< ১ সামুয়েল 4 >
1 ১ সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে।
Ndipo mawu a Samueli anafika kwa Aisraeli onse. Aisraeli anapita kukamenya nkhondo ndi Afilisti. Aisraeli anamanga misasa yawo ku Ebenezeri, ndipo Afilisti anamanga ku Afeki.
2 ২ পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে পলেষ্টীয়াসকলৰ হাতত ইস্ৰায়েলসকল পৰাস্ত হ’ল; আৰু সেই যুদ্ধ-ক্ষেত্ৰত ইস্ৰায়েলৰ সৈন্য সমূহৰ প্ৰায় চাৰি হাজাৰ লোকক তেওঁলোকে বধ কৰিলে।
Afilisti anandanda kuyangʼana Aisraeli nayamba kumenyana. Nkhondo inakula ndipo Afilisti anagonjetsa Aisraeli napha anthu 4,000 pa malo a nkhondopo.
3 ৩ পাছত লোকসলক ছাউনিলৈ ঘূৰি আহোতে, ইস্ৰায়েলৰ বৃদ্ধলোক সকলে ক’লে, “যিহোৱাই পলেষ্টীয়াসকলৰ হাতত আজি আমাক কিয় পৰাস্ত হবলৈ এৰি দিলে? এতিয়া ব’লা, চীলোৰ পৰা আমি যিহোৱাৰ সাক্ষ্য নিয়ম-চন্দুক আনোগৈ, তেতিয়া সেই নিয়ম-চন্দুক আমাৰ লগত থকিলে, সেয়াই শত্ৰুৰ শক্তিৰ পৰা আমাক ৰক্ষা কৰিব।”
Asilikali atabwerera ku misasa, akuluakulu a Israeli anafunsa kuti, “Nʼchifukwa chiyani Yehova walola kuti tigonjetsedwe lero pamaso pa Afilisti? Tiyeni tikatenge Bokosi la Chipangano cha Yehova ku Silo kuti Yehovayo abwere kukhala pakati pathu ndi kutipulumutsa mʼmanja mwa adani athu.”
4 ৪ সেয়েহে লোকসকলে চীলোলৈ মানুহ পঠিয়াই, কৰূব দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ যিহোৱাৰ নিয়ম-চন্দুক অনালে। সেই সময়ত এলীৰ দুজন পুত্ৰ হফনী আৰু পীনহচ সেই ঠাইত যিহোৱাৰ নিয়ম-চন্দুকৰ লগত আছিল।
Choncho anatuma anthu ku Silo ndipo anakatenga Bokosi la Chipangano cha Yehova Wamphamvuzonse amene amakhala pa akerubi. Ndipo ana awiri a Eli, Hofini ndi Finehasi anatsagana nalo Bokosi la Chipangano cha Mulungu.
5 ৫ যিহোৱাৰ নিয়ম-চন্দুক ছাউনিলৈ অনাৰ পাছত, ইস্ৰায়েলৰ সকলো লোকে এনেদৰে মহাধ্বনি কৰিলে যে, পৃথিৱীও কঁপিবলৈ ধৰিলে।
Bokosi la Chipangano cha Yehova litafika ku msasa, Aisraeli onse anafuwula kwambiri mpaka nthaka inagwedezeka.
6 ৬ পলেষ্টীয়াসকলে সেই মহাধ্বনিৰ শব্দ শুনি ক’লে, “ইব্ৰীয়াসকলৰ ছাউনিত এনে মহাধ্বনি কিয় হৈছে?” এইদৰে যিহোৱাৰ নিয়ম-চন্দুক ইস্ৰায়েলৰ ছাউনিলৈ অনা হ’ল বুলি তেওঁলোকে উপলব্ধি কৰিলে৷
Atamva kufuwulaku, Afilisti anafunsa, “Kodi kufuwula kwakukulu kumeneku ku misasa ya Ahebri ndi kwachiyani?” Atamva kuti Bokosi la Yehova lafika ku msasako,
7 ৭ তেতিয়া পলেষ্টীয়াসকলৰ ভয় লাগিল আৰু তেওঁলোকে ক’লে, “ছাউনিলৈ নিশ্চয় ঈশ্বৰ আহিল৷” তেওঁলোকে পুনৰ ক’লে, “আমাৰ এতিয়া সন্তাপ হ’ব; কিয়নো ইয়াৰ পূৰ্বতে কেতিয়াও এনেকুৱা হোৱা নাই।
Afilisti anachita mantha pakuti iwo ankanena kuti, “Milungu yafika ku msasa. Iwo anati, ‘Tili pamavuto. Chinthu choterechi sichinachitikepo nʼkale lomwe.
