאֵל וְהוֹשִׁיעַ אֶת־עַמִּי מִיַּד פְּלִשְׁתִּים כִּי רָאִיתִי אֶת־עַמִּי כִּי בָּאָה צַעֲקָתוֹ אֵלָֽי׃
17 ১৭ যেতিয়া চমূৱেলে চৌলক দেখা পালে, যিহোৱাই তেওঁক ক’লে, “যাৰ বিষয়ে মই তোমাক কৈছিলোঁ, এইজনেই সেই ব্যক্তি; তেৱেঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব।”
וּשְׁמוּאֵל רָאָה אֶת־שָׁאוּל וַיהוָה עָנָהוּ הִנֵּה הָאִישׁ אֲשֶׁר אָמַרְתִּי אֵלֶיךָ זֶה יַעְצֹר בְּעַמִּֽי׃
18 ১৮ তেতিয়া চৌলে দুৱাৰ মুখত চমূৱেলৰ ওচৰলৈ গৈ ক’লে, “মোক কওক, ভাববাদীৰ ঘৰ ক’ত?”
וַיִּגַּשׁ שָׁאוּל אֶת־שְׁמוּאֵל בְּתוֹךְ הַשָּׁעַר וַיֹּאמֶר הַגִּֽידָה־נָּא לִי אֵי־זֶה בֵּית הָרֹאֶֽה׃
19 ১৯ চমূৱেলে চৌলক উত্তৰ দি ক’লে, “ময়েই সেই ভাববাদী, মই ওখ স্থানলৈ যোৱাৰ পূৰ্বে তুমি তালৈ যোৱা, কাৰণ তুমি আজি মোৰ লগত ভোজন কৰিবা, কাইলৈ ৰাতিপুৱা মই তোমাক যাবলৈ দিম আৰু তোমাৰ মনৰ সকলো কথা মই তোমাক জনাম।
וַיַּעַן שְׁמוּאֵל אֶת־שָׁאוּל וַיֹּאמֶר אָנֹכִי הָרֹאֶה עֲלֵה לְפָנַי הַבָּמָה וַאֲכַלְתֶּם עִמִּי הַיּוֹם וְשִׁלַּחְתִּיךָ בַבֹּקֶר וְכֹל אֲשֶׁר בִּֽלְבָבְךָ אַגִּיד לָֽךְ׃
20 ২০ আজি তিন দিন পূৰ্বে, তোমাৰ যি গাধবোৰ হেৰাইছিল, সেইবোৰৰ কাৰণে চিন্তা নকৰিবা; কিয়নো সেইবোৰ পোৱা যাব আৰু যাৰ কাৰণে ইস্ৰায়েলৰ সকলো ইচ্ছা জড়িত হৈ আছে; সেয়ে জানো তোমাৰ আৰু তোমাৰ সমূদায় পিতৃ-বংশৰ নহয়?”
וְלָאֲתֹנוֹת הָאֹבְדוֹת לְךָ הַיּוֹם שְׁלֹשֶׁת הַיָּמִים אַל־תָּשֶׂם אֶֽת־לִבְּךָ לָהֶם כִּי נִמְצָאוּ וּלְמִי כָּל־חֶמְדַּת יִשְׂרָאֵל הֲלוֹא לְךָ וּלְכֹל בֵּית אָבִֽיךָ׃
21 ২১ চৌলে উত্তৰ দি ক’লে, “ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীন ফৈদৰ মই নহয় নে? আৰু বিন্যামীন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয় নে? তেনেহ’লে আপুনি মোৰ আগত এই দৰে কিয় কৈছে?”
