< ১ সামুয়েল 4 >
1 ১ সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে।
egressus est namque Israhel obviam Philisthim in proelium et castrametatus est iuxta lapidem Adiutorii porro Philisthim venerunt in Afec
2 ২ পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে পলেষ্টীয়াসকলৰ হাতত ইস্ৰায়েলসকল পৰাস্ত হ’ল; আৰু সেই যুদ্ধ-ক্ষেত্ৰত ইস্ৰায়েলৰ সৈন্য সমূহৰ প্ৰায় চাৰি হাজাৰ লোকক তেওঁলোকে বধ কৰিলে।
et instruxerunt aciem contra Israhel inito autem certamine terga vertit Israhel Philistheis et caesa sunt in illo certamine passim per agros quasi quattuor milia virorum
3 ৩ পাছত লোকসলক ছাউনিলৈ ঘূৰি আহোতে, ইস্ৰায়েলৰ বৃদ্ধলোক সকলে ক’লে, “যিহোৱাই পলেষ্টীয়াসকলৰ হাতত আজি আমাক কিয় পৰাস্ত হবলৈ এৰি দিলে? এতিয়া ব’লা, চীলোৰ পৰা আমি যিহোৱাৰ সাক্ষ্য নিয়ম-চন্দুক আনোগৈ, তেতিয়া সেই নিয়ম-চন্দুক আমাৰ লগত থকিলে, সেয়াই শত্ৰুৰ শক্তিৰ পৰা আমাক ৰক্ষা কৰিব।”
et reversus est populus ad castra dixeruntque maiores natu de Israhel quare percussit nos Dominus hodie coram Philisthim adferamus ad nos de Silo arcam foederis Domini et veniat in medium nostri ut salvet nos de manu inimicorum nostrorum
4 ৪ সেয়েহে লোকসকলে চীলোলৈ মানুহ পঠিয়াই, কৰূব দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ যিহোৱাৰ নিয়ম-চন্দুক অনালে। সেই সময়ত এলীৰ দুজন পুত্ৰ হফনী আৰু পীনহচ সেই ঠাইত যিহোৱাৰ নিয়ম-চন্দুকৰ লগত আছিল।
misit ergo populus in Silo et tulerunt inde arcam foederis Domini exercituum sedentis super cherubin erantque duo filii Heli cum arca foederis Domini Ofni et Finees
5 ৫ যিহোৱাৰ নিয়ম-চন্দুক ছাউনিলৈ অনাৰ পাছত, ইস্ৰায়েলৰ সকলো লোকে এনেদৰে মহাধ্বনি কৰিলে যে, পৃথিৱীও কঁপিবলৈ ধৰিলে।
cumque venisset arca foederis Domini in castra vociferatus est omnis Israhel clamore grandi et personuit terra
6 ৬ পলেষ্টীয়াসকলে সেই মহাধ্বনিৰ শব্দ শুনি ক’লে, “ইব্ৰীয়াসকলৰ ছাউনিত এনে মহাধ্বনি কিয় হৈছে?” এইদৰে যিহোৱাৰ নিয়ম-চন্দুক ইস্ৰায়েলৰ ছাউনিলৈ অনা হ’ল বুলি তেওঁলোকে উপলব্ধি কৰিলে৷
et audierunt Philisthim vocem clamoris dixeruntque quaenam haec est vox clamoris magni in castris Hebraeorum et cognoverunt quod arca Domini venisset in castra
7 ৭ তেতিয়া পলেষ্টীয়াসকলৰ ভয় লাগিল আৰু তেওঁলোকে ক’লে, “ছাউনিলৈ নিশ্চয় ঈশ্বৰ আহিল৷” তেওঁলোকে পুনৰ ক’লে, “আমাৰ এতিয়া সন্তাপ হ’ব; কিয়নো ইয়াৰ পূৰ্বতে কেতিয়াও এনেকুৱা হোৱা নাই।
timueruntque Philisthim dicentes venit Deus in castra et ingemuerunt
8 ৮ আমাৰ এতিয়া সন্তাপ হ’ব; সেই পৰাক্ৰমী ঈশ্বৰৰ শক্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? এইজনেই সেই ঈশ্বৰ, যিজনে অৰণ্যৰ মাজত বিভিন্ন প্ৰকাৰ উপদ্ৰৱেৰে মিচৰীয়াসকলক আঘাত কৰিছিল।
vae nobis non enim fuit tanta exultatio heri et nudius tertius vae nobis quis nos servabit de manu deorum sublimium istorum hii sunt dii qui percusserunt Aegyptum omni plaga in deserto
9 ৯ হে পলেষ্টীয়াসকল, ইব্ৰীয়াসকল যেনেকৈ তোমালোকৰ অধীনত আছিল, তেনেকৈ তোমালোক তেওঁলোকৰ অধীনত যেন নহোৱা, সেইবাবে তোমালোক বলৱান হোৱা আৰু পুৰুষত্ব দেখুউৱা; পুৰুষত্ব দেখুৱাই যুদ্ধ কৰা।”
confortamini et estote viri Philisthim ne serviatis Hebraeis sicut illi servierunt vobis confortamini et bellate
10 ১০ তাৰ পাছত পলেষ্টীয়াসকলে যুদ্ধ কৰোঁতে, ইস্ৰায়েলৰ লোকসকল পৰাজিত হৈ প্ৰতিজন নিজ নিজ তম্বুলৈ পলাল; তাতে এনে মহা-সংহাৰ হ’ল যে, ইস্ৰায়েলৰ মাজত ত্ৰিশহাজাৰ পদাতিক লোকৰ মৃত্যু হ’ল।
pugnaverunt ergo Philisthim et caesus est Israhel et fugit unusquisque in tabernaculum suum et facta est plaga magna nimis et ceciderunt de Israhel triginta milia peditum
11 ১১ আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত পৰিল, আৰু এলীৰ দুজন পুতেক হফনী আৰু পীনহচক বধ কৰা হ’ল।
et arca Dei capta est duoque filii Heli mortui sunt Ofni et Finees
