< ১ সামুয়েল 6 >
1 ১ যিহোৱাৰ নিয়ম-চন্দুক পলেষ্টীয়াসকলৰ দেশত সাত মাহলৈকে আছিল।
耶和華的約櫃在非利士人之地七個月。
2 ২ পলেষ্টীয়াসকলে পুৰোহিত আৰু মঙ্গল চোৱা সকলক মাতি আনি ক’লে, “আমি যিহোৱাৰ নিয়ম-চন্দুকৰ বিষয়ে কি কৰিম? কওকচোন, আমি ইয়াক নিজৰ দেশলৈ কেনেকৈ পঠাম?”
非利士人將祭司和占卜的聚了來,問他們說:「我們向耶和華的約櫃應當怎樣行?請指示我們用何法將約櫃送回原處。」
3 ৩ তেওঁলোকে ক’লে, “তোমালোকে বিনা উপহাৰেৰে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক নপঠাবা, কিন্তু যি কোনো উপায়ে দোষাৰ্থক উপহাৰ তেওঁৰ তালৈ পঠাই দিয়া, তেতিয়াহে তোমালোক সুস্থ হ’বা, আৰু তেওঁৰ হাত তোমালোকৰ পৰা কিয় দূৰ হোৱা নাই, তেতিয়াহে তোমালোকে বুজিবা।”
他們說:「若要將以色列上帝的約櫃送回去,不可空空地送去,必要給他獻賠罪的禮物,然後你們可得痊癒,並知道他的手為何不離開你們。」
4 ৪ তেওঁলোকে সুধিলে, “অামি তেওঁলৈ কি দোষাৰ্থক উপহাৰ পঠাম?” তেওঁলোকে উত্তৰ দি ক’লে, “তোমালোকে পাঁচটা সোণৰ বিহ ফোঁহোৰা আকৃতিৰে সজা আৰু সোণৰ পাঁচোটা নিগনি দি পঠোৱা; পাঁচ নম্বৰটো পলেষ্টীয়াসকলৰ পাঁচ জন অধিপতিক বুজায়৷ কাৰণ, তোমালোক আৰু তোমালোকৰ অধিপতিসকল সেই একেই মহামাৰীত আক্ৰান্ত।
非利士人說:「應當用甚麼獻為賠罪的禮物呢?」他們回答說:「當照非利士首領的數目,用五個金痔瘡,五個金老鼠,因為在你們眾人和你們首領的身上都是一樣的災。
5 ৫ এই হেতুকে তোমালোকে তোমালোকৰ বিহ ফোঁহোৰাৰ আৰু দেশ বিনষ্ট কৰা নিগনি আকৃতিৰে মুৰ্ত্তি নিৰ্ম্মাণ কৰা, আৰু ইস্ৰায়েলৰ ঈশ্বৰক গৌৰৱান্বিত কৰা৷ তেওঁ তোমালোকৰ পৰা আৰু তোমালোকৰ দেৱতাবোৰৰ পৰা আৰু তোমালোকৰ দেশৰ পৰাও হয়তো নিজৰ ক্ৰোধ তেওঁ দূৰ কৰিব।
所以當製造你們痔瘡的像和毀壞你們田地老鼠的像,並要歸榮耀給以色列的上帝,或者他向你們和你們的神,並你們的田地,把手放輕些。
6 ৬ মিচৰীয়া লোক আৰু ফৰৌণ ৰজাই যেনেকৈ তেওঁলোকৰ মন কঠিন কৰিছিল তেনেকৈ তোমালোকে কিয় মন কঠিন কৰিবা? তেওঁলোকৰ মাজত যেতিয়া তেওঁ অদ্ভুত কাৰ্য কৰিছিল, তেতিয়া জানো তেওঁলোকক এৰি দিয়া নাছিল? তাৰ পাছত তেওঁলোক গুছি গ’ল৷
你們為何硬着心像埃及人和法老一樣呢?上帝在埃及人中間行奇事,埃及人豈不釋放以色列人,他們就去了嗎?