8 ৮ আমাৰ এতিয়া সন্তাপ হ’ব; সেই পৰাক্ৰমী ঈশ্বৰৰ শক্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? এইজনেই সেই ঈশ্বৰ, যিজনে অৰণ্যৰ মাজত বিভিন্ন প্ৰকাৰ উপদ্ৰৱেৰে মিচৰীয়াসকলক আঘাত কৰিছিল।
Atsoka ife! Adzatipulumutsa ndani mʼmanja mwa milungu yamphamvuyi? Iyi ndi milungu imene inakantha Aigupto ndi miliri yosiyanasiyana mʼchipululu.
9 ৯ হে পলেষ্টীয়াসকল, ইব্ৰীয়াসকল যেনেকৈ তোমালোকৰ অধীনত আছিল, তেনেকৈ তোমালোক তেওঁলোকৰ অধীনত যেন নহোৱা, সেইবাবে তোমালোক বলৱান হোৱা আৰু পুৰুষত্ব দেখুউৱা; পুৰুষত্ব দেখুৱাই যুদ্ধ কৰা।”
Limbani mtima Afilisti! Chitani chamuna, kuti mungakhale akapolo a Ahebri monga iwowa alili akapolo anu. Chitani chamuna ndipo menyani nkhondo!’”
10 ১০ তাৰ পাছত পলেষ্টীয়াসকলে যুদ্ধ কৰোঁতে, ইস্ৰায়েলৰ লোকসকল পৰাজিত হৈ প্ৰতিজন নিজ নিজ তম্বুলৈ পলাল; তাতে এনে মহা-সংহাৰ হ’ল যে, ইস্ৰায়েলৰ মাজত ত্ৰিশহাজাৰ পদাতিক লোকৰ মৃত্যু হ’ল।
Choncho Afilisti anamenya nkhondo, ndipo anagonjetsa Aisraeli. Iwo anathawa aliyense kwawo. Ankhondo a Aisraeli oyenda pansi okwanira 30,000 anaphedwa.
11 ১১ আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত পৰিল, আৰু এলীৰ দুজন পুতেক হফনী আৰু পীনহচক বধ কৰা হ’ল।
Ndipo Bokosi la Chipangano la Yehova linalandidwa, ndiponso ana awiri Eli, Hofini ndi Finehasi anaphedwa.
12 ১২ এজন বিন্যামীনীয়া মানুহে সৈন্যৰ মাজৰ পৰা দৌৰি গৈ, একে দিনাই চীলোহ পালে; তাৰ কাপোৰ ফটা আছিল আৰু মুৰত মাটি লাগি আছিল।
Tsiku lomwelo munthu wina wa fuko la Benjamini anathawa ku nkhondo ndipo anafika ku Silo. Iyeyu zovala zake zinali zongʼamba ndipo anadzithira dothi kumutu kuonetsa chisoni.
13 ১৩ সি অহা সময়ত বাটৰ কাষত এলীয়ে নিজৰ আসনত বহি বাট চাই আছিল; কিয়নো যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে তেওঁৰ মন ব্যকুল হৈ আছিল। তাৰ পাছত সেই মানুহজনে নগৰত সোমাই সকলো সম্বাদ দিয়াত নগৰৰ সকলো লোকে চিঞৰিব ধৰিলে।
Atafika, anapeza Eli atakhala pa mpando wake mʼmbali mwa msewu, akungoyangʼana, pakuti ankadera nkhawa Bokosi la Mulungu. Munthuyo atalowa mu mzindamo ndi kufotokoza zimene zinachitika ku nkhondo, anthu onse a mu mzindamo anayamba kulira.
14 ১৪ এলীয়ে সেই চিঞৰৰ শব্দ শুনি সুধিলে, “এই কোলাহলৰ কাৰণ কি?” তেতিয়া সেই মানুহজনে বেগাই আহি এলীক সকলো বিষয় জনালে।
Eli atamva kulirako anafunsa kuti, “Kodi phokosoli likutanthauza chiyani?” Tsono munthu wa fuko la Benjamini uja anapita msanga kwa Eli kukamufotokozera.
15 ১৫ সেই সময়ত এলী আঠান্নব্বৈ বছৰ বয়সীয়া বৃদ্ধ আছিল; আৰু তেওঁ দৃষ্টিহীন হোৱাত, একো দেখা নপালে।
Nthawiyo nʼkuti Eli ali wa zaka 98 ndipo maso ake anali atachita khungu kotero kuti samatha kuona.
