< ১ সামুয়েল 8 >
1 ১ চমূৱেল বৃদ্ধ হোৱাৰ পাছত, তেওঁৰ পুত্ৰ সকলক ইস্ৰায়েলৰ ওপৰত তেওঁ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে।
Aconteció que cuando Samuel envejeció, designó a sus hijos como jueces de Israel.
2 ২ তেওঁৰ প্ৰথম পুত্ৰৰ নাম যোৱেল, দ্বিতীয় পুত্ৰৰ নাম অবিয়া আছিল; তেওঁলোকে বেৰ-চেবাত বিচাৰ কৰিছিল।
Su hijo primogénito era Joel, y el segundo, Abías. Eran jueces en Beerseba.
3 ৩ তেওঁৰ পুত্ৰসকল পিতৃৰ পথত চলা নাছিল, কিন্তু অসৎ পথত চলিছিল। তেওঁলোকে ভেটী খাই অন্যায় বিচাৰ কৰিছিল৷
Pero sus hijos no andaban por los caminos de él, sino se apartaron tras la ganancia deshonesta. Recibían soborno y pervertían la justicia.
4 ৪ সেই কাৰণে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে চমূৱেলক ল’গ ধৰিবলৈ ৰামালৈ আহিল৷
Entonces todos los ancianos de Israel se reunieron y fueron a Samuel en Ramá,
5 ৫ তেওঁলোকে চমূৱেলক ক’লে, “চাওক, আপুনি বৃদ্ধ হৈছে, আৰু আপোনাৰ পুত্ৰসকল আপোনাৰ পথত চলা নাই, সেয়েহে অন্যান্য দেশৰ দৰে আমাৰো বিচাৰ কৰিবলৈ আপুনি আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰি দিয়ক।”
y le dijeron: Mira, tú envejeciste, y tus hijos no andan por tus caminos. Por tanto, desígnanos un rey que nos juzgue, como todas las naciones tienen.
6 ৬ যি সময়ত তেওঁলোকে কৈছিল, “আমাৰ বিচাৰ কৰিবলৈ আমাক এজন ৰজা দিয়ক” সেই সময়ত চমূৱেলে অসন্তুষ্ট হৈ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে৷
Pero fue desagradable ante Samuel que dijeran: Danos un rey que nos juzgue. Y Samuel oró a Yavé.
7 ৭ যিহোৱাই চমূৱেলক ক’লে, “এইলোক সকলে তোমাৰ আগত যি যি কথা কৈছে, সেই সকলো কথা শুনা; কিয়নো সিহঁতে যে তোমাক অগ্ৰাহ্য কৰিলে, এনে নহয়, কিন্তু মই যেন সিহঁতৰ ওপৰত ৰাজত্ব নকৰোঁ, এই আশয়েৰে মোকেই অগ্ৰাহ্য কৰিলে।
Yavé dijo a Samuel: Oye la voz del pueblo en todo lo que te digan, porque no te rechazan a ti, sino a Mí, para que no reine sobre ellos.
8 ৮ মই মিচৰৰ পৰা সিহঁতক বাহিৰ কৰি অনা দিনৰে পৰা আজিলৈকে সিহঁতে মোলৈ যেনেকৈ ব্যৱহাৰ কৰি আহিছে, অৰ্থাৎ মোক ত্যাগ কৰি অন্যান্য দেৱতাবোৰক পূজা কৰি আহিছে, তেনেকৈ তোমালৈকো একে ব্যৱহাৰ কৰিছে।
Hasta hoy hacen conmigo según todas las obras que hicieron desde el día cuando los saqué de Egipto, cuando me dejaron y sirvieron a otros ʼelohim.
9 ৯ সেয়েহে, এতিয়া সিহঁতৰ কথা শুনা; কিন্তু নম্ৰভাৱে সিহঁতক সাৱধান কৰা আৰু সিহঁতৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব, সেই ৰজাৰ নিয়ম প্ৰণালী সিহঁতক বুজাই দিয়া।”
Ahora pues, escucha su voz. Pero adviérteles con solemnidad sobre el procedimiento del rey que reinará sobre ellos.
10 ১০ তাৰ পাছত যি লোকসকলে চমূৱেলক ৰজা খুজিছিল, তেওঁলোকৰ আগত তেওঁ যিহোৱাৰ সেই সকলো কথা জনালে।
Samuel habló todas las Palabras de Yavé al pueblo que pidió rey:
11 ১১ আৰু ক’লে, “তোমালোকৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব তেওঁৰ নিয়ম প্ৰণালী এইদৰে হ’ব; তোমালোকৰ পুত্ৰ সকলক নিজৰ ৰথ আৰু ঘোঁৰাৰ ওপৰত নিযুক্ত কৰিব, আৰু সিহঁত তেওঁৰ ৰথৰ আগে আগে দৌৰি যাব;
Este será el procedimiento del rey que reine sobre ustedes: Tomará a sus hijos y los pondrá a su servicio para sus carruajes y como sus jinetes para que corran delante de su carroza.