וַיַּעַן שָׁאוּל וַיֹּאמֶר הֲלוֹא בֶן־יְמִינִי אָנֹכִי מִקַּטַנֵּי שִׁבְטֵי יִשְׂרָאֵל וּמִשְׁפַּחְתִּי הַצְּעִרָה מִכָּֽל־מִשְׁפְּחוֹת שִׁבְטֵי בִנְיָמִן וְלָמָּה דִּבַּרְתָּ אֵלַי כַּדָּבָר הַזֶּֽה׃
22 ২২ তাৰ পাছত চমূৱেলে চৌলক আৰু তেওঁৰ দাসক ভোজনৰ কোঁঠালিটোলৈ লৈ গ’ল; আৰু ত্ৰিশ জনমান নিমন্ত্ৰিত অতিথিৰ সৈতে প্ৰধান ঠাইত বহুৱালে।
וַיִּקַּח שְׁמוּאֵל אֶת־שָׁאוּל וְאֶֽת־נַעֲרוֹ וַיְבִיאֵם לִשְׁכָּתָה וַיִּתֵּן לָהֶם מָקוֹם בְּרֹאשׁ הַקְּרוּאִים וְהֵמָּה כִּשְׁלֹשִׁים אִֽישׁ׃
23 ২৩ চমূৱেলে ৰান্ধনীক ক’লে, “মই তোমাক যিখিনি ‘বেলেগে ৰাখিব দিছিলোঁ’ তোমাক দিয়া সেই ভাগটো লৈ আনা।’
וַיֹּאמֶר שְׁמוּאֵל לַטַּבָּח תְּנָה אֶת־הַמָּנָה אֲשֶׁר נָתַתִּי לָךְ אֲשֶׁר אָמַרְתִּי אֵלֶיךָ שִׂים אֹתָהּ עִמָּֽךְ׃
24 ২৪ তাৰ পাছত ৰান্ধনীয়ে বলিদান দিয়া পিছ ভৰিৰ কৰঙণ আৰু তাৰ ওপৰত যি সকলো আছিল, সেইখিনি আনি চৌলৰ আগত থলে। তেতিয়া চমূৱেলে ক’লে, “চোৱা, তোমাৰ কাৰণে যি ৰখা হৈছিল! তাক ভোজন কৰা, কাৰণ নিৰূপিত সময়লৈকে তোমাৰ বাবে ইয়াক ৰখা হৈছিল। সেয়ে অতিথিসকলৰ সৈতে তুমি ভোজন কৰা।” চৌলে সেই দিনা চমূৱেলৰ লগত ভোজন কৰিলে।
וַיָּרֶם הַטַּבָּח אֶת־הַשּׁוֹק וְהֶעָלֶיהָ וַיָּשֶׂם ׀ לִפְנֵי שָׁאוּל וַיֹּאמֶר הִנֵּה הַנִּשְׁאָר שִׂים־לְפָנֶיךָ אֱכֹל כִּי לַמּוֹעֵד שָֽׁמוּר־לְךָ לֵאמֹר הָעָם ׀ קָרָאתִי וַיֹּאכַל שָׁאוּל עִם־שְׁמוּאֵל בַּיּוֹם הַהֽוּא׃
25 ২৫ যেতিয়া তেওঁলোক ওখ স্থানৰ পৰা নগৰলৈ নামি আহিল, তেতিয়া চমূৱেলে ঘৰৰ চালৰ ওপৰত চৌলৰ লগত কথোপকথন কৰিলে।
וַיֵּרְדוּ מֵהַבָּמָה הָעִיר וַיְדַבֵּר עִם־שָׁאוּל עַל־הַגָּֽג׃
26 ২৬ ৰাতিপুৱাতে চমূৱেলে চৌলক ঘৰৰ চালৰ ওপৰলৈ মাতি ক’লে, “উঠা, যাতে মই তোমাক তোমাৰ বাটে পঠিয়াব পাৰোঁ;” সেয়ে চৌল উঠিল আৰু চমূৱেলৰ সৈতে দুয়োজন বাটলৈ ওলাই গ’ল।
וַיַּשְׁכִּמוּ וַיְהִי כַּעֲלוֹת הַשַּׁחַר וַיִּקְרָא שְׁמוּאֵל אֶל־שָׁאוּל הגג הַגָּגָה לֵאמֹר קוּמָה וַאֲשַׁלְּחֶךָּ וַיָּקָם שָׁאוּל וַיֵּצְאוּ שְׁנֵיהֶם הוּא וּשְׁמוּאֵל הַחֽוּצָה׃
27 ২৭ তাৰ পাছত নগৰৰ বাহিৰলৈ যোৱাত, চমূৱেলে চৌলক ক’লে, “তোমাৰ দাসক আমাৰ আগে আগে যাবলৈ কোৱা, তাতে দাস আগ হৈ গ’ল কিন্তু তুমি অলপ সময় ইয়াতে ৰৈ থাকা, যাতে মই তোমাক ঈশ্বৰৰ বাক্য শুনাব পাৰোঁ।”
הֵמָּה יֽוֹרְדִים בִּקְצֵה הָעִיר וּשְׁמוּאֵל אָמַר אֶל־שָׁאוּל אֱמֹר לַנַּעַר וְיַעֲבֹר לְפָנֵינוּ וַֽיַּעֲבֹר וְאַתָּה עֲמֹד כַּיּוֹם וְאַשְׁמִיעֲךָ אֶת־דְּבַר אֱלֹהִֽים׃

< ১ সামুয়েল 9 >