7 ৭ এই হেতুকে এতিয়া কাঠ লৈ এখন নতুন ৰথ সাজা আৰু কান্ধত যুৱলি নোলোৱা দুজনী খীৰঁতী গাই গৰু আনি ৰথত লগোৱা আৰু সিহঁতৰ পোৱালি সিহঁতৰ পৰা আঁতৰাই ঘৰলৈ লৈ যাবা।
現在你們應當造一輛新車,將兩隻未曾負軛有乳的母牛套在車上,使牛犢回家去,離開母牛。
8 ৮ তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক সেই ৰথৰ ওপৰত তুলি দিবা; আৰু যি সোণৰ বস্তুবোৰ দোষাৰ্থক উপহাৰৰ অৰ্থে প্ৰস্তুত কৰিছিলা, সেইবোৰ এটা বাকচত ভৰাই নিয়ম-চন্দুকৰ কাষত থৈ পঠিয়াই দিবা আৰু সেই নিয়ম-চন্দুকক নিজ বাটে যাব দিবা।
把耶和華的約櫃放在車上,將所獻賠罪的金物裝在匣子裏,放在櫃旁,將櫃送去。
9 ৯ তাৰ পাছত লক্ষ্য কৰিবা, সেই ৰথ যদি নিজে বৈৎচেমচ নগৰলৈ যায়, তেতিয়া যিহোৱাই যে এনে মহামাৰী ঘটালে সেই বিষয়ে বুজিবা; আৰু যদি নাযায়, তেন্তে আমাক প্ৰহাৰ কৰা জন তেওঁ নহয় বুলি আমি জানিম; কিন্তু ইয়াৰ পৰিৱৰ্ত্তে ঘটনাক্ৰমেহে আমালৈ এই সকলো ঘটিল।”
你們要看看:車若直行以色列的境界到伯‧示麥去,這大災就是耶和華降在我們身上的;若不然,便可以知道不是他的手擊打我們,是我們偶然遇見的。」
10 ১০ তাৰ পাছত লোকসকলে তেওঁলোকক যি দৰে কৈছিল, সেইদৰেই কৰিলে; খীৰঁতী গাই গৰু আনি ৰথত লগালে, আৰু সিহঁতৰ পোৱালি দুটাক ঘৰত বান্ধি হ’ল।
非利士人就這樣行:將兩隻有乳的母牛套在車上,將牛犢關在家裏,
11 ১১ পাছত সিহঁতে যিহোৱাৰ নিয়ম-চন্দুক, সোণৰ নিগনি আৰু বিহ ফোঁহোৰাৰ আকৃতিৰে সজা বস্তুবোৰ বাকচত ভৰাই ৰথৰ ওপৰত তুলি দিলে।
把耶和華的約櫃和裝金老鼠並金痔瘡像的匣子都放在車上。
12 ১২ তাৰ পাছত সেই গৰু দুজনীয়ে বৈৎচেমচৰ দিশে হেম্বেলিয়াই হেম্বেলিয়াই গ’ল; সিহঁতে সোঁ-হাতে কি বাওঁ-হাতে নুঘূৰিলে; আৰু পলেষ্টীয়াসলকৰ অধিপতিসকলে বৈৎচেমচৰ সীমালৈকে সিহঁতৰ পাছে পাছে গ’ল।
牛直行大道,往伯‧示麥去,一面走一面叫,不偏左右。非利士的首領跟在後面,直到伯‧示麥的境界。
13 ১৩ সেই সময়ত বৈৎচেমচ নিবাসীসকলে উপত্যকাত ঘেহুঁধান দাই থাকোঁতে, ওপৰলৈ মুৰ-দাঙি চাই নিয়ম-চন্দুকটো দেখি তেওঁলোকে আনন্দ কৰিলে।
伯‧示麥人正在平原收割麥子,舉目看見約櫃,就歡喜了。
14 ১৪ ৰথখন বৈৎচেমচ নিবাসী যিহোচূৱাৰ পথাৰ পালে আৰু যি ঠাইত ডাঙৰ শিল এটা আছিল, সেই ঠাইতে ৰ’লহি৷ তাৰ পাছত তেওঁলোকে ৰথৰ কাঠ ফালি, গৰু দুজনীক হোমৰ অৰ্থে যিহোৱাৰ উদ্দেশ্য উৎসৰ্গ কৰিলে।
車到了伯‧示麥人約書亞的田間,就站住了。在那裏有一塊大磐石,他們把車劈了,將兩隻母牛獻給耶和華為燔祭。