12 ১২ আৰু তেওঁ সিহঁতক নিজৰ সহস্ৰপতি পঞ্চাশপতি পাতিব; আৰু নিজৰ মাটিত হাল বাবলৈ, শস্য দাবলৈ, আৰু যুদ্ধৰ অস্ত্ৰ ও ৰথৰ সঁজুলি গঢ়াবলৈ নিযুক্ত কৰি ল’ব।
Los designará para él como jefes de millares y jefes de cincuentenas para arar sus campos, recoger su cosecha y hacer sus armas de guerra y los equipos de guerra de sus carruajes.
13 ১৩ তেওঁ আপোনালোকৰ জীয়ৰী সকলকো সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবলৈ, ৰান্ধিবলৈ, আৰু চুলাত সেকি খাদ্য বনাবলৈ ব্যৱহাৰ কৰিব।
Tomará a sus hijas como perfumistas, cocineras y panaderas.
14 ১৪ তেওঁ উত্তম শস্যক্ষেত্ৰ, দ্ৰাক্ষাবাৰী, আৰু জিত গছৰ বাগিছাবোৰ তোমালোকৰ পৰা লৈ নিজ দাস সকলক দিব।
Tomará sus campos, sus viñas y sus mejores olivares, y los dará a sus esclavos.
15 ১৫ তোমালোকৰ শস্যৰ আৰু দ্ৰাক্ষাবাৰীৰ ফলৰ দহ ভাগৰ এভাগ লৈ নিজৰ কৰ্মচাৰী আৰু দাস সকলক দিব।
Tomará el diezmo del grano y de las viñas de ustedes para darlo a sus oficiales y a sus esclavos.
16 ১৬ তেওঁ তোমালোকৰ পুৰুষ আৰু মহিলা দাস সকলক ল’ব আৰু সকলোতকৈ উত্তম ডেকা পুৰুষসকলক আৰু গাধবোৰকো লৈ নিজৰ কামত লগাব।
Tomará sus esclavos, sus esclavas, sus mejores jóvenes y sus asnos, y hará sus labores con ellos.
17 ১৭ তেওঁ তোমালোকৰ মেৰ-ছাগ আৰু ছাগলীবোৰৰ দহ ভাগৰ এভাগ ল’ব; আৰু তোমালোক তেওঁৰ বন্দী হ’বা।
Tomará el diezmo del rebaño de ustedes y ustedes mismos serán sus esclavos.
18 ১৮ সেই দিনা তোমালোকে নিজে মনোনীত কৰি লোৱা ৰজাৰ কাৰণে কান্দিবা; কিন্তু যিহোৱাই সেইদিনা তোমালোকক উত্তৰ নিদিব।”
Aquel día clamarán a causa del rey a quien escogieron, y Yavé no les responderá.
19 ১৯ কিন্তু লোকসকলে চমূৱেলৰ কথা নামানিলে; তেওঁলোকে তেওঁক ক’লে, “নহয় নহয়! আমাৰ ওপৰত এজন ৰজা হবই লাগিব।
Pero el pueblo no quiso escuchar la voz de Samuel, sino dijo: No. Habrá rey sobre nosotros,
20 ২০ আমি আন জাতিৰ দৰে হ’বলৈ, আমাৰ বিচাৰ কৰিবলৈ আৰু আমাৰ আগে আগে গৈ আমাৰ পক্ষে যুদ্ধ কৰিবলৈ, আমাক এজন ৰজা লাগে।”
y también seremos como todas las naciones. Nuestro rey nos gobernará, saldrá al frente de nosotros y peleará nuestras batallas.
21 ২১ তাৰ পাছত চমূৱেলে লোকসকলৰ সকলো কথা শুনি পুনৰ সেই কথা যিহোৱাক জনালে।
Samuel escuchó todas las palabras del pueblo y las habló a oídos de Yavé.
22 ২২ যিহোৱাই চমূৱেলক ক’লে, “তুমি লোকসকলৰ কথা শুনা আৰু তেওঁলোকৰ ওপৰত এজন ৰজা পাতি দিয়া।” তাৰ পাছত চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “প্ৰত্যেক জনে নিজৰ নিজৰ নগৰলৈ যাবই লাগিব।”
Yavé dijo a Samuel: Escucha la voz de ellos y desígnales un rey. Entonces dijo Samuel a los hombres de Israel: Regrese cada uno a su ciudad.