12 ১২ এজন বিন্যামীনীয়া মানুহে সৈন্যৰ মাজৰ পৰা দৌৰি গৈ, একে দিনাই চীলোহ পালে; তাৰ কাপোৰ ফটা আছিল আৰু মুৰত মাটি লাগি আছিল।
currens autem vir de Beniamin ex acie venit in Silo in die illo scissa veste et conspersus pulvere caput
13 ১৩ সি অহা সময়ত বাটৰ কাষত এলীয়ে নিজৰ আসনত বহি বাট চাই আছিল; কিয়নো যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে তেওঁৰ মন ব্যকুল হৈ আছিল। তাৰ পাছত সেই মানুহজনে নগৰত সোমাই সকলো সম্বাদ দিয়াত নগৰৰ সকলো লোকে চিঞৰিব ধৰিলে।
cumque ille venisset Heli sedebat super sellam contra viam aspectans erat enim cor eius pavens pro arca Domini vir autem ille postquam ingressus est nuntiavit urbi et ululavit omnis civitas
14 ১৪ এলীয়ে সেই চিঞৰৰ শব্দ শুনি সুধিলে, “এই কোলাহলৰ কাৰণ কি?” তেতিয়া সেই মানুহজনে বেগাই আহি এলীক সকলো বিষয় জনালে।
et audivit Heli sonitum clamoris dixitque quis est hic sonitus tumultus huius at ille festinavit et venit et adnuntiavit Heli
15 ১৫ সেই সময়ত এলী আঠান্নব্বৈ বছৰ বয়সীয়া বৃদ্ধ আছিল; আৰু তেওঁ দৃষ্টিহীন হোৱাত, একো দেখা নপালে।
Heli autem erat nonaginta et octo annorum et oculi eius caligaverant et videre non poterat
16 ১৬ মানুহ জনে এলীক ক’লে, “মই আজি সৈন্য সমূহৰ ওচৰৰ পৰা পলাই আহিলোঁ।” তেতিয়া এলীয়ে সুধিলে, “বোপা, তাত কি হৈ আছে?”
et dixit ad Heli ego sum qui veni de proelio et ego qui de acie fugi hodie cui ille ait quid actum est fili mi
17 ১৭ বাতৰি লৈ অহা মানুহজনে উত্তৰ দি ক’লে, “পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা ইস্ৰায়েলীসকল পলাইছে আৰু আমাৰ লোকসকল পৰাজিত হ’ল৷ আপোনাৰ দুজন পুত্ৰ হফনী আৰু পীনহচৰো মৃত্যু হ’ল, আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৱে লৈ গ’ল।”
respondens autem qui nuntiabat fugit inquit Israhel coram Philisthim et ruina magna facta est in populo insuper et duo filii tui mortui sunt Ofni et Finees et arca Dei capta est
18 ১৮ সেই মানুহজনে ঈশ্বৰৰ নিয়ম-চন্দুকৰ নাম লোৱাৰ লগে লগে এলী দুৱাৰৰ কাষত বহি থকা আসনৰ পৰা লুটিখাই পৰিল আৰু ডিঙি ভাঙি যোৱাত তেওঁৰ মৃত্যু হ’ল; কিয়নো তেওঁ বৃদ্ধ আৰু ভাৰযুক্ত পুৰুষ আছিল। তেওঁ চল্লিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিছিল।
cumque ille nominasset arcam Dei cecidit de sella retrorsum iuxta ostium et fractis cervicibus mortuus est senex enim erat vir et grandevus et ipse iudicavit Israhel quadraginta annis
19 ১৯ সেই সময়ত তেওঁৰ পো-বোৱাৰী পীনহচৰ ভাৰ্যা গৰ্ভৱতী আছিল, তেওঁৰ সন্তান প্ৰসৱৰ সময় হৈছিল৷ যিহোৱাৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত যোৱা আৰু নিজৰ শহুৰ ও স্ৱামীৰ মৃত্যুৰ সম্বাদ শুনাৰ লগে লগে তেওঁৰ প্ৰসৱ বেদনা অস্থিৰ হৈ তেওঁ আঠুকাঢ়ি সন্তান প্ৰসৱ কৰিলে।
nurus autem eius uxor Finees praegnans erat vicinaque partui et audito nuntio quod capta esset arca Dei et mortuus socer suus et vir suus incurvavit se et peperit inruerant enim in eam dolores subiti
20 ২০ তেওঁৰ প্ৰসৱ বেদনা দেখি, তেওঁৰ কাষত থিয় হৈ থকা মহিলাসকলে ক’লে, “ভয় নকৰিবা; তুমি এটি পুত্ৰ জন্ম দিলা।” কিন্তু তেওঁ মুখেৰে একো উত্তৰ নিদিলে আৰু তেওঁলোকে কোৱা কথালৈ মন নিদিলে।
in ipso autem momento mortis eius dixerunt ei quae stabant circa eam ne timeas quia filium peperisti quae non respondit eis neque animadvertit
21 ২১ তেওঁ সন্তানটিৰ নাম ঈখাবোদ ৰাখিলে আৰু ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল।” তেওঁৰ শহুৰ আৰু স্ৱামীৰ বাবেই ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে৷
et vocavit puerum Hicabod dicens translata est gloria de Israhel quia capta est arca Dei et pro socero suo et pro viro suo
22 ২২ তেওঁ পুনৰ ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল; কিয়নো ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে।”
et ait translata est gloria ab Israhel eo quod capta esset arca Dei