15 ১৫ লেবীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক আৰু তাৰ লগত সোণৰ বস্তু থকা বাকচটো নমালে আৰু সেই ডাঙৰ শিলটোৰ ওপৰত ৰাখিলে। বৈৎচেমচৰ লোকসকলে সেইদিনাই যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
利未人將耶和華的約櫃和裝金物的匣子拿下來,放在大磐石上。當日伯‧示麥人將燔祭和平安祭獻給耶和華。
16 ১৬ পলেষ্টীয়াসকলৰ পাঁচজন অধিপতিয়ে এই সকলো দেখিলে আৰু সেই দিনাই ইক্ৰোণলৈ উভটি গ’ল।
非利士人的五個首領看見,當日就回以革倫去了。
17 ১৭ যিহোৱাৰ উদ্দেশ্যে পলেষ্টীয়াসকলে দোষাৰ্থক উপহাৰ ৰূপে পঠোৱা বিহ ফোঁহোৰাৰ আকৃতিৰে সজা সোণৰ বস্তুবোৰ, অচ্দোদৰ অৰ্থে এটা, গাজাৰ অৰ্থে এটা, অস্কিলোনৰ অৰ্থে এটা, গাতৰ অৰ্থে এটা আৰু ইক্ৰোণৰ অৰ্থে এটা আছিল৷
非利士人獻給耶和華作賠罪的金痔瘡像,就是這些:一個是為亞實突,一個是為迦薩,一個是為亞實基倫,一個是為迦特,一個是為以革倫。
18 ১৮ আৰু গড়েৰে আবৃত হোৱা নগৰ হওক বা গাওঁ হওক, পাঁচজন অধিপতিৰ অধীনত পলেষ্টীয়াসকলৰ যিমান নগৰ আছিল, সিমান সোণৰ নিগনি আছিল; এই কথা যিহোৱাৰ চন্দুক যিহৰ ওপৰত ৰখা হৈছিল, সেই মহা-শিল ইয়াৰ সাক্ষী হৈ ৰ’ল; বৈৎচেমচীয়া যিহোচূৱাৰ পথাৰত সেই শিল আজিলৈকে আছে।
金老鼠的數目是照非利士五個首領的城邑,就是堅固的城邑和鄉村,以及大磐石。這磐石是放耶和華約櫃的,到今日還在伯‧示麥人約書亞的田間。
19 ১৯ তেওঁ বৈৎচেমচৰ লোকসকলৰ মাজৰ কিছুমানক আঘাত কৰিলে; কাৰণ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকলৈ চাইছিল; সেয়ে তেওঁ সত্তৰজন মানুহক বধ কৰিছিল৷ যিহোৱাই কৰা মহা-প্ৰহাৰ দেখি তেওঁলোকে বিলাপ কৰিলে।
耶和華因伯‧示麥人擅觀他的約櫃,就擊殺了他們七十人;那時有五萬人在那裏。百姓因耶和華大大擊殺他們,就哀哭了。
20 ২০ বৈৎচেমচৰ লোকসকলে ক’লে, “এই পবিত্ৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত কোনে থিয় হ’ব পাৰিব? আৰু তেওঁ আমাৰ পৰা কাৰ ওচৰলৈ যাব?”
伯‧示麥人說:「誰能在耶和華這聖潔的上帝面前侍立呢?這約櫃可以從我們這裏送到誰那裏去呢?」
21 ২১ তেওঁলোকে কিৰিয়ৎ-যিয়াৰীম-নিবাসী লোকসকললৈ দূত পঠাই ক’লে, “পলেষ্টীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক ওভোটাই আনিলে; তোমালোকে নামি আহি এই নিয়ম-চন্দুক তোমালোকৰ ওচৰলৈ লৈ যোৱা।
於是打發人去見基列‧耶琳的居民,說:「非利士人將耶和華的約櫃送回來了,你們下來將約櫃接到你們那裏去吧!」