< ১ সামুয়েল 5 >
1 ১ পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি এবেন-এজৰৰ পৰা অচ্দোদলৈ নিলে।
Филистений ау луат кивотул луй Думнезеу ши л-ау дус дин Ебен-Езер ла Асдод.
2 ২ তাৰ পাছত পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ মূৰ্তিৰ কাষত ৰাখিলে।
Дупэ че ау пус мына пе кивотул луй Думнезеу, филистений л-ау дус ын каса луй Дагон ши л-ау ашезат лынгэ Дагон.
3 ৩ পাছদিনা অচ্দোদৰ লোকসকলে ৰাতিপুৱাতে উঠি দেখিলে যে, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত দাগোনৰ মূৰ্তিটো তললৈ মুখ কৰি মাটিত পৰি আছে; সেয়ে তেওঁলোকে দাগোনৰ মূৰ্তিক তুলি পুনৰ নিজ ঠাইত ৰাখিলে।
А доуа зи, асдодений, каре се скуласерэ дис-де-диминяцэ, ау гэсит пе Дагон ынтинс ку фаца ла пэмынт ынаинтя кивотулуй Домнулуй. Ау луат пе Дагон ши л-ау пус ынапой ла локул луй.
4 ৪ তাৰ পাছদিনাও তেওঁলোকে পুৱাতে উঠি দেখিলে যে, যিহোৱাৰ চন্দুকৰ সন্মুখত দাগোন মাটিত উবুৰি হৈ পৰি আছে, আৰু দাগোনৰ মুৰটো আৰু হাত দুখন কটাহৈ দুৱাৰ দলিত পৰি আছে; কেৱল তাৰ গাডোখৰ মাথোন অৱশিষ্ট থাকিল।
Ши а доуа зи, скулынду-се дис-де-диминяцэ, ау гэсит пе Дагон ынтинс ку фаца ла пэмынт ынаинтя кивотулуй Домнулуй; капул луй Дагон ши челе доуэ мынь але луй ерау тэяте пе праг ши ну-й рэмэсесе декыт трункюл.
5 ৫ সেই কাৰণে দাগোনৰ পুৰোহিত আদি কৰি যিমান লোক দাগোনৰ মন্দিৰত সোমায়, তেওঁলোকৰ মাজৰ কোনেও অচ্দোদত থকা দাগোনৰ দুৱাৰ ডলিত আজি পৰ্য্যন্ত ভৰি নিদিয়ে।
Де ачея, пынэ ын зиуа де азь, преоций луй Дагон ши тоць чей че интрэ ын каса луй Дагон, ла Асдод, ну калкэ пе праг.
6 ৬ অচ্দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে।
Мына Домнулуй а апэсат асупра челор дин Асдод ши й-а пустиит; й-а ловит ку бубе ла шезут, атыт ын Асдод, кыт ши ын цинутул луй.
7 ৭ অচ্দোদীয়া সকলে তাকে দেখি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমাৰ ওচৰত থাকিব নোৱাৰে; কিয়নো আমাৰ ওপৰত আৰু আমাৰ দেৱতা দাগোনৰো ওপৰত তেওঁৰ হাত ক্লেশদায়ক হৈছে।”
Кынд ау вэзут кэ аша стау лукруриле, оамений дин Асдод ау зис: „Кивотул Думнезеулуй луй Исраел сэ ну рэмынэ ла ной, кэч мына Луй апасэ асупра ноастрэ ши асупра луй Дагон, думнезеул ностру.”
8 ৮ এই হেতুকে তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বিষয়ে আমি কি কৰিম?” তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক গাতলৈ নিয়া হওঁক।” তেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক সেই ঠাইলৈ লৈ গ’ল।
Ши ау тримис ши ау адунат ла ей пе тоць домниторий филистенилор ши ау зис: „Че сэ фачем ку кивотул Думнезеулуй луй Исраел?” Домниторий ау рэспунс: „Сэ се дукэ ла Гат кивотул Думнезеулуй луй Исраел.” Ши ау адус аколо кивотул Думнезеулуй луй Исраел.
9 ৯ কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।
Дар, дупэ че а фост дус аколо, мына Домнулуй а апэсат асупра четэций ши а фост о маре гроазэ; а ловит пе оамений четэций де ла мик пынэ ла маре ши ау авут о спузялэ де бубе ла шезут.
10 ১০ সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”
Атунч ау тримис кивотул луй Думнезеу ла Екрон. Кынд а интрат кивотул луй Думнезеу ын Екрон, екрониций ау стригат: „Ау адус ла ной кивотул Думнезеулуй луй Исраел ка сэ не омоаре, пе ной ши попорул ностру.”
11 ১১ তাকে দেখি তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক গোট খুৱাই ক’লে, “আমাৰ লোকসকলক যেন বধ নকৰে, তাৰ বাবে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক ইয়াৰ পৰা পঠাই দিয়ক; নিজৰ ঠাইলৈ ইয়াক ঘূৰাই পঠাওঁক।” কিয়নো নগৰৰ সকলো ফালে মহামাৰীৰ ভয়ত লোকসকল ব্যাকুল হৈছিল; কাৰণ ঈশ্বৰৰ শাস্তি দিয়া হাত তেওঁলোকৰ বিৰুদ্ধে উঠিছিল।
Ши ау тримис ши ау стрынс пе тоць домниторий филистенилор ши ау зис: „Тримитець ынапой кивотул Думнезеулуй луй Исраел; сэ се ынтоаркэ ла локул луй, ка сэ ну не омоаре, пе ной ши попорул ностру.” Кэч ын тоатэ четатя ера о гроазэ де моарте, ши мына луй Думнезеу апэса ку путере.
12 ১২ যি লোকসকৰ মৃত্যু হোৱা নাছিল, তেওঁলোক বিহ ফোঁহোৰাৰে পীড়িত হৈছিল; যাৰ ফলত নগৰৰ লোকসকলৰ আৰ্তনাদ আকাশলৈকে উঠিল।
Оамений каре ну муряу ерау ловиць ку бубе ла шезут, ши ципетеле четэций се ынэлцау пынэ ла чер.