16 ১৬ মানুহ জনে এলীক ক’লে, “মই আজি সৈন্য সমূহৰ ওচৰৰ পৰা পলাই আহিলোঁ।” তেতিয়া এলীয়ে সুধিলে, “বোপা, তাত কি হৈ আছে?”
Munthuyo anamuwuza Eli kuti, “Ine ndabwera kuchokera ku nkhondo, ndathawako lero lomwe lino.” Eli anafunsa, “Nanga nkhondo yayenda bwanji mwana wanga?”
17 ১৭ বাতৰি লৈ অহা মানুহজনে উত্তৰ দি ক’লে, “পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা ইস্ৰায়েলীসকল পলাইছে আৰু আমাৰ লোকসকল পৰাজিত হ’ল৷ আপোনাৰ দুজন পুত্ৰ হফনী আৰু পীনহচৰো মৃত্যু হ’ল, আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৱে লৈ গ’ল।”
Iye anayankha kuti, “Aisraeli athawa pamaso pa Afilisti. Anthu ambirimbiri aphedwa. Ana anunso Hofini ndi Finehasi aphedwa. Bokosi la Mulungu nalonso lalandidwa.”
18 ১৮ সেই মানুহজনে ঈশ্বৰৰ নিয়ম-চন্দুকৰ নাম লোৱাৰ লগে লগে এলী দুৱাৰৰ কাষত বহি থকা আসনৰ পৰা লুটিখাই পৰিল আৰু ডিঙি ভাঙি যোৱাত তেওঁৰ মৃত্যু হ’ল; কিয়নো তেওঁ বৃদ্ধ আৰু ভাৰযুক্ত পুৰুষ আছিল। তেওঁ চল্লিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিছিল।
Atangotchula Bokosi la Yehova, Eli anagwa chagada, kuchoka pa mpando wake umene unali mʼmbali mwa chitseko cha mpanda. Khosi lake linathyoka ndipo anafa, pakuti anali okalamba ndi onenepa kwambiri. Iye anatsogolera Israeli zaka makumi anayi.
19 ১৯ সেই সময়ত তেওঁৰ পো-বোৱাৰী পীনহচৰ ভাৰ্যা গৰ্ভৱতী আছিল, তেওঁৰ সন্তান প্ৰসৱৰ সময় হৈছিল৷ যিহোৱাৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত যোৱা আৰু নিজৰ শহুৰ ও স্ৱামীৰ মৃত্যুৰ সম্বাদ শুনাৰ লগে লগে তেওঁৰ প্ৰসৱ বেদনা অস্থিৰ হৈ তেওঁ আঠুকাঢ়ি সন্তান প্ৰসৱ কৰিলে।
Nthawiyo, mpongozi wa Eli, mkazi wa Finehasi anali woyembekezera ndipo anali pafupi kuchira. Atamva kuti Bokosi la Mulungu lalandidwa ndi kuti mpongozi wake Eli ndi mwamuna wake amwalira, ululu wa pobereka mwana unamufikira modzidzimutsa ndipo anabereka mwana.
20 ২০ তেওঁৰ প্ৰসৱ বেদনা দেখি, তেওঁৰ কাষত থিয় হৈ থকা মহিলাসকলে ক’লে, “ভয় নকৰিবা; তুমি এটি পুত্ৰ জন্ম দিলা।” কিন্তু তেওঁ মুখেৰে একো উত্তৰ নিদিলে আৰু তেওঁলোকে কোৱা কথালৈ মন নিদিলে।
Popeza mkaziyo anali pafupi kumwalira, akazi amene amamuthandiza anati, “Usaope, wabereka mwana wamwamuna” Koma iye sanayankhe kapena kulabadirako.
21 ২১ তেওঁ সন্তানটিৰ নাম ঈখাবোদ ৰাখিলে আৰু ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল।” তেওঁৰ শহুৰ আৰু স্ৱামীৰ বাবেই ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে৷
Tsono iye anatcha mwanayo dzina loti Ikabodi kutanthauza kuti, “Ulemerero wachoka mu Israeli,” chifukwa cha kulandidwa Bokosi la Mulungu ndi imfa ya mpongozi wake Eli ndi mwamuna wake.
22 ২২ তেওঁ পুনৰ ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল; কিয়নো ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে।”
Ananena momwemo kuti, “Ulemerero wachoka mu Israeli, pakuti Bokosi la Mulungu lalandidwa.”